হোলী বা ফাকুৱা কেনেকৈ উৎযাপন কৰিব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 17, 2022

হোলী বা ফাকুৱা কেনেকৈ উৎযাপন কৰিব লাগে : Assamese Fact

 

Assamese Fact

হোলী বা ফাকুৱা ভাৰতীয় সংস্কৃতিৰ চিনাকিৰ এটা পুৰণি পৰ্ব। ভেদভাৱ আতঁৰাই পাৰস্পৰিক প্ৰেম বা সৎভাৱ প্ৰকাশ কৰাৰ এটা সুযোগ। Assamese Fact ) 

নিজৰ বেয়া গুণ অৰ্থাৎ কু-সংস্কাৰৰ আহুঁতি দিয়া এটা যগ্য, অৰ্থাৎ পৰস্পৰৰ মাজত সোমাই থকা প্ৰভুত্ব, আনন্দ, ,সহজতা,গৌৰৱ বা অহংকাৰৰ অনুপস্থিতি আৰু সৰল সহজতাৰ সুখক দেখুওৱাৰ এক উৎসৱ।


এই ৰঙৰ উৎসৱ আমাৰ পূৰ্বপুৰুষ সকলৰ দূৰদৰ্শিতা। যি বহুত বিষমতাৰ মাজতো সমাজত একতাৰ সঞ্চালন কৰে।হোলী বা ফাকুৱাৰ ৰঙ এক ৰঙ-বিৰঙৰ  ৰঙৰ সঞ্চাৰ, য'ত মনৰ এক সুখৰ অনুভূতি প্ৰকট কৰা হয়। কিন্তু যদি সাৱধানতা, সময় তথা বিবেকেৰে কাম কৰা নহয়, তেতিয়া এই ৰঙেই দুখৰো হৈ পৰে। এই পৰ্বত কিছুমান সাৱধানতা ৰখাৰো অত্যন্ত আৱশ্যকতা আছে। 


Assamese Fact
প্ৰাচীন কালত মানুহে পলাশৰ ফুলেৰে তৈয়াৰী ৰঙ নহ'লেবা হোলী উৎসৱত সাধাৰণতে ব্যৱহৃত মাইকা পাউডাৰ বা ৰঙা ৰঙৰ ৰং ,কেশৰ-হালধী আদিৰে  হোলী বা ফাকুৱা  খেলিছিল। কিন্তু বৰ্তমান সময়ত ৰাসায়নিক তত্বৰে বনোৱা ৰঙৰ ব্যৱহাৰ কৰা হয়।এই ৰঙে ছালখন ৰোক্ষ কৰি পেলাব পাৰে বা পেলাই। সেই কাৰণে এইবোৰ ৰঙ ব্যৱহাৰ কৰাৰ পৰা বাচি থাকিব লাগে। যদি কোনোবাই আপোনাক এনেকুৱা ৰঙ লগাই দিয়ে , তেতিয়া লগালগ বেচন, আটা, গাখীৰ, হালধী আৰু তেলেৰে প্ৰস্তুত মিশ্ৰণ বনাই লৈ ৰঙ লগোৱা ঠাইত লগাই দিব লাগে আৰু তাৰ পাছত ভালকৈ ধুই দিব লাগে। যদি এই মিশ্ৰণটো লগোৱাৰ আগত নেমু সেই ঠাইত ঘঁহি লোৱা হয় তেতিয়া ৰঙ সোনকালেই নাইকীয়া হোৱা বহুত সম্ভাৱনা থাকে।

 

হোলী বা ফাকুৱা খেলাৰ আগত নিজৰ শৰীৰটোত নাৰিকল তেল বা সৰিয়হ তেল ভালকৈ সানি ল'ব লাগে। যাতে তেলযুক্ত চালত ৰঙৰ দু-প্ৰভাৱ নপৰে আৰু চাবোন লগালেই ৰঙ নাইকীয়া হৈ পৰে। ৰং মুখ আৰু চকুলৈ যাতে নাযায় তাৰ বাবে বিশেষ সাৱধানতা ৰাখিব লাগে। ইয়াৰ দ্বাৰা চকু তথা হাওঁফাওঁৰ লোকচান হ'ব পাৰে।


যিসকলে বোকা তথা পশু-পক্ষীৰ মল-মূত্ৰৰে হোলী বা ফাকুৱা খেলে, তেওঁলোকে নিজৰ লগতে আনকো অপবিত্ৰ কৰাৰ পাপ কৰে। সেই কাৰণে এনেকুৱা দুঃকাৰ্য কৰা সকলৰ পৰা দূৰত থাকক।


বৰ্তমান সময়ত হোলী বা ফাকুৱাত মদ অথবা ভাং খোৱাৰ কু-প্ৰথা আছে। নিচাযুক্ত ব্যক্তিয়ে বিবেকহীন হৈ বেয়াতকৈও বেয়া কু-কৰ্ম কৰে। সেই কাৰণে নিচাযুক্ত দ্ৰব্য তথা সেইসমূহ গ্ৰহণ কৰা ব্যক্তিসকল পৰা সাৱধান থাকিব লাগে। আজিকালি নিজৰ পৰিত্যাগ কৰা যুগ চলি আছে। প্ৰাশ্চিমিয়া সংস্কৃতিৰ অনুকৰণৰ ফলত ভাৰতীয় সমাজে ভাল-বেয়াৰ বিবেক নাইকীয়া কৰি পেলাইছে। যি সকল সাধক, ভাৰতীয় সংস্কৃতিৰ আদৰ কৰাসকল, ঈশ্বৰ বা গুৰুক শ্ৰদ্ধা কৰে, এনেকুৱা মানুহৰ শিষ্টাচাৰ বা সংযম বিশেষ ৰূপে থাকিব লাগে। পুৰুষে পুৰুষৰ লগত আৰু স্ত্ৰীয়ে স্ত্ৰীৰ লগতহে হোলী বা ফাকুৱা খেলিব লাগে। স্ত্ৰী সকলে ঘৰতে হোলী বা ফাকুৱা খেলিব লাগে যাতে দুষ্ট প্ৰকৃতিৰ মানুহৰ কু-দৃষ্টিৰ পৰা বাচি থাকিব পাৰে।Assamese Fact ) 



হোলী বা ফাকুৱা খৰিৰ দোম জ্বলোৱা উৎসৱ নহয়।

ই মনৰ দূৰ্বলতা দূৰ কৰাৰ, মনৰ  মলিযুক্ত বাসনাক জ্বলোৱাৰ পবিত্ৰ দিন। 

নিজৰ দুঃগুণ, বাসনা বেয়া কাৰ্যসমূহ জ্বলোৱাৰ  এক পৰ্ব.....।

ভালবোৰ গ্ৰহণ কৰাৰ এটা পৰ্ব হ'ল হোলী বা ফাকুৱা........।

সমাজত স্নেহ ভাৱৰ সংবাদ দিয়া এটা পৰ্ব হ'ল হোলী বা ফাকুৱা......।


আজি পৰা বিলাসী বাসনা ত্যাগ কৰি পৰমাত্মা প্ৰেম, সৎভাৱনা, সহানুভূতি, ইষ্টনিষ্ঠা,জপনিষ্ঠা, স্বধৰ্ম পালন, কৰুণা,দয়া আদি ভাল গুণৰ বিকাশ নিজৰ জীৱনত কৰিব লাগে। ভক্ত প্ৰহ্লাদৰ দৰে দৃঢ় ঈশ্বৰ নিষ্ঠা,প্ৰভু প্ৰেম, সহনশীলতা আদি গুণৰ অধিকাৰী হ'ব লাগে।


সত্য, শান্তি, প্ৰেম,দৃঢ়তাৰ বিজয় হয় বুলি মনত পেলাই হোলী বা ফাকুৱাৰ দিনটোৱে। হিৰণ্যকশিপু দৰে অসুৰ ৰূপি বৃত্তি তথা  হোলীকা ৰূপি প্ৰতাৰকৰ পৰাজয় হ'ল হোলী বা ফাকুৱা। এই পবিত্ৰ পৰ্বয়েই পৰমাত্মাৰ ওপৰত দৃঢ় নিষ্ঠাবান সকলৰ দ্বাৰা প্ৰকৃতি দ্বাৰা বনোৱা নিয়ম সলনি কৰা কথা মনত পেলাই দিয়ে। মানুহে ভক্ত প্ৰহ্লাদৰ দৰে বিভিন্ন বাধাৰ মাজতো ভগৱানৰ ওপৰত নিষ্ঠা ৰাখি সংসাৰৰ সাগৰ পাৰ হোৱাৰ সংবাদ দিয়া পৰ্ব হ'ল হোলী বা ফাকুৱা।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages