সৰ্প দংশন আৰু এগৰাকী চিকিৎসকৰ বিৰল অভিজ্ঞতা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 17, 2022

সৰ্প দংশন আৰু এগৰাকী চিকিৎসকৰ বিৰল অভিজ্ঞতা : Assamese Fact

 

Assamese Fact

"ছাৰ আলোনালোকৰ হস্পিটেলত সাপে খোটা ভেকচিন আছে নেকি?"


মই কলো "কথাটো কোৱাচোন? কি হৈছে?"


"মানে ছাৰ মাক ফেঁটী সাপে খোটিছে!মই লেঙেৰীৰ পৰা কৈছোঁ!"


মই কলো "ডিব্ৰুগড় মেডিকেল যদি ওচৰ হয়, তালৈ তৎক্ষণাত যাওঁক।" ( Assamese Fact )


তেওঁ কলে "নহয় ছাৰ ডিমৌ ওচৰ হব।"


"তেনেহলে খোটা ভৰিত বান্ধ নিদিয়াকৈ,ভৰিটো লৰচৰ নকৰাকৈ তৎক্ষণাত আহক।আমি আছোঁ।"


আধা ঘণ্টা মানৰ পাছত আকৌ ফোন আহিল:


"ছাৰ মা বেছি চিৰিয়াচ হৈ গৈছে,কি কৰোঁ!"


মই কলো "মায়ে কথা পাতি আছেনে?"


"আছে"


চিন্তা নকৰিব, "গাড়ীত শুৱাই আহি থাকক,আমি আছোঁ।"


বিনু গগৈ,৬০ বছৰ

লেঙেৰী,মৰাণ,ডিব্ৰুগড়

১৭ আগষ্ট


৩-৩০ মান বজাত, সেই সময়ত কৰ্মৰত নাৰ্ছ সংগীতায়ে ডিমৌ চিকিৎসালয়ৰ দুৱাৰ মুখৰ পৰাই  বিনু গগৈৰ চকুৰ বাদু কেইটা পৰি যোৱা দেখি তাৎক্ষণাত সৰ্প দংশন কোঠালৈ স্তনান্তৰীত কৰে আৰু আমাক খবৰ দিয়ে।


আমি ৰোগীক পৰীক্ষা কৰোঁ মানে,নাৰ্ছ সংগীতা আৰু ববীয়ে এন্টিভেনম বেজী / চেলাইন আদি প্ৰস্তুত কৰি বিনুক তড়িৎ গতিত প্ৰয়োগ কৰিছিল।


আমি যেতিয়া বিনুক পৰীক্ষা কৰোঁ ,বিনুৰ চকুৰ বাদু কেইটা নামি গৈছিল,যাক টচিছ বুলি কোৱা হয়, বমি হৈছিল,উশাহটো চুটি চুটি হৈছিল,উশাহ টানিব কষ্ট হৈছিল,টোপনি যাব ধৰিছিল আৰু লগতে শৰীৰত অক্সিজেনৰ মাত্ৰা কমি গৈ ৯৩%(সাধাৰণ ব্যক্তিৰ পৰিমাণ ৯৮%-১০০%)হৈছিলগৈ।২ মিনিট মানৰ দেৰি হোৱা হেতেন, শৰীৰত অক্সিজেনৰ  অভাৱত তেওঁ সম্পূৰ্ণ অজ্ঞান হল হেতেন। 


তৎক্ষণাত আমাৰ সকলো স্বাস্থ্য কৰ্মীৰ(ডাঃ সীমান্ত টায়ে, ডাঃ দীপক আগৰৱালা, নাৰ্ছ সংগীত আৰু ববী) ক্ষি‌‌‌প্ৰতাত ১০ টা এন্টিভেনম বেজী আৰু লগতে নিঅস্তিগ্মীন(neostigmine) বেজী প্ৰয়োগ কৰা হয়।কামটো ইমান ক্ষিপ্ৰতাত হল যে বিনুৰ শৰীৰৰ তেজত থকা ফেঁটী সাপৰ বিহ টোৱে তলকিবই নোৱাৰিলে।আমাৰ সকলোৰে আক্রমণ সহ্য কৰিব নোৱাৰিলে আৰু এন্টিভেনমে বিহটোক সম্পূৰ্ণৰূপে মষিমূৰ কৰিব সক্ষম হয়।


আমি আগতেও কৈছোঁ,থু বা পানী গিলিব নোৱাৰা ,ডিঙি বিষ আদি  বিষাক্ত ফেঁটী সাপ আৰু ক্ৰেইট সাপৰ বিহৰ প্ৰথম লক্ষণ।ডিমৌলৈ আহি থাকোতে ৰাস্তাত বিনুৰ সেই লক্ষণবোৰও হৈছিল!এই পৰ্য্যায়ত ৰোগীৰ শৰীৰে কিছু সময় যুদ্ধ কৰে।এই পৰ্যায়ক আমি সোণালী সুযোগ বুলি কওঁ।এই সময়ত আমি যদি জপিয়াই পৰো, তেনেহলে ৰোগীৰ কোনো অপকাৰ নহয়।


ফেঁটী সাপৰ বিহৰ লক্ষণ বোৰ ০-৩ ঘণ্টাৰ ভিতৰত দেখা দিয়ে।শ্ৰী মতী বিনুৰ ক্ষেত্ৰত এক ঘণ্টাৰ ভিতৰতে উশাহ নিশাহ লোৱা ব্যৱস্থাটোক অৱশ কৰিব আৰম্ভ কৰে।


ফেঁটী সাপৰ দংশনৰ পাছত চিকিৎসাৰ বাবে ইমান দূৰ বাট কুৰি বাই ডিমৌ চিকিৎসালয়লৈ আহিব লগা হোৱাটো কিন্তু অতি দুৰ্ভাগ্যৰ কথা।এইয়া আমাৰে বিফলতা বুলি কব লাগিব।আমি কিন্তু এতিয়াও ওচৰৰ চিকিৎসালয়খন উন্নত কৰিবৰ বাবে চিঞৰ বাখৰ কৰা নাই।ৰাইজ দেৰি নকৰিব।


আমাক ফোন কৰা বিনুৰ বোৱাৰী শ্ৰী মতী পূৰবী গগৈক venom response team(VRT) বুলি কোৱা হয়।


ফেঁটী সাপৰ দংশনৰ পাছত তেওঁলোক কলৈ যাব আৰু  বিজ্ঞান সন্মত ভাবে ৰোগী গৰাকীক স্থানান্তৰ কৰোৱা VRTৰ কাম।বিনুৰ পৰিয়াল বৰ্গই গাওঁৰ আন্ধ বিশ্বাস/বেজ/জৰা ফুকা বা বিভিন্ন লোকৰ বিভিন্ন অবৈজ্ঞানীক পৰামৰ্শ আদি জ্বলাঞ্জলি দি মেডিকেল চিকিৎসাৰ কথা ভাবে।বিনুৰ ক্ষেত্ৰত আমাৰ অন্ধ বিশ্বাসবোৰ যেনে,বেজ বেজালী,ভৰিত বন্ধা বন্ধী আদি কৰি সময় নষ্ট কৰি থকা হেতেন চাগে তেখেত আজি জীয়াই নাথাকিলে হেতেন।আমাৰ VRT ৰূপী বোৱাৰী আৰু বিনুৰ সকলো পৰিয়ালবৰ্গ‌ই মেডিকেল চিকিৎসাৰ ওপৰত আস্থা ৰখাৰ বাবে তেওঁলোক সকলো ধন্যবাদৰ পাত্ৰ।


VRT ৰূপী বোৱাৰী পূৰবীয়ে বিনুৰ ভৰিটো বন্ধা নাছিল।ভীতি বিহ্বল হোৱা নাছিল।ধীৰে সুস্থিৰে বিনুক চিকিৎসালৈয়লৈ স্থানান্তৰিত কৰিছিল।খোটা ভৰিটো লৰচৰ কৰিব নিদিছিল।খোটা ভৰিটো লৰচৰ কৰিলে বা খোটা ভৰিটোৰে খোজ কৰা হেঁতেন, ফেঁটী সাপৰ বিহটো তেজত সোনকালে মিহলি হলহেঁতেন আৰু হস্পিটেললৈ অহা বাটতে তেওঁৰ অৱস্থা তথৈবচ হলহেঁতেন বা তেওঁক মৃত পালোহেঁতেন। ( Assamese Fact )


আজি বিনু সময়ত চিকিৎসালয় আহি পোৱা বাবে,আমাৰ স্বাস্থ্য কৰ্মী(Fast response Team,FRT),সঠিক সময়ত সঠিক দৰৱ প্ৰয়োগ কৰা বাবে,বিনু তৎক্ষণাত আৰোগ্য হৈছিল।কিন্তু আৰু যদি ২ মিনিট মানৰ দেৰি হলহেঁতেন, তেনেহলে তেওঁক ICU ৰ প্ৰয়োজন হলহেঁতেন।যিহেতু আমাৰ ICU নাই, তেতিয়া আমি ৰোগীক এন্টিভেনম  বেজী দি ৰেফাৰ কৰিব লগাত পৰিলহেতেন।


অৰ্থাৎ বিষাক্ত সৰ্প দংশনৰ পাছত ৰোগী গৰাকীক ICU ৰ প্রয়োজনীয়তা সম্পূৰ্ণ নিৰ্ভৰ কৰে কিমান সোনকালে ৰোগী চিকিৎসালৈয়লৈ আহি পাইছে।যদি,অক্সিজেনৰ পৰিমাণ একেবাৰে কমি গৈছে বা সম্পূৰ্ণ কব নোৱাৰা হৈ গৈছে,তেনেহলে তেওঁক ICU ৰ চিকিৎসা লাগিব ! অন্যথা যিকোনো বিষাক্ত  সৰ্প দংশনৰ চিকিৎসাত ICU  ৰ প্রয়োজনীয়তা নাই বুলিয়েই আমি ভাবো।


বিনুক যদি আমি আমাৰ ICU নাই বুলি ৰেফাৰ কৰি দিলোঁহেঁতেন,তেনেহলে আজি তেওঁ জীয়াই নাথাকিল হেতেন।সৰ্প দংশনৰ পাছত যদি ICU ৰ প্রয়োজনীয়তা আহি পৰিছে, তেনেহলে চিকিৎসা প্ৰায়েই দীঘলীয়া হয়।ICU মানেই কিছু খৰছ,তাতে ভেন্টিলেচন দিব লাগিলে, খৰছ আৰু বাঢ়ি যোৱাৰ অৱকাশ থাকে।সেইকাৰণে আমি কওঁ আপোনাৰ ৰোগীক ICU ৰ দীঘলীয়া খৰছৰ পৰা যদি বচাব বিচাৰিছে, তেনে হলে যিকোনো সৰ্প  দংশনৰ পাছত এজন VRT ৰূপে কাম কৰক আৰু তাৎক্ষণাত বিজ্ঞান সন্মত ভাবে চিকিৎসালৈয়লৈ স্তানান্তৰীত কৰক।


আজি আমি সুখী, আমাৰ VRT/FRT, সৰ্প দংশনৰ ৰোগীৰ ওপৰত জঁপিয়াই পৰিছে।নাৰ্ছ সংগীতা আৰু ববী আৰু আমাৰ সকলো স্বাস্থ্যকৰ্মীক লৈ আমি অতি গৌৰাম্বিত।


বিনুৰ এই ঘ্টনাটোৰ লগতে আমাৰ পূৰ্বৰ বিভিন্ন ফেঁটী সাপৰ দংশনৰ কৃতকাৰ্য্যই প্ৰমাণ কৰে যে সৰ্প দংশনৰ চিকিৎসাত কোনো বিয়াগোম চিকিৎসালয় নালাগে,কোনো বিশেষজ্ঞ চিকিৎসক নালাগে,যদিহে সোনকালে ৰোগী চিকিৎসালয় আহি পায়।


আমাক লাগে মাথো এটা জনমত,এটা আন্দোলন:


আমাৰ সমাজৰ,আমাৰ ৰাইজৰ,আমাৰ সকলো সৰু সৰু চিকিৎসালয়বোৰৰ,আৰু আমাৰ সকলো স্বাস্থ্যকৰ্মীৰ !


আমি আশা ৰাখিছো, অতি শীঘ্ৰে অসম আৰু ভাৰতৰ চুকে কোণে সৰু সৰু গ্রাম্য  চিকিৎসালয় বোৰত VRT/FRT আৰু সৰ্প দংশণৰ আছুতীয়া কক্ষৰ সহায়ত সৰ্প দংশন জনীত বিভিন্ন মৃত্যু আমি বাধা দিব পাৰিম।


বোৱাৰী পূৰবী, বিনুৰ জী,পুত্ৰ,নাৰ্ছ, VRT/FRT আৰু সৰ্প দংশনৰ আছুতীয়া কক্ষ আদিৰ এক দলগত প্ৰচেষ্টাত বিনুয়ে এটা নতুন জীৱন পাবলৈ সক্ষম হয়।


"সৰ্প দংশনৰ পাছত শূণ্য মৃত্যু": অসম্ভৱটো সম্ভৱ কৰোঁ আহক !


আমি আশাবাদী। 


শ্ৰীমতী বিনু গগৈ আৰু পৰিয়ালবৰ্গৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।

Assamese Fact

জী আৰু আমাৰ VRT ৰূপী বোৱাৰী পূৰবীৰ সৈতে ফটোত বিনু গগৈ(মাজৰ গৰাকী)


ধন্যবাদেৰে


Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
 ( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages