মহাকাশৰ বহু নজনা তথ্য জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

মহাকাশৰ বহু নজনা তথ্য জানো আহক : Assamese Fact

Assamese Fact

  মহাকাশ যেনেকৈ অনন্ত বিশাল, মহাকাশৰ কথাবোৰো অনন্ত আৰু বিশাল। এটা দুটা লেখাত লিখি এইবোৰ শেষ কৰিব নোৱাৰি। Assamese Fact ) 


মানুহে বহু শ শ বছৰৰ আগৰ পৰা মহাকাশৰ ওপৰত অধ্যয়ন কৰি আহিছে, মহাকাশলৈ কেনেকৈ যাব পাৰি চিন্তা চৰ্চা কৰি আহিছে। মানুহে প্ৰথম মহাকাশলৈ চেটেলাইট (কৃত্ৰিম উপগ্ৰহ) পঠাইছিল ৪ অক্টোবৰ ১৯৫৭ চনত। ছোভিয়েট ইউনিয়নে পঠোৱা এই চেটেলাইটৰ নাম আছিল Sputnik-1. ছোভিয়েট ইউনিয়নে সেই বছৰে অৰ্থাৎ ৩ নৱেম্বৰ ১৯৫৭ চনত দ্বিতীয়টো চেটেলাইট মহাকাশলৈ পঠাই দিলে। এই চেটেলাইটৰ নাম দিলে Sputnik-2. তেওঁলোকে এইবাৰ চেটেলাইট পঠোৱা লগতে আৰু এটা কাম কৰি দিলে। চেটেলাইটৰে গৈ মহাকাশত জীৱ জীয়াই থাকিব পাৰিব নে নোৱাৰিব পৰীক্ষা কৰিবলৈ চেটেলাইটৰ ভিতৰত এটা কুকুৰ পঠাই দিলে। সেই কুকুৰটোৰ নাম আছিল 'লাইকা'। লাইকা পিছে জীৱন্তে পৃথিৱীলৈ ঘূৰি অহা নাছিল। তাৰ পাছত ইটোৰ পাছত সিটো চেটেলাইট মহাকাশলৈ পঠাব আৰম্ভ কৰি দিলে। মাত্ৰ ৪ বছৰৰ পাছতেই অৰ্থাৎ ১২ এপ্ৰিল ১৯৬১ চনত আকৌ ছোভিয়েট ইউনিয়নে আৰু এটা চেটেলাইট পঠালে, এইবাৰ তেওঁলোকে ভিতৰত মানুহ ভৰাই মহাকাশলৈ চেটেলাইট পঠাই দিলে। এই মানুহজনে আছিল য়ুৰি গাগাৰিন, মহাকাশৰ পৰা জীৱন্তে ঘূৰি অহা পৃথিৱীৰ প্ৰথম মহাকাশচাৰী। য়ুৰি গাগাৰিনে ১ ঘণ্টা ৪৮ মিনিট মহাকাশত আছিল আৰু তেওঁ লৈ যোৱা চেটেলাইটটোৱে সেই সময়খিনিত এবাৰ পৃথিৱীৰ চাৰিওফালে নিজৰ কক্ষপথত ঘূৰিছিল। আৰু এই চেটেলাইটটোৰ নাম আছিল Sputnik-10.


    তাৰ পাছৰ পৰা আজিলৈকে হাজাৰ হিচাপত চেটেলাইট মহাকাশত পঠাই আছে। এতিয়া মহাকাশতে International Space Station ত অফিচ, লেবৰটৰী বনায় তাতে মানুহ থাকি লৈ মহাকাশৰ গৱেষণা কৰি আছে। ইয়াৰ আগৰ লেখাটোত ইতিমধ্যে International Space Station অৰ্থাৎ ISS ৰ বিষয়ে লিখিছোঁ।


   চেটেলাইটক অসমীয়াত কোৱা হয় উপগ্ৰহ। এটা নক্ষত্ৰৰ চাৰিওফালে নিজৰ এক নিৰ্দিষ্ট কক্ষপথত ঘূৰি থকা বস্তুবোৰক গ্ৰহ বুলি কোৱা হয়। যেনে সূৰ্য্য এটা নক্ষত্ৰ তাৰ চাৰিওফালে পৃথিৱী, মঙ্গল, বুধ, বৃহস্পতি আদি ঘূৰি থাকে এইবোৰ গ্ৰহ। আৰু এটা গ্ৰহৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থকা বস্তুবোৰক উপগ্ৰহ বুলি কোৱা হয়। যেনে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ নিজৰ কক্ষপথত ঘূৰি থাকে। চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ।  এইবোৰ প্ৰাকৃতিক ভাবে নিৰ্মিত সেইবাবে এইবোৰ প্ৰাকৃতিক উপগ্ৰহ। আমি মানুহে যি চেটেলাইট অৰ্থাৎ উপগ্ৰহ নিৰ্মাণ কৰোঁ সেইবোৰ কৃত্ৰিম। সেইবাবে মানৱ নিৰ্মিত চেটেলাইটক কৃত্ৰিম উপগ্ৰহ বোলে। আমি ইয়াত চেটেলাইট বুলি কৈ কৃত্ৰিম উপগ্ৰহৰ কথা পাতিম।


    মানুহে নিৰ্মাণ কৰা এটা কৃত্ৰিম উপগ্ৰহ অৰ্থাৎ চেটেলাইট নিৰ্মান কৰোঁতে বহু শ শ কোটি টকা খৰচ হয়। এতিয়া প্ৰশ্ন হয় ইমান শ শ কোটি টকা খৰচ কৰি মানুহে চেটেলাইট বনাই মহাকাশলৈ পঠাই কিয়! তাত পৰা আমাৰ কি লাভ হৈছেনো!


    মই বৰ্তমান আন্দামান নিকোবৰ দ্বীপপুঞ্জত থাকি লিখা এই লেখাটো যে আপুনি থকা ঠাইত পঢ়িব পাইছে তাৰ কাৰণ হৈছে এই চেটেলাইট। মহাকাশত চেটেলাইট নথকাহেঁতেন আপুনি মোৰ এই লেখা এতিয়া পঢ়িব নোৱাৰিলেহেঁতেন। আপুনি ফোনত যে একো তাঁৰ নোহোৱাকৈ বহু দূৰ দূৰৰ আত্মীয় লগত কথা পাতি আছে তাৰ কাৰণ চেটেলাইট। টিভিত আপোনাৰ প্রিয় চিৰিয়েল, ক্ৰিকেট খেল, নিউজ আদি চাই আছে যে তাৰ কাৰণ চেটেলাইট, মোবাইলৰ স্ক্ৰীনত এতিয়া আপুনি থকা ঠাইৰ উষ্ণতা দেখুৱাই আছে যে তাৰ কাৰণ চেটেলাইট, চহৰত Ola, Uber কেবত বহোতে অচিনাকি ঠাইত আপুনি চিনি নোপোৱা ৰাস্তাৰ মাজেৰে একো ভুল নোহোৱাকৈ আপুনি যি ঠাইত আলহী খাব গৈছিল সেই ঠাই উলিয়াই দিয়ে যে তাৰ কাৰণ চেটেলাইট। সকলো ফালে একেই দেখা বিমানবোৰ আকাশত ধুনীয়াকৈ উৰি আছে যে তাৰ কাৰণ চেটেলাইট। এইবোৰ কাৰণ হৈছে আমি সদায় প্ৰতি মুহূৰ্তত ব্যৱহাৰ কৰি থকা বস্তুত চেটেলাইটৰ প্ৰভাৱ। তাৰ উপৰি পৃথিৱীৰ বায়ুমণ্ডল, সাগৰ, মহাকাশ অধ্যয়ন আদিত চেটেলাইট ব্যৱহাৰ হয়। সামৰিক বাহিনীয়ে দেশবোৰৰ কাৰ্যকলাপ ওপৰৰ পৰা চাই থাকিবলৈ চেটেলাইট ব্যৱহাৰ কৰে। এনে চেটেলাইট আমেৰিকা, চীন,ৰাছিয়া আদি দেশে বেছি ব্যৱহাৰ কৰে। তেওঁলোকে নিজৰ দেশত বহি বেলেগ দেশৰ সন্দেহজনক কাৰ্যকলাপ চেটেলাইটৰ জৰিয়তে লক্ষ্য কৰি থাকে। অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে আমেৰিকাৰ এনে চোৰাংচোৱা চেটেলাইটৰ পৰা বাচি বাচিয়ে ১৯৯৮ চনত ভাৰতে ৰাজস্থানৰ পখৰান ৰেঞ্জত পৰমাণু বোমাৰ পৰীক্ষা কৰিছিল। কাৰণ আমেৰিকা ফালৰ পৰা এটা জাননী দিয়া হৈছিল যে কোনো দেশেই পৰমাণু বোমাৰ পৰীক্ষা কৰিব নোৱাৰে বুলি। আজিকালি সেনায়ে মিছাইলো চেটেলাইটৰ যোগেদি অৰ্থাৎ GPS যোগে লক্ষ্য ঠিক কৰি নিক্ষেপ কৰে। চেটেলাইট এতিয়া আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ। মহাকাশত চেটেলাইট নাথাকিলে আমি জীয়াই থকা কঠিন হৈ পৰিব, বহুত বেছি কষ্ট হ'ব।


   চেটেলাইটক তিনিটা ভাগত ভগোৱা হৈছে। তাৰে প্ৰথমটো ভাগ হৈছে Low Earth Orbit Satellite. এইবোৰ চেটেলাইট পৃথিৱীৰ পৰা ১৬০ ৰ পৰা ১৬০০ কিলোমিটাৰ ওপৰত নিজৰ কক্ষপথত ঘূৰে। এইবোৰ চেটেলাইটৰ স্পীড খুব বেছি হয়। এইবোৰ চেটেলাইটে দিনটোত পৃথিৱীৰ চাৰিওফালে কেইবাবাৰো ঘূৰে। এইবোৰ চেটেলাইট পৃথিৱীৰ ফটো উঠাবলৈ, স্কেন কৰিবলৈ বেছি ব্যৱহাৰ কৰে। International Space Station ও এনে এটা চেটেলাইট। ISS ত Low Earth Orbit ত পৃথিৱীৰ চাৰিওফালে ঘূৰে। ইয়াৰ স্পীড খুব বেছি। পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ মাত্ৰ ৯৩ মিনিট সময় লাগে সেইবাবে এদিনত ISS য়ে পৃথিৱীৰ চাৰিওফালে প্ৰায় ১৬ বাৰ ঘূৰিব পাৰে।Assamese Fact ) 


    দ্বিতীয়টো ভাগ হৈছে Medium Earth Orbit Satellite. এইবোৰ চেটেলাইট পৃথিৱীৰ পৰা ১০ হাজাৰ ৰ পৰা ২০ হাজাৰ কিলোমিটাৰ ওপৰত নিজৰ কক্ষপথত ঘূৰে। এনে চেটেলাইট পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ প্ৰায় ১২ ঘন্টা লাগে। এনে চেটেলাইট বেছিভাগ নেভিগেছন অৰ্থাৎ GPS ৰ কামত ব্যৱহাৰ কৰে।


     তৃতীয়টো ভাগ হৈছে High Earth Orbit Satellite. এইবোৰ চেটেলাইট পৃথিৱীৰ পৰা প্ৰায় ৩৬ হাজাৰ কিলোমিটাৰ ওপৰত নিজৰ কক্ষপথত ঘূৰে। এনে চেটেলাইটৰ স্পীড পৃথিৱীৰ স্পীডৰ সমান । পৃথিৱীৰ লগে লগে ঘূৰি থকা বাবে এই চেটেলাইটবোৰ এঠাইতে ৰৈ থকাৰ দৰে লাগে। এইবোৰ চেটেলাইট Communication অৰ্থাৎ যোগাযোগৰ বাবে ব্যৱহাৰ কৰে।


   ১৯৫৭ চনৰ পৰা আজিলৈকে পৃথিৱীৰ পৰা প্ৰায় ৮৯০০ চেটেলাইট নিক্ষেপণ কৰা হ'ল। ইয়াৰ সৰহ সংখ্যক আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ভাৰতৰ নিক্ষেপ কৰা প্ৰথম চেটেলাইটটোৰ নাম আছিল আৰ্যভট্ট (ৰোহিণী)। ১৯৭৫ চনৰ ১৯ এপ্ৰিলত ISRO (Indian Space Research Organisation) দ্বাৰা পঠিওৱা হৈছিল।   ভাৰতে আজিলৈকে ৩৪২ টা চেটেলাইট মহাকাশলৈ পঠাইছে।


    International Space Station লৈ মহাকাশচাৰী কেনেকৈ অহা যোৱা কৰে আৰু চেটেলাইট পৃথিৱীৰ কক্ষপথত কেনেকৈ স্থাপন কৰে দুয়োটাৰ উত্তৰ প্ৰায় একেই। মাটিত চেটেলাইট বা মহাকাশ যান এখনক ৰকেটৰ আগৰ অংশত সংযোগ কৰা থাকে। আৰু মহাকাশ যান খনৰ ভিতৰত মহাকাশচাৰীবোৰ থাকে। ৰকেটৰো দুটা ভাগ থাকে। এটাক কয় মেইন ইঞ্জিন ৰকেট আৰু আনটোক বুষ্টাৰ ৰকেট। এই ৰকেটে চেটেলাইট বা মহাকাশ যান এখনক খুব তীব্ৰ গতিত মহাকাশলৈ লৈ যোৱাত সহায় কৰে। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ক্ষেত্ৰখনৰ পৰা ওলাই মহাকাশত সোমাবলৈ মহাকাশ যান এখনৰ স্পীড কমেও ১১.২ কিলোমিটাৰ প্ৰতি চেকেণ্ড অৰ্থাৎ ৪০ হাজাৰ ৪২০ কিলোমিটাৰ প্ৰতি ঘন্টা হ'ব লাগিব। ইয়াতকৈ স্পীড কম হ'লে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ক্ষেত্ৰখনৰ কোনো বস্তু ওলাই যাব নোৱাৰে। এই স্পীড চেটেলাইট বা মহাকাশ যান এখনক ৰকেটে দিয়ে। এবাৰ চেটেলাইট বা মহাকাশ যান খন মহাকাশত প্ৰৱেশ কৰাৰ পাছত ই এক নিদিষ্ট গতিত পৃথিৱীৰ চাৰিওফালে নিজৰ এটা কক্ষপথত পৃথিৱীৰ ঘূৰিবলৈ আৰম্ভ কৰে। ৰকেটে তাৰ পাছত চেটেলাইট বা মহাকাশ যান খনক এৰি দিয়ে। কেতিয়াবা ৰকেটতো পৃথিৱীলৈ ঘূৰি আহে আৰু কেতিয়াবা মহাকাশ আৱৰ্জনা হিচাপে মহাকাশতে থাকি যায়। বৰ্তমান SpaceX কোম্পানীয়ে পুনঃ ব্যৱহাৰ কৰা ৰকেট নিৰ্মাণ কৰিছে যি ৰকেট পৃথিৱীলৈ ঘূৰি আহে আৰু পুনঃ ব্যৱহাৰ কৰা হয়।


    তাৰ পাছত International Space Station ত ডিউটি কৰিবলৈ অহা মহাকাশচাৰী দলটোৰ মহাকাশ যানখন পৃথিৱীৰ কক্ষপথত ঘূৰিবলৈ আৰম্ভ কৰে , ইফালে ISS ও পৃথিৱীৰ কক্ষপথত ঘূৰি আছে। এই মহাকাশ যানখনত থকা মহাকাশচাৰী দলটোৰ লগত ISS থকা  মহাকাশচাৰী দলটোয়ে যোগাযোগ কৰে যে কেনেকৈ আমি পৃথিৱীৰ পৰা অহা মহাকাশ যানখন খন ISS সংযোগ কৰিম। এটা সময়ত মহাকাশ যানখন ISS ৰ লগে লগে সমান বেগত পৃথিৱীৰ কক্ষপথত ঘূৰিব আৰম্ভ কৰে আৰু কাষ চাপি চাপি আহি থাকে। ওচৰ পোৱা পাছত ISS ৰ বাহিৰত থকা ৰবটৰ বাহুটোৱে সেই মহাকাশ যান খনক ধৰি ISS ৰ ওচৰলৈ লৈ আহে। মহাকাশ যান খনৰ পাছফালেও এখন গোল দৰ্জা থাকে আৰু ISS এটা অংশটো এখন এখন গোল দৰ্জা থাকে। দুয়োখন সংযোগ কৰাৰ সুবিধা আছে। মহাকাশ যানখন আৰু ISS নিৰ্মাণ কৰোঁতেই এই সুবিধা ৰখা হয়। দুয়োখন দৰ্জা ভালকৈ সংযোগ হোৱাৰ পাছত দুয়োপক্ষয়ে নিজৰ দৰ্জা খুলি দিয়ে আৰু মহাকাশ যান খনৰ পৰা মহাকাশচাৰী দলটো ISS লৈ সোমাই আহে। সকলো কাম নতুন দলটোক গতাই দিয়াৰ পাছত সেই দৰ্জাৰেই আকৌ পুৰণা মহাকাশচাৰী দলটো ISS ৰ পৰা মহাকাশ যানখনলৈ সোমাই যায়। তাৰ পাছত পৃথিৱীলৈ উভতি আহিব লগা মহাকাশ যানখন কক্ষপথত ঘূৰি ঘূৰি এটা পদ্ধতিৰে পৃথিৱীৰ বায়ুমণ্ডলৈ নামি আহি থাকে।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages