নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন এতিয়া কেনে আছে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 20, 2022

নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন এতিয়া কেনে আছে : Assamese Fact

Assamese Fact

  নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন এপল'-১১ নামৰ যিখন মহাকাশ যানত চন্দ্ৰলৈ গৈছিল সেই মহাকাশ যানখনৰ মূলতে তিনিটা অংশ আছিল।Assamese Fact )  


প্ৰথম অংশটোৰ নাম আছিল কামাণ্ড মডিউল য'ত তিনিজন মহাকাশচাৰী বহিব পৰা সুবিধা আছিল আৰু নীল আমষ্ট্ৰং আৰু এডুইন এলড্ৰিন চন্দ্ৰ পৃষ্ঠত নমাৰ পাছত এই কামাণ্ড মডিউলতে মাইকেল কলিন্স আছিল আৰু অভিযানৰ শেষত চন্দ্ৰৰ পৃষ্ঠৰ পৰা বাকী দুজন মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল। এই কামাণ্ড মডিউলৰ নাম দিয়া হৈছিল কলোম্বিয়া (মন্তব্য বক্সত চিত্ৰ- ৪)। আৰু এই কামাণ্ড মডিউলতে তিনিওজন মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি আহিছিল। ফটোত সেই কামাণ্ড মডিউল দেখুওৱা হৈছে আৰু নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন যোৱা এপল'-১১ মহাকাশ যানখনৰ  ৰ কামাণ্ড মডিউল কলোম্বিয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ National Air and Space সংগ্ৰহালয়ত স্মাৰক হিচাপে সংগ্ৰহ কৰি ৰখা হৈছে।


     দ্বিতীয় অংশটোৰ নাম চাৰ্ভিছ মডিউল। এই চাৰ্ভিছ মডিউলয়ে কামাণ্ড মডিউলক বিদ্যুৎ শক্তি, অক্সিজেন আৰু পানীৰ সহায়ত আগুৱাই যোৱাত সহায় কৰিছিল।


     আৰু তৃতীয় অংশটো আছিল লুনাৰ মডিউল। লুনা (Luna) মানে হৈছে চন্দ্ৰ। ই এটা লেটিন শব্দ। এই লুনাৰ মডিউলয়ে চন্দ্ৰ পৃষ্ঠত নামিছিল। চন্দ্ৰত থিয় হৈ থকা আমি ফটোবোৰত দেখা অংশটোৰ নামে লুনাৰ মডিউল। এই লুনাৰ মডিউলটোৰ নাম দিয়া হৈছিল ঈগল (মন্তব্য বক্সত চিত্ৰ- ৭)। তেওঁলোক এপল'-১১ ত ১৯৬৯ চনৰ ১৬ জুলাইত পৃথিৱীৰ পৰা গৈছিল আৰু ২০ জুলাইত চন্দ্ৰ পৃষ্ঠত নামিছিল। আৰু ২৪ জুলাইত আকৌ পৃথিৱীলৈ ঘূৰি আহিছিল। তেওঁলোকৰ এই গোটেই অভিযানটো আছিল ৮ দিন ৩ ঘন্টা আৰু ১৮ মিনিটৰ।


      এপল'-১১ চন্দ্ৰলৈ মানুহ যোৱা প্ৰথম অভিযান আছিল সেইবাবে এই অভিযানৰ বিষয়ে অলপ বহলাই লিখিলোঁ। তাৰ পাছত আৰু ৫ বাৰ চন্দ্ৰলৈ মহাকাশচাৰী গৈছিল। বাকী কেইটা অভিযানৰ বিষয়ে একেবাৰে চমুকৈ লিখি যাম।


     প্ৰথম চন্দ্ৰ অভিযানৰ প্ৰায় ৪ মাহৰ পাছতেই NASA য়ে আকৌ এটা দ্বিতীয় তিনিজনীয়া মহাকাশচাৰী দল চন্দ্ৰলৈ বুলি সাজু কৰিলে। এই মিছনৰ নাম দিলে  এপল'-১২। ১৯৬৯ চনৰ ১৪ নৱেম্বৰত এই এপল'-১২ব চন্দ্ৰলৈ ৰাওনা হ'ল। এই মিছনত থকা মহাকাশচাৰী কেইজন হ'ল Pete Conrad, Richard Francis Gordon J আৰু Alan Bean. মাইকেল কলিন্সৰ দৰে এই মিছনত Richard Francis Gordon, কামাণ্ড মডিউলত থাকি বাকী দুজন মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল আৰু বাকী দুজন চন্দ্ৰৰ পৃষ্ঠত নামি গৈছিল।

এপল'-১২ মহাকাশ যানখন ২৪ নৱেম্বৰ ১৯৬৯ ত পৃথিৱীলৈ ঘূৰি আহে।


     তাৰ প্ৰায় পাঁচ মাহ পাছত অৰ্থাৎ ১১ এপ্ৰিল ১৯৭০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA য়ে তৃতীয় বাৰৰ বাবে আকৌ এটা তিনি জনীয়া মহাকাশচাৰী দল চন্দ্ৰলৈ পঠালে যাৰ নাম দিয়া হ'ল এপল'-১৩। এই মিছনত থকা মহাকাশচাৰী কেইজন হ'ল James Arthur Lovell, Jack Swigert আৰু Fred Haise.

কিন্তু এই মিছন সফল নহ'ল। অভিযানৰ দুদিন পাছত চাৰ্ভিছ মডিউলৰ অক্সিজেন টেংকত বিসংগতি দেখা দিয়াত এই মিছন আধাতে সামৰি পৃথিৱীলৈ উভতি গুচি আহে আৰু ১৭ এপ্ৰিলত সফলতাৰে তিনিও মহাকাশচাৰী পৃথিৱীত অৱতৰণ কৰে।


      আমেৰিকা ৰৈ নাথাকিল যেন চন্দ্ৰলৈ মানুহ পঠিয়াই চন্দ্ৰক অধ্যয়ন কৰি খুব আনন্দ পাইছে। আকৌ ১৯৭১ চনৰ ৩১ জানুৱাৰীত চতুৰ্থ বাৰৰ বাবে এটা  তিনি জনীয়া মহাকাশচাৰী দল চন্দ্ৰলৈ পঠালে যাৰ নাম দিয়া হ'ল এপল'-১৪। এই মিছনত থকা মহাকাশচাৰী কেইজন হ'ল Alan B. Shepard, Stuart A. Roosa আৰু Edgar D. Mitchell. এই মিছনত Stuart A. Roosa, কামাণ্ড মডিউলত থাকি বাকী দুজন মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল Alan B. Shepard আৰু Edgar D. Mitchell চন্দ্ৰৰ পৃষ্ঠত নামি গৈছিল। এইটো NASA ৰ চন্দ্ৰলৈ মানুহ পঠোৱা তৃতীয় সফল মিছন।

এপল'-১৪ ৯ ফেব্ৰুৱাৰী ১৯৭১ চনত পৃথিৱীলৈ ঘূৰি আহে।


      তাৰ পাছত ১৯৭১ চনৰ ২৬ জুলাইত পঞ্চমবাৰৰ বাবে আকৌ এটা  তিনি জনীয়া মহাকাশচাৰী দল চন্দ্ৰলৈ পঠালে যাৰ নাম দিয়া হ'ল এপল'-১৫। এই মিছনত থকা মহাকাশচাৰী কেইজন হ'ল David R. Scott, Alfred M. Worden আৰু James B. Irwin. এই মিছনত Alfred M. Worden, কামাণ্ড মডিউলত থাকি বাকী দুজন মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল David R. Scott আৰু James B. Irwin চন্দ্ৰৰ পৃষ্ঠত নামি গৈছিল। এইটো NASA ৰ চন্দ্ৰলৈ মানুহ পঠোৱা চতুৰ্থ সফল মিছন। Assamese Fact ) 

এপল'-১৫ ৭ আগষ্ট ১৯৭১ চনত পৃথিৱীলৈ ঘূৰি আহে।


       ইয়াৰ পাছত NASA য়ে চন্দ্ৰলৈ পঠোৱা ষষ্ঠ মিছনটো হ'ল এপল'-১৬. এই মিছন আৰম্ভ হৈছিল ১৬ এপ্ৰিল ১৯৭২ চনত। এই মিছনত থকা মহাকাশচাৰী কেইজন হ'ল John W. Young, Thomas K. Mattingly আৰু Charles M. Duke Jr. এই মিছনত Thomas K. Mattingly, কামাণ্ড মডিউলত থাকি বাকী দুজন মহাকাশচাৰীক উদ্ধাৰ কৰিবলৈ চন্দ্ৰৰ কক্ষপথত ঘূৰি আছিল John W. Young আৰু Charles M. Duke চন্দ্ৰৰ পৃষ্ঠত নামি গৈছিল। এইটো NASA ৰ চন্দ্ৰলৈ মানুহ পঠোৱা পঞ্চম সফল মিছন। John W. Young ইয়াৰ পূৰ্বেও NASA য়ে পঠোৱা এপল'-১০ Dress Rehearsal মিছনত গৈছিল।

এপল'-১৬ ২৭ এপ্ৰিল ১৯৭২ চনত পৃথিৱীলৈ ঘূৰি আহে।


       এপল' মিছনৰ সপ্তম তথা অন্তিম চন্দ্ৰলৈ যোৱা মিছনটো আছিল  এপল'-১৭. মানৱ ইতিহাসত শেষৰ বাৰৰ বাবে চন্দ্ৰলৈ মানুহ এই মিছনতে গৈছিল। এই মিছনত থকা তিনিজন মহাকাশচাৰী হ'ল Eugene A. Cernan, Ronald E. Evans আৰু Harrison H. Schmitt. এপল'-১৭ ৭ ডিচেম্বৰ ১৯৭২ চনত পৃথিৱীৰ পৰা চন্দ্ৰলৈ উৰা মাৰিছিল। এই মিছনত কামাণ্ড মডিউলত আছিল Ronald E. Evans আৰু চন্দ্ৰ পৃষ্ঠত নামিছিল Eugene A. Cernan আৰু Harrison H. Schmitt.

এইটো NASA ৰ চন্দ্ৰলৈ মানুহ পঠোৱা ষষ্ঠ আৰু অন্তিম সফল মিছন।

এপল'-১৭ ১২ দিন পাছত ১৯ ডিচেম্বৰ ১৯৭২ চনত পৃথিৱীলৈ ঘূৰি আহে। ইয়াৰ পাছৰ কোনো মানুহ চন্দ্ৰলৈ যোৱা নাই।


      দেখা যায় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA য়ে এপল' মিছনৰ অধীনত মুঠতে ৭ বাৰ চন্দ্ৰলৈ মানুহ পঠিওৱা অভিযান কৰিছিল য'ত মুঠতে ২১ জন মহাকাশচাৰী গৈছিল। তাৰে মাত্ৰ এটা মিছন এপল'-১৩ সফল নহ'ল।


      ১৬ জুলাই ১৯৬৯ ৰ পৰা ৭ ডিচেম্বৰ ১৯৭২ চনলৈকে ৩ বছৰ ৫ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA য়ে মুঠতে ৬ বাৰ সফলতাৰে চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিলে। ৬ টা সফল মিছনত মুঠ ১২ জন মহাকাশচাৰীয়ে চন্দ্ৰৰ পৃষ্ঠত ভৰি দিলে আৰু ৬ জন মহাকাশচাৰী কামাণ্ড মডিউলত আছিল। তাৰ ভিতৰত মাইকেল কলিন্সও এজন। সেইবাবে কোৱা হয় চন্দ্ৰৰ পৃষ্ঠত ভৰি দিয়া মুঠ মহাকাশচাৰী ১২ জন। মই ভাবো ১২ নহয় ১৮ জন বুলিয়ে ক'ব লাগিব। কাৰণ কামাণ্ড মডিউলত থকা মহাকাশচাৰী জনৰ এই মিছনত সমানে অৰিহণা আছে। তেওঁ এই মিছনবোৰৰ এটা অংশ।

ইয়াৰে এপল'-১৭ ৰ মহাকাশচাৰী সকল চন্দ্ৰত সকলোতকৈ বেছি সময় আছিল। তেওঁলোক প্ৰায় ৭৫ ঘন্টা চন্দ্ৰত আছিল। আৰু এপল'-১৭ ৰ চন্দ্ৰ অভিযানে আছিল সকলোতকৈ দীঘলীয়া মিছন। এই পৃথিৱীৰ পৰা উৰা মৰা আৰু আকৌ উভতি পৃথিৱী পোৱালৈ এই মিছন আছিল প্ৰায় ১২ দিন ১৪ ঘন্টাৰ।


      ইতিহাসে সদায় প্ৰথম জনক মনত ৰাখে। চন্দ্ৰলৈ মানুহ যোৱা প্ৰথম তিনিজন মহাকাশচাৰী আছিল নীল আমষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এলড্ৰিন। আমি তেওঁলোকক সেইবাবে ভালকৈ চিনি পাওঁ। বাকী ১৫ জন মহাকাশচাৰীক কমকৈ চিনি পাওঁ। আমি এই তিনিজন মহাকাশচাৰীৰ কথা ভাবিলে মনলৈ কোনখন ফটো আহে বাৰু! বগা Space suit পিন্ধি তিনিওজন একেলগে থকা ফটোখন নহয় জানো (মন্তব্য বক্সত চিত্ৰ-১)। এতিয়া তেওঁলোক তিনিজন বাৰু দেখিবলৈ কেনে হ'ল, জীয়াই আছে নে তেওঁলোক জানিবলৈ মন নাযায় নে!


      জানি দুখ পাব যে এই তিনিজন মহাকাশচাৰীৰ এতিয়া মাত্ৰ এজনহে জীয়াই আছে। চন্দ্ৰত প্ৰথম খোজ দিয়া নীল আমষ্ট্ৰং ৮২ বছৰ বয়সত ২৫  আগষ্ট ২০১২ চনত মৃত্যু মুখত পৰে।

মাইকেল কলিন্সেও ২৮ এপ্ৰিল ২০২১ চনত ৯০ বছৰ বয়সত মৃত্যু হয়।

এতিয়া মাত্ৰ এডুইন এলড্ৰিন জীয়াই আছে আৰু তেওঁৰ বৰ্তমান বয়স ৯২ বছৰ।


      দেখা যায় চন্দ্ৰ অভিযানৰ এই যুঁজখন দুখন দেশৰ মাজতেই ভালকৈ চলিছিল। এখন আমেৰিকা আৰু আনখন ৰাছিয়া। দুয়োখন দেশে ইটোৰ পাছত সিটো মহাকাশ যান চন্দ্ৰলৈ পঠাই আছিল। চন্দ্ৰ পৃষ্ঠ প্ৰথম স্পৰ্শ কৰিব পৰা মহাকাশ যানখন আছিল ৰাছিয়াৰ Luna- 2 কিন্তু চন্দ্ৰ পৃষ্ঠত প্ৰথম মানুহ পঠাবলৈ সক্ষম হ'ল আমেৰিকাৰ NASA ৰ এপল'-১১। NASA য়ে মানুহ পঠিয়ায় চন্দ্ৰৰ মাটি, শিল সংগ্ৰহ কৰিছিল, চন্দ্ৰৰ গৱেষণা কৰিছিল আৰু ৰাছিয়ায়ে অকল মহাকাশ যান পঠাই চন্দ্ৰৰ মাটি, শিল সংগ্ৰহ কৰিব যত্ন কৰি আছিল। এওঁলোকৰ এই প্ৰতিযোগিতাও বৰ আমোদজনক আছিল।


      চন্দ্ৰত আৰু কি কি অভিযান হৈছিল, ৰাছিয়া কিমান বাৰ বিফল হৈছিল, আৰু কোন কোন দেশে আজিলৈকে চন্দ্ৰ অভিযান কৰিছে, আগন্তুক কি কি অভিযান হ'ব, পতাকা বিতৰ্ক আদিৰ বিষয়ে অহা খণ্ডত এই পেজতে  লিখিম।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages