পৃথিৱীত, কলিযুগৰ আগমন ৰজা পৰীক্ষিতৰ এটা ভুলৰ সৈতে সম্পৰ্কিত। আহঁক জানো সেইটো কি ভুল যাৰ বাবে কলিযুগৰ আগমন হ'ল আৰু ইয়াতে থাকি গ'ল।( Assamese Fact )
কোৱা হয় যে পাণ্ডৱ আৰু দ্ৰৌপদী যেতিয়া হিমালয়ৰ মুক্ষ যাত্ৰালৈ গুচি গৈছিল। তেতিয়া এদিন নিজেই ধৰ্ময়ে বলধ গৰুৰ ৰূপ লৈ আৰু গাই গৰু ৰূপ লৈ পৃথিৱী দেৱী সৰস্বতী নদীৰ পাৰত বহি কথা পাতি আছিল। গাই গৰু ৰূপ লৈ থকা পৃথিৱী দেৱীৰ চকুৱে দি চকু পানী বৈ আছিল।
পৃথিৱী দেৱীক কান্দি থকা দেখি ধৰ্ম বলধে তেওঁক তেওঁৰ দুখৰ কাৰণ সুধিলে। ধৰ্ময়ে ক'লে দেৱী তুমি এইটো দেখি ভয় খোৱা নাইটো যে মোৰ এটাহে ভৰি আছে ।নে তুমি এইটো ভাবি দুখত আছা যে এতিয়া তোমাৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ পৰিব।
এই প্ৰশ্নটোৰ উত্তৰ দি পৃথিৱী দেৱীয়ে ক'লে, হে ধৰ্ম তুমিটো সকলো জানা। এতিয়া মোৰ দুখৰ কাৰণ সুধি কি লাভ হ'ব। সত্য, মিত্ৰতা, ত্যাগ, দয়া, শাস্ত্ৰ, বিচাৰ , জ্ঞান ,বৈৰাগ্য, ঐচ্যৰ্য, নিৰ্মিকতা, কোমলতা, ধৈৰ্য আদিৰ স্বামী শ্ৰীকৃষ্ণ নিজৰ ধামলৈ গুচি যোৱাৰ কাৰণে কলি যুগে মোৰ ওপৰত আধিপত্য বিস্তাৰ কৰি ল'লে।
শ্ৰীকৃষ্ণৰ চৰণ কমল মোৰ ওপৰত পৰিছিল। যাৰ ফলত মই নিজকে ভাগ্যশালী বুলি ভাবিছিলো। কিন্তু এতিয়া এনেকুৱা নহয়। মোৰ সুভাগ্য এতিয়া শেষ হ'ল।ধৰ্ম আৰু পৃথিৱীয়ে কথা পাতি আছিল। তেতিয়া তাত অসুৰ ৰূপি কলি যুগ আহি পালে আৰু বলধ আৰু গাই গৰু জনীক মাৰিবলৈ ধৰিলে।
সেই সময়তে ৰজা পৰীক্ষিত সেই মাৰ্গৰে গৈ আছিল। যেতিয়া তেওঁ এইবোৰ দেখিলে , তেতিয়া তেওঁ কলি যুগৰ ওপৰত বহুত খঙ কৰিলে। তেওঁ ক'লে - দুষ্ট ,পাপী তই কোন ? কিয় এই নিৰপৰাধী গাই আৰু বলধক মাৰি আছ।তই মহা অপৰাধী , তোৰ অপৰাধ ক্ষমাৰ যোগ্য নহয়। সেই কাৰণে তোৰ মৃত্যু নিশ্চিত বুলি কৈ ৰজা পৰীক্ষিতে নিজৰ তৰুৱাল উলিয়াই লৈ কলি যুগক মাৰিবলৈ আগবাঢ়ি গ'ল।
ৰজা পৰীক্ষিতৰ খঙ দেখি কলি যুগে ভয়তে কঁপিবলৈ ধৰিলে। ভয়তে কলি যুগে ৰজা পৰীক্ষিতৰ ভৰিত ধৰিলে আৰু ক্ষমা বিচাৰিলে।যাৰ ফলত ৰজা পৰীক্ষিতে ভাবিলে ক্ষমা খুজিছে যেতিয়া মৰা উচিত নহ'ব। তাৰ পিছত তেওঁ ক'লে, কলি যুগ তই মোৰ চৰণলৈ আহিছ, যেতিয়া মই তোক জীৱন দান দিছোঁ। কিন্তু অধৰ্ম, পাপ, মিছা, চুৰ, কপট, দৰিদ্ৰতা আদিৰ মূল কাৰণ তইয়ে।
তই মোৰ ৰাজ্যৰ পৰা এতিয়াই উলাই যা আৰু কেতিয়াও ঘূৰি নাহিবি। কলি যুগে ৰজা পৰীক্ষিতৰ কথা শুনি চতুৰতাৰে ক'লে - সম্পূৰ্ণ পৃথিৱীত আপোনাৰ নিৰ্বাহ আছে।পৃথিৱীৰ এনেকুৱা একো ঠাই নাই য'ত আপোনাৰ ৰাজ নাই। এনেকুৱাত মোৰ নিচিনা দুষ্টক পৃথিৱীত থাকিবলৈ আপুনি স্থান দিয়ক।
কলি যুগৰ কথা শুনি ৰজা পৰীক্ষিতে বহুত ভাবি ক'লে - অসত্য, মদ, কামনা, ক্ৰোধৰ নিৰ্বাহ য'ত থাকিব সেই চাৰি স্থানত তই থাকিব পাৰিবি। তেতিয়া কলি যুগে ক'লে, হে ৰাজন… এই চাৰি স্থান মোৰ বাবে পৰ্যাপ্ত নহয়।মোক অন্য স্থানো প্ৰদান কৰক। ৰজা পৰীক্ষিতে ভাবি কলি যুগত থাকিবলৈ স্বৰ্নত ৫ নম্বৰ স্থান হিচাপে প্ৰদান কৰিলে। সেই স্থানসমূহ পাই কলি যুগ প্ৰত্যক্ষ ভাৱে তাৰ পৰা গুচি গ'ল।
কিন্তু অলপ দূৰ যোৱাৰ পাছত অদৃশ্য ৰূপত আহি ৰজা পৰীক্ষিতৰ স্বৰ্ন মুকুটত নিবাৰ্হ কৰিলে। এনেদৰেই পৃথিৱীলৈ কলি যুগৰ আগমন হ'ল।
মাৰ্কেণ্ডিয় পুৰাণত বৰ্ণনা কৰা আছে। কলি যুগৰ শাসকসকলে নিজৰ মনৰ ইচ্ছাৰে মানুহৰ ওপৰত শাসন কৰিব। নিজৰ মতে খাজনা ল'ব। শাসকসকলে নিজৰ ৰাজ্যত ধৰ্মৰ ঠাইত ভয়ৰ প্ৰচাৰ কৰিব। মানুহে সৰু সৰু বস্তু বিচাৰি নিজৰ ঘৰ এৰি যাব লগিয়া হ'ব। ধৰ্মক নমনা হ'ব। ( Assamese Fact )
লোভ,কপট আদি সকলোৰে মগজুত থাকিব। মানুহে একো দুখ নকৰাকে মানুহৰ হত্যা ও কৰিব।ভোগয়ে জীৱনৰ সকলোতকৈ লাগতীয়াল বস্তু হৈ পৰিব। মানুহে বহুত সোনকালেই সপত খাব আৰু তাক ভাঙি ও দিব। মানুহ মদ আৰু অন্য নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱত সোমাই পৰিব।
গুৰুক সন্মান কৰা পৰম্পৰা ও সমাপ্ত হৈ যাব। ব্ৰহ্মাণ জ্ঞানী হৈ নাথাকিব। ক্ষত্ৰিয়সকলৰ সাহস কম হৈ পৰিব। ব্যৱসায়িয়ে নিজৰ ব্যৱসায় ভালকৈ নকৰিব।
জীৱনৰ সকলো ক্ৰুটি বাবে কলি যুগক জগৰীয়া কৰা হয়। ইয়াৰ কি কাৰণ। শত্ৰুতাৰ বাবে যদি কোনোবা ব্যক্তিৰ হত্যা কৰা হয়। কোনোবা ছোৱালীৰ লগত দুকৰ্ম কৰা হয়। নিজৰ পুতেকে মাক-দেউতাকক ঘৰৰ পৰা উলিয়াই দিয়া।ধনৰ লোভত পত্নীয়ে স্বামীক হত্যাৰ কৰা। ধন লাভৰ বাবে মানুহে নিজৰ প্ৰিয়জনক মাৰিবলৈ বাধ্য হোৱা। ভাল কৰা জনৰ বেয়া হোৱা আদিত সেই দোষীজনতকৈ বেছি কলি যুগত এইটো কৈ দোষী সাব্যস্ত কৰা হয় যে এনেকুৱা হোৱাতো নিশ্চিত আছিল। কাৰণ কলি যুগ আছে যে ।
সকলো বেয়া কামৰ বাবে কলি যুগে দোষী। আপোনালোকে শাস্ত্ৰ আৰু বেদ, পুৰাণসমূহত যুগ চক্ৰৰ বিষয়ে শুনিছে চাগে।এটা যুগ লাখ বছৰৰ হয়। যি এটা চক্ৰৰৰ সমান গতিশীল। এটা যুগ শেষ হোৱাৰ পাছত দ্বিতীয়টো যুগ আৰম্ভ হোৱাতো নিশ্চিত।
পৌৰাণিক মান্যতা অনুসৰি সত্য যুগ প্ৰায় ১৭ লাখ ২৮ হাজাৰ বছৰ আছিল। ত্ৰেতা যুগ ১২ লাখ ৯৬ হাজাৰ বছৰ আছিল। দ্বাপৰ যুগ ৮ লাখ ৬৪ হাজাৰ বছৰ আছিল আৰু কলি যুগ ৪ লাখ ৩২ হাজাৰ বছৰ হ'ব বুলি কোৱা হৈছে।কাল গণনাৰ অনুসৰি চাৰিটা যুগৰ সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগৰ শেষত অন্তিম যুগ কলি যুগেই।
কলি যুগৰ অৰ্থ হৈছে কলিৰ আয়ু। অন্ধকাৰৰ যুগ, উপদুখৰ বয়স, কাজিয়া বা পাখণ্ডৰ বয়স । কলি যুগৰ সম্ভাৱনা আপোনালোকে এতিয়া চলি থকা ভয়াবহ পৰিস্থিতিৰ লগত জড়িত কৰি চাব পাৰিছে চাগে। প্ৰাচীন পুৰাণ সমূহত এই সংসাৰৰ অন্তৰ বিষয়ে বহুত কথা কোৱা হৈছে।
গীতাত ভগৱান বিষ্ণুয়ে কলি যুগৰ আৰম্ভ হোৱা আৰু শেষ হোৱাৰ ওপৰত বহু কথা কৈছে। কোৱা হয় যে ভগৱান শিৱয়ে ভগৱান বিষ্ণুক এই পৃথিৱীৰ অৰ্থাৎ এই সংসাৰখনৰ দায়িত্ব পালন কৰিবলৈ দিছিল।ভগৱান বিষ্ণুয়ে গীতাত কলি যুগৰ আৰম্ভ হোৱা আৰু শেষ হোৱাৰ ওপৰত বহু কথা কৈছে। এই সংসাৰখন অন্ত হোৱা কাৰণ এগৰাকী মহিলা বুলি কৈছে।
কলি যুগৰ আৰম্ভণিৰ বিষয়েও কিছুমান কথা বৰ্ণনা কৰিছে। যিবোৰে আপোনালোকক কলি যুগ আৰম্ভ হোৱাৰ সংকেত দিয়ে।গীতাত বৰ্ণনা কৰা মতে যেতিয়া এজনী স্ত্ৰীয়ে নিজৰ শৃংগাৰ ৰূপি চুলি কাটিবলৈ ধৰিব।যেতিয়া পুতেকে বাপেকৰ ওপৰত হাত তুলিব । চাৰিওফালে অসত্য কথাৰে ভৰি পৰিব।সত্য নাথাকিব। যেতিয়া স্ত্ৰীসকলে নিজৰ ঘৰতে নিজক সুৰক্ষিত কৰি ৰাখিব নোৱাৰিব। মানুহৰ মনৰ পৰা ভয় নাইকীয়া হৈ যাব। অকাল মৃত্যু হ'বলৈ ধৰিব।যিটো বহুত কষ্টকৰ।
গীতাৰ মতে তেতিয়া বুজি পাব যে কাল ৰূপি কলি যুগ আপোনাৰ দুৱাৰত ৰৈ আছে। আপোনালোকে ভাবিছে চাগে এইবোৰ বৰ্তমানৰ পৰিস্থিতিৰ লগত মিলিছে। অপেক্ষা কৰক ইয়াৰ আৰু বেয়া ৰূপ আহিবলৈ বাকী আছে। আমি কেতিয়াবা ভাবিছোনে যে এনেকুৱা কি কাৰণ আছিল যাৰ ফলত কলি যুগ পৃথিৱীলৈ আহিব লগা হ'ল।
মহান আৰ্যভট্টই নিজৰ মহান পুথি আৰ্যভটিয়ামত এই বিষয়ে উল্লেখ কৰিছে যে যেতিয়া তেওঁ ২৩ বছৰীয়া আছিল তেতিয়া কলি যুগৰ ৩ হাজাৰ ৬০০ বছৰ চলি আছিল। মান্যতাৰ অনুসৰি আৰ্যভট্টৰ জন্ম ৪৭৪ ঈৰ্ষা পূৰ্বত হৈছিল। মধ্যকালৰ জ্যোতিষীসকলৰ মাতে কলি যুগ আৰম্ভণিত সকলো গ্ৰহ সূৰ্য আৰু চন্দ্ৰক মিলাই চেট শুল্ক প্ৰতিবদাক ৰবিবাৰৰ সূৰ্য উদয়ৰ লগত একেলগে একত্ৰিত আছিল।
বহুতৰ মতে কলি যুগৰ আৰম্ভণি ৩ হাজাৰ ১০২ ঈৰ্ষা পূৰ্বত হৈছিল। এই কাল ৪ লাখ ৩৬ বছৰৰ লৈকে চলিব। এতিয়া কলি যুগৰ প্ৰথম অৱস্থা চলি আছে। কলি যুগৰ আৰম্ভণি ৩ হাজাৰ ১০২ ঈৰ্ষা পূৰ্বত হৈছিল। তেতিয়া মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি মেষ ৰাশিত শূন্য ডিগ্ৰীত হৈ গৈছিল। গণনা কৰিলে ৫ হাজাৰ ১২০ বছৰ কলি যুগৰ পাৰ হৈ গ'ল ।
এতিয়া আৰু ৪ লাখ ২৬ হাজাৰ ৮৮২ বছৰ বাকী আছে। ভাগৱত পুৰাণতো ইয়াৰ উল্লেখ কৰা হৈছে। যাৰ অনুসৰি সুখদেৱে ৰজা পৰীক্ষিতক কলি যুগৰ বিষয়ে চৰ্চা কৰি কয় যে যেতিয়া সপ্তৰ্ষি মহানক্ষত্ৰত বিচৰণ কৰি আছিল, তেতিয়াই কলি যুগৰ আৰম্ভণি হৈছিল।
কলিৰ আয়ু দেৱতাসকলৰ বৰ্ষ গণনাত ১২০০ বছৰ আৰু মানুহৰ মতে ৪ লাখ ৩২ হাজাৰ বছৰৰ।যদি এই চাৰিটা কালৰ মাজৰ পাৰ্থক্য বিচাৰিবলৈ আপোনালোকৰ কষ্ট হৈছে তেতিয়া আপোনালোকক কম যে সত্য যুগত মানুহৰ উচ্চতা ৩২ ফুট অৰ্থাৎ ২১ হাত বুলি কোৱা হৈছে।এই যুগত পাপৰ মাত্ৰা শূণ্যৰ সমান আৰু পুণ্যৰ মাত্ৰা ১০০ শতাংশ আছিল।
ত্ৰেতা যুগত মানুহৰ উচ্চতা ২১ ফুট অৰ্থাৎ ১৪ হাত বুলি কোৱা হৈছে।এই যুগত পাপৰ মাত্ৰা ২৫ শতাংশ আৰু পুণ্যৰ মাত্ৰা ৭৫ শতাংশ আছিল।
দ্বাপৰ যুগত মানুহৰ উচ্চতা ১১ ফুট অৰ্থাৎ ৭ হাত বুলি কোৱা হৈছে।এই যুগত পাপৰ মাত্ৰা ৫০ শতাংশ আৰু পুণ্যৰ মাত্ৰা ৫০ শতাংশ আছিল।
কলি যুগত মানুহৰ উচ্চতা ৫ ফুট ৫ ইঞ্চি অৰ্থাৎ ৩.৫ হাত বুলি কোৱা হয়।এই যুগত ধৰ্মৰ এক অংশহে আছে।।পাপৰ মাত্ৰা ৭৫ শতাংশ আৰু পুণ্যৰ মাত্ৰা ২৫ শতাংশ ।( Assamese Fact )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
No comments:
Post a Comment