পৌৰাণিক কালত বেদৰ জ্ঞাতাসকলৰ ভিতৰত শ্ৰেষ্ঠ আৰু মহান ঋষি কণ্ডু আছিল।যাৰ আশ্ৰম গোমতী নদীৰ পাৰত আছিল।( Assamese Fact )
এবাৰৰ কথা আছিল ঋষি কণ্ডুৱে ঘোৰ তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ তপস্যাত ইমান বিলিন হৈ পৰিল যে তেওঁৰ একো কথাৰে আভাস নোহোৱা হ'ল। এনেদৰে ঋষি মুণিজনক তপস্যাত বিলিন হৈ থকা দেখি সদায় দৰে দেৱৰাজ ইন্দ্ৰ চিন্তিত হৈ পৰিল।
তেওঁ ভয় খাবলৈ ধৰিলে যে ঋষি কণ্ডুৱে তেওঁৰ সিংহাসন যাতে কাঢ়ি নলয়।এই ভয়ৰ ফলতেই দেৱৰাজ ইন্দ্ৰয়ে ঋষি কণ্ডুৰ তপস্যা ভাঙিবলৈ পৰ্মলোচা নামৰ এজনী অপ্সৰা পৃথিৱীলৈ পঠিয়াবলৈ নিশ্চিত কৰিলে।পৰ্মলোচা অপ্সৰা বহুত ধুনীয়া আছিল। দীঘল ধুনীয়া চকু, ধুনীয়া কঁকাল, হাঁহিলে দেৱতাৰো মন জয় কৰিব পাৰিছিল। আকৰ্ষিত কৰিব পাৰিছিল।
এদিন সন্ধিয়া নৃত্যৰ পাছত ইন্দ্ৰই পৰ্মলোচাক মাতি পঠিয়ালে। তাৰ পিছত তাইক নিজৰ বুদ্ধিটোৰ বিষয়ে ক'লে।একো প্ৰশ্ন নকৰাকৈ পৰ্মলোচা পৃথিৱীলৈ গমন কৰিলে।পৰ্মলোচা তালৈ গৈ পালে য'ত ঋষি কণ্ডুৱে তপস্যা কৰি আছিল।পৰ্মলোচায়ে নিজৰ কাৰ্যৰে ঋষি কণ্ডুৰ ধ্যান ভঙ্গ কৰি দিলে।
যেতিয়া ঋষি কণ্ডুৰ চকু অপ্সৰা পৰ্মলোচা ওপৰত পৰিল , তেতিয়া তেওঁ অপ্সৰা পৰ্মলোচা ৰূপ, সৌন্দৰ্য দেখি মোহিত হৈ পৰিল। তেওঁ অপ্সৰা পৰ্মলোচাক লৈ মদৰাঞ্চল পৰ্বতৰ গোহালৈ গুচি গ'ল। ঋষি কণ্ডু অপ্সৰা পৰ্মলোচাৰ ৰূপ, সৌন্দৰ্যত ইমান মোহিত হৈ পৰিল যে তেওঁ ১০০ বছৰতকৈ বেছি গোহাৰ ভিতৰতে অপ্সৰা পৰ্মলোচাৰ লগত ভোগ নিৰ্বাস কৰি থাকিল।
কিন্তু এদিন হঠাতে অপ্সৰা পৰ্মলোচায়ে ঋষি কণ্ডুক ক'লে, হে ঋষি …মই স্বৰ্গলৈ আকৌ ঘূৰি যাব বিচাৰোঁ। সেই কাৰণে আপুনি মোক আনন্দ মনেৰে বিদায় দিয়ক।অপ্সৰা পৰ্মলোচাৰ মুখৰ পৰা যোৱাৰ কথা শুনি ঋষি কণ্ডু দুঃখিত হৈ পৰিল। তেওঁ ক'লে - হে,দেৱী আৰু কেইদিনমান থকা হ'লে ভাল আছিল।ঋষিক উদাস দেখি অপ্সৰা পৰ্মলোচায়ে আৰু কেইদিনমান পৃথিৱীত থাকিবলৈ মান্তি হ'ল।
তাৰ পিছতো ঋষি কণ্ডুৱে অপ্সৰা পৰ্মলোচাৰ লগত আকৌ ১০০ বছৰতকৈ বেছি গোহাৰ ভিতৰতে ভোগ নিৰ্বাস কৰি থাকিল। আকৌ এদিন অপ্সৰা পৰ্মলোচায়ে ক'লে - হে, ঋষি মই পৃথিৱীলৈ অহা বহুত বছৰ হৈ গ'ল ।এতিয়াটো আপুনি মোক স্বৰ্গলৈ যাবলৈ আজ্ঞা দিয়ক। ঋষি আকৌ ব্যথিত হৈ পৰিল। তেওঁ ক'লে আৰু কেইদিনমান থকা তাৰ পিছত গুচি যাবা।এনেকে বহুবছৰ পাৰ হৈ গ'ল। যেতিয়াই অপ্সৰা পৰ্মলোচায়ে যোৱা কথা কয় তেতিয়াই ঋষিয়ে কিবা কৰি হ'লেও অপ্সৰা পৰ্মলোচাক মান্তি কৰি ৰখাই থয়।
অপ্সৰা পৰ্মলোচায়ে ভয় কৰিছিল যে কিজানি ঋষি কণ্ডুৱে খঙতে তাইক অভিশাপ দি দিয়ে। আনহাতে ঋষিৰ কাম বাসনা অপ্সৰা পৰ্মলোচাৰ প্ৰতি সদায় বাঢ়িয়েই গৈ আছিল। তপস্যা আৰু পূজা অৰ্চনা বাদ দি দিন ৰাত ঋষি মুণিজনে ভোগ বিলাসতে লীন থাকিছিল।
এদিনৰ কথা আছিল, ঋষি কণ্ডুৱে বহুত খৰধৰকৈ নিজৰ ঘৰৰ পৰা উলাইছিল। তেতিয়া অপ্সৰা পৰ্মলোচা তেওঁৰ ওচৰলৈ আহিল আৰু সুধিলে,হে মুণিবৰ, আপুনি ক'ত যায়। তেতিয়া ঋষি কণ্ডুৱে উত্তৰ দিলে - হে দেৱী, দিন অস্ত্ৰ হ'ব হ'ল মই সন্ধিয়াৰ উপাসনাৰ বাবে যাওঁ। যদি এনেকুৱা নকৰোঁ মোৰ ধৰ্ম ভ্ৰষ্ট হৈ যাব। ( Assamese Fact )
এইটো শুনি অপ্সৰা পৰ্মলোচায়ে নহঁহাকে থাকিব নোৱাৰিলে আৰু কব ধৰিলে। হে বেদৰ জ্ঞাতা, ইমান বছৰৰ ভিতৰত আজিহে প্ৰথমবাৰ সূৰ্য অস্ত্ৰ হৈছে নেকি? সন্ধিয়াৰ উপাসনাৰ নকৰিলে যে ধৰ্ম ভ্ৰষ্ঠ হৈ যাব। মই আপোনাক যেতিয়াৰ পৰা লগ পাইছো তেতিয়াৰ পৰা আপুনিটো সন্ধিয়াৰ উপাসনাৰ কৰায়েই নাই।
এই কথাবোৰ শুনি ঋষি কণ্ডুৱে ক'লে - হে দেৱী, নদীৰ এই সুন্দৰ পাৰলৈ তুমি আজি ৰাতিপুৱাহে আহিছা। মই আজিহে তোমাক আশ্ৰমত প্ৰৱেশ কৰা দেখিছোঁ। মোৰ আশ্ৰমত তুমি আজিহে প্ৰৱেশ কৰিছা। এতিয়া দিনটো সমাপ্ত হৈ সন্ধিয়া হৈছে ,মোৰ দেৰি হৈছে। তোমাৰ কথাবোৰ শুনি লাগিছে তুমি মোক ঠাট্টা কৰিছা।
তেতিয়া অপ্সৰা পৰ্মলোচায়ে ক'লে - হে ব্ৰাহ্মণ দেৱ,আপোনাৰ এই কথাটো সত্য যে মই আপোনাৰ আশ্ৰমলৈ আজি ৰাতিপুৱাহে আহিছোঁ। কিন্তু মই যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়াৰ পৰাটো ১০০ বছৰো পাৰ হৈ গ'ল। এইটো শুনি ঋষি কণ্ডুৱে ভয় খালে। তেওঁ ক'লে- হে সুন্দৰী, মোক সঁচা কথা কোৱা মই তোমাৰ লগত ৰমন কৰা কিমান সময় পাৰ হৈ গ'ল।
তেতিয়া অপ্সৰা পৰ্মলোচায়ে ক'লে - আপোনাৰ মোৰ লগত ৰমন কৰা ৯০৭ বছৰ ৬ মাহ ৩ দিন হৈ গ'ল। কথাটো শুনি ঋষি কণ্ডু আচৰিত হ'ল। তেওঁ ক'লে - হে দেৱী, তুমি সত্য কথা কৈছা নে,মোৰ লগত ধেমালি কৰিছা ? মোৰ চোন এনেকুৱা লাগিছে মই তোমাৰ লগত এদিনহে আছোঁ। তেতিয়া অপ্সৰা পৰ্মলোচায়ে ক'লে- হে ব্ৰাহ্মণ দেৱ, মই আপোনাক কেনেকৈ মিছা কথা কম আৰু সেই সময়ত যেতিয়া আপুনি ধৰ্মৰ মাৰ্গত আগবাঢ়ি যাবলৈ লৈ মোক সুধিছে। মই ইয়ালৈ কাৰোবাৰ কথাত আহিছিলোঁ। ঋষি আপুনি ক্ৰোধিত নহ'ব। মই আপোনাক সকলো ঘটনা সত্য ৰূপে কম। কিন্তু হে ঋষি,মোৰ ইয়াত অকনো দুখ নাই। সেই কাৰণে মোক ক্ষমা কৰি দিব। তেতিয়া ঋষি কণ্ডুৱে ক'লে - সোনকালেই কোৱা তোমাক ইয়ালৈ কোনে পঠাইছিলে।
অপ্সৰা পৰ্মলোচায়ে ক'লে - আপোনাৰ তপস্যা দেখি দেৱৰাজ ইন্দ্ৰয়ে ভয় খাইছিল আৰু তেওঁয়েই মোক আপোনাৰ তপস্যা ভঙ্গ কৰিবলৈ ইয়ালৈ পঠিয়াইছিল।অপ্সৰা পৰ্মলোচাৰ মুখৰ পৰা এনেকুৱা কথা শুনি ঋষি কণ্ডু ব্যাকুল হৈ পৰিল আৰু ক'লে - ধিক্কাৰ তোমাৰ ওপৰত, মোৰ ধৰ্ম ভ্ৰষ্ঠ হৈ পৰিল।এজনী স্ত্ৰীয়ে মোৰ বুদ্ধি ভ্ৰষ্ঠ কৰি দিলে।এই স্ত্ৰীৰ সংগত থাকি মোৰ সমগ্ৰ ধৰ্ম নষ্ট হৈ পৰিল। সেই কাৰণে হে পাপী স্ত্ৰী এতিয়া তই য'ত যাৱ যা।
কাৰণ তোক ইন্দ্ৰয়ে যি কাৰ্যৰ বাবে পঠিয়াইছিল ,সেই কাৰ্য সম্পূৰ্ণ হ'ল। তই মোৰ তপস্যাৰ বল নষ্ট কৰি দিলি। মহাঋষিক এনেকৈ ক্ৰোধিত দেখি অপ্সৰা পৰ্মলোচা ভয়তে কঁপিবলৈ ধৰিলে।যাৰ ফলত তাইৰ সম্পূৰ্ণ শৰীৰ ঘাঁমেৰে তিঁতি পৰিল। সেই সময়তে ঋষিয়ে যি বীজ অপ্সৰা পৰ্মলোচাৰ গৰ্ভত স্থাপিত কৰিল সেইয়া ও অপ্সৰাৰ নোমৰ ছিদ্ৰয়ে দি ঘাঁমৰ ৰূপত বাহিৰলৈ উলাই আহিলে।
তাৰ পিছত অপ্সৰা পৰ্মলোচায়ে আশ্ৰমৰ পৰা উলাই আকাশ মাৰ্গৰ ফালে গুচি গ'ল।অপ্সৰা পৰ্মলোচাৰ ঘাঁম বায়ুয়ে একত্ৰিত কৰিলে আৰু বৃক্ষয়ে সেইসমূহ গ্ৰহণ কৰিলে। সূৰ্যৰ ৰশ্মিত সেইসমূহ লাহে লাহে বাঢ়িবলৈ ধৰিলে।সময় পাৰ হৈ যোৱাৰ পাছত সেই বৃক্ষ জোপাৰ পৰা বৃৰীক্ষা নামৰ কন্যা উৎপত্তি হ'ল।যাক ঋষি কণ্ডু, সূৰ্য দেৱ তথা বায়ু দেৱৰ জীয়েক বুলি কোৱা হয়। এইয়া আছিল ঋষি কণ্ডুৰ ১০০০ বছৰতকৈ বেছি সম্ভোগ কৰা কাহিনী।( Assamese Fact )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ।
No comments:
Post a Comment