নাৰী সকল কিয় ইমান ধুনীয়া হোৱাৰ কাৰণ কি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 21, 2022

নাৰী সকল কিয় ইমান ধুনীয়া হোৱাৰ কাৰণ কি : Assamese Fact

 

Assamese Fact

কাঞ্চনৰ দৰে উজ্বলিত শাৰীৰিক গঠন। হ্ৰদৰ দৰে গভীৰ চকু। গোলাপৰ দৰে ৰসাল স্বভাৱ। সুগন্ধিত যৌৱন আদি নাৰীৰ বিষয়ে দিয়া উপমা।( Assamese Fact )


 কবিসকলৰ সংৰচনায়েই নহয়,সত্যৰ অভিভূতিও। ইতিহাস ইয়াৰ সাক্ষী। নাৰীৰ এই সৌন্দৰ্যতাৰ সন্মুখত ভাল ,ভাল পুৰুষ আৰু ঋষি মুণি, তপস্যা কৰাসকলেই নহয়, ডাঙৰ,  ডাঙৰ  বীৰসকলেও নিজৰ অস্ত্ৰ পেলাই দিছে। 


কিন্তু আজিকালি নাৰীয়ে প্ৰকৃতিয়ে প্ৰদান কৰা সৌন্দৰ্যতাক মহত্ব নিদি। শৃংগাৰতহে গুৰুত্ব দিয়ে। তেওঁলোকে এইটোও পাহৰি যায় যে আজিকালি দেশকাল তথা সভ্যতাত বহুত পৰিবৰ্তন আহিলে। এতিয়া দৈহিক সৌন্দৰ্য শৰীৰৰ সৌন্দৰ্যৰ মাপদণ্ড হৈ থকা নাই।


 এতিয়া তাৰ স্থান নাৰীসকলৰ ব্যৱহাৰৰ কুশলতায়ে লৈ ল'লে।ব্যৱহাৰৰ কুশলতা তথা শৃংগাৰ প্ৰধান সৌন্দৰ্যৰ মাজত চলি থকা দণ্ডৰ কাৰণেই এতিয়া এইটো প্ৰশ্ন উঠে যে নাৰীৰ সৌন্দৰ্যৰ মাপদণ্ড নাৰীৰ শৃংগাৰক মানিব নে তেওঁৰ ব্যৱহাৰৰ কুশলতাক। 


বাস্তৱত এই প্ৰশ্নৰ উত্তৰ কঠিনো নহয়। কাৰণ বাস্তৱিকতা এইটো শৃংগাৰৰ দ্বাৰা সৌন্দৰ্যৰ তাৎক্ষণিক পৰিচয়হে পোৱা যায়। আনহাতে ব্যৱহাৰেই যিকোনো নাৰীৰ স্বভাৱ আৰু ব্যক্তিত্ব ৰূপি সৌন্দৰ্যৰ স্থায়ী পৰিচয় হৈ পৰে। 


মানি ল'লো এগৰাকী মহিলায়ে সাজিকাচি আছে আৰু তেওঁ ধুনীয়া ও। কিন্তু তেওঁৰ ব্যৱহাৰিকতা অকনো নাই। তেতিয়া তেওঁৰ সৌন্দৰ্যৰ কি অৰ্থ আছে। কিন্তু ইয়াৰ বিপৰীতে এগৰাকী মহিলা ধুনীয়া ও নহয় আৰু সাজিকাচি  থকাও নাই। কিন্তু তেওঁৰ ব্যৱহাৰ বহুত ভাল। তেতিয়া তেওঁ ধুনীয়া ন'হলেও বা সাজিকাচি  নাথাকিলেও একো কথা নাই। 


কিন্তু দুখৰ বিষয় এইটো যে  আজিকালি নাৰীৰ শৃংগাৰৰ শৰীৰ বেছি আকৰ্ষিত। ব্যৱহাৰৰ আকৰ্ষণৰ স্থায়ী নহয়। মনোবৈজ্ঞানিক তথ্যসমূহক নামানি ব্যৱহাৰৰ কুশলতাকৈ ও অধিক শৃংগাৰক মহত্বতা দিবলৈ ধৰিলে।( Assamese Fact )


 ইয়াৰ কাৰণ এইটো যে  নাৰীৰ হৃদয়ত সোমাই থকা অত্যাধিক শৃংগাৰ কৰা ভাবনায়ে ব্যৱহাৰৰ কুশলতাৰ আকাৰ বহুত সৰু কৰি দিছে। আজিকালি নাৰী এই সত্যটোৰ লগত পৰিচিত হ'ব লাগে যে ব্যৱহাৰৰ কুশলতায়ে শৃংগাৰৰ স্থান পূৰ্ণ কৰি দিয়ে। কিন্তু ব্যৱহাৰৰ কুশলতাৰ স্থান পূৰ্ণ কৰা ক্ষমতা শৃংগাৰত অকনো নাই।


কোনোবা মহিলায়ে লাগিলে শৃংগাৰ কৰি যিমানে ধুনীয়া হওঁক। কিন্তু তাইৰ যদি ব্যৱহাৰ ভাল নহয়, তেতিয়া তাইৰ শৃংগাৰ আৰু সৌন্দৰ্যৰ একো মূল্য নাথাকে। ইয়াৰ বিপৰীতে মধুৰ কথা কোৱা , কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰা , পৰিয়ালৰ প্ৰতি দায়িত্ব, আত্মনিৰ্ভয়তা,  আত্মসন্মানেৰে সম্পূৰ্ণ নাৰী , ১৬ শৃংগাৰ কৰা আন নাৰীতকৈ লাখ গুণেই ধুনীয়া। 


ইয়াৰ অৰ্থ এইটো নহয় যে নাৰীয়ে শৃংগাৰ কৰিব নালাগে। কোৱাৰ অৰ্থ এইটো যে শৃংগাৰ কৰা নাৰীৰ ব্যৱহাৰ যদি ভাল হয় তেতিয়া সোণতেই সুৱগা যেন। য'ত শৃংগাৰ আৰু ব্যৱহাৰ কোনোবা এটা বাচিব লগা হয়। তাত ব্যৱহাৰিকতাৰ তুলনাত শৃংগাৰ বহুত সৰু। 


নাৰী নিজেই ইমান ধুনীয়া ।নাৰীক সৌন্দৰ্যৰ পৰ্যায় বুলি গণ্য কৰা হয়। কিন্তু মহত্ব আৰু উদাৰতা, কৰ্তব্যপৰায়ণতা, শ্ৰেষ্ঠ বিচাৰ ৰখা, মধুৰ কথা কোৱা আদি সেইসমূহ গুণ যিয়ে সকলো নাৰীকে সম্পূৰ্ণ সৌন্দৰ্য প্ৰদান কৰে। 


এই গুণসমূহৰ সন্মুখত কৰি লোৱা শৃংগাৰ বহুত সৰু আৰু তাৰ উজ্বলতা নাই। নাৰীসকলে ব্যৱহাৰৰ শৃংগাৰ কৰাতোঁ অতি প্ৰয়োজনীয় আৰু কৰিব ও লাগে।

Assamese Fact )


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ। 


No comments:

Post a Comment

Advertisement

Pages