দৰিদ্ৰ হব নিবিছাৰে যদি পাৰ্চত কেতিয়াও নাৰাখিব এই ৬টা বস্তু : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

দৰিদ্ৰ হব নিবিছাৰে যদি পাৰ্চত কেতিয়াও নাৰাখিব এই ৬টা বস্তু : Assamese Fact

Assamese Fact


হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ এক বিশেষ গুৰুত্ব আছে। বাস্তু শাস্ত্ৰৰ অনুসৰি আমাৰ চাৰিওফালৰ বস্তুবোৰে আমাৰ জীৱনক ইতিবাচক আৰু নেতিবাচক ভাৱে প্ৰভাৱিত কৰে। ( Assamese Fact )


আজিকালি আমি বেছিভাগ মানুহে টকা প্ৰায়েই আমাৰ পাৰ্চত ৰাখো। টকাৰ লগতে আমি বহুতেই আন কিছুমান বস্তু পাৰ্চত ৰাখো। কিন্তু বাস্তু শাস্ত্ৰৰ মতে এনে কিছুমান বস্তু পাৰ্চত ৰাখিব নালাগে। এই বস্তুবোৰ পাৰ্চত ৰখাটো যথেষ্ট অশুভ বুলি গণ্য কৰা হয়। সেইবোৰ বস্তু পাৰ্চত ৰাখিলে মানুহৰ ক্ষেত্ৰত বহুতো নেতিবাচক ঘটনা ঘটে। ইয়াৰ উপৰিও এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ আৰ্থিক অসুবিধাৰ সন্মুখীন হব লাগিব পাৰে আৰু জীৱনত আন বহুতো বাধা আহিব পাৰে। 


এই সন্দৰ্ভত কিছুমান সামগ্রী কেতিয়াও পাৰ্চত ৰাখিব নালাগে। সেইবোৰ হৈছে-


১/ভগৱানৰ ফটো-

আপোনাৰ পাৰ্চৰ ভিতৰত কেতিয়াও ভগৱানৰ ফটো ৰাখিব নালাগে। বাস্তু শাস্ত্ৰৰ মতে, ভগৱানৰ ফটো পাৰ্চত ৰাখিলে এজন ব্যক্তিৰ ওপৰত ঋণৰ বোজা বৃদ্ধি হয়। ইয়াৰ দ্বাৰা তেওঁৰ জীৱনত বহুতো বাধা সৃষ্টি হব পাৰে। 


২/মৃত আত্মীয় বা পৰিয়ালৰ সদস্যৰ ফটো-

আমাৰ প্ৰায় লোকে, পাৰ্চৰ ভিতৰত নিকটাত্মীয় সদস্যৰ ফটো ৰাখে। কিন্তু পাৰ্চত কেতিয়াও আপোনাৰ মৃত আত্মীয় বা পৰিয়ালৰ সদস্যৰ ফটো নাৰাখিব। বাস্তু শাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰৰ অনুসৰি স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, পাৰ্চ বা ধনৰ টোপোলাটো মা লক্ষ্মীৰ ঠাই। এনে পৰিস্থিতিত মৃত পৰিয়ালৰ সদস্যৰ ফটো পাৰ্চৰ ভিতৰত ৰখাটো এটা বাস্তু দোষ। ইয়াৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হব পাৰে। ( Assamese Fact )


৩) তলাৰ চাবি-

তলাৰ চাবিটো কেতিয়াও পাৰ্চৰ ভিতৰত ৰাখিব নালাগে। বাস্তু শাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। পাৰ্চত চাবিটো ৰাখিলে আমাৰ জীৱনলৈ বিভিন্ন ধৰণৰ নেতিবাচকতা আহে। ইয়াৰ ফলত আৰ্থিক অসুবিধাৰো সৃষ্টি হব পাৰে। 


৪/পুৰণি বিল বা ৰছিদ-

কেতিয়াবা আমি বজাৰ কৰাৰ পাছত সেই সামগ্রীৰ বিল আমাৰ পাৰ্চত ৰাখো। তেনে বিল আমাৰ পাৰ্চত দীঘলীয়া সময়ৰ বাবে থাকে। বাস্তু শাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আমাৰ জীৱনত বিভিন্ন ধৰণৰ অৰ্থনৈতিক অসুবিধা হব পাৰে। 


৫/ব্লেড চুৰি বা অন্য চোকা সামগ্রী- জ্যোতিষ শাস্ত্ৰৰ অনুসৰি পাৰ্চত কেতিয়াও চোকা বস্তু ৰাখিব নালাগে। যেনে, ব্লেড, চুৰি ইত্যাদি। এনে কৰিলে জীৱনত ধনৰ সমস্যা যথেষ্ট বৃদ্ধি হয় আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে। বহুতো মানুহ যিয়ে, নোট আৰু মুদ্রা একেলগে ৰাখে। এইটো কৰিব নালাগে। ইয়াৰ ফলত ধনহে হেৰুৱাব লাগে। নোট আৰু মুদ্রা দুয়োটা পৃথক পাৰ্চত ৰাখিব লাগে। 


৬/পুৰণি আৰু ফটা নোট-

বিমুদ্ৰাকৰণৰ ফলত পুৰণি নোটবোৰ এতিয়া প্ৰচলিত নহয়। এনে পৰিস্থিতিত আপুনি টকাবোৰ আপোনাৰ পাৰ্চৰ পৰা বাহিৰ কৰা উচিত। ফটা টকাই মানুহৰ মানসিক অৱস্থাত ব্যাঘাত জন্মায়। চিন্তাত নেতিবাচক তার আনে। সেয়হে এইবোৰ তৎক্ষণাৎ আঁতৰাব লাগে। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages