৮৪ দিনৰ বৈধতাৰ সৈতে আটাইতকৈ সস্তিয়া প্লেনটো এইটো : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 29, 2022

৮৪ দিনৰ বৈধতাৰ সৈতে আটাইতকৈ সস্তিয়া প্লেনটো এইটো : Assamese Fact

 

Assamese Fact

যদি আপুনি ৮৪ দিনৰ বৈধতাৰ সৈতে 4 জি প্ৰিপেইড প্লেন বিচাৰি আছে,  তেতিয়া আপোনাৰ ওচৰত জিঅ' , ভোডাফোন আইডিয়া(ভিআই), এয়াৰটেল আৰু বিএছএনএলৰ দৰে বহুতো বিকল্প আছে।  Assamese Fact ) 


অৱশ্যে, এই সকলোবোৰ প্লেন বিভিন্ন মূল্যত আৰু বিভিন্ন লাভালাভৰ সৈতে আছে। কিন্তু এই সকলোবোৰৰ ভিতৰত, আজি আমি আপোনালোকক এটা এনেকুৱা প্লেনৰ বিষয়ে কম যিটো আটাইতকৈ বেছি সুলভ আৰু এই প্লেনটো আপোনাৰ বাবে বহুত শ্ৰেষ্ঠ বুলি প্ৰমাণিত হ'ব পাৰে। এতিয়া আপোনালোকে ভাবিব পাৰে যে কোনটো প্লেনৰ বিষয়ে কৈছে। এতিয়া জানো আহঁক এই বিষয়ে



 ৮৪ দিনৰ বৈধতাৰ প্ৰিপেইড প্লেন, যিয়ে গ্ৰাহকসকলক শ্ৰেষ্ঠ চুক্তি প্ৰদান কৰে - আমি যিটো প্লেনৰ বিষয়ে কৈছোঁ ,সেইটো প্লেন ৰিলায়েন্স জিঅ' ৰ। জিঅ' ৰ এই প্লেনৰ সৈতে, ব্যৱহাৰকাৰী সকলে আনলিমিটেড ফোন ক'লৰ সৈতে সদায় ১.৫ জিবি ডাটা আৰু সদায় ১০০ মেচেজ পায়। 


ইয়াৰ উপৰিও ব্যৱহাৰকাৰী সকলে জিঅ' এপৰ চস্বক্ৰিপশনো পায়। আপুনি ২০% জিঅ' মাৰ্ট মহা কেচবেক অফাৰৰো লাভ ল'ব পাৰে। এতিয়াও আপোনালোকে বুজি পোৱা নাই নেকি আমি কোনটো প্লেনৰ বিষয়ে কৈছোঁ।


আচলতে এই প্লেনটোৰ দাম ৬৬৬ টকা। যদি আপোনাৰ ওচৰত আগৰেই পৰা জিঅ' মাৰ্ট মহা কেচবেক অফাৰটো আছে আৰু যদি আপুনি জিঅ' ৰ অফিচিয়েল ৱেবছাইটৰ পৰা ৰিচাৰ্জ কৰে। তেতিয়া আপুনি প্লেনত আৰু ভাল বিকল্প পাব পাৰে। 


যদি আপুনি এনেকুৱা নকৰে, তেতিয়া ও আপুনি এই ৰিচাৰ্জ প্লেনত ২০০ টকালৈকে ২০% কেচবেক পাব।যাৰ ব্যৱহাৰ আপুনি পাছৰতো ৰিচাৰ্জ বা যিকোনো ৰিলায়েন্স ৰিটেলাৰত কৰিব পাৰে। 


প্ৰিপেইড ব্যৱহাৰকাৰী সকলৰ বাবে এতিয়া এইটো সকলোতকৈ ভাল ৮৪ দিনৰ প্লেন।এয়াৰটেল, ভোডাফোন আইডিয়া (ভিআই), ৭১৯ টকাত একেটা প্লেনেই প্ৰৰ্দশন কৰে। এইবোৰৰ তুলনাত জিঅ' ৰ  প্লেন বহুত সস্তা। জিঅ' ৰ  ওচৰত ব্যৱহাৰকাৰী সকলৰ বাবে ৩৯৫ টকাৰো প্লেনৰ বিকল্প আছে।  Assamese Fact ) 


কিন্তু এইটো অধিকাংশ ব্যৱহাৰকাৰী সকলৰ বাবে শ্ৰেষ্ঠ প্লেন নহয়।যদি আপুনি ৮৪ দিনৰ প্লেন বিচাৰে আৰু ৬ জিবি ডাটাৰ লগত সময় পাৰ কৰিব পাৰে। তেতিয়া আপুনি ৩৯৫ প্লেনৰ ব্যৱহাৰ কৰিব পাৰে।


এই প্লেটোৰ লগত ব্যৱহাৰকাৰী সকলে  জিঅ' এপ আৰু কেচবেকৰ লগতে ১০০০ মেচেজ আৰু আনলিমিটেড ফোন ক'লৰ সুবিধা পায়। এইটো পাহৰি নাযাব যে বিএছএনএলৰ ওচৰত জিঅ'ৰ প্লেনতকৈ ও ভাল প্লেন আছে। 


কিন্তু বিএছএনএলৰ প্লেনৰ লগত সমস্যা আছে যে সি 4 জি নেটৱৰ্ক দিয়াত সামৰ্থক নহয়। সেই কাৰণে আমি অকল প্ৰাইভেট টেলিকম কোম্পানীৰ ওপৰত বিচাৰ কৰিছোঁ। 


কিন্তু বহুত সোনকালে যদি বিএছএনএলে 4জি লাঞ্চ কৰে, তেতিয়া দেশত বেলেগবোৰ কোম্পানীৰ মাজত বজাৰ গতিশীলতাক লৈ সালসলনি দেখা পোৱা যাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages