চিৰিয়াচ তৰা আৰু কালপুৰুষ তৰা মণ্ডলক কেনেকৈ চিনাক্ত কৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 24, 2022

চিৰিয়াচ তৰা আৰু কালপুৰুষ তৰা মণ্ডলক কেনেকৈ চিনাক্ত কৰিব : Assamese Fact

Assamese Fact


নিশা বাহিৰলৈ গৈ মধ্য আকাশলৈ চালে ফটোত

দেখুৱাৰ দৰে এটা তৰা প্ৰণালী দেখা পাব। তিনিটা তৰা অলপ বেঁকাকৈ শাৰী পাতি আছে। তাৰ ওপৰত দুটা তৰা আৰু তলত দুটা তৰা আছে। সেই বেঁকাকৈ শাৰী পাতি থকা তিনিটা তৰাৰ তলত অলপ কম স্পষ্টকৈ আৰু তিনিটা তৰা আছে। সেই তৰা প্ৰণালীটো হৈছে কালপুৰুষ তৰা মণ্ডল। Assamese Fact ) 


বেঁকাকৈ শাৰী পাতি থকা তিনিটা তৰা হৈছে কালপুৰুষ জনৰ বেল্টডাল। তাৰ তলত থকা কম স্পষ্টকৈ আৰু তিনিটা তৰাহৈছে কালপুৰুষ জনৰ তৰোৱাল খন। ওপৰৰ তৰা দুটা তেওঁৰ বাহু আৰু তলৰ তৰা দুটা তেওঁৰ ভৰি দুখন। (কমেন্টত ফটো এখন দিছোঁ চালে বুজি পাব।)


তাৰ অকণমান পূবলৈ গৈ অকণমান দক্ষিণ ফালে চালে এটা বহুত বগা উজ্জ্বল তৰা দেখা পাব। সেইটোৱেই হৈছে ৰাতিৰ আকাশৰ সকলোতকৈ উজ্জ্বল তৰা 'চিৰিয়াচ'। 'চিৰিয়াচ' অসমীয়াত লুব্ধক তৰা বুলিও কয়। এই তৰাটো আমাৰ পৰা ৮.৬ আলোকবৰ্ষ দূৰত আছে। ইয়াৰ আকাৰ আমাৰ সূৰ্য্যৰ তুলনাত দুগুণ। ইয়াৰ ৰশ্মি আমাৰ পৃথিৱীত পৰিবলৈ ৮.৬ বছৰ লাগে। অৰ্থাৎ এতিয়া আমি যিটো চিৰিয়াচ'। দেখি আছোঁ সেইটো প্ৰায় চাৰে আঠ বছৰৰ আগৰ ৰূপ। সেই তৰাটোৰ আজিৰ ৰূপ আমি  প্ৰায় চাৰে আঠ বছৰৰ পাছত দেখা পাম। Assamese Fact ) 


এতিয়া চিৰিয়াচ তৰা আৰু কালপুৰুষ তৰা মণ্ডলক যি ঠাইত দেখিছে দুঘন্টা পাছত সেই ঠাইত দেখা নাপায়। অলপ পশ্চিম ফালে দেখা পাব। সন্ধিয়া পূব আকাশত দেখা পাব। নিশা হৈ অহাৰ লগে লগে তৰাবোৰত অৱস্থান পূবৰ পৰা পশ্চিমলৈ গৈ থাকে। ইয়াৰ কাৰণ তৰাৰ গতি নহয় বাৰু, পৃথিৱীৰ ঘুৰ্ণনহে।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages