জ্যোতিষ শাস্ত্ৰৰ মতে মনিপ্লান্তৰ পৰা ধনৱান হোৱাৰ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 24, 2022

জ্যোতিষ শাস্ত্ৰৰ মতে মনিপ্লান্তৰ পৰা ধনৱান হোৱাৰ উপায় : Assamese Fact

 

Assamese Fact

ধনৰ আগমন বঢ়াবলৈ মানুহে ঘৰত মনিপ্লান্ত ৰুৱে। মান্যতা অনুসৰি ঘৰত মনিপ্লান্ত ৰুলে বা থ'লে ধন অহাৰ ৰাস্তা খোল খাই আৰু লগতে কেতিয়াও ধনৰ অভাৱ নহয়।Assamese Fact ) 


 কিন্তু বহুতৰ ঘৰত সেউজীয়া হৈ থকা মনিপ্লান্ত মতে থকাৰ পাছতো মানুহৰ পইচাৰ অভাৱ হয়। আজি আমি আপোনালোকক মনিপ্লান্তৰ বিষয়ে জ্যোতিষ শাস্ত্ৰত কোৱা মনিপ্লান্তৰ লগত গাখীৰৰ কিছুমান এনেকুৱা চমৎকাৰী উপায়ৰ বিষয়ে কম। যিবোৰ কৰিলে ঘৰলৈ ধনৰ আগমন তীব্ৰ গতিত হ'ব।লগতে, মা লক্ষ্মীয়ে ও ঘৰত বাস কৰিব। গতিকে এতিয়া জানো আহঁক সেইসমূহ উপায়ৰ বিষয়ে।


জ্যোতিষ শাস্ত্ৰত গাখীৰক অমৃত বুলি গণ্য কৰা হয়। লগতে দেৱী লক্ষ্মীয়ে গাখীৰ আৰু গাখীৰেৰে তৈয়াৰ কৰা বস্তু বহুত ভাল পায়।সেয়েহে,  মা লক্ষ্মীক গাখীৰেৰে তৈয়াৰ কৰা বস্তু আগবঢ়োৱা হয়।


এনে পৰিস্থিতিত, যদি আপুনি মনিপ্লান্তত পানী দিওঁতে কেইটোপালমান গাখীৰ দি দিয়ে, তেতিয়া আপোনাৰ ভাগ্য সলনি হ'বলৈ বেছি সময় নালাগে।মনিপ্লান্তত গাখীৰ অৰ্পন কৰিলে,  মনিপ্লান্ত দ্ৰুতগতিত বৃদ্ধি হয়। লগতে ভাগ্য ও দ্ৰুতগতিত উজ্জ্বল হৈ পৰে।


কেৱল এয়ায়েই নহয়, মা লক্ষ্মীয়ে ও এই উপায়টো কৰিলে বহুত প্ৰসন্ন হয় । আৰু ঘৰত তেওঁ বাস কৰে। যাৰ ফলত আপোনাৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়। আৰ্থিক পৰিস্থিতিও ভাল হয়। ইয়াৰ উপৰিও গাখীৰ মিলোৱা পানী মনিপ্লেনত দিওঁতে সদায় নিজৰ মনোকামনা কম লাগে।


এনেকুৱা কৰাৰ ফলত, আপোনাৰ ইচ্ছা সোনকালেই পূৰণ হ'ব। কিন্তু গাখীৰ দিওঁতে এইটো কথা মনত ৰাখিব যে মনিপ্লান্তত সম্পূৰ্ণ ৰূপে যাতে গাখীৰ নপৰে।যেতিয়া আপুনি তাত পানী দি থাকিব , তেতিয়া কেঁচা গাখীৰ কেইটোপাল মান মিলাই দিব লাগে।ইয়াৰ ফলত মনিপ্লান্তৰ বিকাশো ভাল হ'ব আৰু পৰিয়ালটো সুখ আৰু সমৃদ্ধি বিৰাজমান হৈ থাকিব। 


আপোনাৰ টকা কৰবাত ফঁচি আছে যদি কাগজত সেই ব্যক্তিজনৰ নাম লিখক যাৰ পৰা আপুনি টকা পাবলৈ আছে। তাৰ পিছত সেই কাগজখন মনিপ্লান্তৰ গুৰিত হেঁচি ভৰাই দিয়ক। এনেকুৱা কৰা ফলত আপুনি আপোনাৰ টকা সোনকালেই ঘূৰাই পাব। Assamese Fact ) 


ইয়াৰ উপৰিও ধ্যান ৰাখিব যে মনিপ্লান্তক কিবা ৰছী বা মাৰিত বান্ধি ৰাখিব লাগে। এনেকুৱা কৰিলে লাহে, লাহে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'বলৈ ধৰে। লগতে ঘৰলৈ সকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰে। এইটো কথা মনত ৰাখিব যে মনিপ্লান্তক সদায় সঠিক দিশত ৰুৱ লাগে। 


মানুহে নিজৰ ঘৰৰ আৰ্থিক অৱস্থা স্বচ্ছল হ'বলৈ মনিপ্লান্তটো লৈ আহে। কিন্তু সেইয়া কেনেকৈ আৰু আৰু কোন দিশত ৰাখিব লাগে তাৰ বিষয়ে নাভাবে বা নাজানে। যাৰ ফলত তেওঁলোকে মনিপ্লান্তৰ সম্পূৰ্ণ লাভ নাপায়।


মনিপ্লান্তৰ পৰা শুভ ফল লাভ কৰিবলৈ জৰুৰী যে তাৰ সঠিক দিশৰ ধ্যান ৰাখে।সঠিক দিশত ৰখা মনিপ্লান্তে বহুত লাভ প্ৰদান কৰে। বাস্তু শাস্ত্ৰৰ অনুসৰি মনিপ্লান্তে ৰুৱা সকলোতকৈ সঠিক দিশ হ'ল আগ্নেয় দিশ অৰ্থাৎ দক্ষিণ-পূৰ্ব দিশৰ মধ্য স্থান। 


এই দিশত মনিপ্লান্ত ৰুলে বহুত লাভ হয় আৰু কেতিয়াও ঘৰত ধনৰ অভাৱ নহয়। মনিপ্লান্ত ৰুৱাৰ সময়ত এইটো কথা মনত ৰাখিব যে ইয়াক সদায় ৰঙা ৰঙৰ বস্তুৰ পৰা দূৰত ৰাখিব লাগে। 


মান্যতা অনুসৰি ৰঙা ৰঙৰ বস্তুৰ ওচৰত মনিপ্লান্ত ৰুলে ইয়াৰ উলোতা প্ৰভাৱহে পৰিবলৈ ধৰে। ঘৰত ধনৰ অভাৱ হ'বলৈ ধৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages