এই বছৰৰ ৬ ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা সাৰ পাই বিচনাৰ পৰা উঠিব লওঁতেই শ্ৰী মতীক পিছ ফালৰপৰা বাউসীত ধৰি কোনোবাই যেন টানি টানি পেলাব বিচাৰিছে।উঠিব চেষ্টা কৰিছে, কিন্তু পৰি পৰি গৈছে।ভীষণ মূৰ ঘূৰাইছে বুলি কৈ শ্ৰী মতী আকৌ শুই দিয়ে,উঠিবই নোৱাৰা হয়।চকু মেলিবই নোৱাৰা হল।বাওঁ ফালে কাতি হলে মূৰ ঘূৰণীটো সাংঘাতিক ভাবে বাঢ়ি যায়। ( Assamese Fact )
মই সাহস দি কলো,
"চিন্তা নকৰিবা, তোমাৰ কাণৰ ভিতৰত কিবা সমস্যা হৈছে, বহু দিনীয়া সমস্যা এটাৰ ডায়গ্নছিছ হৈছে।"
যদিও শ্রী মতী আকস্মিক স্বাস্থ্যজনীত সমস্যাত বিৰক্ত হৈছিল,মই মনে মনে সুখী হৈছিলোঁ,অন্ততঃ বহু দিনৰ আমনি এটাৰ সমাধানৰ পথ প্ৰশস্ত হৈছে।
দিনটো বিচনাতে জিৰণি আৰু কিছু আনুসংগিক দৰৱ প্ৰদান কৰি মোৰ দিনটোৰ কাম কাজলৈ ওলাই যোৱাৰ আগতে নাক কাণ(ENT)বিভাগৰ ডাঃ অঞ্জনা শৰ্মা বাইদেউৰ আবেলিলৈ এটা এপইণ্টমেণ্ট লৈ থলোঁ।
শিৱসাগৰৰ পৰা ডিমৌ চিকিৎসালয়লৈ বুলি গৈ থাকোঁতে কিছু বছৰৰ পৰা দেখা দিয়া শ্ৰী মতীৰ আমনিবোৰ ফঁহিয়াই চাইছিলো।
কিছু বছৰৰ পৰা তেওঁৰ কোনোবা এটা মুহূৰ্তত গাটো বেয়া লাগে, মূৰটো জিনজিনোৱা কৰে,গাটো অৱশ নিচিনা লাগে।অলপ সময় বিচনাত পৰি দিলে তৎক্ষণাত ভাল হৈ যায়।সেই মুহূৰ্তৰ পাছত বাকী সময়খিনি তেওঁ সম্পূৰ্ণ সুস্থ।প্ৰথম অৱস্থাত তেওঁ আৰু মইও বৰ গুৰুত্ব দিয়া নাছিলোঁ।প্ৰথম অৱস্থাত মাহৰ ভিতৰত কেতিয়াবাহে সমস্যাটো আছিল।কিন্তু লাহে লাহে বাঢ়ি যোৱা দেখি পৰীক্ষা পাতিৰ ব্যৱস্থা কৰা হয়।মোৰ চিনাকি অচিনাকি বিভিন্ন ডাক্তৰৰ পৰামৰ্শও লওঁ।
তেজৰ পৰীক্ষা, পেটৰ আলট্ৰাচন'গ্ৰাফী(USG), শৰীৰত হৰমনৰ পৰিমাণ, CT স্কেন আদিও কৰা হয়।কেনেবাকৈ সেই মুহূৰ্তত হাৰ্ট ব্লক হবও পাৰে বুলি ভাবি ECG,হলটাৰৰ লগতে হাৰ্টৰ ইক'কাৰ্ডিঅগ্ৰাফীও কৰোৱা হল।ওহোঁ কতো একো ধৰা নপৰিল।
এবাৰ ভবা হল কিজানি মগজুত টিউমাৰ হৈছে নেকি?মগজুৰ টিউমাৰৰ লক্ষণবোৰো কেতিয়াবা এনেকুৱাই হয়।ভয়ে ভয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ ধ্ৰুৱ বৰগোহাঞিক ফোন কৰি মগজুৰ MRI ৰ কাৰণে এটা এপইণ্টমেণ্ট লওঁ।যদি কেনেবাকৈ সেয়া হয়, তেনেহলে কেনেকৈ কি কৰিম,কাৰ লগত কথা পাতিম আদিৰ এটা ব্লুপ্ৰিন্ট মনতে বনাই থলোঁ।মনত ভয় ভাব এটা লৈ MRI কৰিবলৈ বুলি ডিব্ৰুগড়লৈ এদিন ৰাওণা হওঁ।মনটো কিবা ভাল লাগি থকা নাছিল, কিন্তু তেওঁক মনৰ ভাৱবোৰ জানিবও দিয়া নাছিলোঁ।সভাগ্য ক্ৰমে MRI ত তেনে কোনো অস্বাভাৱিক সমস্যা দেখা নগল।ঘৰলৈ বুলি ঘূৰি আহোতে, ৰাস্তাতে এখন ধাবাত দুয়ো তৃপ্তিৰে এসাজ খাইহে যেন অলপ আৰাম পাইছিলোঁ।
মাজতে আকৌ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ বিসংগতি হব পাৰে বুলি ভাবিও বিভিন্ন পৰীক্ষা পাতিও কৰা হয়।সকলো স্বাভাৱিক আছিল।অৰ্থাৎ হব পৰা সকলো অস্বাভাৱিক আৰু আমাৰ বিভিন্ন কিতাপ পত্ৰত উল্লেখ থকা অতিকৈ বিৰল বেমাৰবোৰ ধৰা পেলাবলৈ সকলো পৰীক্ষা পাতি কৰা হয়।একো ধৰা নপৰাত তেওঁ কেতিয়াবা মানসিক ভাবে ভাগিও পৰিছিল।
তেওঁৰ সমগ্ৰ শৰীৰৰ একো পৰীক্ষা নিৰীক্ষা কৰিব বাকী নাছিল কাৰণে, আমি দুয়োজনে থন থন মদন গোপালৰ দৰে হাত সাৱটি ধৰি, কেতিয়াবা কেতিয়াবা হোৱা আমনিবোৰ পাহৰি যাবলৈ থিৰাং কৰিছিলোঁ।তেনেকুৱা লাগিলে অলপ জিৰণিয়েই সমাধান বুলি আমি দুয়োজনে মানি ললোঁ।মই মানি লৈছিলোঁ, কিন্তু ভূক্তভুগীয়ে যেন বুজিব চেষ্টা কৰিও বুজিব নোৱাৰিছিল।সেইটো স্বাভাৱিক।
কিছুদিন আগত তেওঁ কৈছিল,
"মোৰ সমস্যাটোৰ সমাধানত তুমি ফেইল।"
এইবোৰ মনতে পাগুলি থাকোতে, কোন পলকত ডিমৌ চিকিৎসালয় আহি পাওঁ কবই নোৱাৰিলোঁ।
আবেলিলৈ ডাঃ অঞ্জনা শৰ্ম্মা বাইদেউৱে বিশেষ যন্ত্ৰ পাতি তেওঁৰ মূৰত লগাই আৰু পৰীক্ষা নিৰীক্ষা কৰি হাঁহি মাৰি কলে,
"দীপা, তোমাৰ বাওঁ কাণৰ ভিতৰত থকা পানীত পাথৰ হৈছে।কিছু দিনৰ পাছত ভাল হৈ যাব,অলপ সময় লাগিব।"
৬ ছেপ্টেম্বৰৰ আবেলি ডাঃ অঞ্জনা শর্মা বাইদেউৰ ক্লিনিকৰ পৰা ঘৰলৈ আহি থাকোতে শ্ৰীমতীক কলো,
"আজি ৰাতিপুৱাৰ লক্ষণবোৰ নোহোৱা হলে আমি কেতিয়াও তোমাৰ কেতিয়াবা গা বেয়া লগা কাৰণবোৰ জানিব নোৱাৰিলো হেতেন।আগতেই আজিৰ লক্ষণ বোৰ হোৱা হলে, তুমি ইমানদিন পোৱা আমনিবোৰ নাপালাহেঁতেন।" ( Assamese Fact )
শ্ৰীমতীয়ে আপোনালোক সকলোৱে কোৱাৰ দৰেই কলে,
"ইমান সোপা পৰীক্ষাবোৰ এনেই কৰালা"
আপোনালোকে চাগে বৃক্কৰ বা গল ব্লাডাৰৰ পাথৰৰ কথা শুনিছে, কিন্তু কাণৰ পাথৰৰ কথা চাগে শুনা নাই।চাওক চোন বাৰু মই এজন ডাক্তৰ হৈও মেডিচিন/স্নায়ু/হৰমন বা স্ত্ৰী ৰোগ বিভাগৰ সমস্যা বুলি ভাবি ইফালৰ পৰা সিফাল ঘূৰি আছিলোঁ।মোৰেই যদি অৱস্থা এনেকুৱা হয়,তেনেহলে আপোনালোকৰ অৱস্থা কেনে হব?সেয়েহে শ্ৰীমতীৰ অনুৰোধ মৰ্মে ৰাইজৰ সজাগতাৰ বাবে এই কথাখিনি উপস্থাপন কৰিলো।শ্ৰী মতীৰ মতে কৰবাত কাৰোবা এজনৰ নিশ্চয় উপকাৰ হব।
আমাৰ কাণক তিনি ভাগত ভাগ কৰা হয়।বহি: কৰ্ণ, মধ্য কৰ্ণ আৰু ভিতৰ কৰ্ণ।এই ভিতৰ কৰ্ণত এটা পানী থাকে।এই পানীটো আমাৰ মগজুৰ লগত পোনপটীয়াকৈ সম্পৰ্ক থাকে।এই ভিতৰ কৰ্ণই আমাৰ ভাৰসাম্যতা বজাই ৰাখে।ভিতৰৰ কৰ্ণত কিছুমান সূক্ষ্ম নলী আছে।এই নলীতে এটা পানী থাকে।কেতিয়াবা বিভিন্ন কাৰণত ইয়াত গেদ জমা হব পাৰে।গেদ জমা অৱস্থাত বৰ বিশেষ লক্ষণ নাথাকে।পিছলৈ এই গেদবোৰ সৰু সৰু পাথৰলৈ ৰূপান্তৰ হব পাৰে আৰু নলী কেইটাত থকা পানী খিনিৰ স্বাভাৱিক গতিত ব্যাহত জন্মায়।তেতিয়াই সাংঘাতিক মূৰ ঘূৰণী বা ভাৰসাম্যতাৰ সমস্যা হব পাৰে।
সম্ভৱ পাথৰ হোৱাৰ আগতে, শ্ৰী মতীৰ কাণৰ সেই নলীকা কেইটাত অলপ অলপ কৈ গেদ জমা হোৱাৰ কাৰণে,গা টো বেয়া লাগিছিল।যেতিয়া গোটা গোটা সূক্ষ্ম পাথৰলৈ ৰূপান্তৰিত হয়, তেতিয়া সাংঘাতিক মূৰ ঘূৰণী হয়।যিটো প্ৰথম বাৰৰ বাবে ৬ ছেপ্টেম্বৰৰ ৰাতিপুৱাত হৈছিল।বিভিন্ন কাৰণৰ ভিতৰত,শৰীৰত ভিটামিন D ৰ পৰিমাণ কম থাকিলেও হয়।কাণৰ পাথৰ পুৰুষ আৰু মহিলা উভয়ৰে হব পাৰে, কিন্তু মহিলাৰ ক্ষেত্ৰত বেছি হোৱাৰ অৱকাশ আছে।কাৰণ তেওঁলোকৰ দেহত এই ভিটামিনৰ পৰিমাণ প্ৰায়ে কম হোৱা দেখা যায়।
গল ব্লাডাৰ বা বৃক্কৰ পাথৰ হলে যেনেকৈ আমি অস্ত্ৰোপচাৰ কৰা হয় বা দৰৱ পাতি খাওঁ, তেনেকুৱা একো চিকিৎসা এই পাথৰত নাই।ডাঃ অঞ্জনা শৰ্মা বাইদেউৱে মূৰ আৰু ডিঙি বিশেষ ভাৱে ঘূৰাই পাথৰ খিনি আমাৰ ভিতৰ কৰ্ণত থকা এটা বিশেষ স্থানলৈ ঠেলি পঠিয়াই দিয়ে।এনেদৰে প্ৰায় চাৰি দিনৰ মূৰে মূৰে পাঁচ বাৰ মান কৰাৰ পাছত ভিতৰ কৰ্ণৰ এটা বিশেষ স্থানত পাথৰ কেইটা পেলাই দিয়া হয়।সেই স্থানত পাথৰ কেইটা থাকিলে,সমস্যা বোৰৰ সমাধান হৈ যায়। সময়ত পাথৰ কেইটা নিজে নিজে ভাঙি শৰীৰত মিহলি হৈ যায়।অৰ্থাৎ ডিঙি আৰু মূৰৰ বিশেষ ব্যায়ামেই কাণৰ পাথৰৰ মূল চিকিৎসা।
কথাখিনি গম পাই গুৱাহাটীৰ মোৰ সহপাঠী ডাক্তৰ সুৰজিত বৰ্মণে কিছু বিধান দি ধেমালিতে ফোন কৰি কয়,
"আধাতে আমাক আৰু ENT বিভাগ এৰি গলা যে, সেইকাৰণে তোমাক ENT বিভাগে লগ এৰা নাই।"
আপোনালোকক জনাবলৈ পাই সুখী যে ডাঃ সুৰজিত বৰ্মণে গুৱাহাটীত আৰু ডাঃ অঞ্জনা শৰ্মাই শিৱসাগৰত vertigo ক্লিনিক এটা আৰম্ভ কৰিছে।এই ক্লিনিকত মূৰ ঘূৰণী/ভাৰসাম্যতাৰ কাৰণবোৰ যন্ত্ৰ পাতি লগাই জানিবলৈ চেষ্টা কৰা হয়।আজি এই ক্লিনিকৰ কাৰণেই মোৰ শ্ৰী মতীৰ এটা ভাবিব নোৱাৰা আমনি (বেমাৰ) এটা ধৰা পৰে আৰু তেওঁ আজি সম্পূৰ্ণ সুস্থ।এই সুযোগতে দুয়ো ডাক্তৰক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মানুহে বাৰু বিভিন্ন আঙঠি, ওজা,তাবিজ আদিত কিয় বিশ্বাস কৰে?আমাৰ শ্ৰী মতীৰ ঘটনাটোৰ আঁত ধৰি যদি চাওঁ, তেনেহলে ৰোগী আৰু অভিভাৱক হতাশ হোৱাৰ সম্পূৰ্ণ অৱকাশ আছে।বিভিন্ন চিকিৎসালয়, বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতো যেতিয়া সমস্যাটোৰ সমাধান নোলায়, তেতিয়াই আমাৰ ৰাইজক বিভিন্ন অন্ধবিশ্বাসবোৰে টানি নিয়ে।তেতিয়াই যেন আঙঠি, তাবিজ আদিৰ কথা আহি পৰে।এই ক্ষেত্ৰত আমি ডাক্তৰ সকলেও ৰোগী আৰু অভিভাৱকক সুপথে পৰিচালিত কৰিব চেষ্টা কৰিব লাগে,সাহস দিব লাগে।
শ্ৰী মতীৰ লগত মই নিজে এজন ডাক্তৰ লাগি আছিলো বুলিহে, তেওঁও ধৈৰ্য্যৰে আছিল।বেলেগ হোৱা হেতেন চাগে ইতিমধ্যে বিভিন্ন অন্ধ বিশ্বাসবোৰে তেওঁক গ্ৰাস কৰিলে হেতেন।
সাৰমৰ্ম:আধুনিক চিকিৎসা ব্যৱস্থাক বিশ্বাস কৰক।আপোনাৰ দীঘলীয়া ধৰিব নোৱাৰা সমস্যাবোৰৰ সমাধান নিশ্চয় আছে।ধৈৰ্য ধৰক।
শ্ৰী মতীৰ অনুৰোধ মৰ্মে আৰু সন্মতি সাপেক্ষে ৰাইজৰ সজাগতাৰ বাবে প্ৰকাশিত।ফটোত শ্ৰী মতী আৰু মই।
ধ্যন্যবাদেৰে
ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
Sir, can you please provide me the details of that doctor🙏 My mom has been suffering from similar kind of ear problems since last year. Lots of medical treatment has been given but did not get relief.
ReplyDelete