এই ছয় ৰিপু দমন কৰিব পাৰিলেহে আপোনাৰ জীৱন সাৰ্থক হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 22, 2022

এই ছয় ৰিপু দমন কৰিব পাৰিলেহে আপোনাৰ জীৱন সাৰ্থক হব : Assamese Fact

 

Assamese Fact


জীৱশ্ৰেষ্ঠ মানুহ সদায় ছয় ৰিপুৰ বহতিয়া ।।এই ছয় ৰিপু কি আৰু ইয়াক কেনেকৈ দমন কৰিব পাৰি সেই বিষয়ে কিছু আলোচনাৰ প্ৰয়োজনীয়তা সাম্প্রতিক সময়ত বাৰুকৈয়ে অনুভৱ কৰা কৰিছোঁ ।( Assamese Fact )


ইয়াৰ বাবে সৰু বৰ সকলো ঠাইতেই ধৰ্মালোচনা সভাৰ প্ৰয়োজন হৈছে ।। কিয়নো আত্মনিয়ন্ত্ৰন বা অনুশাসনৰ মাজেৰেহে আত্মউপলব্ধি সম্ভৱ ।। আৰু আত্মউপলব্ধিৰ পিছতহে আমি প্ৰকৃত মনুষ্যত্ব আহৰণ কৰিব পাৰোঁ , অন্যথা আমি এটা পশুৱেই ।।  


বছৰেকত পুৰোহিত এজন মাতি বিধিবত পূজা অৰ্চনা কৰিলেও আমি যদি বাস্তৱিক জীবনত ছয় ৰিপুৰ দ্বাৰা পৰিচালিত হৈ থাকো এই পূজাৰ ফল আমি কেতিয়াওঁ পাব নোৱাৰিম ।। meditation বা ধ্যান কৰাৰ সময়ত আমি ছয় ৰিপু দমন কৰিব পাৰোঁ , কিন্তু তাৰ পিছত দিনটোৰ বাকী সময় খিনি আমি যদি আকৌ এই ৰিপুৰ ওচৰত নিজক এৰি দিওঁ তেন্তে  সেই ধ্যানৰ মূল্য কত থাকিব ?? 


এই ছয় ৰিপুৰ গ্ৰাসত পৰি আজি আমি নিজকে হেৰুৱাই পেলাইছো , পাহৰি গৈছোঁ যে এই বৈষয়িক বিষয়বস্তু বোৰ আমাৰ কাৰণে ক্ষন্তেকীয়া ।। আমাৰ শৰীৰটো ও মাত্র কেইটামান দিনৰ বাবেহে ।। তাৰ পিছতো আমি কেৱল দৌৰি ফুৰিছোঁ বৈষয়িক সুখৰ পিছে পিছে ।। 


সৎসংগৰ কাষ নাচাপি দিনটোৰ ভাগৰ মাৰিবলৈ সংগ লৈছোঁ অসৎ লোকৰ ।। উপযুক্ত গুৰুৰ অভাৱত চৰিত্ৰহীন গুৰুকে মানি লৈ জীবনবোধৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছোঁ ।। মদমত্ত ভাৱত উটি ভাঁহি গৈ নিজকে সকলো গুণৰ অধিকাৰী বুলি ভাবি লৈছোঁ ।।দেৱ দেৱী পূজা নকৰি অসুৰৰ পূজা কৰিব আৰম্ভ কৰিছোঁ ।। মাঁ  দূর্গাৰ অস্তিত্বক নষ্যাত কৰি মহিষাসুৰৰ পূজা আৰম্ভ কৰিছোঁ ।। মাঁ কামাখ্যাৰ ইতিহাস নুবুজি কিছু পাগলে প্ৰলাপ বকা আৰম্ভ কৰা দেখিও মনে মনে আছোঁ , কাৰণ আমি ৰিপুৰ দ্বাৰা পৰিচালিত ।।


মাত্ৰ কেইটামান দিন আগত ভাৰতভূমিলৈ আহি নিজৰ অস্তিত্ব জাহিৰ কৰিব খোজা অসুৰ কিছুমানৰ মাজতে কোনোবাই ইতিহাস লিখিলে , নিজ কৰ্ম্মৰ দ্বাৰা সেইসকল নীচ মনৰ ।। সিহঁত কৰপৰা আহিল আৰু কিয় আহিল সেই বিষয়ে সিহঁত অজ্ঞাত ।। সৃষ্টিৰ দেৱীয়ে সকলো চাই আছে , দেখি আছে আৰু তাৰ নিবাৰণৰ পথো তেওঁ ইতিমধ্যেই নিৰ্মাণ কৰিছে , অপেক্ষা মাথোঁ শেষ তাণ্ডৱৰ ।।। ধৰ্মৰ নামত একনায়কত্ববাদ শেষ হবই।। মাথোঁ বুজা সকলে ৰিপু দমনৰ চেষ্টাত ব্ৰতী হোৱাৰ প্ৰয়োজন ।।।( Assamese Fact )


কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য্য  এই ছয়টা হল মানৱ দেহত সঞ্চাৰ হোৱা ভয়ংকৰ ৰিপু ।। 


১) কাম মানে যৌনকামনা বা যৌনক্ষুধা ( sex urge) ।


২)ক্ৰোধ হল খং ৰাগ বা উত্তেজনাৰ বশিভূত হোৱা ( anger ) ।


৩)  লোভ মানে লালশা ( cupidity ) ।


৪) মোহ ৰ অৰ্থ মায়া বা বিভ্রম ( illusion )  ।


৫) মদ মানে অহংকাৰ বা আত্মগৌৰব  ( arrogance )  ।


৬) মাৎসৰ্য্য ৰ অৰ্থ হৈছে  পৰশ্ৰীকাতৰতা  বা আনৰ ভাল দেখিব নোৱাৰা ( envy ) । 


    এই ছয় ৰিপু দমন কৰিব পাৰিলেই আমি সকলোৱে আমাৰ এই মানৱ জীৱনৰ উদ্দেশ্য উদ্ভাৱন কৰাত সমৰ্থবান হব পাৰিম ।।।( Assamese Fact )


গীত কামৰূপা


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ এই লেখা আমালৈ প্ৰেৰণ কৰিছে বিশিষ্ট সমাজ সেৱিকা গীত কামৰূপা ডাঙৰীয়াণীয়ে ( তেখেতৰ যোগাযোগ নং - 7002965047)। আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

2 comments:

  1. ছয় ৰিপু দমন কৰা টান কাম নহয় ।মনটোক যি নিৰ্দেশ দিয়া যায়, মনটোয়ে সেই কামটো কৰে আৰু যিটো কাম কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হয় সেই কামটো নকৰে । গতিকে, মনটোক ভাল কাম কৰাৰ বাবে নিৰ্দেশ দিলে তেতিয়া মানুহে গৰ্হিত
    কাম কৰাৰ প্ৰশ্নই নুঠে ।মদ নাখাও বুলি প্ৰতিজ্ঞা কৰিলে মদ খোৱা নাযাব

    ReplyDelete
    Replies
    1. আপুনি ভবাৰ দৰে সকলো কথাই ইমান সহজ হোৱা হেতেন কথাই নাছিল। বেলেগ কথা নকওঁ নিজৰ মোবাইটোকে ব্যৱহাৰ নকৰাকৈ টিভি নতুবা বাতৰি কাকত পঢ়ি প্ৰয়োজনীয় ফোন কেইটা কৰি নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক। নিজেই বুজি উঠিব অভ্যাস এটা ত্যাগ কৰিবলৈ কিমান জটিল ! অসম্ভৱ নহয়। কিন্তু সহজ নহয়।

      Delete

Advertisement

Pages