চন্দ্ৰত দিনত আকাশখন কেনেকুৱা দেখা যায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 21, 2022

চন্দ্ৰত দিনত আকাশখন কেনেকুৱা দেখা যায় : Assamese Fact

Assamese Fact

     মহাকাশৰ কথাবোৰ বৰ বিস্ময়কৰ। মহাকাশত আমি যি দেখা পাওঁ সেইটোৱেই সত্য নহয়। সত্য বেলেগহে। বিজ্ঞানে এই সত্যবোৰ যেতিয়া আবিষ্কাৰ কৰিছিল প্ৰথম অৱস্থাত সমাজে সেই মানুহবোৰক পাগল বুলি কৈছিল। কিন্তু বিজ্ঞান অনুমানৰ ভিত্তিত নচলে, বিজ্ঞান চলে পৰীক্ষা-নিৰীক্ষা, প্ৰমাণ আৰু তাৰ উপস্থাপনৰ ভিত্তিত।Assamese Fact ) 


     প্ৰথমে মানুহে ভাবিছিল পৃথিৱী চেপেটা আৰু আকাশখনে এটা চৰিয়াৰ দৰে পৃথিৱীখনক ঢাকি ৰাখিছে। বিজ্ঞানে জনালে পৃথিৱী গোল। প্ৰথমে ভাবিছিল ৰাতি আমাক পোহৰ দিয়া চন্দ্ৰটো এটা নক্ষত্ৰ মানে চন্দ্ৰয়ে বিলোৱা সেই পোহৰ চন্দ্ৰৰ নিজৰ। বিজ্ঞানে ক'লে যে নহয় ৰাতি আমাক পোহৰ দিয়া চন্দ্ৰৰ সেই পোহৰ আচলতে সূৰ্য্যৰ পৰা পোহৰৰ প্ৰতিফলনহে মানে সেইয়া চন্দ্ৰৰ নিজৰ পোহৰ নহয়। মানুহে আনকি চন্দ্ৰলৈ গৈ সেই সত্যতা নিজেই চাই আহিল।


     এতিয়া মই কৈছোঁ যে আমাৰ আকাশখন ঘোৰ অন্ধকাৰ। এতিয়া আপুনি মোক প্ৰশ্ন কৰিব কেনেকৈ! আমাৰ আকাশ নীলা বুলিয়ে আমি জানো। নীলা আকাশৰ ওপৰত কিমান কবিতা লিখিলে, কিমান গান গালে!


    হয় আমাৰ আকাশখন আচলতে অন্ধকাৰহে। আমি পৃথিৱীৰ পৰা যিখন আকাশ দেখোঁ সেইখন আকাশ মহাকাশৰ লগত মিলি আছে। আমি জানো যে আমাৰ পৃথিৱীৰ চাৰিওফালে বায়ুমণ্ডলে পৃথিৱীখনক আৱৰি ধৰি আছে। পৃথিৱীৰ চাৰিওফালে বায়ুমণ্ডলে আমাক আৱৰি ৰখাৰ বাবেই আমি আজি জীয়াই আছো। আমাৰ বায়ুমণ্ডললে মহাকাশৰ বহু ক্ষতিকাৰক বস্তু পৃথিৱীলৈ সোমাই আহিব নিদিয়ে যেনে সূৰ্য্যৰ কিছুমান বেয়া ৰশ্মি, মহাকাশৰ পৰা পৃথিৱীলৈ নামি অহা কিছুমান শিলাখণ্ড যাক আমি উল্কা বুলি কওঁ আদি।


     এতিয়া কথা হ'ল মহাকাশ যদি অন্ধকাৰ আমি আমাৰ আকাশখন নীলা কিয় দেখা পাওঁ!

তাৰ কাৰণ হৈছে সূৰ্য্যৰ পৰা অহা মহাজাগতিক ৰশ্মিবোৰ যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত সোমাই পৰে তেতিয়া বায়ুমণ্ডলত থকা বায়ুমণ্ডলৰ গেছ আৰু কণাৰ দ্বাৰা এই ৰশ্মিবোৰ পাৰ হৈ সকলো ফালে বিয়পি পৰে। ইয়াৰে নীলা ৰঙৰ ৰশ্মিবোৰৰ তৰংগ চুটি আৰু সৰু। সেই বাবে এই নীলা ৰঙৰ ৰশ্মিবোৰৰ তৰংগ আন ৰংতকৈ বেছিকৈ বিয়পি পৰে। তাৰ ফলতেই সামূহিকভাবে আমি আমাৰ আকাশখন নীলা দেখা পাওঁ। ৰাতি সূৰ্য্যৰ পোহৰ আমি দেখা আকাশৰ বায়ুমণ্ডলৰ মাজেৰে নাহে সেইবাবে ৰাতি আমি অন্ধকাৰ দেখা পাওঁ।

আৰু এটা কথা সূৰ্য্যৰ পৰা অহা সকলো ৰশ্মি আমি আমাৰ চকুৰে দেখা নাপাওঁ। আমি ৰামধেনুত দেখা পোৱা ৰঙা, নীলা, হালধীয়া আদি সাতটা ৰঙৰ ৰশ্মিহে দেখা পাওঁ। এই সাতটা ৰশ্মিৰ উপৰিও সূৰ্য্যৰ পৰা আন বহু ধৰণৰ ৰশ্মি আহে। সেইবোৰ হৈছে Infrared, Ultraviolet (UV Rays), X Rays, Gamma Rays, Radio Waves, Microwave. এইবোৰ ৰশ্মি আমি আমাৰ চকুৰে চাবলৈ অসমৰ্থ। এই ৰশ্মিবোৰ আমাৰ দেহৰ বাবে ক্ষতিকাৰক। সেইবাবে এই ক্ষতিকাৰক ৰশ্মিবোৰ বায়ুমণ্ডলে আমাৰ পৃথিৱীত পৰিবলৈ নিদিয়ে। এই ৰশ্মিবোৰ কিন্তু মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰি আছে। আমি ক'ত এই ৰশ্মিবোৰ ব্যৱহাৰ কৰি আছো তাৰ ভিতৰত এটাও যদি জানে মন্তব্য বক্সত লিখিব।


      আমাৰ পৃথিৱীৰ যদি বায়ুমণ্ডল নাথাকিলেহেঁতেন আমি আমাৰ আকাশ নীলা দেখা নাপালোঁহেঁতেন। এতিয়া প্রশ্ন হয় চন্দ্ৰত দিন হ'লে অৰ্থাৎ সূৰ্য্যৰ পোহৰ পৰিলে তাৰ আকাশ আমাৰ পৃথিৱীৰ আকাশৰ দৰে নীলা দেখা যায় নে অন্ধকাৰ দেখা যায়!

চন্দ্ৰত দিন হ'লেও তাৰ আকাশ আন্ধাৰে দেখা যায়। মই এখন ফটো দিছোঁ তাত চাওক চন্দ্ৰ দিনটো অন্ধকাৰ। পৃথিৱীৰ পৰা যোৱা মহাকাশচাৰী সকলক ৰাতি ঘূৰি ফুৰাৰ দৰে লাগিছে।  তাৰ কাৰণ কি মই ইতিমধ্যে কৈছোঁয়ে যে চন্দ্ৰত বায়ুমণ্ডল নাই।Assamese Fact ) 


সেইদৰে আমাৰ মহাকাশৰ মাজেদিও বিভিন্ন পোহৰ পাৰ হৈ গ'লেও বায়ুমণ্ডল নাই বাবে মহাকাশ অন্ধকাৰ দেখা যায়। আন এখন ফটোত আমাৰ পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰত থকা International Space Station ৰ ফটোখন চাওক। তাত পৃথিৱীখনহে পোহৰ দেখা গৈছে, আকাশখন কিন্তু আন্ধাৰ।


     মোক আৰু এটা প্ৰশ্ন কৰে যে মহাকাশত দিন ৰাতি হয়নে! এই উত্তৰটো দিয়া আগত আমি জানিব লাগিব পৃথিৱীত দিন ৰাতি কিয় হয়। পৃথিৱীখন ঘূৰণীয়া। সূৰ্য্যৰ পৰা অহা পোহৰ যিফালে পৰে সেইফালে আমি দিন বুলি কওঁ আৰু সূৰ্য্যৰ পোহৰ যিফালে নপৰে সেইফালে আন্ধাৰ হয় বাবে ৰাতি বুলি কওঁ। 

এই দিন ৰাতি হ'বলৈ আমাক দুটা বস্তুৰ প্ৰয়োজন এটা পোহৰ দিয়া নক্ষত্ৰ আৰু এটা আমি থকা গ্ৰহ বা তেনে বস্তু এটা। আমি যদি মহাকাশৰ এনে ঠাইত থাকোঁ য'ত বহু আলোকবৰ্ষ দুৰলৈকে গ্ৰহ আৰু নক্ষত্ৰ নাই তাত জানো দিন ৰাতি হ'ব! আচলতে দিন ৰাতি হোৱা কথাটো আমি ক'ত আছোঁ আৰু আমাৰ ওচৰত নক্ষত্ৰ আছে নে তাৰ ওপৰত নিৰ্ভৰ কৰে। মহাকাশৰ কোনোবা ঠাইত দিন ৰাতি হোৱাৰ দৰেও লাগিব পাৰে আৰু কোনোবা ঠাইত নোহোৱাৰ দৰেও লাগিব পাৰে। ইয়াৰ নিৰ্দিষ্ট সংজ্ঞা নাই। ই আমি ক'ত আছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব।


    Asteroid Belt ৰ বিষয়ে কেতিয়াবা শুনিছেনে! হয় এইডাল আমাৰ কঁকালত মৰা বেল্ট নহয় বাৰু।

আমাৰ বৈজ্ঞানিকে যেতিয়া গ্ৰহ অধ্যয়ন কৰিবলৈ Voyager, Pioneer আদি মহাকাশ যান বনালে আৰু বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন আদি গ্ৰহ অধ্যয়ন কৰিবলৈ এই মহাকাশ যানবোৰ পঠোৱা কথা ভাবিলে তেতিয়া এটা চিন্তায়ে তেওঁলোকক ভয় খুৱাইছিল আৰু সেইয়া আছিল এই Asteroid Belt. এই Asteroid Belt ভেদিব পাৰিলেই আমাৰ মহাকাশ যানবোৰ বিভিন্ন গ্ৰহ অধ্যয়ন কৰিবলৈ আগুৱাই যাব পাৰিব। কিনো এই Asteroid Belt?

Asteroid মানে হৈছে গ্ৰহানু। এইবোৰ কিছুমান সৰু ডাঙৰ বিভিন্ন আকৃতিৰ শিলাখণ্ড যি গ্ৰহো নহয়, উপগ্ৰহো নহয়। মংগল গ্ৰহৰ কক্ষপথ আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথত মাজত এনে সৰু ডাঙৰ বিভিন্ন আকৃতিৰ কেইবা লাখ গ্ৰহানু আছে। এই গোটেই গ্ৰহানুৰ গ্ৰহানুপুঞ্জকে Asteroid Belt বুলি কোৱা হয়। মংগল গ্ৰহ পাৰ হোৱাৰ পাছত এই গ্ৰহানুবোৰ খুব ঘনাই পোৱা যায় সেইবাবে মানুহে পঠোৱা মহাকাশ যানবোৰ এই অসংখ্য গ্ৰহানু থকা Asteroid Belt পাৰ যোৱাটোয়ে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। অই গ্ৰহানুৰ লগত আমাৰ মহাকাশ যান খুন্দা খোৱাৰ খুব সম্ভাৱনা আছিল। কিন্তু আমাৰ Voyager, Pioneer, New Horizons আদি মহাকাশ যানবোৰ এই Asteroid Belt পাৰ হৈ মহাকাশলৈ আগুৱাই গৈ আছে।


     এই গ্ৰহানুবোৰ ১ কিলোমিটাৰ ব্যাসৰ পৰা ৯৩৯ কিলোমিটাৰ ব্যাসৰ হ'ব পাৰে।

এই Asteroid Belt ত থকা চাৰিটা ডাঙৰ গ্ৰহানু হৈছে Ceres যাৰ ব্যাস ৯৩৯ কিলোমিটাৰ, তাৰ পাছত Vesta যাৰ ব্যাস ৫২৫ কিলোমিটাৰ, Pallas  যাৰ ব্যাস ৫১২ কিলোমিটাৰ আৰু চতুৰ্থটো Hygeia যাৰ ব্যাস ৪৩৪ কিলোমিটাৰ। এইবোৰ আচলতে একো একোটা শিলাখণ্ডৰ দৰে বস্তু। এই Asteroid Belt সূৰ্য্যৰ পৰা ২.২ পৰা ৩.২ Astronomical Unit দূৰত আছে। Astronomical Unit কি ইয়াৰ আগৰ লেখাটোত ভালকৈ বুজাই দিছিলোঁ।


     এই Asteroid Belt ৰ গ্ৰহানু কিছুমানে কেতিয়াবা পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত পৃথিৱীৰ ফালে আহি পৃথিৱীৰ বায়ুমণ্ডলত সোমাই পৰে আৰু উল্কা বা পপীয়া তৰা হৈ পৃথিৱীত পৰে।

মহাকাশৰ এনে বহু বিস্ময়কৰ কথা আছে যিবোৰ আমি নাজানো কিন্তু জনা উচিত। হয়তো আমি জানিবলৈ নাজানোয়ে যে তেনেকুৱা বস্তু কিছুমানো মহাকাশত আছে। মহাকাশৰ আৰু বহু আকৰ্ষণীয় কথা আছে অহা খণ্ডবোৰত এই পেজতেই লিখি যাম।


উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages