প্ৰিয় পাঠকসকল স্বামীৰ অত্যাচাৰ সহ্য কৰা পত্নীৰ জীৱনটো অৰণ্যত জুইৰ মাজত আবদ্ধ হৈ থকা হৰিণীৰ দৰে হয় । ( Assamese Fact )
জুইৰ অন্য ফালে সিংহ অৰ্থাৎ সমাজ থাকে যিয়ে সিংহৰ দৰে খাই যাব খুজে। আৰু এই সিংহ ৰূপী সমাজৰ পৰা বাচিবলৈ হৰিণী অৰ্থাৎ পত্নী সদায় জুইৰ মাজত সোমাই জ্বলি-পুৰি থাকে ।
এনে ক্ষেত্ৰত মহিলাসকলৰ বাবে প্ৰয়োজনীয় যে তেওঁলোকে মহান জ্ঞানী বিদূৰে কোৱা পুৰুষৰ এনে কিছুমান গুণ বা লক্ষণৰ বিষয়ে জানি লওঁক যিবোৰ গুণ বা লক্ষণ থাকিলে বিবাহৰ পাছত তেওঁৰ কেৱল দোষহে হ'ব পাৰে।
দুজন ব্যক্তি একেলগে তেতিয়াহে সুখী হৈ থাকিব পাৰে যেতিয়া তেওঁলোকৰ মনৰ লগত মন, কথাৰ লগত কথা আৰু বুদ্ধিৰ লগত বুদ্ধি মিলে।যেতিয়া স্বামী আৰু পত্নীয়ে এজনে আনজনৰ বিপৰীত চিন্তা কৰে , তেতিয়া তেওঁলোক লগত কেতিয়াও সুখী হ'ব নোৱাৰে।
এনে পৰিস্থিতিত স্ত্ৰীয়ে এনে পুৰুষৰ লগত বিবাহ সম্পন্ন কৰিব লাগে যাৰ লগত তেওঁৰ বিচাৰ মিলে।
ভালতো বেয়া দেখা।যিজন পুৰুষে ভালতো বেয়া দেখে , তেওঁৰ পৰা সমাজত কোনো সুখী হ'ব নোৱাৰে।লাগিলে সেইয়া তেওঁৰ পত্নীয়েই নহওঁক কয়।বিদূৰে কৈছে যে পত্নীয়ে তেওঁক সুখী কৰিবলৈ যিমানেই প্ৰয়াস নকৰক কিয়, তেওঁ হাজাৰ ভালৰ মাজতো তেওঁৰ বেয়াতোহে দেখিব। এনে পুৰুষে নিজৰ পত্নীক তিৰস্কাৰ কৰা আৰু পত্নীক বেয়াকৈ কোৱাৰ সদায়েই চেষ্টা কৰে আৰু বেয়াকৈ কোৱাৰ সুযোগ বিচাৰি ফুৰে আৰু এনে পুৰুষৰ লগত পত্নী কেতিয়াও সুখী হ'ব নোৱাৰে।
লাগিলে পত্নী যিমানেই সুস্বাদু আহাৰে ৰান্ধক, যিমানেই তেওঁৰ শুশ্ৰূষা নকৰক কিয়, কিন্তু তথাপিও এনে পুৰুষে কিবা নহয় কিবা এটা খুঁট উলিয়ায়েই লয় আৰু তেওঁক বাৰে বাৰে কটু বাক্য কৈ মনত অশান্তি দিয়ে।যাৰ বাবে পত্নী গৰাকী কেতিয়াও স্বামীৰ লগত সুখী হ'ব নোৱাৰে।
উপহাস বা ঠাট্টা কৰা ব্যক্তি। মহৰ্ষি বিদূৰৰ মতে মূৰ্খ ব্যক্তিৰ প্ৰধান দূগুণ হ'ল আনৰ উপহাস বা ঠাট্টা কৰা। যিদৰে পুৰুষসকলক সন্মান দিয়া হয় সেইদৰে মহিলা সকলো সন্মানৰ পাত্ৰ আৰু যিজন পুৰুষে নিজৰ পত্নীৰ সন্মান নকৰে আৰু কথায়ে কথায়ে তেওঁৰ উপহাস উৰাই তেনে স্বামীৰ লগত পত্নী কেতিয়াও সুখী হ'ব নোৱাৰে। ( Assamese Fact )
বিদূৰ নীতিত কোৱা হৈছে যে স্ত্ৰীসকলৰ নিজৰ সুন্দৰতাৰ বিষয়ে শুনা সকলোতকৈ পচন্দৰ হয়। আৰু এইটোৱেই কাৰণ যে স্ত্ৰীসকলে শৃংগাৰ কৰাতো তেওঁলোকৰ বাবে সকলোতকৈ প্ৰিয় আৰু যিসকল পুৰুষে পত্নীৰ সুন্দৰতাৰ উপহাস উৰাই সেই পত্নী সদায় দুখী হৈ থাকে।
লাগিলে তেওঁৰ পত্নী যিমানেই ভাল নহওঁক কিয়।
কেটেৰা মাত মতা ব্যক্তি। প্ৰত্যেক সমন্ধতে থোতা-মোজা লগাতো স্বাভাৱিক কথা আৰু স্বামীৰ পত্নীৰ মাজতো সৰু সুৰা কাজিয়া হৈয়ে থাকে। কিন্তু মহাত্মা বিদূৰৰ অনুসৰি যিজন ব্যক্তিয়ে খঙত বেয়া বেয়া শব্দ প্ৰয়োগ কৰি কথা কয় সেই ব্যক্তিৰ পত্নী কেতিয়াও সুখী হ'ব নোৱাৰে।
আমাৰ শাস্ত্ৰতো খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ কোৱা হৈছে কাৰণ খঙাল মানুহৰ নিজৰ ইন্দ্ৰিয়ৰ ওপৰত বশ নাথাকে আৰু খঙত নজনাকৈয়ে তেওঁ সন্মুখৰ জনক কিবাকিবি কৈ দিয়ে। সেয়ে আমি সদায় খঙৰ পৰা বাচিব লাগে।
মহাত্মা বিদূৰৰ অনুসৰি যিজন ব্যক্তিয়ে খঙৰ মাজত মাক দেউতাক আৰু পৰিয়ালৰ কথা কয় সেইজন ব্যক্তিয়ে পত্নীক কেতিয়াও সুখত ৰাখিব নোৱাৰে। কাৰণ যিদৰে এজন পুৰুষৰ পৰিয়াল সকলোতকৈ প্ৰথমে আহে ,থিক সেইদৰে এগৰাকী মহিলাৰ বাবে তেওঁৰ পৰিয়ালটোয়ো প্ৰিয় আৰু যিসকল পুৰুষে মহিলাৰ পৰিয়ালৰ বিষয়ে কটু শব্দ কয় তেনে পুৰুষক মহিলা গৰাকীয়ে কেতিয়াও ক্ষমা নকৰে।
এনে স্থলত কাজিয়াৰ মাজত কেতিয়াও পৰিয়ালক ননাটোৱেই পুৰুষৰ বাবে উত্তম।
অত্যাচাৰী পুৰুষ। আজিকালিও আমাৰ সমাজত এনেকুৱা পুৰুষ কিছুমান আছে যি মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰাতো সন্মানৰ কথা বুলি ভাবে। কিন্তু আমাৰ হিন্দু ধৰ্মত এনে পুৰুষক নপুংসকৰ শ্ৰেণীত ৰখা হৈছে।
এনে পুৰুষ যি মদৰ সেৱন কৰে,যি স্ত্ৰীৰ লগত মাৰ পিত কৰে, তেওঁলোকে ভগৱানৰ ক্ৰোধৰ সন্মুখিন হ'ব লগা হয়।এনে পুৰুষে নৰকতো স্থান নাপায়। সেইবাবে মহাত্মা বিদূৰে কয় যে অত্যাচাৰী পুৰুষৰ লগত থকাতকৈ স্ত্ৰীৰ কাৰণে সেই পুৰুষৰ পৰিত্যাগ কৰাতোয়েই শ্ৰেষ্ঠ। কাৰণ এনে পুৰুষৰ লগত থাকিলে স্ত্ৰীয়ে সদায় কষ্ট পাব লাগে।
সেইবাবে মহিলাই বিবাহৰ আগতে এই কথা কেইটা জনাটো অতি আৱশ্যক। তেতিয়াহে তেওঁ লোকৰ জীৱনত কোনো ধৰণৰ অশান্তি সন্মুখীন হব লগা নহয়।( Assamese Fact )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ।
No comments:
Post a Comment