অযোধ্যাৰ বিষয়ে ৰামায়ণৰ বাল কাণ্ডত উল্লেখ আছে এনেদৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 17, 2022

অযোধ্যাৰ বিষয়ে ৰামায়ণৰ বাল কাণ্ডত উল্লেখ আছে এনেদৰে : Assamese Fact

 

Assamese Fact

বৰ্তমান বিশ্বৰ 'স্মাট চিটি' সমূহৰ তুলনাত ভাৰতৰ চহৰ সমূহৰ স্থান বহুত তলত আছে।কিন্তু এইখন ভাৰততেই অতীজত বিশ্বৰ প্ৰথম খন স্মাৰ্ট চিটিৰ দৰে চহৰ গঢ় দিছিল।Assamese Fact ) 


প্ৰাচীন অযোধ্যা নগৰ খন হয়তো বিশ্বৰ ভিতৰতে প্ৰাচীন উন্নত আৰু সুন্দৰ নগৰ আছিল। এইকথা ভাৰতৰ দুই ইতিহাস ৰামায়ণ আৰু মহাভাৰতত অযোধ্যাৰ যি বৰ্ণনা আছে তাৰ পৰা বুজা যায় ।

 অযোধ্যা আগতে কৌশল জনপদৰ ৰাজধানী আছিল। বাল্মীকি ৰামায়ণত, অযোধ্যা নগৰৰ বৰ সুন্দৰ আৰু বহল ভাবে বৰ্ণনা দিয়া আছে । বাল্মীকিৰ দ্বাৰা লিখা ৰামায়ণৰ বাল কাণ্ডত উল্লেখ কৰা হৈছে যে অযোধ্যা ১২ যোজন দীঘল আৰু ৩ যোজন বহল আছিল। 


कोसलो नाम मुदित: स्फीतो जनपदो महान।

निविष्ट: सरयूतीरे प्रभूत धनधान्यवान् ॥'-

       ( ৰামায়ণ ১/৫/৫)

অৰ্থাৎ-

 সৰয়ু নদীৰ পাৰত, কোসল নামৰ এখন ডাঙৰ দেশ আছিল, য'ত ধন- সম্পদেৰে ভৰপূৰ ,ক্ৰমান্বয়ে প্ৰগতি লাভ কৰা  সন্তুষ্ট লোকসকলেৰে পৰিপূৰ্ণ আছিল ।


अयोध्या नाम नगरी तत्रासील्लोकविश्रुता |

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् || 

        (ৰামায়ণ ১/৫/৬)

অৰ্থাৎ -

এই দেশত মনুষ্যৰ আদিৰজা প্ৰসিদ্ধ মহাৰাজা মনুৱে বসতি স্থাপন কৰা আৰু তিনি  লোকত বিখ্যাত অযোধ্যা নামৰ এখন চহৰ আছিল।


आयता दश च द्वे च योजनानि महापुरी |

श्रीमती त्रीणि विस्तीर्णा सुविभक्ता महापथा || 

            (ৰামায়ণ ১/৫/৭)

অৰ্থাৎ --

চহৰখনৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু ৰাস্তাৰ বিষয়ে মহৰ্ষি বাল্মীকিয়ে এইদৰে লিখিছে: "এই মহাপুৰী বাৰ যোজন (৯৬ মীল) বহল আছিল। এই চহৰখনত ধুনীয়া, দীঘল আৰু বহল আলিবাট আছিল।"

 

राजमार्गेण महता सुविभक्तेन शोभिता |

मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः || 

       (ৰামায়ণ ১/৫/৮)

অৰ্থাৎ--

বাল্মীকিয়ে অযোধ্যাৰ ৰাজপথৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সৌন্দৰ্যৰ বিষয়ে লিখিছে, "সেই পুৰীৰ চাৰিওফালে বিয়পি পৰা ডাঙৰ আলিবাটেৰে সজ্জিত আছিল। আলি বোৰত দৈনিক পানী ছটিয়াই দিয়া হৈছিল আৰু ফুল লগোৱা হৈছিল।"

 

तां तु राजा दशरथो महाराष्ट्रविवर्धनः |

पुरीमावासयामास दिवं देवपतिर्यथा || 

        (ৰামায়ণ ১/৫/৯)

অৰ্থাৎ--

ইন্দ্ৰৰ অমৰাৱতীৰ দৰে মহাৰাজা দশৰথে সেই নগৰ সজাইছিল। এই চহৰ মহাৰাজা দশৰথে যথেষ্ট সম্প্ৰসাৰিত কৰিছিল আৰু স্বৰ্গত ইন্দ্ৰ বাস কৰাৰ দৰে একেধৰণে বাস কৰিছিল ।


कवाटतोरणवतीं सुविभक्तान्तरापणाम् |

सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः || 

             (ৰামায়ণ ১/৫/১০)

অৰ্থাৎ--

মহৰ্ষিয়ে আৰু লিখিছে, "এই চহৰখনৰ সুৰক্ষাৰ বাবে দক্ষ শিল্পীসকলে তৈয়াৰ কৰা ডাঙৰ ডাঙৰ তোৰন, সুন্দৰ বজাৰ আৰু সকলো ধৰণৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ আছিল।Assamese Fact ) 

 

सूतमागधसंबाधां श्रीमातीमतुलप्रभाम् |

उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् || 

         (ৰামায়ণ ১/৫/১১)

অৰ্থাৎ--

ইয়াত সূত, মগধ সবান্ধবে বাস কৰিছিল, লোকসকল  আছিল অতুল ধন সম্পন্ন, য'ত সু উচ্চ অট্টালিকাত পতাকাৰে সজ্জিত আৰু শ শ কামান (বৰটোপ) ৰখা হৈছিল। 


वधूनाटकसंङ्घैश्च संयुक्तां सर्वतः पुरीम् |

उद्यानाम्रवणोपेतां महतीं सालमेखलाम् || ১-৫-১২

दुर्गगंभीरपरिखां दुर्गामन्यैर्दुरासदाम् |

वाजिवारणसपूर्णां गोभिरुष्ट्रैः खरैस्तथा || ১-৫-১৩

सामन्तराजसंङ्घैश्च बलिकर्मभिरावृताम् |

नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् || ১-৫-১৪

चित्रामष्टापदाकारां वरनारीगणैर्युताम् |

सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् || ১-৫-১৬

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् |

शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ||১-৫-১৭

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा |

नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ||১-৫-১৮


অৰ্থাৎ--

মহৰ্ষি বাল্মীকিয়ে লিখিছে, "ইয়াত মহিলা নাট ঘৰৰ কোনো অভাৱ নাছিল আৰু সকলো ঠাইতে বাগিচা নিৰ্মাণ কৰা হৈছিল। আমৰ বাগিচাবোৰে চহৰখনক সুশোভিত কৰিছিল। চহৰখনৰ চাৰিওফালে সুউচ্চ গছেৰে আবৰা আছিল যেন অযোধ্যাৰূপিণী স্ত্ৰীয়ে কৰধনী হে  পিন্ধি আছিল।


এই চহৰখন দুৰ্গম দুৰ্গ আৰু খাদেৰে ভৰি আছিল আৰু কোনো প্ৰকাৰে শত্ৰুসকলে স্পৰ্শ কৰিব নোৱাৰিছিল। হাতী, ঘোঁৰা, ষাড়, উট, খচ্চৰ সকলোতে দেখা গৈছিল। ৰাজভৱনৰ ৰং ৰ'দত সুন্দৰ হৈ পৰিছিল। আপুনি য'তেই চাওঁক বিমান গৃহটো  দৃশ্যমান আছিল।


তাত ডাঙৰ, মজবুত আৰু ঘন ঘন ঘৰ আছিল, অৰ্থাৎ  এটা ডাঙৰ ঘন বসতি আছিল। কুঁৱাবোৰ কুঁহিয়াৰৰ ৰসৰ দৰে মিঠা পানীৰে ভৰি আছিল। নেগাৰা, মৃদঙ্গ, বীণ, পানা আদিৰ ধ্বনিৰ দ্বাৰা চহৰখন সদায় মূখৰিত হৈ পৰিছিল। 


গোটেই পৃথিৱীৰ ভিতৰত এই চহৰক তুলনা কৰিব পৰা আন কোনো চহৰ নাছিল। সেই উত্তম পুৰীত, দৰিদ্ৰ কোনো নাছিল, কম ধন থকা কোনো নাছিল। তাত বাস কৰা সকলো পৰিয়ালৰ সম্পদ, শস্য, গৰু, ষাড় আৰু ঘোঁৰা আছিল।


জুলা শৰ্মা

নতুন দিল্লী

Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages