যদি সমাজত নিজৰ কল্যাণ হোৱাতো বিচাৰে, তেতিয়া পৰস্ত্ৰী বা পৰনাৰীৰ পৰা দূৰত থাকিব। চৰিত্ৰবান হৈ থাকিব। ( Assamese Fact )
যদি আপুনি চৰিত্ৰহীন হৈ পৰে , তেতিয়া নাইটো ঘৰত ভাল স্থান পাব ,নাইটো সমাজত। সেই কাৰণে সকলো স্ত্ৰী আৰু পুৰুষৰ বাবে এইসমূহ কথা মহত্বপূৰ্ণ। স্ত্ৰীয়েও নিজকে পৰপুৰুষৰ পৰা বচাব লাগে আৰু আঁতৰি থাকিব লাগে। সেইদৰে পুৰুষেও পৰস্ত্ৰীৰ পৰা নিজকে বচাব লাগে আৰু আঁতৰি থাকিব লাগে।
ন'হলেবা আপুনি এনেকুৱা শাস্তি পাব যে ক'তো মুখ দেখুৱাব নোৱাৰিব। সেই কাৰণে চৰিত্ৰ ভাল হোৱাতো প্ৰয়োজনীয়। য'ত স্ত্ৰী আৰু পুৰুষ চৰিত্ৰহীন হৈ পৰে তাত ধা আহি পাৰে। সেই কাৰণে চৰিত্ৰ বেয়া হ'ব নালাগে। এই কথাটোৰ ধ্যান ৰাখিব লাগে।আজি আপোনালোকৰ ছোৱালী ইমান মজবুত হ'ব লাগে যে তাইৰ চৰিত্ৰহীন নহয় যাতে।
আপোনালোকৰ ল'ৰা ছোৱালী ইমান মজবুত হ'ব লাগে যে তেওঁলোক চৰিত্ৰবান হৈ পৰে। আজিকালি মানুহে চৰিত্ৰৰ লগত খেল খেলে। মানুহে নাজানেই যে চৰিত্ৰৰ মূল্য কি?মানুহবোৰ বুজিয়েই পোৱা নাই চৰিত্ৰৰ মূল্য কিমান? চৰিত্ৰ নষ্ট কৰি লয় আজিকালি শিক্ষিত ল'ৰা ছোৱালীবোৰে।
পঢ়া-শুনাৰ নামত, চৰিত্ৰ নষ্ট কৰি আহে। এওঁলোকে নাজানেই যে চৰিত্ৰৰ মূল্য কিমান? কাৰণ মাক-দেউতাকে কেতিয়াও শিকোৱা আৰু বুজোৱায়েই নাই।গাধৰ দৰে আজিকালি মানুহে ল'ৰা ছোৱালী জন্ম দি এৰি দিয়ে। সংস্কাৰৰ অবিহনে আপোনালোকৰ ল'ৰা ছোৱালী কি কাম। সন্তান জন্ম দিয়াটো ডাঙৰ কথা নহয়। গাহৰিয়েও সন্তান বা পোৱালি জন্ম দিয়ে।
গাহৰিবোৰে তেওঁলোকৰ সন্তানক চৰিত্ৰৰ বিষয়ে শিকাব নোৱাৰে, কিন্তু মানুহে তেওঁলোকৰ সন্তানক চৰিত্ৰৰ বিষয়ে শিকাব পাৰে।কিন্তু আপুনি মানুহ হয় যেতিয়া, আপোনাৰ সন্তানক চৰিত্ৰৰ কথা শিকোৱা নাই, তেন্তে গাহৰি নহয় কিনো ?
সমাজে আপোনাক কি ক'ব? সেই কাৰণে ছোৱালী হওঁক, ল'ৰা হওঁক, একো কথা নাই।তেওঁলোক দুয়োটাকে চৰিত্ৰৰ পাঠ পঢ়াওঁক। যদি আপোনালোকে নোৱাৰে, তেতিয়া ধৰ্মীয় কথা শুনাওক,ধৰ্মীয় কথা শুনাই ও চৰিত্ৰ পাঠ পঢ়োৱাব পাৰি।
চৰিত্ৰ অবিহনে জীৱন কেনেকুৱা? ৰাৱণৰ চৰিত্ৰ কেনেকুৱা আছিল? ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছিল। এনেকুৱা চৰিত্ৰ পুৰুষৰ হ'ব লাগে নেকি? সীতাক হৰণ কৰি লৈ গৈছিল নিজৰ ঘৰত ৰাখিছিল অশোক বাটিকাত। আপুনি বলবান, শক্তিশালী,পইচা থকা মানুহ হ'ল বুলিয়েই কি যিকোনো স্ত্ৰীকে হৰণ কৰিব পাৰিব নেকি?( Assamese Fact )
মনত ৰাখিব চৰিত্ৰহীনক সমাজত ক্ষমা কৰা নহয়। ইতিহাসৰ পাঠ লুটিয়াই চাওঁক লাগিলে। দুজন মানুহে নিজকে চৰিত্ৰহীন কৰি তুলিছিল এজন ৰাৱণ।যেতিয়া ৰাৱণ চৰিত্ৰহীন হৈ পৰিল , তেতিয়া মা সীতাক স্পৰ্শ কৰিলে।যিদিনা ,যি তাৰিখত স্পৰ্শ কৰিছিল ,সেই তাৰিখটো আকৌ ঘূৰি নাহিল ৰাৱণৰ জীৱনলৈ । তাৰ আগতেই ৰাৱণ শেষ হৈ গ'ল। লংকা সোণৰ আছিল,যাৰ সুৰ স্বৰ্গত বাজিছিল। সেই লংকাৰ ৰাৱণ যেতিয়া মৰিল , তেতিয়া কন্দা মানুহ কোনো নাছিল।কিয়? কাৰণ ৰাৱণে দেৱতা,য়্যাশ,নাগলোক, দিগপাল আদি সকলোবোৰ জিকি লৈছিল। কিন্তু নিজৰ কামনা বাসনাক জিকিব নোৱাৰিলে। যাৰ ফলত তেওঁৰ সৰ্বনাশ হ'ল আৰু আজিও তেওঁৰ পুতলা জ্বলোৱা হয়।
সেই কাৰণে আপুনি সমাজক জিকাৰ আগত নিজক জিকি লওঁক। ৰাৱণে সকলোকে জিকি লৈছিল কিন্তু নিজক জিকিবলৈ বাকী আছিল। ইচ্ছাৰ লগত জিকিব নোৱাৰিলে। ভগৱান ৰামে কাকো জিকা নাছিল অকল নিজক জিকি লৈছিল। সেই কাৰণে ৰামক ভগৱান হিচাপে পূজা হয় আৰু ৰাৱণক সকলোতে পুতলা বনাই জ্বলোৱা হয়।
ৰামক পূজা নহয়, ৰামৰ চৰিত্ৰক পূজা হয়। ৰাৱণৰ পুতলা জ্বলোৱা নহয়, ৰাৱণৰ কু-কৰ্মৰ ,চৰিত্ৰহীনতাৰ পুতলা জ্বলোৱা হয়।
দ্বিতীয় দুৰ্যোধন। সকলো থাকোঁতে সভাত তেওঁ দ্ৰৌপদীক অপমান কৰিলে। চৰিত্ৰহীনতা সেইয়ায়েই। আপুনি আনৰ পত্নীক বস্ত্ৰ হৰণ কৰিছে। তেতিয়া কি সমাজে আপোনাক চৰিত্ৰবান বুলি ক'ব নেকি? দুশাসনে এগৰাকী নাৰীক বস্ত্ৰ হৰণ কৰিব বিচাৰিছিল সভাত , অপমান কৰিব বিচাৰিছিল। পৰিণাম কি হ'ল।
বহুত স্ফুৰ্তি নেকি নাৰীক নি-বস্ত্ৰ কৰাত। নিজেই তেওঁলোক নি-বস্ত্ৰ হ'ব। দুৰ্যোধনৰ পৰিয়ালত কোনো নাথাকিল কান্দিবলৈ। একেই ভুল ৰাৱণেও কৰিছিল । ৰাৱণৰ পৰা একো নিশিকি একেই কৰিলে। সেই কাৰণে যেনেকুৱা পৰিণাম ৰাৱণৰ হ'ল , তেনেকুৱা দুৰ্যোধনৰো হ'ল। আপুনি যদি এনেকুৱা কৰে আপোনাৰো পৰিণাম একেই হ'ব।
আপুনি যদি কোনোবা স্ত্ৰীক অত্যাচাৰ কৰে ,চকু তুলি চাই। তেতিয়া সমাজে আপোনাক ক্ষমা কৰি দিলেও, ভগৱানে আপোনাক ক্ষমা কৰি নিদিয়ে আৰু এটা উদাহৰণৰ হ'ল - বালী। বালীয়ে সুগ্ৰীৱৰ পত্নীক হৰণ কৰিছিল।যেতিয়া তেওঁ সুগ্ৰীৱৰ পত্নীক হৰণ কৰিলে, অত্যাচাৰ কৰিলে, তেতিয়া ৰামে লোকাই ধনু কাড় মাৰিলে। লোকাই কিয় মাৰিলে, কাৰণ তেনেকুৱা মানুহক চোৱাতো ও পাপ। যিয়ে নিজৰ ভায়েকৰ পত্নীক ৰাখে। সেই কাৰণে ৰামে মুখ চাব নিবিচাৰিছিল।
সমাজত ভগৱানে নাৰীক অত্যাচাৰ কৰা মানুহক ক্ষমা কৰিছিল নেকি?ৰামে বা শ্ৰীকৃষ্ণয়ে ক্ষমা কৰিছিল নেকি? ৰামৰ যুগত ৰাৱণে অত্যাচাৰ কৰিছিল, সেই কাৰণে তেওঁ তাৰ পৰিণাম পালে। আকৌ শ্ৰীকৃষ্ণৰ যুগত দুৰ্যোধন আৰু দুশাসনে অত্যাচাৰ কৰিছিল, সেই কাৰণে তেওঁ তাৰ পৰিণাম পালে। আপুনি যদি অত্যাচাৰ কৰে আপুনি ও ভগৱান ৰ লাঠিৰ কোব খাব।
সেই কাৰণে নাৰীৰ ওপৰত কু-দৃষ্টি নিদিব। চৰিত্ৰ বেয়া নকৰিব। কাপোৰৰ দাগ চফা কৰিব পাৰি, কিন্তু চৰিত্ৰত লগা দাগ কেতিয়াও চফা কৰিব নোৱাৰি। মৰি যোৱাতো ভাল , চৰিত্ৰহীন হৈ জীয়াই থকাতকে।
আপোনাৰ চৰিত্ৰ আপোনাৰ বাবে বহুত মহত্বপূৰ্ণ। কিন্তু আজিকালি মূল্য নাই নিজৰ চৰিত্ৰৰ। ল'ৰা ছোৱালীয়ে সৰু সৰু বয়সতে পঢ়িবলৈ গৈ পঢ়াৰ নামত নিজৰ চৰিত্ৰ নষ্ট কৰি আহে।
পঢ়োৱাক ল'ৰা ছোৱালীক ইতিহাসত ৰামৰ কি পূজা হৈছিল কিয় পূজা হৈছিল। ৰামৰ চৰিত্ৰহে পূজা হয়।( Assamese Fact )
No comments:
Post a Comment