গাঁৱলীয়া চিকিৎসালয়বোৰ সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ অভিজ্ঞতা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, March 14, 2022

গাঁৱলীয়া চিকিৎসালয়বোৰ সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ অভিজ্ঞতা : Assamese Fact

 

Assamese Fact

তেখেতৰ(যোগানন্দ বড়া) লগত এজন ডাক্তৰ আৰু ৰোগীৰ সম্পৰ্কৰ বাদেও যোৱা ৯ মাহত এক ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিল।( Assamese Fact )


যোৱা বছৰৰ এপ্ৰিল মাহত তেওঁৰ লগত চিনাকি।২০২১ চনৰ এপ্ৰিল মাহৰ এটি ব্ৰহ্ম পুৱাতে একেবাৰে ফোঁফাই জোপাই  ডিমৌ চিকিৎসালয়লৈ আহিছিল।


হঠাৎ ৰক্তচাপ(BP) টো বাঢ়ি যোৱাৰ বাবে হাৰ্ট ফেইলাৰ হৈছিল।তেখেতৰ শৰীৰটোৱে বহু কষ্ট পাই আছিল।কিন্তু তথাপি তেওঁ জীয়াই থাকিবলৈ যুদ্ধ কৰি আছিল। হাওফাঁওত ডিঙি লৈকে পানী জমা হৈছিল।সাধাৰণ ভাষাত হাওফাঁওত  অক্সিজেন নাইকীয়া হৈ পানী জমা হৈছিল।এজন সংজ্ঞাহাৰক আৰু ICU ৰ বিশেষজ্ঞ চিকিৎসক হিচাবে তেওঁৰ কি সমস্যা হৈছে মই অনুধাৱন কৰিব পৰিছিলোঁ।


ডিমৌ চিকিৎসালয়ত উপলব্ধ  নূন্যতম সা-সুবিধাৰ মাজেৰে তেখেতক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰি তেওঁৰ সেই ৰাতিপুৱাৰ জীয়াই থকাৰ যুদ্ধত আমি যিমান পাৰোঁ তেখেতক সহায় কৰিব চেষ্টা কৰিছিলো।


আমি জানিছিলোঁ তেওঁৰ কি হৈছিল।পৃথিৱীৰ সকলো স্বাস্থ্যকৰ্মীয়ে তেওঁৰ সম্পূৰ্ণ বিজ্ঞানসন্মত চিকিৎসা পদ্ধতিবোৰো জানে,অলপ সময়ৰ কাৰণে ভেন্টিলেচন আৰু আনুষ‌ংগিক উন্নত দৰৱ প্ৰয়োগ কৰিলে তেওঁৰ যে ১০০% ভাল হব,সেয়াও আমি সকলো স্বাস্থ্য কৰ্মীয়ে জানিছিলোঁ।


কিন্তু জানিলেই জানো হব,ডিমৌ মডেল হস্পিটেলত সেইবোৰৰ অভাৱ।তথাপি আমি অতি ক্ষীপ্ৰতাৰে  প্ৰাথমিক চিকিৎসা প্ৰদান কৰি,লগত অহা অভিভাৱকক তৎক্ষণাত ICU লৈ স্থানান্তৰিত কৰাৰ বিধান দিওঁ।


আমি জানিছিলোঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ তেওঁ কোনো পধ্যেই নাপাব।৮ কিলোমিটাৰ আঁতৰৰ চুকাফা হস্পিটেলত খবৰ কৰা হল।বিচনা খালী নাই বুলি তেওঁলোকে খবৰ দিয়ে।তেতিয়া ততাতৈয়াকৈ ২০ কিলোমিটাৰৰ দূৰৰ (ব্যক্তিগত চিকিৎসালয়)প্ৰগতি হস্পিটেলৰ ICU লৈ স্তানান্তৰিত কৰা হয়।মাত্ৰ ২০ কিলোমিটাৰ নিলগত থকা প্ৰগতি হস্পিটেললৈ তেওঁ সুকলমে পাব নে নাই আমি কিন্তু নিশ্চিত নাছিলো।


সেই দিনাখন মনটো খুব দুখ লাগিছিল।তেওঁৰ কি সমস্যা হৈছে, পৰৱৰ্তী চিকিৎসা কি হব আমি জানিছিলোঁ, কিন্তু ডিমৌ চিকিৎসালয়ত সীমিত সা সুবিধা,যন্ত্ৰ পাতিৰ অভাৱে প্ৰাৰম্ভিক চিকিৎসাৰ পাছত  ফোঁফাই থকা মানুহজনক অনিচ্ছাকৃত স্থানান্তৰিত কৰিব লগাত পৰিছিল।সেইদিনাখন ডিমৌ চিকিৎসালয়ত ২ বা ৩ খন বিছনা যুক্ত ICU এখনৰ বাৰুকৈ উপলব্ধি অনুভৱ কৰিছিলোঁ। সৌভাগ্যক্ৰমে সেই দিনাখনৰ যুদ্ধত তেওঁ জয়ী হৈছিল।


ডিমৌ চিকিৎসালয়ত এখন ICU ৰ অৱশ্যকীয়তাৰ কথা তেওঁক কথাই কথাই কৈছিলোঁ। মোক কৈছিল,"ডাঃ গিৰি আপুনি চিন্তা নকৰিব।কোনোবাই সহায় নকৰিলেও,মই আপোনাক সহায় কৰিম।এখন নূ্ন্যতম সা-সুবিধাৰ সৰু ICU এখন বনোৱাত মই সহায় কৰিম।কাৰণ মই নিজে এজন ভুক্তভোগী।"


মই আচৰিত হৈছিলো।তেওঁ নিজে বেমাৰত শয্যাশায়ী,তথাপি সমাজলৈ কিবা এটা কৰাৰ কথা দোহাৰে।মই তবধ মনিছিলোঁ।


যোৱা বছৰ এপ্ৰিল মাহত তেওঁৰ সন্মতি সাপেক্ষে সামাজিক মাধ্যম "ফেচবুকত"  ডিমৌ চিকিৎসালয়ৰ লগতে অসমৰ সৰু গ্ৰাম্য চিকিৎসালয়বোৰত এখন ICUৰ বা আনুষ‌ংগিক সা-সুবিধা আদিৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰি লিখিছিলো।সকলোৱে হয়ভৰ দিলে।কিন্তু কাৰ্য্যত আজিলৈকে ন'হলগৈ।


প্ৰায় ছমাহ মানলৈ তেওঁ ঠিকেই আছিল।হৃদ পিণ্ডৰ বিশেষজ্ঞ, বৃক্ক বিভাগৰ ডাক্তৰ সকলোৰে লগত কথা পাতি তেওঁলোকৰ বিধান মতে দৰৱ পাতিবোৰ খাই আছিল।প্ৰায় সাত মাহ মানত আকৌ সমস্যাটোৱে দেখা দিয়ে।আকৌ লৰা ধপৰা।কিছু দিনৰ পাছত আকৌ।ভ্ৰাতৃ অভয়ৰ লগত কথা পাতি বাহিৰলৈ পৰীক্ষা নিৰীক্ষা কৰিবলৈ পঠাই দিওঁ।বৃক্কৰ পৰিমাণ(ক্ৰিয়েটিনিন) বেছি হোৱা বাবে হৃদ পিণ্ডৰ এনজিওগ্ৰাফী কৰিব পৰা নগল।


ভ্ৰাতৃ অভয়ক কলো আকৌ আমনি হব পাৰে,সতৰ্ক হৈ থকাটো ভাল হব।২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁ ডিমৌ চিকিৎসালয়লৈ আহি ডাক্তৰৰ বিধানবোৰ আখৰে আখৰে পালন কৰাৰ কথা মোক দোহাৰে।সকলোবোৰ স্বাভাৱিক আছিল,মাত্ৰ বৃক্কৰ পৰিমাণটো(ক্ৰিয়েটিনিন) বাঢ়ি আছিল।


তেওঁক কলো,"এইখিনি ঠিক-ঠাক কৰি ৰাখি থলে,সকলো ঠিক হৈ থাকিব। ৰক্তচাপটো ১৫০ৰ ওপৰত বাঢ়িবলৈ নিদিব।"


তেওঁ কৈছিল,"স্বাস্থ্য অলপ থান-থিত লাগিলে, মই ডিমৌ চিকিৎসালয়ত ICU এখন বনোৱাত হাত উজান দিম।" স্বাস্থ্যজনীত সমস্যাবোৰৰ লগত তেওঁ যুঁজি থকাৰ পাছতো ৰাইজ আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থৰ কথা চিন্তা কৰা মানুহ নাইয়েই।সেই কাৰণে স্বৰ্গগামী যুগানন্দ বড়া সমাজৰ এজন ব্যতিক্ৰমী ব্যক্তি আছিল।( Assamese Fact )


 ভ্ৰাতৃ অভয়ক কলো,"যিকোনো মুহূৰ্তত আকৌ বিপদ হব পাৰে।আপোনালোকো সজাগ হৈ থাকিব।"


কিন্তু আমাক সকলোকে আচৰিত কৰি তেওঁ ১৪ জানুৱাৰী তাৰিখে একে সমস্যাত ইহলীলা সম্বৰণ কৰে।

যদিও তেওঁৰ স্বাস্থ্যজনীত সমস্যা বহু আছিল, তথাপি ইমান সোনকালে বিদায় লব বুলি ভবা নাছিলো।সমস্যা একেটাই।ৰাতি ২ বজাত  উশাহ লবলৈ অসুবিধা হোৱাত ডিমৌ চিকিৎসালয়ত আহে।কৰ্তব্যত থকা চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ৮ কিলোমিটাৰ দূৰত্বত ICU  থকা হস্পিটেললৈ স্থানান্তৰিত কৰি থাকোতে ৰাস্তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


জন্ম হলে মানুহৰ মৃত্যু হবই।সেইয়া চিৰন্তন সত্য।কিন্তু আকস্মিক স্বাস্থ্য জনীত সমস্যাত আমাৰ গ্ৰাম্য চিকিৎসালয়বোৰত পৰ্য্যাপ্ত যন্ত্ৰ-পাতিৰ অভাৱত ফোঁফাই  থকা ৰোগীৰ স্থানান্তৰ বন্ধ হওঁক তাৰেই কামনা কৰিলো।


আমি আগতেও কৈছোঁ আৰু আজিও কওঁ,আমাৰ ঘৰৰ ওচৰত এখন সন্তুলিত চিকিৎসালয়ৰ খুবেই প্ৰয়োজন।অন্ততঃ সামূহিক গাঁৱলীয়া চিকিৎসালয়বোৰৰ ব্যাপক উন্নতিকৰণৰ থল আছে।এখন সুস্থ সন্তুলিত চিকিৎসালয়ৰ বাবে সা-সুবিধাৰ লগতে সম্যক সকলো স্তৰৰ স্বাস্থ্যকৰ্মীৰও আৱশ্যক।আমাৰ স্বাস্থ্যকৰ্মী সকলে এনেকুৱা ৰোগীক কি কৰিব লাগে জানে,কিন্তু সা-সঁজুলি বা উন্নত দৰৱ আদিৰ অভাৱত চিকিৎসা প্ৰয়োগ কৰিব অপাৰগ হয়। 


আজি গাঁৱে গাঁৱে সকলোৰে হাতত 5G স্মাৰ্টফোন।কিছু বছৰৰ আগতে 1G পৰ্য্যায়ত আছিল।খুব কম সময়ৰ ভিতৰতে 5G লৈ উন্নত হল।কিন্তু আমাৰ অন্যতম মৌলিক অধিকাৰ "স্বাস্থ্য" ৰ ক্ষেত্ৰত আমাৰ গাঁৱলীয়া চিকিৎসালয়বোৰ 1G পৰ্যায়তে আছে যেন লাগে।


গ্ৰাম্য স্বাস্থ্য আৰু গ্ৰাম্য চিকিৎসালয়ৰ ক্ষেত্ৰত কিয় আমি দোপত দোপে উন্নতি কৰিব পৰা নাই,সেইয়া আমাৰ বাবে এক নুবুজা সাঁথৰ।সমাজ আৰু ৰাইজেও যেন ওচৰৰ চিকিৎসালয়খনৰ কাৰণে মাত মাতিব চেষ্টা কৰা নাই।সকলো নিমাত।সকলোৱে ভাবিছে মোৰ বা মোৰ পৰিয়ালৰ লগত হোৱা নাই।কিন্তু আমাৰ স্বাস্থ্যৰ যে অৱনতি যিকোনো মুহূৰ্তত হব পাৰে,সেইয়া আমি জানিও যেন নজনৰ ভাও জুৰিছোঁ।


আকস্মিক স্বাস্থ্যজনীত সমস্যাত আমি ওচৰৰ চিকিৎসালয়খনত সু চিকিৎসা পাম নে?নিজকে সুধি চাওঁক।যদি পাম বুলি ভাবিছে, তেনেহলে আমাৰ কব লগা একো নাই।কিন্তু যদি নাপাওঁ বুলি ভাবিছে, তেনেহলে এখোজ আগুৱাই আহক।আপোনাৰ মৌলিক অধিকাৰ সাবস্ত্য কৰক।আপোনাৰ আপোনজনৰ কেতিয়াবা দেখা দিয়া আকস্মিক স্বাস্থ্যজনীত সমস্যাবোৰক সৰু গ্ৰাম্য চিকিৎসালয়তে  সুস্থিৰ(stable) কৰিব পাৰিলেহে বিয়াগোম উন্নত চিকিৎসালয়লৈ সোঁশৰীৰে স্থানান্তৰ হব পাৰে।এই কথাটো আমি সকলোৱে মনত ৰখা ভাল।


কিবা এটা কৰাৰ মানসেৰে প্ৰয়াত যোগানন্দ বড়াৰ দৰে মুষ্টিমেয়  দুই-এজন আগ বাঢ়ি আহিব বিচাৰে, কিন্তু তেওঁলোককো ভগৱানে সোনকালে ওপৰলৈ মাতি পঠায়।এইটো ঠিক যে ওচৰৰ চিকিৎসালয়খন সুস্থ আৰু সন্তুলিত হলে, আমি সকলোৱে স্বস্তিৰ নিশ্বাস পেলাব পাৰো।কাৰণ কেতিয়াবা কিছুমান আকস্মিক স্বাস্থ্যজনীত সমস্যাবোৰত এটা ক্ষণৰ অপচয় মানেই মৃত্যু হোৱাৰ অৱকাশ থাকে।


আজি(২৮ জানুৱাৰী ২০২২) তেওঁৰ পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিনাখন তেওঁৰ নিজা সমস্যাবোৰৰ বিৰুদ্ধে যুদ্ধ কৰি থকাৰ পাছতো প্ৰতিটো মূহূৰ্তত সমাজখনৰ বাবে কিবা এটা কৰাৰ মানসিকতাক মই শ্ৰদ্ধাৰে সোঁৱৰিছো।


তেওঁ এজন অল্পভাষী, অমায়িক আৰু অত্যন্ত ভদ্ৰ লোক আছিল।এনেকুৱা এজন সমাজহিতৈষী অমায়িক ব্যক্তিৰ আকস্মিক মৃত্যুৱে সমাজৰ অপুৰণীয় ক্ষতি কৰিলে।( Assamese Fact )


তেখেতৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰক, তাৰেই কামনা কৰিলো।

Assamese Fact


ফটোত প্ৰয়াত যোগানন্দ বড়া আৰু মই (২০২১ চনৰ এপ্ৰিল মাহত তোলা)।


ধন্যবাদেৰে


Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages