শংকৰ বাউৰী,বিষাক্ত ক্ৰেইট সাপ আৰু এটা বিনীদ্ৰ নিশা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 13, 2022

শংকৰ বাউৰী,বিষাক্ত ক্ৰেইট সাপ আৰু এটা বিনীদ্ৰ নিশা : Assamese Fact

Assamese Fact

স্থান: চেপন,মৰাণ

১ মে, ৰাতি ৮ বজাত শংকৰ বাউৰীৰ ঘৰত এটা সাপৰ আগমন হয়। শংকৰ বাউৰীয়ে এটা কুঠাৰ লৈ সাপটো মাৰিব চেষ্টা কৰিছিল। ( Assamese Fact )

কিন্তু দুৰ্ভাগ্যবশত সেই সময়তে বিদ্যুত ব্যাহত হয় আৰু সাপটোৱে অত্যন্ত খঙত শংকৰৰ সো হাতৰ বুঢ়া আঙুলিত সৰ্ব শক্তিমানেৰে প্ৰহাৰ কৰে।


তৎক্ষণাৎ তেওঁলোক চেপনৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰে আৰু তাৰ সাস্থ্যকৰ্মীয়ে চৰকাৰী ডিমৌ গ্ৰাম্য  চিকিৎসালয়লৈ শংকৰক স্থানান্তৰিত কৰে।


ৰাতি ১০:৩০ বজাত কৰ্ত্যব্যৰত ডাক্তৰ সীমান্ত জ্যোতি টায়ে ৰোগী গৰাকীৰ যিহেতু কোনো বিষৰ লক্ষণ নাছিল, গতিকে তেওঁক প্ৰয্যব্যক্ষণৰ সিধান্ত লয়।


মনত ৰাখিব বিষাক্ত সাপৰ লক্ষণ থাকিলেহে আমি সাপে খোঁটাৰ বেজী(এন্তিভেনম) প্ৰয়োগ কৰোঁ।অন্যথা ২৪ ঘণ্টালৈ প্ৰয্যব্যক্ষণ কৰোঁ।


কিন্তু ৰাতি ১১:৩০ বজাৰপৰা শংকৰে থু গিলিব নোৱাৰা হয়,লাহে লাহে মাতটো লেবা লেবি হয়,চকুৰ বাদূ দুটা নামি আহে আৰু উশাহ লবলৈ অসুবিধা হয়। অৰ্থাৎ সাপটোৰ বিষে শংকৰৰ স্নায়ু ত্ৰন্ত অৱশ কৰিব আৰম্ভ কৰিছিল। লক্ষণ বোৰ বিষাক্ত ক্ৰেইট সাপৰ আছিল।এনেকুৱা অৱস্থাত এন্তিভেনম প্ৰয়োগ নকৰিলে আধা ঘণ্টাৰ  ভিতৰত ৰোগীৰ মৄত্যু হয়।


মনত ৰাখিব ক্ৰেইট সাপ সম্পূৰ্ণ নিশাচৰ। খোঁটা ঠাইডোখৰ ফুলি নাযায় বা কোনো বিষ আদি নাথাকে, কিন্তু অধাঘণ্টাৰপৰা ২৪ ঘণ্টাৰ ভিতৰত স্নায়ুতন্ত্ৰ অৱশ কৰি, উশাহ লব নোৱাৰা কৰি ব্যক্তিগৰাকীক মাৰি পেলাব পাৰে।অত্যন্ত ঘাটক সাপ।


 ডিমৌ চিকিৎসালয়ত ডাক্তৰ টায়ে ততাতৈয়াকৈ ৰাতি ১২ বজাত ১০ টা সাপে খোটা বেজী প্ৰয়োগ কৰে আৰু সাম্ভাব্য ভেন্তিলেচনৰ কথা ভাবি প্ৰগতি(ব্যক্তিগত)ICU লৈ স্থানান্তৰিত কৰে।কাৰণ শংকৰৰ জীৱনৰ কাৰণে প্ৰতিটো ক্ষণ মূল্যৱান আছিল, ডিব্ৰুগড় বহুত দুৰ হলহেতেন। শংকৰক তৎক্ষণাৎ উন্নত চিকিৎসাৰ প্ৰয়োজন আছিল। 


আমি প্ৰগতি হস্পিটেলত ৰাতি ২ বজাত শঙ্কৰৰ সংকটজনক অৱস্থা প্ৰত্যক্ষ কৰি ৰাতিপুৱা ৩ বজাত  আকৌ  ১০ টা সাপে খোটা বেজী প্ৰয়োগ কৰো।তাৰ পাছতো, ক্ৰেইট সাপৰ বিষৰ যন্ত্ৰণাত শঙ্কৰে চটফটাই গোটেই প্ৰগতি হস্পিটেল খন তাল ফাল কৰি আছিল।শংকৰৰ (ক্ৰেইট সাপৰ ) বিষৰ যন্ত্ৰণাৰ আস্ফালনে আমাৰ চকুৰ নিদ্ৰা হৰণ কৰিছিল। আমি শংকৰৰ যন্ত্ৰণা যিমান পাৰোঁ লাঘৱ কৰিব চেষ্টা কৰিছিলোঁ।কিন্তু প্ৰত্যেকটো ক্ষণত আমি যেন বিফল হৈছিলোঁ।


 আমি সাস্থ্যাকৰ্মী সকল, শঙ্কৰৰ পৰিয়ালবৰ্গই অনাগত কিছু ক্ষণত শংকৰক হেৰুওৱাৰ দুখৰ বেদনাই অত্যন্ত কষ্ট দিছিল।


সভাগ্যক্ৰমে দৰৱ বোৰে লাহে লাহে কাম কৰিব আৰম্ভ কৰিছিল আৰু  সাপে দংশন কৰাৰ সম্পূৰ্ণ ১২  ঘণ্টাৰ পাছত শংকৰ সুস্থ হৈ উঠিছিল।


শংকৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই ব্যক্তিগত নাৰ্ছিং হমৰ খৰচ বহন কৰিবলৈ অসমৰ্থ হোৱাৰ কাৰণে,শংকৰক আকৌ চৰকাৰী  ডিমৌ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


আৰু আজি  ৫ দিনৰ মূৰত শংকৰ সম্পূৰ্ণ সুস্থ।


চেপনৰ স্বাস্থ্য কৰ্মী, ডিমৌ চিকিৎসালয়ৰ চিকিৎসা কৰ্মী,প্ৰগতি চিকিৎসালয়ৰ চিকিৎসা কৰ্মীৰ‌ সন্মিলিত প্ৰচেষ্টা আৰু শংকৰৰ পৰিয়ালবৰ্গৰ আমাৰ ওপৰত আস্থাৰ বাবেই শংকৰ আজি সুস্থ।


ভাৰতবৰ্ষ আৰু অসমত সাপে খোঁটা আৰু ইয়াৰ চিকিৎসা একো একোটা কাহিনী।


মনত ৰাখিব মানুহ সাপৰ চিকাৰ নহয়। সাপৰ‌ চিকাৰ এন্দুৰ,পোক পৰুৱা আদি।সাপৰ প্ৰিয় চিকাৰ হল এন্দুৰ। চিকাৰৰ সন্ধানত মানুহৰ লগত আকস্মিক সংঘাত হোৱাৰ অৱকাশ থাকে।সেইয়েহে আমি  যিমান পাৰি সংঘাত এৰাই চৰিব লগে।


আহক আমি সকলোৱেই মিলিজুলি  মাত্ৰ দহটা নিম্নলিখিত উপায়েৰে সাপৰ লগত আমাৰ আকস্মিক সংঘাত আঁতৰাই ৰাখোঁ।( Assamese Fact )


১।পেলনীয় ভাত জতে ততে নেপেলাব।

২।পেলনীয়া ভাত আৰু লেতেৰা মানে এন্দুৰ।

৩।এন্দুৰ মানে আপুনি সাপক নিমন্ত্ৰণ দিছে। শংকৰৰ ঘৰত এন্দুৰ আছিল। সাপে এন্দুৰৰ চিকাৰ কৰিবলৈ হেহ‌ শংকৰৰ ঘৰত সোমাইছিল।

৪।পথাৰলৈ যাওঁতে দীঘল বোট পিন্ধি যাওক।

৫। এন্ধাৰ চোক কোণ আদিত  যতে ততে হাত ভৰি সুমুৱাই‌ নিদিব।

৬। দ টেংকি আদিত আন্ধাৰতে হাতটো সুমুৱাই নিদিব।ভালকে চাই লওক,লাগিলে পোহৰ দি ভাল কৈ চাই আগবাঢ়ক।

৭। জোতা পিন্ধাৰ সময়ত সাৱধান।কেতিয়াবা তেওঁলোক তাত সোমাই থাকে।

৮।ৰাতি খোজ কঢ়াৰ সময়ত  ম'বাইল ৰ টৰ্ছৰ ব্যৱহাৰ কৰক।‌

৯।মাটিত কেতিয়াও নোশুব।

১০।তথাপি যদি মাটিত শুব মন গৈছে আঠোৱা তৰি শুৱক।


সাপে খোটিলে কি নকৰিব


১) হুলস্থুল নকৰিব।

২)ৰোগীগৰাকীক ভয় নোখোৱাব।

৩)সাপটো বিচাৰিবলৈ বা মাৰিবলৈ চেষ্টা কৰি সময় খৰচ নকৰিব।

৪) খোটা ঠাইডোখৰত ব্লেড আদি মাৰি  নিদিব বা ঠাইডোখৰ চুপি বা কিবা যন্ত্ৰ লগাই বিষটো টানিব চেষ্টা নকৰিব। সেয়া কোনোপধ্যে সম্ভৱ নহয়।আমি যেনেকৈ এটোপাল নীল এক মগ পানীত পেলাই দিলে,নীলটো পানীৰ পৰা পৃথক কৰিব নোৱাৰোঁ,ঠিক তেনেদৰে ৰোগীৰ তেজত সোমাই যোৱা সাপৰ বিষটো ওলিয়াই আনিব নোৱাৰোঁ।

৫)ভৰিটো বা হাতটো বান্ধি নিদিব। এনে কৰিলে অংগটোলৈ তেজ চলাচল বন্ধ হব পাৰে।

৬)খোটা অংশটো কেতিয়াও নোধুব।

৭)কেতিয়াও খোটা অংশটো লৰচৰ হব নিদিব।এনে কৰিলে বিষটো তেজত মিহলি যোৱাৰ অৱকাশ থাকে।

৮)কেতিয়াও বেজৰ ওচৰত নিনিব।অবাৱত সময় নষ্ট নকৰিব।শংকৰৰ পৰিয়ালবৰ্গই বেজৰ ওচৰলৈ গৈ সময় নষ্ট কৰা হেঁতেন,আজি চাগে আমি তেখেতক ঘূৰাই নাপালোহেতেন।

৯)অত্যাধিক ঠান্দা বা গৰম লগাই অংশটো পুৰিব চেষ্টা নকৰিব।

১০)কোনো ধৰণৰ বনৌষধি লগাব চেষ্টা নকৰিব।কোনোধৰণৰ মলম আদি নলগাব।


কি কি কৰিব?


১)ব্যক্তিজনক সাহস দিয়ক।

২)শান্ত ভাৱে তেখেতক বুজাওক।

৩)১০৮ ক খবৰ দিয়ক।

৪)ভৰিটো বা হাতখন  প্লাষ্টাৰ মৰা নিচিনাকৈ গামোচাৰ বা কাপোৰেৰে মেৰুৱাই দিয়ক।ভৰিটো বা হাতটি লৰচৰ কৰিব নিদিব।

৫)১০৮ আহিব নোৱাৰে যদি ব্যক্তি গৰাকীক মাজত ৰাখি দুচকীয়া বাহন ব্যৱহাৰ কৰক।এজন আগফালে এজন পাছফালে আৰু ৰুগীজন মাজত বহুৱাই লওক।

৬)তৎক্ষণাৎ ওচৰৰ চিকিৎসালয়লৈ লৈ যাওক।

৭)কোনো লক্ষণ নাথাকিলেও ২৪ ঘণ্টা চিকিৎসালয়তে থাকক।কেতিয়াবা লক্ষণবোৰ লাহে লাহে হেহ দেখা দিয়ে।শংকৰৰ ক্ষেত্ৰত সাপে খোটাৰ প্ৰায় ৩ ঘণ্টাৰ পাছতহে বিহৰ (Poision)‌ লক্ষণবোৰ দেখা দিছিল।


মনত ৰাখিব সমগ্ৰ পৃথিৱীত বছৰ বছৰ ধৰি ১লাখৰো অধিক ব্যক্তি সাপে খোঁটাৰ পাছত মৃত্যু হৈ আছে।


দূৰ্ভাগ্যজনক যে আমাৰ ভাৰতবৰ্ষতে প্ৰত্যেক বছৰে ৫০ হাজাৰৰো অধিক,মানে দিনে ১৩৭ জন মানুহৰ সৰ্প দংশনৰ কাৰণে মৃত্যু হৈ আছে।


এই গোটেই মৄত্যু বোৰ কিন্তু আমি বাধা দিব পৰিলোঁহেতেন যদিহে আমি সকলোৱেই একগোট হৈ কাম কৰিলোহেতন।


আজি আমি সুখী যে শংকৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই বেজৰ ওচৰত নগৈ আধুনিক চিকিৎসা ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছিল। এই চেগতে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।


আমি আশাবাদী।

Assamese Fact


শংকৰৰ সন্মতি সাপেক্ষে ৰাইজৰ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।( Assamese Fact )


ধন্যবাদ

Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages