"ছাৰ,অপাৰেচন কক্ষত মোক কেতিয়াবাই সুমুৱাই আপুনি কলৈ গল?"অস্ত্ৰোপচাৰ বিচনাত চিজাৰীয়ান অস্ত্ৰোপচাৰৰ বাবে শুই থকা বৰ্ণালীয়ে অস্বস্তিত ভেকাহি মাৰি কথাখিনি কয়।( Assamese Fact )
মই হাঁহি মাৰি কঁকালত এনেষ্ঠেছীয়া বেজীটো দি থাকোতে বৰ্ণালীক মিছা সান্তনা দি কওঁ "তোমাৰ সন্তানটিৰ জন্মৰ সময় হোৱা নাছিল চাগে,সেইকাৰণে নেদেখা জনে মোক অন্য ফালে ব্যস্ত কৰি ৰাখিলে।"
"ছাৰ,১০ মান বজাত পথাৰলৈ গৈছিলোঁ। দীঘলে কামুৰিলে নেকি?মই নেদেখিলো, এতিয়া অত্যন্ত বিষ হৈছে।"
লেঙেৰিয়াই লেঙেৰিয়াই ডিমৌ চৰকাৰী গ্ৰাম্য চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষৰ মোৰ ৰুমলৈ আহি তেওঁ একে উশাহতে কথা খিনি কৈ ৰোগী চোৱা বিচনাখনত ঢলি পৰে।কিবা এটাই সো ভৰিত কামোৰাৰ পাছত প্ৰায় ১২ মান বজাত হস্পিটেলত ভৰ্তি হোৱা শ্ৰী ভদ্ৰ ৰাম গায়নে কিছু অস্বস্তি অনুভৱ কৰাত, স্বাস্থ্যকৰ্মী অঞ্জলী চাংমায়ে ডিমৌ চিকিৎসালয়ৰ তলৰ মহলাত থকা সৰ্প দংশন ৰুমৰপৰা প্ৰথম মহলাত থকা অস্ত্ৰোপচাৰ কক্ষলৈ তেখেতক লৈ আহে।
মই যেতিয়া তেওঁক পৰীক্ষা কৰো,তেখেতৰ BP ওপৰৰটো ২৩০ আৰু তলৰটো ১২০ আছিল।সেই মুহূৰ্তত তেওঁ প্ৰায় সুস্থই আছিল।মাত্ৰ কিছু ভয় খাই থকা যেন অনুমান হৈছিল।কামোৰা ঠাইত মাত্ৰ এটা বিন্দু দাগ আছিল।ৰোগীৰ সেই মুহূৰ্তৰ অৱস্থাটো পৰীক্ষা কৰি সৰ্প দংশন যেন লগা নাছিল।
শ্ৰী ভদ্ৰ ৰাম গায়ন,৬১ বছৰ
নিতাই পুখুৰী
গৰভঙা গাওঁ
ডিমৌ, শিৱসাগৰ
৫ নৱেম্বৰ ২০২১
প্ৰেচাৰ কমাবলৈ টেবলেটৰ বিধান দি তেওঁক কলো,
"দীঘলৰ দংশন(সৰ্প দংশন) যেন লগা নাই।তথাপি আপোনাক মোৰ সন্মুখত পৰ্য্যেবেক্ষণ কৰিম।আপোনাৰ ঘটনাৰ আনুমানিক সময় ৰাতিপুৱা ১০ বজা। এতিয়া দুপৰীয়াৰ ১-১০ মিনিট হৈছে।যদি বিষাক্ত সাপ হয়, তেনেহলে ফেঁটী সাপ হব।ক্ৰেইট সাপ নহয়, কাৰণ আপোনাৰ খোটা ঠাইত অত্যন্ত বিষ আছে।পিট ভাইপাৰ নহয়, কাৰণ আপোনাৰ তেজ স্বাভাৱিক ভাবে গোট মাৰি আছে।যদি ফেঁটী সাপৰ দংশন হয়, তেনেহলে ৪ ঘণ্টাত, অৰ্থাৎ প্ৰায় ১-৩০ বা ৩ বজাৰ ভিতৰত লক্ষণবোৰ আহিব।"
তেখেতক সাহস দিবলৈ আমাৰ এন্টিভেনমৰ মজুতিকৰণবোৰ দেখুৱাই কলো, "আমি যুদ্ধ কৰিবলৈ অস্ত্ৰ পাতিৰে সাজু হৈ আছোঁ।চিন্তা কৰিব নালাগে।" লগত অহা কণিষ্ঠ পুত্ৰ শ্ৰী মান লাটো কৃষ্ণ গায়ন আৰু ভদ্ৰ গায়নৰ পৰিবাৰক একে কথাখিনি কৈ অস্ত্ৰোপচাৰ কক্ষত শেষ হব ধৰা ৩ নম্বৰ চিজাৰীয়ান অস্ত্ৰোপচাৰত ব্যস্ত হওঁ।
৩ নম্বৰ চিজাৰীয়ানটো শেষ কৰি,তেখেতৰ লগত বিভিন্ন ঘৰুৱা কথা পাতি আছিলোঁ।মাজতে তেওঁ পানী খাম বুলি কোৱাত,পৰিবাৰে প্ৰায় ২ মান বজাত অলপ পানী খাব দিয়ে।
অদ্ভুত ভাবে মুখটো বিকটাই তেওঁ চিঞৰি উঠিল,
"ইমান তিতা পানী"
মোৰ বুজিবলৈ বাকী নাথাকিল।সম্ভৱ তেখেতক অত্যন্ত বিষাক্ত চকৰি ফেঁটীয়ে দংশন কৰিছে।
ফেঁটী সাপৰ বিহে আমাৰ জিভাৰ সোৱাদ কোষবোৰত কেতিয়াবা ৰাসায়নিক পৰিৱৰ্তন আনি দিয়াৰ কাৰণে ৰোগীয়ে তিতা ভাব অনুভৱ কৰে।ফেঁটী সাপৰ বিহে সৰ্বপ্ৰথম আমাৰ লাওখোলাত থকা স্নায়ুবোৰত আক্ৰমণ কৰে।আমাৰ জিভাৰ সোৱাদ কোষবোৰ আমাৰ লাওখোলাৰ স্নায়ুৰ লগত পোনপটীয়া সম্পর্ক থাকে।আমি যেতিয়া মিঠা বা তিতা খাদ্য খাওঁ,সেই খাদ্য আমাৰ জিভাৰ সোৱাদ কোষলৈ যায়।সোৱাদ কোষত তৎক্ষণাত চডিয়াম সোমাই আৰু পটাছিয়াম বোলা ৰাসায়নিক দ্ৰব্য ওলাই যায়।লগে লগে সোৱাদ কোষ টোৰ লগত লাগি থকা স্নায়ু ডালত এটা তৰংগ উৎপন্ন হয়।সেই তৰংগ সংকেত হিচাবে আমাৰ মগজুলৈ যায়।মগজুয়ে সাংকেতিক তৰংগটো পৰ্য্যালোচনা কৰি খাদ্যটো মিঠা বা তিতা বুলি আমাক জানিব দিয়ে।এই ৰাসায়নিক ঘটনাবোৰ থাওকতে হয়।
ফেঁটী সাপৰ বিহে আমাৰ শৰীৰৰ যিকোনো অংশত আক্ৰমণ কৰিব পাৰে।ভদ্ৰ গায়নৰ ক্ষেত্ৰত ফেঁটী সাপৰ বিহে তেখেতৰ সোৱাদ কোষৰ চডিয়াম সোমোৱা আৰু পটাছিয়াম ওলাই যোৱা স্বাভাৱিক ব্যৱস্থাটোক অকামিলা কৰাৰ বাবে,এটা অদ্ভূত আৰু খেলি মেলি সংকেত তেখেতৰ মগজুলৈ যোৱাৰ কাৰণেই, মুখটো বেয়া লগা বা তিতা লগা বা সোৱাদ নলগা হৈছিল।
মনত ৰাখিব, বিভিন্ন কাৰণৰ কাৰণে মুখ বেয়া লগা বা তিতা তিতা লগা হব পাৰে।এই লক্ষণটোৰ কাৰণেই এন্টিভেনম বেজী দিব নালাগে।এই লক্ষণৰ লগত আনুসংগিক লক্ষণ যেনে খোটা অংশত অত্যন্ত বিষ,বমি ইচাট বিচাট লগা,পিয়াহ লগা,ডিঙি বিষোৱা আদি প্ৰথম লক্ষণ বোৰও থাকিব লাগিব।
শ্ৰী ভদ্ৰ গায়নে ইচাট বিচাট কৰি আছিল।মুখখন শুকাই গৈছিল, লগতে জিভাৰ সোৱাদৰ পৰিৱৰ্তন হৈছিল কাৰণে আমি বিষাক্ত ফেঁটী সাপৰ দংশন হৈছিল বুলি ডায়গ্নছিছ কিৰিছিলোঁ।
পুত্ৰক বেলেগ এটা ৰুমলৈ মাতি নি কলো,
"সম্ভৱ ফেঁটী সাপৰ দংশন হৈছে।এন্টিভেনম বেজী দিব লাগিব।"( Assamese Fact )
এষাৰো প্ৰশ্ন নোসোধাকৈ তেওঁ সন্মতি দিয়ে।তৎক্ষণাত বীণা বাইদেউ, পোনা দা,নাৰ্ছ ডেইজী,মালতী, সুমিষ্ঠা,মৃদুষীক এন্টিভেনম বেজী প্ৰস্তুত কৰিবলৈ কওঁ।
এন্টিভেনম বেজীৰ যা যোগাৰ কৰি থাকোতে, গায়নৰ ফেঁটী সাপৰ বিহৰ মৰাত্মক লক্ষণবোৰ পৰিস্ফুট হব আৰম্ভ কৰে।থু গিলিবি নোৱাৰা হয়,উশাহ টানিব নোৱাৰা হয়,ডিঙিৰ মাংসপেশীবোৰ অৱশ হৈ মানুহজন জঠৰ হৈ যায়।কথাবোৰো অস্পষ্ট হৈছিল।সন্মুখত মৃত্যু দেখি, তেওঁ লৰাটো আৰু পৰিবাৰক উদ্দেশ্যি কয়,
"মই যাওঁ।তেখেতে মাতিছে।মই নাবাচো চাগে।মাক ভালদৰে চাবি।"
সকলোৱে যেন তেওঁৰ কথা মানি লৈছিল।কণিষ্ঠ পুত্ৰয়েও তেওঁৰ মূৰ শিতানত মবাইলতে হৰি নাম বজাই বিমৰ্ষ মনেৰে আমালৈ চাই আছিল।পৰিবাৰেও ভগৱান কৃষ্ণৰ নাম লৈ জপ আৰম্ভ কৰিছিল।
তেওঁৰ বুকুৰ ওপৰত হাতখন থৈ কলো,
"আমি আছোঁ, চিন্তা নকৰিব।সকলো ভাল হৈ যাব।যিমানেই বিষধৰ সাপ নহওক কিয় বা যিমানেই বিহ নাঢালক কিয়, সম্পূৰ্ণ ভাল হৈ যাব।আপুনি একো চিন্তা কৰিব নালাগে।"
মোবাইলত হৰি নাম,পৰিবাৰৰ ভগৱান কৃষ্ণ কৃষ্ণ জপ,আমি স্বাস্থ্য কৰ্মীসকলৰ এইটো বেজী/সেওটো বেজীৰ প্ৰয়োগ আৰু ভদ্ৰ গায়নৰ ফেঁটী সাপৰ বিহত চটফটনিৰ চিৎকাৰত, আমাৰ অস্ত্ৰোপচাৰ কক্ষৰ পৰিৱেশটো একেবাৰে সেমেকি গৈছিল।সকলোৰে বিষণ্ণ মন! কি বা হব?আমি মাত্ৰ সময়লৈ অপেক্ষা কৰিছিলোঁ।তাৰ বাদে একো উপায় নাছিল।শ্ৰী ভদ্ৰ গায়নৰ দ্ৰুত গতিত স্বাস্থ্যৰ অৱনতি প্ৰত্যক্ষ কৰি,মই মনে মনে ভাবি আছিলো, এইবাৰ আমি বিফল হম নেকি?
মৃতপ্ৰায় ভদ্ৰৰ পৰিয়ালবৰ্গৰ আমাৰ ওপৰত আস্থা/বিশ্বাসে যেন আমাক দুগুণ সাহস দিছিল।স্বামী আৰু পিতাৰ এনেকুৱা সংকট জনক অৱস্থাটো তেওঁলোক অকণো বিচলিত নহৈ,হাই উৰুমী নকৰাকৈ আমাক আমাৰ কামবোৰ কৰিবলৈ সম্পূৰ্ণৰূপে সহযোগ কৰিছিল।
মই তেওঁৰ বুকুতে হাতখন থৈ সাহস দি আছিলোঁ।এনেকুৱা মুহূৰ্তত কিছুমানৰ ক্ষেত্ৰত সেয়াই সঞ্জীৱনী হিচাবে কাম কৰে।
আমি জানো যিমান ক্ষিপ্ৰতাৰে ফেঁটী সাপৰ বিহে ক্ৰীয়া কৰিছে, তাতোকৈ ২০ গুণ গতিত লক্ষণবোৰ নাইকীয়া হব আৰু সেয়াই হল।প্ৰায় ২০ মিনিটৰ ভিতৰত ২০ টা এন্টিভেনম বেজী আৰু নিঅস্তিগ্মীন বেজী প্ৰয়োগ কৰাৰ পাছত আৰু আত্মীয়, আমাৰ স্বাস্থ্যকৰ্মী সকলৰ অপ্ৰাণ চেষ্টাত লাহে লাহে ভদ্ৰ গায়ন সুস্থ হয়।
এইবাৰ তেখেতৰ পৰিবাৰে দিয়া পানীকণ খাই তেওঁ কয়,
"ও এতিয়া সোৱাদ পাইছোঁ।উশাহ টানিব পাৰিছোঁ।পানী,থু গিলিব পাৰিছোঁ,খোটা অংশত বিষটোও কমিছে,জিভাটো লাগি যোৱা নাই।উফ,জমৰ দুৱাৰ দলিৰৰপৰা উভতি আহিলোঁ দেই।"
সেয়ে আমাৰ আপোনালোকক অনুৰোধ,কিবা এটাই কামোৰিছে,সৰ্প দংশন হবও পাৰে।তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি হওক।
পিছত গোটেই কথাবোৰ গম পাই এটা লৰাৰ মাতৃ হৈ,অস্ত্ৰোপচাৰ কক্ষৰপৰা ওলোৱাৰ আগতে বৰ্ণালীয়ে মোক কৈ গল,
"ছাৰ বেয়া নাপাব।মই কথাবোৰ গম পোৱা নাছিলোঁ।"
পৃথিৱীৰ প্ৰত্যেকজন স্বাস্থ্যকৰ্মীয়ে সদায় প্ৰথমে আপাত কালীন ৰোগীক আগভাগ দিয়ে।কোনো স্বাস্থ্য কৰ্মীয়ে মৰিলে মৰক, মোৰ কৰ্তব্য শেষ, মোৰ বেলেগ কাম আছে,বিয়ালৈ যাব লাগে আদি বিভিন্ন অজুহাত দেখাই ৰোগীক বা আত্মীয়ক অথাই সাগৰত পেলাই থৈ নাযায়।নিজৰ ব্যক্তিগত কামবোৰও জ্বলাঞ্জলি দিয়ে।সেইবাবে কেতিয়াবা কোনোবা আপাত কালীন নোহোৱা ৰোগীক নিদৃষ্ট সময়ত উপস্থিত থাকিম বুলি কোৱাৰ পাছতো, আমি সেই সময়ত উপস্থিত নহবও পাৰে।তেনে ক্ষেত্ৰত ৰোগীৰ বা ৰোগীৰ আত্মীয়ৰ খং উঠা স্বাভাৱিক।
কিন্তু আমি কি পৰিস্থিতিত সময়ত উপস্থিত হব নোৱাৰিলো, কাৰো ভাবিবলৈ বা জানিবলৈ আহৰি নাই।
আমি স্বাস্থ্য কৰ্মী সকলো সমাজৰ এটা অংগ!আপোনালোকৰ যেনেকৈ নিজৰ কৰ্ত্যবৰ বাদেও বেলেগ বেলেগ কাম থাকে, আমাৰো থাকে।কৰবাত পৰিয়ালৰ লগত বিয়ালৈ যাব লাগে বা কাৰোবাৰ সকামলৈ যাব লাগে ইত্যাদি ইত্যাদি।আপোনালোকে যেনেকৈ দিনটোৰ সময় খিনি বিভিন্ন কামৰ বাবে ভাগ কৰে,আমিও তেনেদৰেই ভাগ কৰো, কিন্তু আমি প্ৰায়ে সামাজিক কামবোৰত উপস্থিত থাকিব নোৱাৰা হওঁ।৪ টা চিজাৰীয়ান আছে,ইমান টা মান বজাত শেষ হব,তাৰ পাছত এইকেইটা কাম কৰিব লাগিব ইত্যাদি বুলি ভাবি আমি আমাৰ দিনটো আৰম্ভ কৰো।কিন্তু প্ৰায়ে আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি নিচিনা হয়।
সেই দিনটোত আৰু সেই মুহূৰ্তত, কৰিব লগীয়া দুয়োটা কৰ্মত শ্ৰী ভদ্ৰ গায়নৰ আকস্মিক স্বাস্থ্যৰ অৱনতিক সেই মুহূৰ্তত অস্ত্ৰোপচাৰ কক্ষত উপস্থিত সকলো স্বাস্থ্য কৰ্মী সকলে আপাতকলীন অৱস্থা নোহোৱা চিজাৰীয়ানতকৈ আগভাগ দিছিল।হয় আমাৰ অস্ত্ৰোপচাৰৰ গতি ডেৰ ঘণ্টালৈ স্থবিৰ হৈছিল।
কিন্তু সেই স্থৱিৰতাই কাৰোবাৰ জীৱনত গতিশীলতা আনিছিল।স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ ডাঃ সীমান্ত জ্যোতি টায়ে সহিত উপস্থিত সকলো স্বাস্থ্য কৰ্মীৰ গতানুগতিক গতি ৰুদ্ধ হৈছিল যদিও কাৰোবাৰ ৰুদ্ধ হব ধৰা গতিত গতিশীলতা প্ৰদান কৰি সেইদিনাখন সকলোৱে গৌৰাম্বিত অনুভৱ কৰিছিল।
তথাপি আমি স্বাস্থ্যকর্মীবোৰ ৰাইজ আৰু সমাজৰ ৰোষৰ বলি হওঁ,সেয়াহে আমাৰ কাৰণে এক নুবুজা সাঁথৰ।
সম্ভৱ এইয়াই আমি স্বাস্থ্যকৰ্মী সকলৰ জীৱন।
বি:দ্ৰ : মুখখন বেয়া লাগিছে বা তিতা লাগিছে ভাবটো হলেই যে বিষাক্ত সৰ্প দংশন হৈছে,তেনে কথা নহয়।বেলেগ আনুসংগিক লক্ষণবোৰ থাকিলেহে বিষাক্ত সৰ্প দংশন বুলি ভাবিব পাৰি।
শ্ৰী ভদ্ৰ গায়নৰ সন্মতি সাপেক্ষে, ৰাইজ, সমাজ আৰু স্বাস্থ্যকৰ্মী সকলৰ সজাগতাৰ বাবে প্ৰকাশিত।( Assamese Fact )
ধ্যন্যবাদেৰে
ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭
No comments:
Post a Comment