পিট ভাইপাৰ সাপৰ চিকিৎসা পদ্ধতি সম্পূৰ্ণ বেলেগ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 11, 2022

পিট ভাইপাৰ সাপৰ চিকিৎসা পদ্ধতি সম্পূৰ্ণ বেলেগ : Assamese Fact

Assamese Fact
Representative image


২০১৮ চনৰ কথা।শিৱসাগৰৰ চোনপুৰাৰ বাসিন্দা ৩০ বছৰীয়া শ্ৰী নৱজ্যোতি বৰগোহাঁই পথাৰলৈ যাওঁতে  ভৰিত এডাল সাপে দংশন কৰিছিল।( Assamese Fact )



তেওঁ তৎক্ষণাত (ব্যক্তিগত) প্ৰগতি চিকিৎসালয়ত ভৰ্তি হৈছিল।খোটা অংশটোত অত্যন্ত বিষ আৰু ফুলি আছিল।লগতে সাপৰ বিহটোৱে তেজটোও স্বাভাৱিক ভাবে গোট মাৰিব দিয়া নাছিল।সুস্থ ব্যক্তিৰ তেজটো প্ৰায় ২০ মিনিটৰ ভিতৰতে গোট মাৰে।কিন্তু নৱজ্যোতিৰ তেজটো অসীম কাললৈ গোট মৰা নাছিল।INR বোলা তেজৰ মাত্ৰাটো মেচিনে ৰেকৰ্ডয়েই কৰিব পৰা নাছিল।এনেকুৱা অৱস্থাত শৰীৰৰ বিভিন্ন অংশৰ পৰা অস্বাভাৱিক ৰক্তক্ষৰণ হৈ ৰোগীৰ যিকোনো মুহূৰ্তত মৃত্যু হোৱাৰ অৱকাশ থাকে। আমাক দিয়া শিক্ষা, আমাৰ কিতাপ আৰু প্ৰটকলৰ  মতেই আমি তেওঁক এন্টিভেনম বেজী প্ৰয়োগ কৰো।কিন্তু এদিন দুদিন কৈ ৮ দিনলৈকে পৰ্য্যায়ক্ৰমে সৰ্বমুঠ ৫৫ টা বেজী দিয়াৰ পাছতো তেওঁৰ তেজটো স্বভাৱিক ভাবে গোট মৰা নাছিল।


এনে ৰোগীৰ চিকিৎসাত আমাক আমাৰ প্ৰটকলে, যেতিয়া লৈকে তেজ স্বাভাৱিক ভাবে গোট নামেৰে বা তেজৰ INR বোলা মাত্ৰাটো স্বাভাৱিক নহয়,তেতিয়ালৈকে এন্টিভেনম বেজী দি থকাৰ কথা উল্লেখ আছে। ৯ দিনত নৱজ্যোতিৰ তেজটো গোট মৰাৰ লগতে INRৰ মাত্ৰাটো স্বাভাৱিক হৈছিল আৰু দশম দিনাখন তেওঁক হস্পিটেলৰপৰা ছুটি দিয়া হৈছিল।


নৱজ্যোতি সুকলমে ঘৰ পাইছিল গৈ ! কিন্তু আমালৈ  বহু প্ৰশ্ন এৰি থৈ গৈছিল।কিতাপে কয় এন্টিভেনম বেজী দিলেই বিষাক্ত সাপৰ বিহ অকামিলা হব আৰু তেজটো গোট মাৰিব।কিন্তু নৱজ্যোতিৰ ক্ষেত্ৰত কিয় নহল?তাৰ পাছত আৰু ১০ জন ৰোগীৰ ক্ষেত্ৰতো একেই কথা।কৌতুহুল বাঢ়ি গৈ থাকিল।সাপৰ বিচিত্ৰ পৃথিৱীত লাহে লাহে সোমাই গলো।বিচাৰ খোচাৰ আৰম্ভ হল।বিভিন্ন ডাক্তৰ, সৰীসৃপ বিশেষজ্ঞ আৰু আমাৰ অসমৰ বিভিন্ন সৰ্প উদ্ধাৰক সকলৰ লগত আলোচনা বিলোচনা হয়।আমাৰ অসমত কি এনে সাপ আছে,যাৰ কাৰণে আমাৰ দেশত উপলব্ধ এন্টিভেনম দিলেও কাম নকৰে?প্ৰশ্নটোৰ উত্তৰ বিচাৰি যাওঁতে আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ব্যাপক ভাবে পোৱা পিট ভাইপাৰ বোলা সাপৰ বিষয়ে জানিব পাৰো।


আমাৰ দেশত পোৱা এন্টিভেনম বেজীবোৰ বিষাক্ত ফেঁটী, ক্ৰেইট,ৰাছেল  ভাইপাৰ আৰু চ-স্কেল ভাইপাৰ সাপৰ বিহৰ পৰা বনোৱা হয়।অৰ্থাৎ আমাৰ দেশত পোৱা এন্টিভেনমে এই সাপ কেইডালে দংশন কৰা ৰোগীক সম্পূৰ্ণৰূপে আৰোগ্য কৰাব পাৰে।আমি নিজেও সেইয়া প্ৰমাণ পাইছো।আমোদ জনক কথা হল আমাৰ অসম মুলুকত ৰাছেল ভাইপাৰ(পশ্চিম বংগ আৰু অসমৰ সীমান্তবৰ্তী, নামনি অসমৰ কিছু ঠাইত ইয়াৰ উপস্থিতি আছে বুলি কোৱা হয়, কিন্তু কোনো দংশনৰ কথা আমি গম পোৱা নাই) আৰু ছ স্কেল ভাইপাৰ পোৱা নাযায়।অৰ্থাৎ আমাৰ দেশত উপলব্ধ এন্টিভেনমবোৰত পিট ভাইপাৰ সাপৰ বিহৰ পৰা বনোৱা প্ৰতিবিহ(antibody) নাই।এই এন্টিভেনমবোৰে বাৰু কেনেকৈ আমাৰ অসম মুলুকত দেখিবলৈ পোৱা পিট ভাইপাৰৰ বিহবোৰ অকামিলা কৰিব?আমাৰ প্ৰশ্নৰ উত্তৰ পাবলৈ আমি সক্ষম হওঁ।

 

বহু আলোচনা-বিলোচনা, পঢ়া-শুনা কৰাৰ পাছত, লাহে লাহে আমি পিট ভাইপাৰে দংশন কৰা ৰোগীক এন্টিভেনম দিব বন্ধ কৰিলো।এন্টিভেনম বেজী প্ৰয়োগ কৰিলে কেতিয়াবা পাৰ্শ্বক্ৰিয়া হোৱাও দেখা যায়।যদি কামেই নকৰে, তেনেহলে এনে এনেই কিয় দিওঁ?আকৌ যদি এন্টিভেনম নিদিওঁ আৰু কেনেবাকৈ ৰোগীৰ মৃত্যু হয়, তেনেহলে আমাৰেই ডাক্তৰ সমাজে আমাক প্ৰশ্ন কৰিব।আমাক দুষিব।প্ৰটকল মতে এন্টিভেনম দিব কৈছে,তোমালোকে কিয় নিদিলা?ৰোগীৰ জীৱনক লৈ কেলৈ হেতালি খেলিলা আদি বিভিন্ন প্রশ্নই আমাক থকা সৰকা কৰিব।


সেইবাবে খুব সন্তপৰ্ণে আগ বাঢ়িলোঁ।আমি জানিছিলো যদি এজন ৰোগীৰ মৃত্যু হলহেঁতেন,তেনেহলে আমাক সমাজ, ৰাইজ আৰু আমাৰ ডাক্তৰ সমাজেও সুদাই নেৰিলে হেতেন।কিন্তু কিবা এটা সিদ্ধান্তত উপনীত হবলৈ ৰিক্সটো লবৈ লাগিব।


লাহে লাহে আমি আমাৰ নিজেই নিজৰ প্ৰটকল বনালো।এজন দুজনকৈ  বিষাক্ত পিট ভাইপাৰ সাপে দংশন কৰা ১০০ জন ৰোগীক কোনো এন্টিভেনম নিদিয়াকৈ আমাৰ নিজস্ব নতুন পদ্ধতিৰে এনে ৰোগীক চিকিৎসা কৰা হয় আৰু কোনো ৰোগীৰে অকণো

 হানি -বিঘিনি নোহোৱাকৈ সম্পূৰ্ণৰূপে ভাল হৈ যায়।


বিভিন্ন বিজ্ঞানসন্মত আলোচনা আদিত আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষাক্ত পিট ভাইপাৰৰ দংশনত ভাৰতত পোৱা এন্টিভেনমে কাম নকৰে, আমি আমাৰ অসমৰ কাৰণে এই সাপবিধৰ কাৰণে বেলেগ পিট ভাইপাৰ এন্টিভেনম বনাব লাগিব আদি কথাবোৰ উপস্থাপন কৰিলো। বিজ্ঞ সমাজে আমাক প্ৰশ্ন কৰিছিল?তুমি কলেই হবনে?গৱেষণা কত?প্ৰমাণ কত?কেইজনমানে কলে মই সংজ্ঞাহাৰক চিকিৎসকহে! মোৰ কাম অস্ত্ৰোপচাৰ কক্ষতহে।তুমি মেডিচিন বিশেষজ্ঞ নোহোৱা নহয়,কেনেকৈ কলা?


বিজ্ঞ সমাজৰপৰা ভীষণ ভাবে সমালোচিত হৈছিলো।  বিজ্ঞ সমাজৰ এনেবোৰ কথাই মাজে মাজে বিচলিত কৰিছিল।দুখ লাগিছিল।সম্পূৰ্ণৰূপে নিৰাশও হৈছিলো।বহু সময়ত থমকিও ৰৈছিলো।কিন্তু ৰোগীৰ বিশ্বাস আৰু তেওঁলোকৰ সম্পূৰ্ণ আৰোগ্যই আমাক দুগুণ উৎসাহ দিছিল।বিজ্ঞ সমাজৰ সকলোবোৰ সমালোচনা একাষৰীয়া কৰি,আমাৰ ডিমৌ চিকিৎসালয়ৰ লগতে শিৱসাগৰৰ বাহিৰৰ অসমৰে  কিছু চিকিৎসক বন্ধু আৰু স্বাস্থ্য কৰ্মী সকলৰ সহযোগত নীৰৱে কামবোৰ কৰি থাকিলো।সামাজিক মাধ্যম ফেচবুকৰ সহায়ও ললো।( Assamese Fact )



তেতিয়াই ভগৱানে যেন আমাক কলিকতাৰ সৰীসৃপ বিশেষজ্ঞ শ্ৰী বিশাল চাণ্টাৰা, ইংলেণ্ডৰ পিট ভাইপাৰ বিশেষজ্ঞ  অনিতা মলসত্ৰা আৰু তেজপুৰ বিশ্ব বিদ্যালয়ৰ ডঃ ৰবীন দলে ৰ লগত চিনাকি কৰায় দিয়ে।মই মোৰ দুবিধাৰ কথা তেওঁলোকক কওঁ।তেওঁলোকে কলে,"ৰোগীক চিকিৎসা কৰা তথ্যবোৰ তোমাৰ,আমি উত্তৰ -পূৰ্বাঞ্চলৰ পিট ভাইপাৰ সাপৰ বিহ উলিয়াই গৱেষণাগাৰত বৰ্তমান ভাৰতত পোৱা এন্টিভেনমৰে পিট ভাইপাৰৰ বিহ অকামিলা কৰিব চেষ্টা কৰিম।আমাৰ গৱেষণাগাৰৰ তথ্য আৰু তোমাৰ তথ্য যদি মিলি যায়, তেনেহলে কোনেও তোমাক আঙুলি টুৱাব নোৱাৰে।তোমাৰ কথাবোৰ প্ৰতিষ্ঠিত হব।"


কথা মতেই কাম আৰম্ভ হয়।আমি কৰিব পৰা কামবোৰ তেওঁলোকে নোৱাৰে আৰু তেওঁলোকে গৱেষণাগাৰত কৰা কামবোৰ আমি চিকিৎসকসকলে কোনোপধ্যেই কৰিব নোৱাৰো।ইজনে সিজনৰ সাহস হলো।একেলগে আমি মিলি গৱেষণা পত্ৰখন লিখিব আৰম্ভ কৰিলোঁ।


আন্তঃৰাষ্ট্ৰীয় সৰীসৃপ আৰু বিহ সংগঠন,

(International Society of Toxinology),আমেৰিকা(American society of Toxinology) আৰু ব্ৰাজিল(Brazil Society of Toxinology)সৰীসৃপ আৰু বিহ সংগঠনৰ বিয়াগোম সৰ্পবিদ আৰু সৰ্পবিদ চিকিৎসকে আমাৰ ডিমৌ চিকিৎসালয়ত পিট ভাইপাৰৰ ১০০ জন ৰোগীক এন্টিভেনম নিদিয়াকৈ চিকিৎসা প্ৰদান কৰা ৰোগীৰ টিকেট আৰু আমাৰ প্ৰটকলবোৰ ইমেইলত তেওঁলোকে বিচৰাত পঠাই দিলোঁ।


তেওঁলোকে বিভিন্ন প্ৰশ্ন কৰিলে।আমি যথা-যথ উত্তৰ দিব চেষ্টা কৰিলো।তেজপুৰ বিশ্ববিদ্যালয়ৰপৰাও খবৰ আহিল, হয় বৰ্তমান আমাৰ ভাৰতবর্ষত পোৱা এন্টিভেনমে অসম আৰু উত্তৰ-পূবত পোৱা বিষাক্ত পিট ভাইপাৰৰ সাপৰ বিহ অকামিলা কৰিব নোৱাৰে।অৰ্থাৎ দুয়ো ফালৰ পৰা সকলো কথাবোৰ মিলি গৈছিল।


সকলোবোৰ বাধা নেওচি, আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী সকলে অৱশেষত সাপ আৰু বিহৰ ক্ষেত্ৰত বিবেচিত সৰ্বোত্তম জাৰ্নেল toxicon ত আমাৰ সকলোৰে প্ৰচেষ্টাক যথোচিত স্বীকৃতি দি প্ৰকাশ কৰে।


গৱেষণা পত্ৰখন প্ৰকাশ হোৱাৰ পাছত কেইজন মানে আমাক সুধিছিল,"আমাৰ দেশৰ জাৰ্নেলত কেলৈ নিদিলা।" আমি আমাৰ কামৰ এজন নিৰপেক্ষ, আমাক চিনি নোপোৱা,বিজ্ঞানী/বিশেষজ্ঞৰ দ্বাৰা আমাক সমীক্ষা/পৰ্য্যালোচনা কৰাটো বিচাৰিছিলো।আমাৰ দেশৰ জাৰ্নেলত প্ৰকাশ পোৱা হেতেন সেই ভদ্ৰ লোকজনেই কলেহেঁতে,"সমীক্ষা/পৰ্য্যালোচনা কৰা সকলে আমাক চিনি পায় কাৰণে প্ৰকাশ হল।"সেই বাবেই আমি নিৰপেক্ষ চিকিৎসক/সৰ্পবিদ/বিজ্ঞানীৰ দ্বাৰা আমাৰ গৱেষণা পত্ৰখন পৰ্য্যালোচন হোৱাটো বিচাৰিছিলো কাৰণে আমি বিদেশৰ জাৰ্নেলখন বাছি লৈছিলো।


বিশ্বৰ বিজ্ঞানী আৰু গৱেষক সকলে Elsevier প্ৰকাশনত তেওঁলোকৰ গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ সদায় সপোন দেখে।আমাৰো একেই সপোন আছিল।কোৱা হয় যেতিয়ালৈকে বিজ্ঞানী সমাজে স্বীকৃতি নিদিয়ে, তেতিয়ালৈকে আপুনি কৰা নতুন কামৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।আমাৰ কথাবোৰ প্ৰতিষ্ঠিত কৰাৰ কাৰণে, তেওঁলোক সকলোকে ধ্যন্যবাদ জ্ঞাপন কৰিছো।


এই সুযোগতে আমি আমাৰ সকলো স্বাস্থ্য কৰ্মীক অশেষ ধ্যন্যবাদ জ্ঞাপন কৰিছো।আমাৰ ওপৰত বিশ্বাস কৰাৰ আমাৰ সমাজ, ৰোগী,ৰোগীৰ অভিভাৱক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।সৰ্প দংশন আৰু সজাগতাত বিভিন্ন সময়ত আমাক সহায় কৰাৰ বাবে বিভিন্ন সংগঠন, সংবাদ মাধ্যম,সাংবাদিক আৰু ফেচবুক সকলোকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।


এই সাপ বিধৰ কাৰণে পিট ভাইপাৰ এন্টিভেনম প্ৰস্তুত কৰাৰ কথা আমাৰ অসমৰ বিজ্ঞানীসকলে গুণা গথা কৰি আছে।যদি  এই বিষাক্ত সাপবিধৰ কাৰণে আমি  পিট ভাইপাৰ  এন্টিভেনম প্ৰস্তুত কৰিব পাৰো, তেনেহলে ৰোগী সোনকালে আৰোগ্য হব আৰু ১০ দিনৰ ঠাইত দুই বা তিনি দিনতে ৰোগীক ছুটি দিব পৰা যাব।বৰ্তমানৰ চিকিৎসাত আমি এনে ৰোগীক আঠৰ পৰা দহ দিন পৰ্য্যন্ত চিকিৎসালয়ত ৰাখি চিকিৎসা প্ৰদান কৰি আছো। এই সাপে দংশন কৰিলে কোনো ৰোগীৰ মৃত্যু নহয় যদিহে ৰোগী তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি হয় আৰু চিকিৎসকৰ কথা আখৰে আখৰে পালন কৰে।


 নৱজ্যোতিক আমি আমাৰ শিক্ষক বুলি গণ্য কৰিছো।নৱজ্যোতিৰ ঘটনাই আমাক এখন বেলেগ পৃথিৱীলৈ লৈ যোৱাৰ লগতে সৰ্প দংশন বিষয়টোত একাত্ম হোৱাত ভালেখিনি সহায় কৰিছিল।মূলতঃ আজি আমি পিট ভাইপাৰৰ অলপ অচৰপ হলেও যিখিনি জ্ঞান পাইছো তাৰ আৰম্ভণি কিন্তু নৱজ্যোতিৰ পৰাই হৈছিল। সেইকাৰণে নৱজ্যোতি আমাৰ কাৰণে শিক্ষকৰূপী ৰোগী।


সাৰমৰ্ম : পিট ভাইপাৰ সাপে দংশন কৰিলে আমাৰ  দেশত পোৱা এন্টিভেনমবোৰে কাম নকৰে।ইয়াৰ চিকিৎসা পদ্ধতি সম্পূৰ্ণ বেলেগ।


নৱজ্যোতিৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।( Assamese Fact )




Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages