কুকুৰৰ মন্দিৰলৈ দূৰ-দূৰণিৰ পৰা আহে মানুহে পূজা কৰিবলৈ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

কুকুৰৰ মন্দিৰলৈ দূৰ-দূৰণিৰ পৰা আহে মানুহে পূজা কৰিবলৈ : Assamese Fact

 


দেৱী -দেৱতাৰ মন্দিৰ আপোনালোকে দেখিছে চাগে আৰু তাত পূজা অৰ্চনা কৰা মানুহো দেখিছে। Assamese Fact ) 


মন্দিৰৰ লগত জড়িত বহুত কাহিনী আপোনালোকে শুনিছে চাগে। কিন্তু কুকুৰৰ মন্দিৰৰ বিষয়ে সম্ভৱতঃ আপোনালোকে শুনা নাই। আজি আমি আপোনালোকক ছত্তীসগঢ়ৰ এনেকুৱা এটা মন্দিৰৰ বিষয়ে কম য'ত ভগৱানৰ নহয় , কুকুৰক পূজা কৰা হয়।


 এই মন্দিৰটো ছত্তীসগঢ়ৰ দূৰ্গত স্থাপিত। কুকুৰৰ এই মন্দিৰটোত মানুহৰ বহুত আস্থা আছে। এতিয়ালৈকে লাখ লাখ মানুহ এই স্থানলৈ গৈছে। দূৰ্গৰ ধমধাত স্থিত ভানপুৰ গাঁৱত কুকুৰৰ মন্দিৰটো আছে। 


মানুহে ইয়াক কুকুৰচব্বা মন্দিৰ নামেৰে চিনি পায়।খেতিৰ মাজত স্থিত এই মন্দিৰৰ গৰ্ভ গৃহত কুকুৰৰ প্ৰতিমা স্থাপিত কৰা আছে।এটা বিশ্বাসী কুকুৰৰ স্মৃতিত এই মন্দিৰটো বনোৱা হৈছিল।এই মন্দিৰটোৰ চোৱা চিতা কৰা টিকাৰামে চাহুৱে মন্দিৰ নিৰ্মাণৰ কাহিনীটো কৈছিল। 


তেওঁ কৈছিল ১৬-১৭ শতাব্দীৰ সময়ত কুকুৰচব্বা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰলৈ ছত্তীসগঢ়ৰ ওপৰিও মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ, উৰিষ্যা আদিৰ পৰা শ্ৰদ্ধালো সকল আহে। কূকুৰে কামুৰা চিকিৎসা মন্দিৰত আছে।


তাত থকা লোকসকল আৰু তালৈ যোৱা লোকসকলৰ দৰব হ'ল কুকুৰ স্থাপিত হৈ থকা ওখ স্থানৰ ওচৰৰ মাটি খালে,পাগল বা সামান্য কুকুৰে কামুৰা ফলত হোৱা বেমাৰ সম্পূৰ্ণ ৰূপে নাইকীয়া হৈ পৰে।



১.ঋণৰ ফলত কুকুৰটোক ৰখা হৈছিল বন্ধকত - টিকাৰামে চাহুৱে কৈছিল যে বহুবছৰৰ আগতে এজন ব্যক্তি পৰিয়ালৰ লগত গাৱঁলৈ আহিছিল। তেওঁলোকৰ লগত এটা কুকুৰো আহিছিল।


গাঁৱলৈ অকাল নামি আহিছিল বাবে সেই ব্যক্তিজনে ধমধাৰ এজন চাহুৰ পৰা ঋণ ল'লে। কিন্তু সেই ঋণ ঘূৰাব নোৱাৰিলে। সেই কাৰণে তেওঁ নিজৰ বিশ্বাসী কুকুৰটোক বন্ধকত সেই চাহুকাৰজনৰ ওচৰত ৰাখিলে। 


এদিন চাহুজনৰ ঘৰত চুৰ হৈছিল। চুৰকেইটায়েই চুৰ কৰা সকলো বস্তু ওচৰৰ এটা পুখুৰীত পেলাই দিলে আৰু ভাবিলে পাছত উলিয়াই লম। কিন্তু কুকুৰটোৱে সেই চুৰ কৰা বস্তুবোৰ ক'ত আছে গম পালে।Assamese Fact ) 



২.পুখুৰীত পোৱা গ'ল চুৰ কৰা সকলোবোৰ বস্তুবোৰ- চাহুকাৰজনৰ ওচৰত বন্ধকত ৰখা কুকুৰটোৱে সদায় গৈ পুখুৰীটোৰ ওচৰত বহি থাকে।চাহুকাৰজনে কুকুৰটো সদায় পুখুৰীটোলৈ গৈ বহি থকা কথা গম পালে। 


তেওঁ পুখুৰীত জাল মৰোৱালে। চুৰ হোৱা সকলো বস্তুটো তেওঁ ঘূৰাই পালে।চাহুকাৰজনে কুকুৰটোৰ কামত সন্তোষ হৈ তাক বন্ধকৰ পৰা মুক্তি কৰি দিবলৈ সিদ্ধান্ত ল'লে।চাহুকাৰজনে কুকুৰটোৰ মালিকজনলৈ এখন চিঠি লিখিলে আৰু কুকুৰটোৰ ডিঙিত ওলোমাই তাক মালিকৰ ওচৰলৈ পঠিয়াই দিলে।



৩. খঙতে মালিকজনে কাটি পেলালে - কুকুৰটো যেতিয়া মালিকৰ ঘৰলৈ গ'ল, তেওঁ ভাবিলে কুকুৰটো চাহুকাৰজনৰ ঘৰৰ পৰা পলাই আহিলে। তেওঁ খঙতে কুকুৰটোৰ মূৰটো কাটি পেলালে।


কুকুৰটোক মৰা পিছত তেওঁ চাহুকাৰজনে দিয়া চিঠিখন পঢ়িলে আৰু আচৰিত হ'ল। তেওঁ নিজৰ কামত বহুত অনুতাপ কৰিলে। তেওঁ নিজৰ বিশ্বাসী কুকুৰটোক খেতিলৈ ( পথাৰলৈ) নি পুতি থলে।সেই ঠাইখিনিকে মানুহে মন্দিৰৰ ৰূপ দি দিলে। যাক আজি কুকুৰচব্বা মন্দিৰ বুলি জনা যায়।


৪. এতিয়ালৈকে  লাখ , লাখ মানুহ আহিছে কুকুৰচব্বালৈ - টিকাৰাম চাহুৱে কৈছে কুকুৰে কামোৰিলে স্মাৰকটোৰ পূজা অৰ্চনা কৰি পৰিক্ৰমা কৰিব লাগে। স্মাৰকটোৰ অলপ মাটি খালেই কুকুৰে কামোৰা ফলত হোৱা বেমাৰ ভাল হৈ যায়।


ধমধাৰ মানুহে কয় যে এতিয়ালৈকে লাখ, লাখ মানুহ এই মন্দিৰটোলৈ আহিছে। তেওঁলোকে কুকুৰে কামোৰাৰ বাবে ইয়াৰ মাটি খাইছে আৰু তাৰ পিছৰ পৰা তেওঁলোকৰ কুকুৰে কামোৰিলে হোৱা বেমাৰো নাইকীয়া হৈছে । 


ঈশ্বৰ চাহুৱে কৈছে যে কুকুৰচব্বা মন্দিৰলৈ পূজা কৰিবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে। মন্দিৰত বিধি বিধানেৰে কুকুৰৰ মূৰ্ত্তিটোক পূজা অৰ্চনা কৰা হয়। তাৰ পিছত কুকুৰে কামোৰাৰ ফলতে হোৱা সকলো সমস্যা নাইকীয়া হৈ যায়। এনেকুৱা এটা মন্দিৰ বালো'দ জিলাতো আছে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages