অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে ব্যৱহৃত এনেস্থেছীয়াৰ বেজীৰ বিষয়ে ভালদৰে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 10, 2022

অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে ব্যৱহৃত এনেস্থেছীয়াৰ বেজীৰ বিষয়ে ভালদৰে জানি লওক : Assamese Fact

Assamese Fact


"ছাৰ,মই ৰেণুৱে কৈছো।আজি চিজাৰীয়ান অস্ত্ৰোপচাৰ হোৱা তিনি মাহ হল।কঁকালটো বৰকৈ বিষাইছে।এনেস্থেছীয়াৰ বেজীটোৰ কাৰণে হৈছে নেকি বাৰু?"( Assamese Fact )


যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা জাৰৰ কোনোবা এটা দিনত দেওবাৰৰ ৰাতিপুৱা ৰেণুৰ ফোনটো পাই ফোনতে বুজনি দি পিছ দিনাখন চিকিৎসালয়লৈ আহিব বিধান দিওঁ।


আজিৰ পৰা ৫০ বছৰ আগতে এগৰাকী মাতৃয়ে ৯ মাহ অশেষ কষ্ট কৰি পেটত পৃথিৱীলৈ আহিবলগীয়া নতুন জীৱনটোৰ লালন পালন কৰাৰ পাছতো,শেষ মূহুৰ্তত শিশুৰ প্ৰথম কান্দোনৰ স্বৰ্গীয় সুখৰপৰা বঞ্চিত হৈছিল।কাৰণ পূৰ্বতে প্ৰায়ে মাতৃগৰাকীক সম্পূৰ্ণ অজ্ঞান(General Anaesthesia) (সংজ্ঞাহৰণ) প্ৰয়োগ কৰি চিজাৰীয়ান অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল।কিন্তু আজিকালি সমগ্ৰ বিশ্বতে সম্পূৰ্ণ অৱশ সংজ্ঞাহৰণ, আমি চিজাৰীয়ান অস্ত্ৰোপচাৰত কেতিয়াবাহে কিবা আনুষংগিক  সমস্যা থাকিলেহে প্ৰয়োগ কৰো।অৰ্থাৎ আমেৰিকাতেই হওঁক বা ভাৰতবৰ্ষৰ গ্ৰাম্য চিকিৎসা লয়তেই হওঁক, সকলোতে ছিজাৰীয়ান অস্ত্ৰোপচাৰত সংজ্ঞাহৰণৰ বাবে কঁকালত বেজী দিয়া হয়।


সৌ সিদিনাখনলৈ সমগ্ৰ বিশ্বত চিজাৰীয়ান অস্ত্ৰোপ্ৰচাৰ কৰোঁতে ৰোগী আৰু নৱজাতকৰ মৃত্যুৰ হাৰ খুউব বেছি আছিল। বিভিন্ন কাৰণৰ ভিতৰত সম্পূৰ্ণ সংজ্ঞাহৰণ পদ্ধতিত কেতিয়াবা শ্বাস যন্ত্ৰত নলী(endotracheal tube) এটা ভৰাব নোৱাৰা অৱস্থা বা অক্সিজেন দিব নোৱাৰা অৱস্থাও এটা কাৰক আছিল।আমি কব বিচৰা নাই যে এই পদ্ধতিটো আওপুৰণি।এতিয়াও আমি দৈনন্দিন এই পদ্ধতিটোতে বিভিন্ন অস্ত্ৰোপচাৰ কৰো।কিন্তু বিভিন্ন গৱেষণাই ছিজাৰীয়ান অস্ত্ৰোপচাৰৰ কাৰণে কঁকালৰ বেজী বা স্পাইনেল এনেস্থেছীয়াক উত্তম বুলি ৰায় দিছে। আজি আধুনিক সংজ্ঞাহৰণ ব্যৱস্থাত ৰোগী আৰু নৱজাতক সম্পূৰ্ণ সুৰক্ষিত।সংজ্ঞাহৰণ পদ্ধতিৰ অভাৱনীয় উন্নতিৰ কাৰণে আজি মাতৃয়ে হাঁহি হাঁহি সন্তান জন্ম হোৱা প্ৰত্যক্ষ কৰে।


 আমি কঁকালত এটা বেজী(spinal anaesthesia) দি মাত্ৰ পেটৰ তলৰ অংশহে অকামিলা কৰোঁ। স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসকে পেটৰ তলৰ চোৱা অংশত যেতিয়া কটা চিঙা  কৰে ৰোগীগৰাকীয়ে কোনো বিষ অনুভৱ নকৰে।


বহুত ক্ষেত্ৰত আমি সমাজত প্ৰত্যক্ষ কৰিছোঁ,পিছলৈ মাতৃ গৰাকীৰ কঁকালৰ বিষ হলে,প্ৰায়েই আমাৰ বেজীটোক আৰু আমি সংজ্ঞাহৰক সকলক দোষাৰোপ কৰে।


আচলতে সেইটো নহয়।


যদিহে ভাৰতবৰ্ষৰ মেডিকেল কাউন্সিলৰদ্বাৰা বৈধ আৰু প্ৰশিক্ষণপ্ৰাপ্তৰ লগতে অৰ্হতা সম্পন্ন অভিজ্ঞ সংজ্ঞাহৰকৰদ্বাৰা বেজীটো লোৱা হয় তেনেহলে তেনেকুৱা হোৱাৰ অৱকাশ সাধাৰণতে নাথাকে।


ককালৰ বিষৰ কাৰণ বিভিন্ন হব পাৰে।  মোৰ নিজৰ কঁকালৰ বিষ আছে,কিন্তু মইতো আজিলৈকে কোনোধৰণৰ কঁকালৰ বেজী লোৱা নাই।মই তেনেহলে কাক দোষ দিম?সমগ্ৰ পৃথিৱীত এনেকুৱা কঁকালৰ বিষৰ ৰোগী বহুত আছে যিয়ে কোনোধৰণৰ সংজ্ঞাহৰণৰ কাৰণে কঁকালৰ বেজীটো লোৱা নাই।


বাৰু যি কি নহওঁক।পিছ দিনাখন ৰেণু হস্পিটেললৈ দুপিয়াই দুপিয়াই আহে।তিনি মাহৰ আগৰ কথা।মোৰ মনত একেবাৰে পৰা নাছিল।কঁকালৰ বেজীটো দিওঁতে কেনেবাকৈ অসুবিধা হৈছিল নেকি চাবলৈ ৰেণুৰ টিকেটো টিকেট সংৰক্ষণ কৰা কক্ষৰপৰা উলিয়াই মেলি চাওঁ।আমি সাধাৰণতে এনেস্থেছীয়া আৰু অস্ত্ৰোপচাৰত হোৱা ঘ্টনা পৰিঘটনা বা অসুবিধাবোৰ ৰোগীৰ টিকেটত লিখি লিপিবদ্ধ কৰি ৰাখো।টিকেটটো মেলি চাই বেজীটো দিওঁতে তেনে কোনো অসুবিধা হোৱাৰ কথা মই লিখা নাছিলো।অৰ্থাৎ অতি সহজতে কঁকালৰ বেজী দিয়া কামটো সমাপন হৈছিল।


কিন্তু ৰেণুৱে কঁকালৰ বিষৰ কাৰণে সঁচাকৈ বহুত কষ্ট পাই আছিল।পৰীক্ষা নিৰীক্ষা কৰি ৰেণুক কলো,"MRI এখন কৰি লোৱা যাওঁক।বেজীটোৰ কাৰণে কঁকাল  বিষ হোৱা নাই যেন লাগিছে।"


ৰেণুৰ কাৰণে মই চিন্তিত আছিলো।অত্যন্ত বিষ।দৈনন্দিন কামবোৰো ভালকৈ কৰিব পৰা নাছিল।নিজৰ ওপৰতে সন্দেহ হল।দুই এটা বিধান দি ৰেণুক বিদায় দি মনে মনে ৰেণুৰ কঁকালৰ বিষৰ কাৰণবোৰ বিশ্লেষণ কৰি থাকিলো।মই কৰবাত ভুল কৰিলো নেকি?আকৌ নিজকে সান্ত্বনা দি কলো, বেজীটো দিওঁতে কোনো অসুবিধা হোৱা নাছিল।নিশ্চয় তাইৰ ৰাজহাড়ডালৰ কিবা অসুবিধা হৈছে।ৰেণুৰ অৱস্থাটো দেখি ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষত তিনিটাকৈ ছিজাৰীয়ান অস্ত্ৰোপচাৰত সেমেকা মনেৰে কামবোৰ কৰি গলো।MRI ৰিপৰ্টৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই ৰলো।


পিছ দিনাখন ডিব্ৰুগড়ত ৰেণুৰ ৰাজ হাড়টোৰ MRI কৰি ৰিপৰ্টটোৰ ফটো মোলৈ হোৱাটছ এপতে  পঠাই দিয়ে।


ৰিপৰ্টটো পাই মনটো অলপ ফৰকাল লাগিল।মই যিটো ভাবিছিলো, সেইয়াই হল।এনেস্থেছীয়াৰ বেজীটোৰ কাৰণে ৰেণুৰ কঁকালৰ বিষ হোৱা নাই।ৰেণুৰ ৰাজহাড়ৰ স্পাইনেল কেনেলত এটা বিৰল ঘটনাৰ অৱস্থিত ধৰা পৰিল।চিন্তনীয় নহয়,চিকিৎসা কৰিলে ভাল হব।


ৰেণুক ফোন কৰি কলো,"তোমাৰ স্পাইনেল কেনেলত এটা চিষ্ট ধৰা পৰিছে।এনেস্থেছীয়াৰ বেজীটোৰ কাৰণে তোমাৰ কঁকালৰ বিষ হোৱা নাই।স্নায়ুৰোগ বিশেষজ্ঞ এজনক এবাৰ দেখাই আহিবা।চিন্তা কৰিব নালাগে।সকলো ভাল হৈ যাব।"( Assamese Fact )


ৰেণুৰ স্পাইনেল কেনেলত ধৰা পোৱা চিষ্ট(cyst)টোয়েই কঁকালৰ বিষৰ কাৰণ আছিল।সেইটো ইমানেই বিৰল চিষ্ট আছিল যে ভাৰতবৰ্ষৰ  উচ্চস্তৰীয় কিতাপত ৰেণুৰ ঘটনাটো  প্ৰকাশো হৈছে।বিভিন্ন কিতাপ/জাৰ্নেল আদিত ৰেণুৰ ঘ্টনা আৰু MRI ফটো প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে,এই সুযোগতে আমি ৰেণুক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।


ডিমৌ গ্ৰাম্য চিকিৎসালয়ত ২০১২ বৰ্ষত মৌচুমী বৰগোঁহাইৰ  চিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰ কৰাৰ  দুবছৰৰ পাছত কঁকালৰ অসহ্য  বিষ হয়।মৌচুমীয়ে সমাজৰ তথাকথিত বিভিন্ন কথাবোৰ আওকান কৰি আধুনিক বিজ্ঞানৰ হৰণাপন্ন হয়।মৌচুমীৰ কঁকালৰ MRI কৰোঁতে স্পাইনেল ডিস্কৰ অকামিলাহে দেখা দিছিল,যাৰ কাৰণে তেওঁৰ ২০১৪ বৰ্ষত কঁকালৰ অস্ত্ৰোপ্ৰচাৰ কৰা হয়।


মৌচুমীয়ে কিন্তু আমাক আৰু সংজ্ঞাহৰণৰ কঁকালৰ বেজীক দোষাৰোপ দিয়া নাছিল।কাৰণ তেওঁ জানিছিল বেজীটোৰ কাৰণে তেওঁৰ কঁকালৰ বিষ হোৱা নাই।কঁকালৰ অস্ত্ৰোপচাৰৰ তিনি বছৰৰ পাছত, অৰ্থাৎ ২০১৭ বৰ্ষত তেখেতৰ দ্বিতীয় চিজাৰিয়ান অস্ত্ৰোপচাৰটোত‌ও তেওঁক আমিয়েই পুনৰ কঁকালতে এনেস্থেছীয়াৰ বেজী দি অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল।সকলোতকৈ আমোদজনক যে তেওঁ নিজে কঁকালৰ বেজীৰ এনেস্থেছীয়া লোৱাৰ কথা দোহাৰে।মৌচুমীয়ে কঁকালৰ অস্ত্ৰোপচাৰ আৰু দুটাকৈ ছিজাৰীয়ান অস্ত্ৰোপচাৰৰ কাৰণে সৰ্বমুঠ তিনিটা এনেস্থেছীয়াৰ কঁকালৰ বেজী লৈও আজি  সম্পূৰ্ণ সুস্থ।কাৰণ অস্ত্ৰোপচাৰৰ পাছত, তেওঁ আমি দিয়া বিধান মতে কঁকালৰ যত্ন লৈছিল।মৌচুমীৰ আধুনিক বিজ্ঞানৰ প্ৰতি বিশ্বাস আৰু আমি সকলো স্বাস্থ্য কৰ্মী সকলৰ ওপৰত থকা অগাধ বিশ্বাসৰ কাৰণে তেওঁক আমি "বৈজ্ঞানিক ৰোগী"(scientific patient) হিচাবে ২০১৭ বৰ্ষতে সম্বৰ্দ্ধনাও জনাইছিলো।


মনত ৰাখিব এগৰাকী মাতৃয়ে ২.৫-৪ কেজি ওজনৰ এটা শিশুৰ ভৰ পেটত লব লগত পৰে।ৰাজহাড়টো কষ্ট পোৱা আৰু কঁকালৰ বিষ হোৱাটো স্বাভাৱিক।কিন্তু আমি ইয়াক লাঘৱ কৰিব পাৰোঁ যদিহে আমি অলপ সাৱধান হওঁ। ৰাজ হাড়ৰ লগতে ২.৫-৪ কেজিৰ শিশুটোক পেটৰ ভিতৰত গঠন হবলৈ,লগতে খেলা ধূলা কৰিবলৈ পৰ্যাপ্ত ঠাই দিবলৈ মতৃগৰাকীৰ পেটৰ আৰু কঁকালৰ মাংসপেশীবোৰ সম্পূৰ্ণ শিথিল হৈ যায়। আগৰ অৱস্থা পাবলৈ অন্ততঃ ৬ মাহমান সময় লাগি যায়।কঁকালৰ মাংসপেশী বোৰৰ শিথিলতাও কঁকালৰ বিষৰ প্ৰধান কাৰণ। সেই কাৰণে প্ৰসৱৰ পাছত কঁকালৰ ব্যায়ম কৰিবই লাগে।


স্বাভাৱিক ভাৱে সন্তান প্ৰসৱ(Normal delivery) হোৱা মাতৃৰও অত্যন্ত কঁকালৰ বিষ হৈ কঁকালৰ অস্ত্ৰোপ্ৰচাৰ হোৱাও আমি প্ৰত্যক্ষ কৰিছোঁ।


কঁকালৰ  এনেস্থেছীয়াৰ বেজীটোৱেই যদি আপোনাৰ কঁকালৰ বিষৰ কাৰণ হলহেঁতেন, তেনেহলে আমাৰ সমাজৰ বিভিন্ন ভাতৃ,দাদা বা ককাৰ কঁকালৰ বিষৰ কাৰণে দৈনিক অস্ত্ৰোপচাৰ নহলহেতেন । আমেৰিকাত ১৬০ লাখ লোক আৰু আমাৰ ভাৰতত প্ৰায় ৬০%(উৎস www. indianpain.org) লোক কঁকালৰ বিষত জৰ্জৰিত।


আপুনি কঁকালৰ বিষত অসুবিধা পাইছে, আপোনাৰ ডাক্তৰৰ লগত কথা পাতক।আধুনিক চিকিৎসা বিজ্ঞানৰ জয় যাত্ৰাত এনেস্থেছীয়াৰ বেজীটোৰ কাৰণেই কঁকালৰ বিষ হৈছে বুলি হাত সাৱটি নাথাকিব।ৰেণু আৰু মৌচুমী ইয়াৰ জ্বলন্ত উদাহৰণ।


স্বাভাৱিক সন্তান প্ৰসৱৰ পাছত বা চিজাৰীয়ান অস্ত্ৰোপ্ৰচাৰৰ পাছত কঁকালৰ বিষ নহবলৈ বা লাঘব কৰিবলৈ তলৰ ১০ টা নিয়ম সদায় পালন কৰিব।


১) ৬ মাহলৈ কোনো গধূৰ বস্তু নাদাঙিব।

২) মজিয়াৰপৰা কিবা দাঙিব লগিত হলে না হাউলিকে মজিয়াত আঠুকঢ়ি দাঙিব চেষ্টা কৰিব লাগে।

৩) গাড়ী,চাৰি চকীয়া বাহন আদিত উঠোতে শিশুজনক দাঙি দাঙি উঠিব নালাগে।প্ৰথমে বহি থকা জনক শিশুটি দিয়ক,তাৰ পাছত গাড়ীত উঠক।

৪)কাপোৰ আদি ধুওঁতে হাউলি নুধুব।ভালকৈ বহি কামটো কৰিব।পৰাপক্ষত ২ মাহ মানলৈকে টিউব ৱেল নামাৰিব।

 ৫) শিশুক স্তনপান কৰাওঁতে কঁকালটোক কষ্ট নিদিয়াকৈ দিব।কঁকালটো বেকা  কৰি স্তনপান নকৰাব।হাউলি হৈ স্তনপান নকৰাব।

৬)ৰাতিপুৱা ৩-৪ বজাত শুই থাকোতে,শিশুক স্তনপান কৰিব লগাত পৰিলে সহজ হৈ  কঁকালটোক কষ্ট নিদিয়াকৈ স্তনপান কৰাব।

৭)কঁকালৰ ব্যায়ম কৰিব।পাৰিলে কঁকালত এটা বেল্ট বান্ধিব পাৰে।বেল্ট নাথাকিলে গামোচা এখনো বান্ধিব পাৰে।

৮) কেলচিয়ামৰ টেবলেট অন্ততঃ ৬ মাহলৈ খাব।

৯) শৰীৰত ভিটামিন D উৎপন্ন কৰিবলৈ মাজে মাজে ৰদ লব।

১০) গৰ্ভৱতী অৱস্থাত সাধাৰণতে এগৰাকী মাতৃৰ ১০-১৫ কেজি ওজন বাঢ়িব পাৰে।শিশু জন্ম হোৱাৰ ৬ মাহৰ পাছতে আপোনাৰ ওজন গৰ্ভৱতী হোৱাৰ আগৰ ওজন পাব চেষ্টা কৰক। 


ওপৰত উল্লেখিত  বিধানবোৰ মই  ২০০৬ বৰ্ষৰ পৰা লগ পোৱা বিভিন্ন মাতৃৰ লগত বৃস্তিত: আলোচনাৰ পৰাহেহ কৈছোঁ। গোগুল বা কিতাবত নাপাব পাৰে।


কেতিয়াবা ৪ দিনত মূৰৰ বিষ এটা হব পাৰে, শুই দিলে মূৰৰ বিষটো ভাল হয়,বহিলে বা খোজ কাঢ়িলে মূৰৰ বিষ বেছি হয়, এইটোহে কঁকালৰ বেজীটোৰ পাৰ্শ্ব ক্ৰীয়া।কিন্তু আজিকালিৰ অত্যাধুনিক চুলিৰ নিচিনা পাতল বেজীটোৰ কাৰণে সেই মূৰৰ বিষটো আমি  ক্যাৎচিতহে প্ৰত্যক্ষ কৰোঁ।


আজি সংজ্ঞাহৰণ আৰু অস্ত্ৰোপ্ৰচাৰৰ এটা মধুৰ স্মৃতি।অস্ত্ৰোপ্ৰচাৰৰ কক্ষত ৰোগীক বিষহীন কৰি, ৰোগীয়ে হাঁহি হাঁহি অস্ত্ৰোপ্ৰচাৰ সুকলমে সম্পন্ন কৰা আৰু সম্পূৰ্ণ  আৰামত ৰোগীক নিৰন্তৰ পৰ্য্যবেক্ষণ কৰাৰ পাছত,আজিকালি আমি অস্ত্ৰোপ্ৰচাৰৰ পাছত দুই তিনিদিনলৈকে ৰোগীক বিষ হীন ভাৱে আৰামত ৰাখি, ৰোগীক মধুৰ স্মৃতি দিবলৈ চেষ্টা কৰোঁ। এইয়াই আমি সংজ্ঞাহৰকৰ কাম।


আপোনাৰ বা আপোনাৰ আত্মীয়ৰ নিৰাপদ সংজ্ঞাহৰণ,নিৰাপদ অস্ত্ৰোপ্ৰচাৰ আৰু আৰমদায়ক মধুৰ স্মৃতিৰ কাৰণে অস্ত্ৰোপ্ৰচাৰৰ আগত আপোনাৰ সংজ্ঞাহৰকৰ লগত যোগাযোগ কৰাটো অতিকৈ বাঞ্চনীয়।


ৰেণু আৰু মৌচুমীৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।( Assamese Fact )


ধন্যবাদেৰে



Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages