মহিলা সকলে লিপষ্টিক ব্যৱহাৰ কৰাৰ পূৰ্বে এই সমূহ জানি লওক : Assamese beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, March 27, 2022

মহিলা সকলে লিপষ্টিক ব্যৱহাৰ কৰাৰ পূৰ্বে এই সমূহ জানি লওক : Assamese beauty Tips

Assamese beauty Tips

ঔষধৰ দৰে মেক আপৰ সামগ্ৰীটো ম্যাদ উকলি যোৱা তাৰিখ থাকে। যাৰ পাছত এই সামগ্রীবোৰ ব্যৱহাৰ কৰাটো শৰীৰৰ ছালৰ বাবে ক্ষতিকাৰক। এই সামগ্রীবোৰৰ ভিতৰত অন্যতম হৈছে ওঁঠত লগোৱা লিপষ্টিক। ( Assamese beauty Tips )


ইয়াত কোনো সন্দেহ নাই যে, লিপষ্টিকে সৌন্দর্য্য বৃদ্ধি কৰে। ছোৱালীৰ মেকআপ কিটত লিপষ্টিক অতি আৱশ্যকীয়। সাধাৰণতে ম্যাদ উকলি যোৱা তাৰিখ লিপষ্টিকত লিখা নাথাকে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লিপষ্টিক কেতিয়াও বেয়া নহয়। 


লিপষ্টিক বেয়া হোৱাৰ সংকেত-


১/২, বছৰ পুৰণি লিপষ্টিক ব্যৱহাৰ নকৰিব। 


সকলো লিপষ্টিকৰে ম্যাদ উকলি যোৱা সময় ২বছৰ থাকে। যদি কোনোবাই লিপষ্টিক ২বছৰ ধৰি ব্যৱহাৰ কৰি আছে, তেনেহলে ইয়াক একেবাৰে ব্যৱহাৰ নকৰিব। ম্যাদ উকলি যোৱা লিপষ্টিক ব্যৱহাৰ কৰিলে ওঁঠ জ্বলাৰ লগতে ফুলিব পাৰে। 


অদ্ভুত গোন্ধ ওলালে লিপষ্টিক পেলাই দিব-

লিপষ্টিকৰ গোন্ধ বহুত ভাল। কিন্তু যদি কাৰোবাৰ লিপষ্টিকৰ পৰা এক অদ্ভুত গোন্ধ আহিবলৈ আৰম্ভ কৰে। তেনেহলে ইয়াৰ অৰ্থ হৈছে যে, লিপষ্টিকৰ ম্যাদ উকলি গৈছে। এনে পৰিস্থিতিত ম্যাদ উকলি যোৱা লিপষ্টিক ব্যৱহাৰ কৰা পৰিহাৰ কৰিব। ম্যাদ উকলি যোৱা লিপষ্টিকৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হব পাৰে। যদি ইয়াক ব্যৱহাৰ কৰা হয়, তেন্তে ওঁঠ জ্বলাৰ লগতে মুখৰ ভিতৰলৈ গলে বিভিন্ন সমস্যাৰ সৃষ্টি হব পাৰে। ( Assamese beauty Tips )


লিপষ্টিকৰ আদ্রতা ম্যাদ উকলি যোৱাৰ লক্ষণ-

যেতিয়া লিপষ্টিকত ময়শ্বাৰাইজাৰৰ টোপাল অথবা আদ্রতা দেখা যায়, তেতিয়া বুজি উঠিব লাগে যে, লিপষ্টিকটো বেয়া হৈছে। ম্যাদ উকলি যোৱা লিপষ্টিকটো লগে লগে পেলাই দিব। 


ওঁঠত লাগি নধৰা-

ম্যাদ উকলি যোৱা লিপষ্টিক চিনাক্ত কৰাৰ আন এটা উপায় আছে। যেতিয়া কোনোবাই লিপষ্টিক লগালে ওঁঠত সহজে লাগি নাথাকে বা ওঁঠত দাগ দেখা যায়, ইয়াৰ অৰ্থ হৈছে যে, লিপষ্টিকৰ ম্যাদ উকলি গৈছে। ইয়াৰ বাহিৰেও যদি লিপষ্টিক আঠা লগাৰ দৰে আৰু খহটা হবলৈ আৰম্ভ কৰে, তেন্তে লগে লগে বুজিব যে, এই লিপষ্টিক ব্যৱহাৰযোগ্য নহয়।(সংগ্ৰহিত)।


ৰূপচৰ্চাৰ বিষয়ে আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.সৌন্দৰ্য্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese beauty Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages