এল'ভেৰাৰ গুণাগুণ আৰু পাৰ্শ্বক্ৰিয়া : Assamese beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, March 25, 2022

এল'ভেৰাৰ গুণাগুণ আৰু পাৰ্শ্বক্ৰিয়া : Assamese beauty Tips

Assamese beauty Tips


এলোভেৰাৰ বহুতো ঔষধি গুণ আছে। যি মানুহৰ সৌন্দর্য্য বৃদ্ধি কৰাৰ লগতে স্বাস্হ্যৰ আশ্চর্যজনক লাভালাভ প্ৰদান কৰে। এলোভেৰাৰ আয়ুর্বেদত ঔষধৰ ৰজা বুলিও কোৱা হয়। কিন্তু ইয়াৰ অত্যাধিক ব্যৱহাৰে পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ( Assamese beauty Tips )


এলোভেৰাৰ লাভালাভ-


১/পুষ্টিৰ অভাৱ পূৰণ কৰে-

বেছিভাগ মানুহৰ ঘৰৰ বাৰান্দাত এলোভেৰা উদ্ভিদ পোৱা যায়। কিন্তু প্ৰায় কিছু সংখ্যক লোকেহে জানে যে, এলোভেৰাই শৰীৰত পুষ্টিৰ অভাৱ পূৰণ কৰিব পাৰে। তেজত হিমোগ্লোবিনৰ অভাৱ এলোভেৰাৰ ৰস গ্ৰহণ কৰি পূৰণ কৰিব পাৰি। ইয়াৰ বাহিৰেও শুকান ছাল, কোচ, মুখৰ দাগ আঁতৰ কৰাত এলোভেৰা উপকাৰী। ই বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেকুঁৰ প্ৰতিৰোধী গুণাগুণেৰে সমৃদ্ধ। যি সমগ্র শৰীৰক পুনৰুজ্জীৱিত কৰে। এলোভেৰাই চকুৰ তলৰ ডাঠ বৃত্ত আঁতৰোৱাৰ লগতে চাইনাছত সকাহ দিব পাৰে। 


২/চুলিৰ সমস্যা নাইকিয়া কৰে- চুলিৰ বিকাশ বৃদ্ধিত এলোভেৰা যথেষ্ট সহায়ক। যদি কোনোবাই উফিৰ সমস্যাতে ভুগি আছে, তেন্তে এলোভেৰাইও ইয়াৰে পৰা পৰিত্ৰাণ দিব পাৰে। যদি কাৰোবাৰ যথেষ্ট পৰিমাণত চুলি সৰি আছে, তেতিয়া ছেম্পু আৰু কণ্ডিচনাৰ কৰাৰ পূৰ্বে ১বা২চামুচ এলোভেৰাৰ জেল চুলিত ব্যৱহাৰ কৰিব। ই যথেষ্ট লাভজনক। 


৩/ওজন হ্ৰাসত কাৰ্য্যকৰী-

বৰ্তমান যুগত বেছিভাগ মানুহেই ওজন বৃদ্ধিৰ বাবে অসুবিধাত পৰে। যদি কোনোবাই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে তেওঁ এলোভেৰাৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে প্ৰতিদিনে খালী পেটত গৰম পানীৰ লগত এলোভেৰাৰ ৰস মিহলি কৰি সেৱন কৰিলে শৰীৰৰ ওজন দ্ৰুতগতিত হ্ৰাস হব। কিন্তু ইয়াৰ লগতে আহাৰ আৰু শাৰীৰিক সক্ৰিয়তাৰ প্ৰতি যত্ন লব লাগিব। ( Assamese beauty Tips )


৪/অত্যাধিক পৰিমাণত এলোভেৰা ব্যৱহাৰ কৰাৰ ফলত হব পৰা ক্ষতিসমূহ-

এলোভেৰাৰ যেনেকৈ বহু লাভালাভ আছে, ঠিক তেনেদৰে ইয়াৰ অত্যাধিক ব্যৱহাৰে ছালৰ দাগ, খজুৱতি আৰু ছাল ৰঙা পৰিব পাৰে। এলোভেৰা ওজন হ্রাস কৰাৰ সহায়ক। কিন্তু এলোভেৰা অত্যাধিক ব্যৱহাৰে শৰীৰত ডিহাইড্রেচন হব পাৰে। ইয়াৰ লগতে সঘনাই এলোভেৰাৰ সেৱনে ৰক্তচাপ হ্রাস কৰিব পাৰে আৰু ই শৰীৰত পটাছিয়ামৰ পৰিমাণ হ্রাস কৰিব পাৰে। যাৰ ফলত শৰীৰত অনিয়মীয় হৃদস্পন্দন আৰু দুৰ্বলতা হব পাৰে। সেয়হে এলোভেৰা অত্যাধিক ব্যৱহাৰ পৰিহাৰ কৰিব লাগে।


ৰূপচৰ্চাৰ বিষয়ে আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.সৌন্দৰ্য্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese beauty Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages