ধুনীয়া হৈ থাকিব বিছাৰে যদি এইকেইটা ভুল কেতিয়াও নকৰিব : Assamese beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

ধুনীয়া হৈ থাকিব বিছাৰে যদি এইকেইটা ভুল কেতিয়াও নকৰিব : Assamese beauty Tips

Assamese beauty Tips


বৰ্তমান যুগত সকলোৱে নিজকে ধুনীয়া হোৱাটো বিচাৰে। মুখ্যতঃ ছোৱালীবোৰে তেওঁলোকৰ সৌন্দর্য্য বঢ়াবলৈ বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰে। ( Assamese beauty Tips )


কিন্তু এই সময়ছোৱাত জানি বুজি বা অজ্ঞাতে কৰি অহা কিছুমান অভ্যাসৰ বাবে সৌন্দর্য্য বৃদ্ধি হোৱাৰ পৰিৱৰ্তে সৌন্দর্য্য হ্ৰাস হবলৈ আৰম্ভ কৰে। অৱশ্যে এই অভ্যাসবোৰ অতি সাধাৰণ। কিন্তু ই লাহে লাহে সৌন্দর্য্য হ্ৰাস কৰাত কাৰ্য্যকৰী। 


সৌন্দর্য্য হ্ৰাস হোৱাৰ ভুলবোৰ-


১/ৰাতি মুখ নোধোৱা-

এইটো বিশ্বাস কৰা হয় যে, ৰাতি শুৱাৰ আগে, মুখখন ভালদৰে পৰিষ্কাৰ কৰি শুব লাগে। যি সকল লোকে ভাগৰৰ বাবে ৰাতি মুখ ধুব নোঁৱাৰে তেওঁলোকে অজ্ঞাতে তেওঁলোকৰ ছালৰ বিভিন্ন ধৰণৰ ক্ষতি কৰি আছে। যাৰ ফলত তেওঁলোকৰ মুখৰ ছালৰ উজ্জ্বলতাও ম্লান হবলৈ আৰম্ভ কৰে। ( Assamese beauty Tips )


২) পানী কমকৈ খোৱা-

বেছিভাগ লোকে পানী কমকৈ খায়। যাৰ ফলত তেওঁলোকৰ ছালখন শুকাবলৈ আৰম্ভ কৰে। কম পানী খোৱাৰ ফলত খজুৱতি, ছাল টান হৈ পৰে। যি হৈছে ডিহাইড্রেচনৰ লক্ষণ। এনে পৰিস্থিতিত যদি মানুহে পৰ্যাপ্ত পৰিমাণৰ পানী খায়, তেন্তে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। 


৩/চানস্ক্ৰীণ প্ৰয়োগ নকৰা-

ব্যস্ত সময়ৰ বাবে, বেছিভাগ লোকে ঘৰৰ পৰা ওলাই যাঁওতে চানস্ক্ৰীণ প্ৰয়োগ নকৰে। যাৰ ফলত তেওঁলোকৰ ছাল সম্পর্কীয় বিভিন্ন সমস্যা আৰম্ভ হয়। এয়া বিশ্বাস কৰা হয় যে, চানস্ক্ৰীণত কিছুমান গুৰুত্বপূৰ্ণ উপাদান আছে, যেনে-জিংক অক্সাইড, টাইটেনিয়াম অক্সাইড, ইত্যাদি। যি ছালক সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰখাত কাৰ্য্যকৰী।


ৰূপচৰ্চাৰ বিষয়ে আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.সৌন্দৰ্য্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese beauty Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages