চীন দেশৰ ৰজায়ো সনাতন নিয়মেৰে হোম কৰিছিল : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 30, 2022

চীন দেশৰ ৰজায়ো সনাতন নিয়মেৰে হোম কৰিছিল : Assamese Article

Assamese Article


ভাৰতবৰ্ষই দুহাজাৰ বছৰৰ আগতেই কোনো সৈনিক নোহোৱাকৈয়ে একমাত্ৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰে  চীন দেশ বিজয় কৰিছিল । প্ৰাচীন কালতে সেয়ে  ভাৰতৰ সভ্যতা  সংস্কৃতিয়ে চীন দেশত  আধিপত্য বিস্তাৰ কৰিবলৈও সক্ষম হৈছিল।   Assamese Article ) 


চীন শব্দটো সংস্কৃত শব্দৰ পৰা অহা। বহু প্ৰচলিত মানডাৰিন ভাষা যিটো Sino-Tibbetian ভাষা বুলি কয় সেই ভাষাৰ মূল সংস্কৃত ভাষাৰ পৰাই ওলোৱা। 


 প্ৰাচীন চীন দেশৰ সাহিত্যৰ পৰা জনা যায় দ্বিতীয় শতিকাৰ পৰা বাৰ শ শতিকালৈকে সনাতন ধৰ্মই  বিশেষকৈ ভাৰতীয় শাস্ত্ৰ সমূহ, যোগ বিদ্যা,ধ্যান আৰু মন্ত্ৰ সাধনাই চীনা লোকৰ মাজত বিশেষ গুৰুত্ব লাভ কৰিছিল।


হিন্দু ধৰ্মৰ এক পন্থা হিচাবে চীনা সকলে বৌদ্ধ ধৰ্মক আকোৱালি লৈছিল। দ্বিতীয় শতিকাৰ পৰা বাৰ শ শতিকা লৈকে বহুত ভাৰতীয় প্ৰাচীন শাস্ত্ৰ চীনা ভাষালৈ অনুবাদ হয়। বেদ কেইখনৰ উপৰিও উপনিষদ , দৰ্শন সমূহো প্ৰায় ১৫০ খন প্ৰাচীন  ভাৰতীয় শাস্ত্ৰ সেই সময়তেই অনুবাদ হয়। বহু কেইখন প্ৰাচীন শাস্ত্ৰ ভাৰতৰ পৰা প্ৰাচীন কালতে হেৰাই গৈছিল পাছত সেই বিলাক চীন দেশত পোৱা গৈছে।  


বৰ্তমান চীন দেশত হিন্দু ধৰ্মৰ অতি কম সংখ্যক লোক আছে। কিন্তু এতিয়াও প্ৰাচীন হিন্দু মন্দিৰ সমূহ আৰু পুৰাতত্বৰ খননত উদ্ধাৰ হোৱা হিন্দু দেৱ দেৱীৰ মূৰ্তি  সমূহে আজিও প্ৰাচীন চীন দেশত ভাৰতীয় সভ্যতা সংস্কৃতি বিস্তাৰৰ কথা সোৱৰাই থাকে। 


চীন দেশৰ পৰা ভাৰতলৈ প্ৰাচীন কালৰে পৰা লোক আহিছিল,  কিছুমান পৰিভ্ৰমণৰ বাবে,  কিছুমানে ভাৰতত শিক্ষাৰ বাবে আৰু কিছুমান লোকে চীন দেশত উৎপন্ন হোৱা ৰেচম সূতা আৰু কাপোৰৰ ব্যৱসায়ৰ বাবে ।  Assamese Article ) 


চীন ৰ গোৱাংদঙ আৰু কোৱনজ' প্ৰদেশ কেইখনত দক্ষিণ ভাৰতৰ ব্যৱসায়ী সকলৰ আধিপত্য আছিল। সেই সাগৰীয় পথ সেই দিনত যথেষ্ট গুৰুত্ব পূৰ্ণ পথ আছিল।  দক্ষিণ ভাৰতৰ ব্যৱসায়ী সকলে সেই বাটেৰেই ব্যৱসায় বাণিজ্য চলোৱাৰ উপৰিও ভাৰতৰ সভ্যতা সংস্কৃতি চীন দেশলৈ লৈ গৈছিল। আজিও সেই উপকূলীয় প্ৰদেশৰ মন্দিৰ সমূহে ভাৰতীয় সংস্কৃতিৰ কথা সোৱৰায়। কোৱনজ' প্ৰদেশত আঠ শ বছৰ পুৰণি   চতুৰ্ভূজ বিষ্ণু মূৰ্তিৰ লগতে নন্দীৰ মূৰ্তি আৰু বহুত হিন্দু দেৱী দেৱতাৰ ভংগ্নাৱশেষ পুৰাতত্ব বিদ্ সকলে উদ্ধাৰ কৰে।  


প্ৰাচীন  কামৰূপৰ পৰা ম্যানমাৰ হৈ চীন দেশলৈ আৰু দক্ষিণ পূৱ এচিয়াৰ বাকী দেশ সমূহলৈ ভাৰতীয় সভ্যতা সংস্কৃতি বিস্তাৰিত হয়। 


কাশ্মীৰৰ চুঙ লিঙ পথ আৰু  নেপালৰ পথেৰে ভাৰতৰ তক্ষশিলা বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়লৈ চীন দেশৰ পৰা লোক প্ৰাচীন কালৰে পৰা আহিছিল আৰু শিক্ষা লৈছিলহি।


নৱম শতিকাৰ পৰা চীন দেশত ভাৰতীয় তন্ত্ৰ বিদ্যাই বিশেষ প্ৰসাৰ লাভ কৰিলে। হিন্দু আৰু বৌদ্ধ তন্ত্ৰ শাস্ত্ৰ সমূহ অনুবাদ হোৱাৰ লগতে মানুহৰ মাজত এই প্ৰয়োগ বহুত পৰিমানে বাঢ়িল । চীন দেশৰ ৰজায়ো প্ৰাচীন কালত সনাতন নিয়মেৰে হোম কৰাৰ উল্লেখ আছে। পাছত কমিউনিষ্ট চৰকাৰ হোৱাৰ পৰা হিন্দু ধৰ্ম সংস্কৃতি ম্লান হৈ যাবলৈ ধৰিলে যদিও বৰ্তমানৰ নতুন প্ৰজন্মৰ কিছু লোকে তেওঁলোকৰ সভ্যতাৰ ভেটি ভাৰতীয় সভ্যতা সেই কথা উপলব্ধি কৰি আকৌ হিন্দু সভ্যতাক জীয়াই তুলিবলৈ বিচাৰিছে। 


জুলা শৰ্মা 

নতুন দিল্লী


Assamese Article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Article ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages