অসমত নাৰীক প্ৰকৃততে কি স্থানত ৰখা হয় : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, March 8, 2022

অসমত নাৰীক প্ৰকৃততে কি স্থানত ৰখা হয় : Assamese Article

Assamese Article


আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা কিছুমান  feminine চিন্তা মনলৈ আহি যায়। গোটেই বিশ্বই এই দিনটোত আমাক বহুত আদৰ কৰে । নাৰী সকলক পুৰুষৰ লগত সমতা ৰাখিবৰ বাবে বহুত চেষ্টা। ঠিকেই বিশ্বত আজি নাৰী সকল কিহত পিচ পৰি আছে। ( Assamese Article )


ভাৰতবৰ্ষত বৈদিক যুগটো মহিলাৰ কাৰণে সোণালী যুগ বুলি কব লাগিব।  মহিলা সকলক সকলো ক্ষেত্ৰতে পুৰুষৰ লগত সমান বুলি ধৰা হৈছিল। স্ত্ৰীৰ স্বাধীনতা পুৰুষৰ সৈতে সমান আছিল। স্ত্ৰীৰ পুৰুষৰ সমানে শিক্ষা লোৱাৰ  অধিকাৰ আছিল। 


নাৰী দিৱসৰ দিনা বহুত প্ৰশ্ন মনলৈ আহে -- 


অসমৰ নাৰীৰ কথা ভাবিলেই স্বৰ্গদেউ জয়ধ্বজ সিংহ দেৱৰ একমাত্ৰ কন্যা ৰমণী গাভৰু, তিপাম ৰজাৰ জীয়ৰী  মোহিনী আইদেউ আৰু  জয়মতী কুঁৱৰীৰ  কথা বাদ দিব নোৱাৰি। 


ছবছৰীয়া ৰমণী গাভৰুৰে সৈতে তিপাম ৰজাৰ কণমানি মোহিনী আইদেউ দুয়ো জনীয়ে দেশ ৰক্ষাৰ নামত কান্দি কান্দি মোগলৰ সৈন্যৰ লগত যাব লগীয়া হ'ল। ৰমণী গাভৰুক ৰহমৎ বানু বেগম নাম দি মোগলৰ হেৰেমত পাচবছৰ ৰাখি ঔৰংজেৱৰ পুত্ৰৰ লগত বিয়া হ'ল বুলি পোৱা যায়। 

মোগলে লৈ যোৱাৰ দিন ধৰি অসমলৈ আহিবলৈ নোপোৱা ৰমণী গাভৰুৱে ঔৰংজেৱৰ পুত্ৰ আজমতৰা কলিকতাত শাসক হৈ থকাৰ দিনত

 মোমায়েক লালুক সোলা বৰফুকনে গুৱাহাটী মোগলক এৰি দিব খোজাত তেনে কাম নকৰিবৰ বাবে সকিয়নি দি মোমায়েকলৈ চিঠি পঠাইছিল। তাৰ পাচৰ ৰমণী গাভৰুৰ বিষয়ে সথিক একো জনা নাযায়। মোহিনী আইদেৱেও ৰমণী গাভৰুৰ সখি হৈ গৈ জন্মভূমিক ৰক্ষা কৰিলে  কিন্তু তেওঁৰ নামটো কেৱল ইতিহাসৰ পাততেই থাকি গল।


নিজৰ স্বামীক ৰাজপাট দিবৰ বাবে জয়মতী কুঁৱৰীয়ে যি যন্ত্ৰণা খাই মৰিব লগীয়া হ'ল সেয়া বিশ্বৰ কোনো ইতিহাসত নাই। 


ইয়াৰ উপৰিও মানৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰিবৰ বাবে বহুত ছোৱালী মানৰ হাতত গটাই দিব লগীয়া হৈছিল। আহোমৰ বুৰঞ্জীৰ পাতত আছে- "চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে বদন বৰফুকনৰ লগত মন্ত্ৰণা কৰি মানৰ ৰজাৰে সৈতে মিত্ৰতা কৰিবৰ মনেৰে , তুঙ্গখুঙ্গীয়া ফৈদৰ চাৰিং ৰজাৰ ডালৰ বগা কোঁৱৰৰ গাভৰু এজনীক ৰজাৰ নিজৰ জীয়েক বুলি মান ৰজা বডোফাই লৈ দি পঠাই মিত্ৰতা স্থাপন কৰিলে ।" এই ভামো আইদেউৱে গোটেই বাট ছোৱা ইনাই বিনাই যিদৰে কান্দিছিল সেই বৰ্ণনা তাহানি আমিও বিহু নামত শুনিছিলো । ( Assamese Article )


অসমৰ এই নাৰী সকলে দেশ ৰক্ষাৰ নামত যি ত্যাগ কৰিলে তাৰ স্বীকৃতি আমি জানো দিছো ? এতিয়ালৈকে ইতিহাসৰ পাতত ৰমণী গাভৰু, মোহিনী আইদেউ আৰু জয়মতী কুৱৰীৰ নাম কেইটা বিচাৰিলে পোৱা যায়। মাজে মাজে ভাব হয় অসমৰ ইতিহাসৰ পাতৰ পৰা কিছু কথা নোহোৱা হোৱাৰ দৰে এই মহিয়সী নাৰী সকলৰ কথাও কেতিয়াবা মোহাৰ খাই যাব নেকি ? কিয়নো এই নাৰী সকলৰ লগত অসমৰ পৰাজয়ৰ কথা জড়িত হৈ আছে ।


অসমত  নাৰীক প্ৰকৃততে  কি স্থানত ৰখা হয় কেতিয়াবা এইকথা যদি বিচাৰ  কৰি চোৱা যায় তেন্তে দেখা যায় নাৰীৰ স্বাধীনতা বা মৰ্য্যদাৰ ক্ষেত্ৰত ভাৰতৰ বাকী কেইখন ৰাজ্যৰ তুলনাত অসম বহুত ওপৰত আছে।


ঋষি মনুৱে মানৱ ধৰ্ম শাস্ত্ৰ 'মনুস্মৃতি'  লিখিছে--


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ।। 

                  (মনুস্মৃতি ৩/৫৬ )


অৰ্থাৎ---

যত স্ত্ৰীক সন্মান দিয়া হয় তাতেই দেৱতা নিবাস কৰে আৰু যত স্ত্ৰীক সন্মান জনোৱা নহয় তাত যিমানেই পুণ্য কাম নকৰক কোনো ফল নাপায়। 


অসমত নাৰীয়ে মৰ্য্যদা পালেও ক'ৰবাত যেন কিবা এটা কম হৈ আছে । অপ্ৰিয় হলেও এটা কথা আমি কবই লাগিব --   

মহিলাক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত অসম হয়তো বহুত পাচত ৰৈ গৈছে।  


বৈদিক ঋষি মনুৱে মহিলাৰ কথাত লিখিছে --


शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।

न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।              

                   ( মনুস্মৃতি  ৩/৫৭)


অৰ্থাৎ---

যি বংশত স্ত্ৰীৰ কষ্ট হয় সেই বংশ সোনকালে ধ্বংস হয়। আৰু যি বংশত স্ত্ৰী সকল অৰ্থাৎ জী, বোৱাৰী, নতুন কন্যা ( জামি )  আনন্দত থাকে সেই বংশৰ শ্ৰীবিদ্ধি হয়।


মনুস্মৃতিত আৰু মহিলাৰ স্বাধীনতাৰ কথা লগতে বৰ গুৰুত্বপূৰ্ণ বিষয় এটা লিখিছে-- স্ত্ৰীক নেতৃত্ব লবলৈ সুবিধা দিব লাগে--


      अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् ।

       शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ 

                                    (মনুস্মৃতি ৯/১১)

অৰ্থাৎ--

ধনৰ আয় ব্যয়ৰ বিষয়ে, ঘৰ চাফ-চিকুনতা ,ধৰ্মীয় কাম কাজ, ৰন্ধা বঢ়া কৰা,আনক খুউৱা , ঘৰ খন চোৱা চিতা কৰা আদি কামত স্ত্ৰীক স্বাধীনতা দিব আৰু নেতৃত্ব ল'বলৈ সুবিধা দিব লাগে।


জুলা শৰ্মা 

নতুন দিল্লী

Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Assamese Article )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages