1 Astronomical Unit মানে কি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, March 23, 2022

1 Astronomical Unit মানে কি : Assamese Fact

Assamese Fact

    তৰাৰে তিৰবিৰাই থকা ৰাতিৰ আকাশখন চাই আমাৰ মনত বিস্ময় হোৱা অদ্ভুত কথাবোৰৰ উত্তৰ একমাত্ৰ বিজ্ঞানেই আমাক দিব পাৰিছে। Assamese Fact ) 

 বিজ্ঞান নোহোৱাহেঁতেন আমি এইবোৰ কথা ভাবি ভাবিয়ে কটাই দিব লগা হ'লহেঁতেন। আমি ইয়াৰ আগৰ খণ্ডবোৰত পৃথিৱীৰ ওচৰৰ চাৰিওফালে থকা মহাকাশৰ  কথা আলোচনা কৰিছিলোঁ সেইবাবে দূৰত্ববোৰ বুজাবলৈ কিলোমিটাৰ/ মাইল ব্যৱহাৰ কৰিছিলোঁ। কিন্তু মহাকাশৰ অনন্ত দূৰৰ কথা আলোচনা কৰোঁতে কিলোমিটাৰ/ মাইল ব্যৱহাৰ নকৰে। কাৰণ কিলোমিটাৰ/মাইলত দূৰত্ব জুখিলে সংখ্যাবোৰ বহু দীঘলীয়া হৈ যায়। তাত ব্যৱহাৰ কৰে Astronomical Unit (AU) আৰু Light Year (আলোকবৰ্ষ)। এই Astronomical Unit আৰু আলোকবৰ্ষ কি!


    সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বকে 1 Astronomical Unit (AU) বোলে। আৰু এই দূৰত্ব হৈছে  প্ৰায় ১৫ কোটি কিলোমিটাৰ। মানে সহজ ভাষাত 1 Astronomical Unit (AU) হৈছে ১৫ কোটি কিলোমিটাৰ।


    আকৌ আলোকবৰ্ষ হৈছে পোহৰে এবছৰত যোৱা দূৰত্ব। আলোকবৰ্ষত যদিও বৰ্ষ আছে ই কিন্তু সময়ৰ একক নহয়, ই দূৰত্বৰহে একক। পোহৰৰ বেগ ৩ লাখ কিলোমিটাৰ প্ৰতি চেকেণ্ড। অৰ্থাৎ পোহৰ ১ চেকেণ্ডত ৩ লাখ কিলোমিটাৰ গতিত যাব পাৰে। সেই হিচাপত পোহৰে এবছৰত যায় ৯.৪ লাখ কোটি (অকল ৯.৪ লাখ নহয় কিন্তু) কিলোমিটাৰ।


    ইয়াৰ পৰা বুজা যায় ১ আলোকবৰ্ষ ১ Astronomical Unit (AU) তকৈ বহু হাজাৰ গুণ ডাঙৰ।  আৰু অংক কৰি দেখা ৬৩ হাজাৰ Astronomical Unit য়ে ১ আলোকবৰ্ষ।


     পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ। আৰু পোহৰ ১ চেকেণ্ডত ৩ লাখ কিলোমিটাৰ গতিত যাব পাৰে সেই হিচাপত চন্দ্ৰৰ প্ৰতিফলিত পোহৰ পৃথিৱীত পৰিবলৈ সময় লাগে প্ৰায় ১.৩ চেকেণ্ড। মানে ১.৩ আলোক চেকেণ্ড।


     ইতিমধ্যে লিখিছোঁ যে সূৰ্য্যৰ পৰা পৃথিৱীলৈ দূৰত্ব ১৫ কোটি কিলোমিটাৰ। আৰু ৩ লাখ কিলোমিটাৰ প্ৰতি চেকেণ্ড হিচাপত সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ সময় লাগে ৮ মিনিট ২০ চেকেণ্ড। অৰ্থাৎ ৮.২০ আলোক মিনিট।


    আলোকবৰ্ষ বুজি পালে কিন্তু আলোক চেকেণ্ড, আলোক মিনিট লিখাৰ বাবে অলপ খেলিমেলি হৈছে নহয় জানো। কথাটো সহজ কৰি দিছোঁ।

যেনেকৈ আলোকবৰ্ষ হৈছে পোহৰে এবছৰত যোৱা দূৰত্ব। তেনেকৈ আলোক চেকেণ্ড  হৈছে পোহৰে এক চেকেণ্ডত যোৱা দূৰত্ব। আলোক মিনিট হৈছে পোহৰে এক মিনিটত যোৱা দূৰত্ব। আৰু আলোক ঘন্টা হৈছে পোহৰে এক ঘন্টাত যোৱা দূৰত্ব।


       ইয়াৰ আগৰ লেখাত মোক প্ৰশ্ন এটা কৰিছিল ৪৫ বছৰ আগতে NASA য়ে পঠোৱা Voyager ভগ্নী মহাকাশ যান দুখনে ৰাতিৰ আকাশৰ সকলোতকৈ উজ্জ্বল তৰা চিৰিয়াচ তৰাৰ ওচৰ পালেগৈ নেকি, আৰু আমাৰ হাতীপতি তাৰকাৰাজ্যৰ পৰা বাহিৰলৈ গুচি গ'ল নেকি!


     এই উত্তৰ জনা আগত চিৰিয়াচ তৰা কি কৈ থওঁ। চিৰিয়াচ তৰা মানে গহীন গম্ভীৰ তৰা নহয়, ই এটা তৰাৰ নাম মাত্ৰ। এই তৰা পৃথিৱীৰ পৰা ৮.৬ আলোকবৰ্ষ দূৰত আছে। ই ৰাতিৰ আকাশত দেখা  সকলোতকৈ উজ্জ্বল তৰা। ইয়াৰ ওজন সূৰ্য্যৰ ওজনৰ দুগুণ আৰু এই তৰা সূৰ্য্যতকৈ ২৫ গুণ উজ্জ্বল।


      Voyager ভগ্নী মহাকাশযান দুখন আমাৰ হাতীপতি তাৰকাৰাজ্যৰ পৰা বাহিৰলৈ গুচি গ'ল নেকি জানিবলৈ তাৰ আগতে আমি জানিব লাগিব আমাৰ হাতীপতি তাৰকাৰাজ্য কিমান ডাঙৰ। জানি আচৰিত হ'ব হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰটো আমাৰ পৃথিৱীৰ পৰা ২৬ হাজাৰ আলোকবৰ্ষ দূৰত আছে। আৰু আমাৰ গোটেই হাতীপতি তাৰকাৰাজ্যৰ ব্যাস ১ লাখ আলোকবৰ্ষ। এতিয়া নিজেই এটা ধাৰণা কৰক আমাৰ হাতীপতি তাৰকাৰাজ্য কিমান ডাঙৰ। Assamese Fact ) 


       আমাৰ Voyager ভগ্নীৰ Voyager-1 পৃথিৱীৰ পৰা মাত্ৰ প্ৰায় ২২৮০ কোটি কিলোমিটাৰ দূৰত আছে আৰু Voyager-2 ১৯০০ কোটি কিলোমিটাৰ দূৰত আছে। আৰু এক আলোকবৰ্ষ হৈছে ৯.৪ লাখ কোটি কিলোমিটাৰ। Voyager মহাকাশ যানখন যি গতিত আগবাঢ়ি গৈ আছে সেই  গতিত গৈ থাকিলে ১ আলোকবৰ্ষ পাৰ কৰিবলৈ Voyager ৰ সময় লাগিব ১৭ হাজাৰ ৫০০ বছৰ।

সেই হিচাপত ৮.৬ আলোকবৰ্ষ দূৰত থকা চিৰিয়াচ তৰা পাবলৈ আৰু আমাৰ হাতীপতি তাৰকাৰাজ্যৰ পৰা ওলাই যাবলৈ Voyager ভগ্নীৰ কিমান হাজাৰ বছৰ লাগিব নিজেই এটা হিচাপ কৰক।


     বাস্তৱিক কথাত ক'বলৈ গ'লে Voyager ভগ্নীয়ে চিৰিয়াচ তৰা ওচৰলৈ আৰু হাতীপতি তাৰকাৰাজ্য বাহিৰলৈ যাব নোৱাৰে। তাৰ আগতেই নিঃশেষ হৈ যাব চাগৈ! Voyager ভগ্নীয়ে আমাৰ সৌৰজগতহে পাৰ হৈছে হাতীপতি তাৰকাৰাজ্য পাৰ হোৱা নাই।


      আজিৰ লেখাটোত দূৰত্বৰ হিচাপ নিকাচ কৰিলোঁ বাবে এই সম্বন্ধীয় আৰু কেইটামান তথ্য আগবঢ়াই থওঁ।


      সূৰ্য্যৰ পাছতেই আমাৰ নিকটতম নক্ষত্ৰটো হ'ল Proxima Centauri. ই সূৰ্য্যৰ পৰা ৪.২২ আলোকবৰ্ষ দূৰত আছে।


      চিৰিয়াচ তৰাৰ পাছত ৰাতিৰ আকাশত দেখা দ্বিতীয় উজ্বল তৰা Canopus সূৰ্য্যৰ পৰা ৩১০ আলোকবৰ্ষ দূৰত আছে।  এই তৰাৰ উজ্জ্বলতা সূৰ্য্যতকৈ প্ৰায় ১৫ হাজাৰ গুণ বেছি।


      আমাৰ হাতীপতি তাৰকাৰাজ্যৰ ওচৰত থকা Andromeda তাৰকাৰাজ্য আমাৰ পৰা ২৫ লাখ আলোক বৰ্ষ দূৰত আছে আৰু Triangulum তাৰকাৰাজ্য আমাৰ পৰা ৩০ লাখ আলোক বৰ্ষ দূৰত আছে।


      এই গোটেইবোৰ কথা জানি এনে লগা নাই নে বাৰু যে এই বিশ্ব ব্ৰহ্মাণ্ডত পৃথিৱীৰ অস্তিত্ব কি আৰু পৃথিৱীত থকা আমাৰ মানুহৰ অস্তিত্ব কি যাৰ বয়স মাত্ৰ ৮০-১০০ বছৰ। পৃথিৱী হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ এটা ধূলিকণা আৰু আমি মানুহ হৈছোঁ সেই ধূলি কণাৰ ভিতৰত থকা এটা পৰমাণু নিচিনা বস্তু যাক চাগৈ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা খালী চকুৰে দেখা নাযায়। অতি শক্তিশালী Microscope দি আমাক চাব লাগিব তেতিয়াহে আমাক দেখিব চাগৈ! তথাপিও এই পৃথিৱীত আমাৰ মানুহৰ কিমান উৎপাত নহয় জানো! আমি জীৱনৰ আধা সময় এনেই কটাই দিওঁ, সৰু সৰু কথাত কাজিয়া কৰোঁ, মোৰ মাটি তোৰ মাটি বুলি নিজৰ ভাতৃক এহাত মাটিৰ বাবে হত্যা কৰোঁ। যি মাটিত এদিন আমাৰ শৰীৰ মিহলি হৈ আমাৰ শৰীৰো মাটি হৈ যাব! এই দুদিনীয়া জীৱনত আমি সদায় মিলিজুলি থাকিব লাগে। সৰু সৰু কথা ধৰি থাকিব নালাগে আৰু সৰু কথাত কাকো বেয়া পাব নালাগে।

উৎস : লক্ষ্য জ্যোতিৰ মহাকাশৰ কথা


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in



বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup 


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page



No comments:

Post a Comment

Advertisement

Pages