প্ৰেমৰ বাবে Valentie's Dayৰ প্ৰয়োজনীতা সচাঁকৈয়ে আছেনে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 11, 2022

প্ৰেমৰ বাবে Valentie's Dayৰ প্ৰয়োজনীতা সচাঁকৈয়ে আছেনে : Assamese Fact

Assamese Fact

কোনোৱে কয় অসমত ভেলেণ্টাইন দে নহয় জঙ্কি পানেইৰ দিৱস হে পালন কৰিব লাগে ।। ( Assamese Fact )


কোনোৱে আকৌ কয় , পশ্চিমীয়া উৎসৱ বোৰক কিয় গুৰুত্ব সহকাৰে ল'ব লাগে , এইবোৰে সংস্কৃতিৰ পতন ঘটাইছে ।। মোৰ দৃষ্টভঙ্গীৰে মই ভাৱো প্ৰেমৰ উৎসৱ বুলিবলৈ একো নাথাকে প্ৰেম স্বকীয় ,প্ৰেমিক প্ৰেমিকাৰ বাবে প্ৰতিটো দিনেই উৎসৱমুখৰ যদিহে তেওঁলোকৰ প্ৰেম আনক দেখুৱাবলৈ নহয় বৰঞ্চ ইজনে সিজনৰ বাবে অনুভৱ কৰা হৃদয়ৰ সঁচা  অনুভূতি হয় ।। 


 আৰু এই যে ভেলেণ্টাইন দে, ইয়াৰ বিষয়েও ভিন্ন জনৰ ভিন্ন মত ; বিভিন্ন কাহিনী পঢ়িবলৈ পোৱা যায় ,কোনোৱে কয় ভাল ,কোনোৱে কয় বেয়া ।। মই অৱশ্যে এই চেণ্ট ভেলেণ্টাইনক দেখা নাই বা লগো পোৱা নাই দেই ....কিন্তু মই  কওঁ কাহিনী যিয়েই নহওঁক কিয়?  আধাৰ  হৈছে অনুভূতিৰ প্ৰকাশ্য , গতিকে জঙ্কিপানেইৰ প্ৰেম সমাজৰ উচ্চ নীচ ভেদ ভাৱৰ উৰ্দ্ধত প্ৰেমৰ এক আৰ্হি আৰু ইয়াৰ বাবে উদযাপনৰ বিশেষ  দিন নালাগে !  ( Assamese Fact )


সকলো মানুহেই নিজৰ নিজৰ কৰ্মজীৱনৰ জৰিয়তে নিজৰ  জীৱনক উন্নত কৰাত ব্যস্ত হৈ থাকে আৰু থকাটো স্বাভাৱিক এই যান্ত্ৰিক পৃথিৱীত , যাৰ ফলত সম্পৰ্কৰ বান্ধোন ঠুনুকা হ'বলৈ ধৰে কিয়নো, তেওঁলোকৰ  পৰিয়াল বা প্ৰিয়জনৰ বাবে সময়ৰ আকাল ; গতিকে দিৱস বা দিন যিয়েই নহওঁক মুঠতে সম্পৰ্কবোৰক গুৰুত্ব দিয়ক ,সময় দিয়ক আৰু তেওঁ আপোনাৰ বাবে যে বিশেষ সেই কথাকে  আপোনাৰ প্ৰিয়জনক নিজৰ অনুভূতিৰ জৰিয়তে প্ৰকাশ কৰক ।। 


জীৱন দুদিনীয়া, কচু পাতৰ পানী গতিকে কিয় কাহিনীৰ আঁত বিচাৰি সময় নষ্ট কৰি ফুৰিছে ?  সংস্কৃতি যিয়েই নহওঁক কিয়,  যদি জীৱনত ৰঙ সানিব পাৰে ,কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে তেন্তে কোনো সংস্কৃতিয়েই অপসংস্কৃতি হ'ব নোৱাৰে ।।


পৰম্পৰা আৰু সংস্কৃতি নিজৰ খিনিও ধৰি ৰাখক আৰু আনৰ পৰা ভাল খিনিও আঁকোৱালি লওক ,ইনেই নকয় ভাৰতীয় সংস্কৃতি ক্ৰমবৰ্দ্বমান বৃহৎ সংস্কৃতিৰ সমাহাৰ আৰু অসমীয়া সংস্কৃতি বাৰেৰহনীয়া সংস্কৃতিৰ আধাৰ ।। এখন ফুলনিত যিদৰে একেৰঙৰ ফুলতকৈ বিভিন্ন ৰঙৰ ফুলে সৌন্দৰ্য বৃদ্ধি কৰে তেনেদৰে বিভিন্ন সংস্কৃতিৰ সমাহাৰে ভাৰতীয় সংস্কৃতি সোনত সুৱগা চৰে ।। জীৱন অনুপম সময় দিয়ক উপভোগ কৰক 👍☺💞🙏✍পৰী🌹

🎀🎀🎀🎀🎀🎀🎀🎀🎀🎀🎀🎀🎀🎀



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা পৰিনীতাৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। 

( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages