আপুনিও Rose Day পালন কৰে যদি ইয়াৰ আৰৰ কাহিনী জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 12, 2022

আপুনিও Rose Day পালন কৰে যদি ইয়াৰ আৰৰ কাহিনী জানি লওঁক : Assamese Fact

Assamese Fact


গোলাপ দিৱস কিয় উদযাপন কৰা হয়! আৰু ইয়াৰ আঁৰৰ কাহিনী কি! ( Assamese Fact )


আজিৰ নৱ প্ৰজন্মৰ মাজতে ভেলেন্টাইন উদযাপনৰ সংস্কৃতি বৃদ্ধি পাবলৈ ধৰিছে। ৭ফ্ৰেব্ৰুৱাৰী পৰা আৰম্ভ কৰি ১৪ফ্ৰেব্ৰুৱাৰীলৈকে প্ৰেম সপ্তাহ হিচাপে পালন কৰা হয়। সেয়হে এই প্ৰেমৰ সপ্তাহটোক বজাৰত ৰঙা, হালধীয়া, বগা আৰু, গুলপীয়া গোলাপৰে ভৰি থকা দেখিবলৈ পোৱা যায়। গোলাপ দিৱসত ইজনে সিজনৰ সন্মুখত গোলাপ দি, তেওঁলোকৰ অনুভূতিক প্ৰকাশ কৰে। 


গোলাপ ফুলক অনুভূতিৰ প্ৰকাশৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে, মোগল বেগম নোৰ জাহানে ৰঙা গোলাপ বহুত ভাল পাইছিল। জনা যায় যে, নুৰজাহানৰ হৃদয় সন্তষ্ট কৰিবলৈ, তেওঁৰ স্বামীয়ে প্ৰতিদিনে টন অনুসৰি তেওঁৰ ৰাজপ্ৰসাদলৈ সতেজ গোলাপ প্ৰেৰণ কৰিছিল। 


আন এক কথা অনুসৰি, মহাৰাণী ভিক্টোৰিয়াৰ সময়ত মানুহে তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিবলৈ গোলাপৰ আদান প্ৰদানৰ পৰম্পৰা আৰম্ভ কৰিছিল। সেয়হে এইটো বিশ্বাস কৰা হয় যে, মহাৰাণী ভিক্টোৰিয়ান আৰু ৰোমানসকলেও গোলাপ ফুলেৰে তেওঁলোকৰ প্ৰেম প্ৰকাশ কৰিছিল। 


ৰংৰ বিশেষত্ব অনুসৰি গোলাপ ফুলৰ অৰ্থ বেলেগ বেলেগ হয়৷ ( Assamese Fact )


ৰঙা গোলাপ-

ৰঙা গোলাপক প্ৰেম, আৱেগ,প্ৰতীক বুলি গণ্য কৰাৰ বিপৰীতে ৰঙা গোলাপৰ আছে অন্য এটা বিশেষত্ব। ইয়াক আপুনি আপোনাৰ সন্মুখৰ ব্যক্তিজনক অনুভৱ কৰায় যে, আপুনি তেওঁলোকক কিমান ভালপাই। 


হালধীয়া গোলাপ-

হালধীয়া গোলাপক বন্ধুত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপুনি আপোনাৰ বন্ধুবৰ্গক ভালপাওঁ বুলি কব বিচাৰে, তেন্তে তেওঁলোকক হালধীয়া গোলাপ দিব পাৰে। হালধীয়া ৰং সুখ আৰু সু-স্বাস্হ্যৰ প্ৰতীক বুলি জনা যায়। 


বগা গোলাপ-

বগা গোলাপ দিয়া হয়, যেতিয়া আপুনি কাৰোবাৰ সৈতে যথেষ্ট কাজিয়া কৰে। কিন্তু এতিয়াও আপুনি সকলো পাহৰি যাব বিচাৰে আৰু আপোনাৰ সম্পর্কক এক নতুন ধৰণৰে আৰম্ভ কৰিব বিচাৰে। ইয়াৰ উপৰিও বগা গোলাপক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 


গুলপীয়া গোলাপ-

ভেলেন্টাইন দিৱস কেৱল প্ৰেমিক প্ৰেমিকা বা দম্পতিসকলৰ বাবে নহয়। আপুনি ইয়াক আপোনাৰ পিতৃ মাতৃৰ সৈতেও উদযাপন কৰিব পাৰে। এনে পৰিস্থিতিত গোলাপ দিৱসৰ দিনা আপুনি তেওঁলোকক গুলপীয়া গোলাপ ফুল দিব পাৰে। কাৰোবাক ধন্যবাদ দিবলৈ গুলপীয়া গোলাপ দিয়া হয়। 


কমলা গোলাপ-

গোলাপৰ এই ৰঙে আৱেগৰ প্ৰতীক বুজাই। কমলা ৰংৰ গোলাপে উৎসাহ, আকাংক্ষা প্ৰতিফলিত কৰে। দম্পতি সকলে তেওঁলোকৰ প্ৰেমত উৎসাহ অনাৰ প্ৰতীক হিচাপে কমলা গোলাপ দিব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages