আপোনাৰ এই ভুলৰ বাবে হনুমান চালীসা পাঠ কৰাৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 6, 2022

আপোনাৰ এই ভুলৰ বাবে হনুমান চালীসা পাঠ কৰাৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে : Religious Studies

Religious Studies


মঙ্গলবাৰৰ দিনটোক বালাজী হনুমানৰ বাৰ বুলি কোৱা হয়।মঙ্গলবাৰ বা শনিবাৰ যিদিনায়েই হওঁক এই দুদিন হনুমানক সমৰ্পিত কৰা হয়। ( Religious Studies )


ভগৱান হনুমানক বল, বুদ্ধি দেৱতা বুলি কোৱা হয়। কোৱা হয় যিমান সহজ-সৰল ভগৱান হনুমানৰ ব্যক্তিত্ব সিমানেই সহজ-সৰল এওঁক পূজা অৰ্চনা কৰাটো। 


এওঁক ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ বুলি কোৱা হয়। শিৱৰ ৰুদ্ৰ অৱতাৰ যেতিয়া অলপতে সন্তোষ হৈ যায়।মঙ্গলবাৰৰ দিনটো সাধাৰণতে ভগৱান হনুমানক পূজা অৰ্চনা কৰা দিন বুলি কোৱা হয় আৰু তেওঁ শুনেও, কিন্তু সকলোৱে শুদ্ধ আৰু সচাঁ মনেৰে কৰা পূজা অৰ্চনা বা ভক্তি হ'ব লাগে।সচাঁ মনেৰে এওঁৰ নিয়মসমূহ পালন কৰিব লাগে। কাৰণ এওঁৰ খঙো বহুত বেছি।


ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ কাৰণে এওঁৰ খঙো বহুত বেছি। এওঁৰ আশীৰ্বাদ মানু্হে বহুত সোনকালেই পায়। কাৰণ আজিও এওঁক কলিযুগৰ প্ৰত্যক্ষ দেৱতা বুলি ধৰা হয়। কোৱা হয় পৃথিৱীত আজিও বিচৰণ কৰি আছে আৰু য'তে ৰাম কথা হয় তাতে তেওঁ প্ৰকট হয়।ভগৱান হনুমানৰ নাম ল'লেই সকলো প্ৰকাৰৰ সংকত নাইকীয়া হৈ পৰে । 


ভক্তসকলৰ একো ভ‌য় নথকা হয়।যদি আপোনালোকৰ এনেকুৱা লাগে কোনোবাই আপোনালোকৰ ঘৰত যাদু বা কিবা বেয়া কাম কৰি বান্ধি থৈছে বা একো কাম হোৱা নাই তেতিয়া আপোনালোকে ভূত পিশাচ নিকট নেহী আৱে মহাবীৰ যব নাম শোনাবে।এই মন্ত্ৰটোৰ জাপ কৰক বা হনুমান চালিচা পঢ়ক। ইয়াৰ অৰ্থ এইটো যে য'ত ভগৱান হনুমানৰ নাম লোৱা হয় তাৰ ওচৰে পাজৰে ভূত-পিশাচ নাথাকে। সেই কাৰণে এওঁৰ নাম লৈ থাকিব লাগে। 


যাৰ এইসমূহ বস্তুলৈ ভয় লাগে তেওঁলোকে ভগৱান হনুমানৰ নাম জপ কৰি থাকিলে ভয় নাইকীয়া হৈ পৰিব।ফেক্টৰী বা ব্যৱসায় য'তে হওঁক  ভগৱান হনুমানৰ পতাকা থ'ব লাগে ।ৰঙা ৰঙৰ পতাকা। ঘৰলৈ বেয়া বস্তুৰ প্ৰৱেশ নহ'বলৈ আপোনালোকে ঘৰৰ সন্মুখত সেন্দুৰে ৰাম ৰাম লিখি সাতটা ফুট লগাই দিব লাগে। সেন্দুৰত তেল মিলাই বা কোনোবা হনুমান মন্দিৰৰ পৰা তেওঁৰ চৰণৰ সেন্দুৰ আনি এই কামটো মুখ্য দুৱাৰৰ সন্মুখত কৰিব পাৰে।


 ঘৰৰ আশে-পাশে যদি মৰিশালী আছে তেতিয়া আপোনালোকে ঘৰত হনুমানৰ পতাকা বা ৰঙা ৰঙৰ পতাকা থৈ দিব লাগে। সং হনুমতে নমঃ ,ওমঃ সং হনুমতে নমঃ এই মন্ত্ৰটোৰ যদি জাপ কৰি থাকে তেতিয়া আপোনালোক ভয় মুক্ত হৈ পৰিব। বহুত মানুহে এনেকুৱা কাম কৰে যাৰ ফলত তেওঁলোকক কিছুমান মানুহে খঙ কৰে আৰু তেওঁলোকৰ শত্ৰু হৈ পৰে। 


স্পষ্টকৈ কথা কোৱা ভাল কিন্তু শাস্ত্ৰতো কোৱা আছে যে মানুহে এনেকুৱা একো কথা ক'ব নালাগে যাৰ ফলত আনৰ মনত আঘাট লাগে। ইয়াৰ ফলত আপোনালোকৰ গুপ্ত শত্ৰু উৎপন্ন হৈ পৰে।মুখৰ আগত ন'কলেও কিন্তু মনৰ পৰা আপোনাক ঘৃণা কৰিবলৈ ধৰিব। বহুবাৰ কি হয় আপুনি বহুত কম সময়ৰ ভিতৰতে সফলতা অৰ্জন কৰি লয়। ইয়াৰ ফলত বহুত মানুহে আপোনাক হিংসা কৰিবলৈ ধৰে। বহুত মানুহেটো সৰযন্ত ও কৰে আপোনাৰ বিৰুদ্ধে। ভগৱান হনুমানৰ যি গ্ৰন্থ সেইখন ইমান মূল্যবান আৰু শক্তিশালী যে যেনে- হনুমান চলিচা যিয়ে আমাৰ দুখৰ নিবাৰণ কৰে। ইয়াত একো সন্দেহ নাই।


যেতিয়া আপোনালোক দুখত থাকে তেতিয়া হনুমান চালিচাৰ এই উপায়টো কৰক যিটো আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ ,সেইটো কৰা ফলত আপোনালোকৰ দুখ নাইকীয়া হৈ পৰিব আৰু সুখেৰে ভৰি পৰিব।


 তুলসী দাসৰ দ্বাৰা ৰচিত এই হনুমান চালিচাত ইমান শক্তি থাকে যে ই আমাৰ দুখ নাইকীয়া কৰি দিব পাৰে। কিন্তু ইয়াৰ ৰহস্য কি? আপোনালোকে জানে চাগে যেতিয়া সৰুতে ভগৱান হনুমানৰ ভুক লাগিছিল , তেতিয়া ভগৱান হনুমানে সূৰ্যক খাই থৈছিল। কাৰণ সেই সময়ত গ্ৰহণ লাগি আছিল। ৰাহুৱে সূৰ্যৰ এই অৱস্থা দেখি নিজেই গৈ ইন্দ্ৰ দেৱতাক কয় আপুনি আৰু কাক ব্ৰহ্মাণ্ডত এৰি দিছে যিয়ে  সূৰ্যক খাই দিলে। তেতিয়া  ইন্দ্ৰ দেৱতা নিজৰ হাতীত উঠি আহি দেখিলে যে সৰু হনুমানে সূৰ্যক মুখত লৈ খেলি আছে। গোটেই জগততে সূৰ্য নহ'লেত হুলথূল লাগি গ'ল।


হনুমানে ইন্দ্ৰ দেৱতাকো বগা ফল বুলি ভাবি খাবলৈ গ'ল। তেতিয়া ইন্দ্ৰয়ে নিজৰ ব্ৰজৰে হনুমানক প্ৰহাৰ কৰিলে ।যাৰ ফলত হনুমানৰ মুখৰ পৰা সূৰ্য মুক্ত হৈ গ'ল আৰু হনুমান অচেতন হৈ পৰিল। তেতিয়াই বায়ুদেৱে নিজৰ বায়ুৰ গতি ৰখাই দিলে আৰু তাৰ ফলত সমস্ত সংসাৰত বায়ু চলাচল বন্ধ হৈ গ'ল আৰু সকলো মৃত্যু মুখত পৰিবলৈ ল'লে। ইন্দ্ৰয়ে সকলো দেৱতা লগত ভগৱান ব্ৰহ্মাৰ ওচৰলৈ গ'ল আৰু তাৰ পাছত বায়ুদেৱৰ ওচৰলৈ আহিলে। তাৰ পাছত তেওঁক কাকুতি মিনতি কৰিলে যে বায়ু সঞ্চালন কৰক,আমি হনুমানক সকলোৱে আশীৰ্বাদ প্ৰদান কৰিম যে তেওঁ যাতে বুদ্ধিমান,বলবান আৰু চিৰঞ্জীৱী হওঁক। ( Religious Studies )


তেতিয়া হনুমানে চেতনা ঘূৰাই পালে আৰু বায়ুদেৱে বায়ুক গতি প্ৰদান কৰিলে আৰু সংসাৰখনক ৰক্ষা কৰিলে। হনুমান চিৰঞ্জীৱী হোৱাৰ কাৰণেই বায়ুৰ সঞ্চালন ভালকৈ হয়।তাৰ ফলত সংসাৰ আৰু মানৱ ৰক্ষা পৰে। হনুমান চালিচাত তেওঁৰ বিষয়ে কোৱা আছে। যিসকল ব্যক্তিয়ে নিয়মীয়াকৈ হনুমান চালিচা পাঠ কৰে তেওঁলোকৰ সকলো বিপদ নাইকীয়া হৈ পৰে।বেয়া শক্তিয়ে ও তেওঁলোকক অশান্তি নকৰে। 


আপোনালোকে সচাঁ আৰু ভাৱণাপূৰ্বক ভাবে ভগৱান হনুমানৰ যদি বন্দনা কৰে বা হনুমান চালিচা পাঠ কৰে তেতিয়া অকল হনুমানৰেই নহয় ভগৱান ৰামৰো আশীৰ্বাদ আমি বা আপোনালোকে প্ৰাপ্ত কৰোঁ।আমি ভগৱান হনুমানক প্ৰসন্ন কৰিবলৈ হনুমান চালিচা পাঠ কৰোঁ বা মন্দিৰলৈ যাওঁ,নাৰিকল অৰ্পন কৰোঁ।ব্ৰত কৰোঁ আৰু তাৰ পাছত নিজৰ জীৱনত ব্যস্ত হৈ পৰোঁ। 


কিন্তু বহুত মানুহে কয় আমিটো বহুত দিনৰ পৰা হনুমান চালিচা পাঠ কৰি আছোঁ। কিন্তু এনেকুৱা একো ফল আমি পোৱা নাই। কিয় নাপায় আজি এইটো ভালকৈ জানি লওঁক। কাৰণ হনুমান চালিচা পাঠ কৰা সকলৰ বাবে কিছুমান কাম বৰ্জিত। কিছুমান মানুহে হনুমান চালিচা পাঠ কৰি কিছুমান ভুল কৰে,যাৰ ফলত ফল নাপায় আৰু তাৰ বিপৰীতে বেয়াহে হয়।এইটো ধ্যান দিয়ক- বুদ্ধিহীন তেনু জানিকে সমীৰো প্ৰবনো কুমাৰ ,বল, বুদ্ধি ,বিদ্যা দেহো মহি,হৰসূৰ কলেশ বিকাৰ। ইয়াৰ অৰ্থ হ'ল-মানুহ বুদ্ধিহীন আৰু জ্ঞান প্ৰাপ্তিৰ কাৰণে ভগৱান হনুমানৰ ওচৰলৈ গৈছে। আমাক বুদ্ধি,সঠিক মাৰ্গ দিবলৈ এনেদৰে আমি ভগৱান হনুমানক বিনতি কৰোঁ। এইটো শাৰীয়ে তাৰ উদাহৰণ।


 হনুমান চালিচা এনেকুৱা এটা মাধ্যম যিয়ে সকলোকে বল,বুদ্ধি ,বিদ্যা প্ৰদান কৰে । কিন্তু এইটো তেতিয়াহে সম্ভৱ যেতিয়া আমি একো ভুল নকৰোঁ।ভুল অকল উচ্চাৰণৰ নহয় ইয়াৰ উপৰিও আমি বহুত ভুল কৰোঁ। যিবোৰ আমি নজনাকে কৰোঁ।যাৰ ফলত আমি সম্পূৰ্ণ ফল নাপাওঁ। 


তুলসী দাসে স্পষ্ট ৰূপে লিখিছে যিয়ে এইখন পাঠ কৰে সি দুখ ,কষ্টৰ পৰা মুক্ত হৈ পৰে। যেনে- ধন প্ৰাপ্তি,কাজিয়া,ঘৰত কাজিয়া ,ব্যৱসায়,চাকৰিৰ সমস্যা আদি সকলোৰে সমাধান হ'ল হনুমান চালিচা। সদায় পাঠ কৰক কিন্তু ভুল নকৰিব।গা নুধোৱাকে হনুমান চালিচা পাঠ কৰিব নালাগে।হনুমান চালিচা পাঠ কৰা আগত ৰাম,সীতা,শিৱ আদিৰ নাম ১১ বাৰ উচ্চাৰণ কৰিহে পাঠ  কৰিব লাগে। পাঠ কৰোঁতে মনতো ইফালে সিফালে থাকিব নালাগে। 


হনুমানৰ বিভিন্ন চৰিত্ৰ কথা মনত ভাবি থাকিব লাগে। ৰাম নাম জপ কৰা ব্যক্তিসকলৰ সহায় সদায় ভগৱান হনুমানে কৰে।কলিযুগৰ দেৱতা , সোনকালেই ফল প্ৰদান কৰে, উগ্ৰ দেৱতা। খঙো কৰিব পাৰে যদি আপোনালোকে লেটেৰা হাত বা লেটেৰা গাৰে পাঠ বা পূজা অৰ্চনা কৰে। ভাৱ আৰু ভক্তি , শুদ্ধ মনে যদি কৰিব নোৱাৰে তেতিয়া বেয়া । এনেকুৱা ভাবনা ত্যাগ কৰক।


 হনুমানৰ মূৰ্তি ওচৰত যদি হনুমান চালিচা পাঠ কৰে তেতিয়া আগতে তেওঁৰ মূৰ্তিত তেল আৰু সেন্দুৰ অৰ্পণ কৰক। বহুত শুভ বুলি ধৰা হয়। পাৰিলে জলো অৰ্পণ কৰক। ইয়াৰ ফলত ভগৱান হনুমান বিশেষ ৰূপে প্ৰসন্ন হয় আৰু এওঁৰ প্ৰিয় ৰং ৰঙা। সেই কাৰণে পূজা কৰোঁতে তেওঁৰ পচন্দৰ ধ্যান ৰাখিব লাগে। ৰঙা কাপোৰ, ৰঙা ফুল আদি ভগৱান হনুমাক অৰ্পণ কৰিব লাগে। 


ক'লা বা বগা কাপোৰ তেওঁক আৰু নিজেই পিন্ধিব নালাগে। ইয়াৰ পৰা নকাৰাত্মক প্ৰভাৱ পৰে।ৰঙা,কমলা,গেৰুৱা আদিহে পিন্ধিব লাগে। বহুত মানুহে মাটিত বা খালি পকাত বহি,থিয় হৈ খালি পকাত হনুমান চালিচা পাঠ কৰে।একো কথা নাই কিন্তু সেই ঠাইখিনি চাফ-চিকুণ হৈ থাকিব লাগে আৰু এখন  আসন ল'ব লাগে মানে ৰঙা ৰঙৰ কাপোৰ বা কম্বল।এই আসন ব্যৱহাৰ কৰিহে হনুমান চালিচা পাঠ কৰিব লাগে। 


কিছুমান মানুহে গা ধুই উলাই ওমঃ ওমঃ কৰি ভগৱানৰ ওচৰলৈ গুচি যায় খালি গায়ে , তিঁতি থকা গায়েই হনুমান চালিচা পাঠ কৰে। এইসমূহ বহুত ভুল প্ৰক্ৰিয়া। ভালকৈ গা ধুই কাপোৰ পিন্ধি আসনত বহিহে হনুমান চালিচা পাঠ কৰিব লাগে। শান্ত মনে কৰিব লাগে কাৰণ বহুত  শান্ত দেৱতা বুলি কোৱা হয় ভগৱান হনুমানক। সেই কাৰণে ইফালে সিফালে মন নিদিব ভালকে তেওঁৰ কথা ভাবি  হনুমান চালিচা পাঠ কৰিব লাগে। কাৰোবাক অপমান কৰিবলৈ বা দেখুৱাবলৈ কেতিয়াও হনুমান চালিচা পাঠ কৰিব নালাগে। কাৰণ এনেকুৱা কৰাতোঁ পাপ বুলি ধৰা হয়। 


কিছুমান মানুহে পাঠ কৰি থাকোঁতে মহিলাৰ বিষয়ে বেয়া ভাবনা মনত পুঁহি ৰাখে। হনুমান সম্পূৰ্ণ ৰূপে ব্ৰহ্মাচৰ্য বা ব্ৰহ্মাচাৰী আছিল। সেই কাৰণে হনুমান চালিচা পাঠ কৰোতে আপোনালোকে ব্ৰহ্মাচৰ্য বা ব্ৰহ্মাচাৰী ব্ৰত পালন কৰিব লাগে। মাহেকীয়া মহিলাসকলে হনুমান চালিচা পাঠ কৰিব নালাগে। কাৰণ হনুমান চালিচা তেজৰ লগতো সম্পৰ্ক আছে সেই কাৰণে মাহেকীয়া মহিলাসকলে হনুমান চালিচা পাঠ কৰিব নালাগে। 


মাছ, মাংস সেৱন কৰি হনুমান চালিচা পাঠ কৰিব নালাগে। নিৰামিষ খাদ্য খায়ো হনুমান চালিচা পাঠ কৰিব পাৰে মুখ কুলকুলাই লৈ। যেতিয়া আপোনালোকে  হনুমান চালিচা পাঠ কৰে তেতিয়া ভগৱানে আপোনাৰ কাৰ্য আৰু সমস্যাৰ ওপৰত চকু দিয়ে । সেই কাৰণে ধ্যান ৰাখিব লাগে।মাছ, মাংস সেৱন কৰি পাঠ কৰা দেখিলে আপোনালোকৰ মনোকামনা বিফল হ'ব। 


মদ, চিগাৰেট আদি দৰে নিচাও পৰিত্যাগ কৰিব লাগে। এইসমূহ সেৱন কৰা সকলক কেতিয়াও ভগৱান হনুমানে সহায় নকৰে। এইসমূহ ঠাইলৈ যাব নিবিচাৰে য'ত নিচা,বাসনা আদি থাকে। হিংসা থকা লাগিলে জীৱ জন্তুৱেই হওঁক তালৈ তেওঁ নাযায়।জংঘলতে অধিকাংশ জীৱন যাপন কৰিছিল হনুমানে ,সেই কাৰণে জীৱ জন্তুটোক ভাল পাইছিল আৰু সেই কাৰণে যেতিয়া আপোনালোকে  হনুমান চালিচা পাঠ কৰে তেতিয়া জীৱ জন্তুটোক কষ্ট দিব নালাগে। যেনে- মৰা,খেদা,হত্যা কৰা আদি কৰিব নালাগে।হনুমান চালিচা পাঠ কৰি হোৱাৰ পিছত তেওঁক ভোগ দিব লাগে। লাগিলে গুৰ আৰু বুট দিয়ক।


ভোগ দিওঁতে পাৰিলে তুলসী পাত এখিলা দিব লাগে। বুন্দিয়া ,খুৰমা আদি যিয়ে আপোনালোকে নিদিয়ক লাগিলে প্ৰথমতে তেল আৰু সেন্দুৰ লগাই ভগৱান হনুমানক ফুট দিয়ক। তাৰ পিছত ভোগ দিয়ক। পূজা আৰম্ভ কৰা আগত গণেশ বা পিতৃ মাতৃৰ নাম স্মৰণ আৰু পূৰ্বপুৰুষৰ নাম স্মৰণ কৰিব লাগে।তাৰ পিছত ভগৱান ৰামৰ নাম স্মৰণ কৰি পূজা আৰম্ভ কৰিব লাগে। 


ৰাতিৰ ৯ টা বজাৰ পাছত কৰা পূজা অৰ্চনা বহুত ফলপ্ৰসূ হয়। সেই কাৰণে পাৰিলে ৰাতিৰ ৯ টা বজাৰ পাছত পাঠ কৰিব লাগে। হনুমান চালিচাখন কেতিয়াও মাটিত বা আসন নহ'লে ভৰিৰ ওচৰত থ'ব নালাগে। এবাৰ পাঠ কৰিবলৈ আৰম্ভ কৰিলে ইয়াক সম্পূৰ্ণ নকৰাকে মাজত কেতিয়াও উঠিব নালাগে। মাজতে ৰৈ ৰৈ কথা পতা বা কিবা কৰা আদি যিমান জৰুৰী হ'লেও কৰিব নালাগে। 


কিছুমান মানুহে মাজতে চাহ,পানী খাই এনেকুৱা কৰিব নালাগে। এইসমূহ নকৰাকে নিয়ম অনুসৰি যদি আপোনালোকে হনুমান চালিচা পাঠ কৰে তেতিয়া আপোনালোকৰ মনোকামনা পূৰ্ণ হ'ব  ।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages