আপোনাৰ এই ৯ টা কাৰ্যই শনিদৱক ক্ৰোধিত কৰিব পাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 5, 2022

আপোনাৰ এই ৯ টা কাৰ্যই শনিদৱক ক্ৰোধিত কৰিব পাৰে : Religious Studies

Religious Studies

প্ৰিয় পাঠকসকল আপোনালোকে যদি শনিদেৱক পূজা কৰে বা মানে তেতিয়া এই অশুভ কাৰ্য শনিবাৰৰ দিনা কেতিয়াও নকৰিব। ( Religious Studies )

 

ইয়াৰ ফলত শনিদেৱৰ পীড়া হয়। শনিবাৰৰ দিনটো শনিদেৱক সমৰ্পণ কৰা হয় আৰু এই দিনা শনিদেৱক পূজা কৰা হয়।শনিবাৰৰ দিনটো শনিদেৱক পূজা কৰা সকলোতকৈ ভাল দিন বুলি কোৱা হয় বা ধৰা হয়।


 কোৱা হয় যে এইদিনা শনিদেৱক যিয়ে সচাঁ মনেৰে কিবা বিচাৰে তাৰ মনোকামনা পূৰ্ণ হয়। কিন্তু আপোনালোকে এইটো জানিব লাগে যে শনিবাৰৰ দিনা এইসমূহ ভুল কৰিব নালাগে। শনি গ্ৰহক বহুত প্ৰভাৱশালী গ্ৰহ বুলি কোৱা হয়। 

কোনো ব্যক্তিৰ ওপৰত শনিদেৱৰ যদি খঙ উঠে তেতিয়া তেওঁ কংঙ্গাল হৈ পৰে। ঘৰলৈ কষ্ট আহিবলৈ ধৰে।



১. শনিবাৰৰ দিনা শাৰীৰিক সম্পৰ্ক কৰিব নালাগে বা এইবোৰৰ পৰা আতঁৰি থাকিব লাগে। বহুত মানুহ এনেকুৱা থাকে যিয়ে অকল এইবোৰতে ব্যস্ত থাকে আৰু তেওঁলোকে শনিদেৱৰ খঙ সহিব লগীয়া হয়। এনেকুৱা পাপ ভুলতো নকৰিব। এই দিনা পত্নীৰ পৰা দূৰত থাকক। এইদিনা শাৰীৰিক সম্পৰ্ক কৰিলে সন্তান বেয়া বা উভয় লিংগী হয় জন্ম লয়।



২.কুকুৰ মেকুৰীয়ে শনিবাৰৰ দিনা কান্দিলে বহুত অশুভ বুলি কোৱা হয়।এইয়া ঘৰলৈ আৰ্থিক সমস্যা অহাৰ সংকেত। কাজিয়া হ'ব পাৰে।



৩.শনিবাৰৰ দিনা ভগা ফণি বা ভগা আইনাৰ ব্যৱহাৰ কৰিব নালাগে। কাৰণ শনি গ্ৰহৰ অশুভ প্ৰভাৱ পৰে আৰু ব্যক্তি ওচৰত একো নাইকীয়া হৈ পৰে বা কংঙ্গাল হৈ পৰে। ( Religious Studies )



৪.যিকোনো বস্তু শনিবাৰৰ দিনা ভগাটো অশুভ বা অমংগলীয়া বুলি ধৰা হয়।শনিবাৰে ভগা গাড়ীত যাত্ৰা কৰিব নালাগে নহ'লেবা আপোনাৰ লগত বহুত বেয়া হ'ব পাৰে। শনিবাৰে যিসকলে গা নুধোৱে সেইসকলে কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। এইসমূহ শাস্ত্ৰতটো পঢ়িব পাৰে। কাৰণ  শনি এনেকুৱা এটা গ্ৰহ যি মানুহক কৰ্মৰ অনুসৰি ফল দিয়ে বা দণ্ড দিয়ে।



৫.শনিদেৱক যদি আপোনালোকে অলপ হ'লেও ভাল পায় বা মানে তেতিয়া এইদিনা পিয়াঁজ,নহৰু,মাছ, মাংস ,মদ বা চিগাৰেট আদি খাব নালাগে।এইবোৰ সেৱন কৰিলে শনিদেৱে কষ্ট পায় আৰু আপোনাৰো পাপ লাগে। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহৰ স্থিতি বেয়া হৈ পৰে।



৬.শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়।যিয়ে সকলোৰে ন্যায় কৰে। সেই কাৰণে কাজিয়া কৰিব নালাগে। মুখেদি সেইদিনা বেয়া কথা ক'ব বা গালি দিব নালাগে। স্ত্ৰীক কষ্ট দিব নালাগে।লুকাই কাৰো কথা শুনিব নালাগে।মহিলাই গা ধুই থাকোঁতেও চাব নালাগে আৰু তেওঁলোকক বেয়া চকুৰে চাব নালাগে । এইবোৰ কৰিলে শনিদেৱ বহুত ক্ৰোধিত হৈ পৰে।



৭.এইদিনা হনুমানক দৰ্শন নকৰিলে শনিদেৱ প্ৰসন্ন নহয়। সেই কাৰণে শনিদেৱক পূজা কৰা পাছত হনুমানক দৰ্শন কৰিবলৈ পাহৰি নাযাব। শনিবাৰৰ দিনা সৰিয়হৰ তেলে দি চাকি জ্বলালে শুভ বুলি ধৰা হয় আৰু শেষত শনিদেৱকো তেল অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত ব্যক্তিৰ সকলো কষ্ট শনিদেৱে নাইকীয়া কৰি দিয়ে। এই দিনা শনিদেৱৰ চকুলৈ চাব নালাগে। নহ'লেবা ব্যক্তিয়ে কষ্ট পায়। শনিবাৰৰ দিনা সূৰ্যক পূজা নকৰাকৈ থাকিবলৈ চেষ্টা কৰক আৰু ক'লা কাপোৰ নিপিন্ধিব।



৮. যিসকলে শনিবাৰৰ দিনা দান কৰে , তেওঁলোকৰ ওপৰত শনিদেৱ প্ৰসন্ন হৈ থাকে। সেই কাৰণে শনিবাৰৰ দিনা ক্ষমতা অনুসৰি আপোনালোকে দান কৰিব লাগে। তেল কিনি এইদিনটোত ঘৰলৈ আনিব নালাগে।শনিবাৰৰ দিনা লোহা কিনিব নালাগে দানহে দিব লাগে। ক'লা বস্তু যেনে-মাটিমাহ বা বেলেগ ধৰণৰ ক'লা বস্তু ঘৰত বনাব নালাগে। এই দিনা ক'লা বস্তু দান কৰাতোঁ বহুত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত ঘৰখন দূৰ্ঘটনাৰ পৰা বাচি থাকে।



৯.শনিবাৰৰ দিনা হঠাতে খৰচ বঢ়া,ধাৰ বঢ়া, গাখীৰ পৰি যোৱা,তেল পৰা বা কাচৰ বস্তু ভগা আদি হ'লে আহিব লগা দিনকেইটাত আৰ্থিক সমস্যা হ'ব পাৰে।এই সংকেতসমূহে বুজাই যে আপোনালোকৰ ঘৰত ৰাহু আৰু কেতুৱে বাস কৰি আছে। শনিদেৱে আপোনাক খঙ কৰি আছে। 

এনেকুৱাত আপোনালোকে সৰিয়হৰ তেলে দি চাকি জ্বলাব লাগে। বহুত কমসংখ্যক মানুহে জানে যে এই দিনটো অকল শনিদেৱৰেই নহয় হনুমানৰো। 


যিসকল ব্যক্তিৰ ওপৰত এওঁলোকৰ কৃপা দৃষ্টি পৰে তেওঁলোকে সকলো সফলতা লাভ কৰে।শনিদেৱৰ কৃপা দৃষ্টি ফলত মানুহৰ ধন-সম্পত্তিৰে ভৰি পৰে। হনুমানৰ কৃপা দৃষ্টি ফলত মানুহৰ শত্ৰুৰ নাইকীয়া হৈ পৰে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages