২০২২ বৰ্ষৰ সৰস্বতী পূজাৰ সম্পূৰ্ণ সময়সূচী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, February 4, 2022

২০২২ বৰ্ষৰ সৰস্বতী পূজাৰ সম্পূৰ্ণ সময়সূচী : Religious Studies

Religious Studies


হিন্দু বৰ্ষপঞ্জী অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উদযাপন কৰা হয়। এই দিনটোতে জ্ঞান, বাক আৰু কলাৰ দেৱী মা সৰস্বতীক পূজা কৰা হয়।( Religious Studies )


হিন্দু ধৰ্মত শিশুৰ শিক্ষা আৰম্ভ কৰা বা সৰস্বতী পূজাৰ দিনা আখৰ জ্ঞান কৰাৰ প্ৰৱৰ্তন আছে। বসন্ত পঞ্চমীৰ দিনা সৰস্বতী পূজা কিয় হয়! তাৰ আঁৰত পৌৰাণিক বিশ্বাসো আছে। 


২০২২বৰ্ষৰ সৰস্বতী পূজাৰ তাৰিখ আৰু মূহুৰ্ত-

পঞ্চাংগৰ মতে মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চম তাৰিখ, ৫ফেব্ৰুৱাৰী শনিবাৰে পুৱা ৩বাজি৪৭ বজাত আৰম্ভ হয়। আৰু পঞ্চমী তাৰিখৰ পাছদিনা দেওবাৰ, ফ্ৰেব্ৰুৱাৰী ৬ তাৰিখ পুৱা ৩ বাজি ৪৬ মিনিটলৈ থাকিব। সৰস্বতী পূজা ৫ ফ্ৰেব্ৰুৱাৰীত উদযাপন কৰা হব। বসন্ত পঞ্চমীও সেই দিনটোতে উদযাপন কৰা হব। বসন্ত পঞ্চমীত সৰস্বতী পূজাৰ বাবে ৫ ঘন্টা ২৮ মিনিট সময় আছে। সৰস্বতী পূজাৰ বাবে মূহুর্ত-৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বাজি ৭ মিনিট যোৱাৰ পৰা ১২-৩৫ বজালৈ। 


এই বছৰৰ সৰস্বতী পূজা সিদ্ধ যোগত আছে। ৫ ফেব্ৰুৱাৰীত সিদ্ধ যোগ সন্ধ্যা ৫:৪২ বজালৈ। তেতিয়াৰ পৰা পূজা কৰিব পৰা যোগ আৰম্ভ হব। এই দিনটোত শুভ মুহুর্ত দুপৰীয়া ১২ : ১৩ বজাৰ পৰা, ১২:৫৭ বজালৈ। বসন্ত পঞ্চমীৰ ৰবি যোগ সন্ধ্যা ৪:০৯ বজাৰ'পৰা পিছদিনা পুৱা ৭:০৬ বজালৈ। ( Religious Studies )


বসন্ত পঞ্চমীত সৰস্বতী পূজা কিয় উদযাপন কৰা হয়! 


বিশ্বাস কৰা হয় যে, মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চম দিনা জ্ঞান আৰু বাক দেৱী সৰস্বতী ব্ৰহ্মাৰ মুখৰ পৰা নামি আহিছে। এই দিনটো দেৱী সৰস্বতীৰ উপাসনাত উৎসৰ্গা হৈছিল। ইয়াৰ বাবে বসন্ত পঞ্চমীত প্ৰতি বছৰে সৰস্বতী পূজাৰ আয়োজন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি বসন্ত পঞ্চমীৰ পূজা কৰিলে, অতি সোনকালে মা সৰস্বতী সন্তুষ্ট হয়। (সংগ্ৰহিত)


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages