Genius শব্দটো শুনিলে আপোনাৰ কোন ব্যক্তিলৈ মনত পৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 7, 2022

Genius শব্দটো শুনিলে আপোনাৰ কোন ব্যক্তিলৈ মনত পৰে : Assamese Fact

Assamese Fact

Genius এই শব্দটো শুনিলেই আমাৰ পৃথিৱীৰ সকলোতকৈ মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ কথা মনত পৰে। ( Assamese Fact )


যাক পৃথিৱীৰ সকলোতকৈ বুধিয়ক ব্যক্তি বুলি কোৱা হয়।১৪ মাৰ্চত এওঁৰ জন্ম দিনটোক  Genius Day হিচাপে উদযাপন কৰা হয়।

আজি আমি এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে এনেকুৱা ৩২ টা কথা কম যিবোৰ শুনি আপোনালোক আচৰিত হৈ পৰিব।



১.যি বছৰত বৈজ্ঞানিক Galileo Galilei ৰ মৃত্যু হৈছিল। সেই বছৰতে চাৰ আইজাক নিউটনৰ জন্ম হৈছিল।যি বছৰ বৈজ্ঞানিক James Clerk Maxwell ৰ মৃত্যু হৈছিল। সেই বছৰতে এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল।



২.এলবাৰ্ট আইনষ্টাইনৰ এখন ফটো কিছু বছৰৰ আগত নিলাম কৰা হৈছিল। সেইখন ৮০ লাখ টকাত বিক্ৰী হৈছিল। সেই ফটোখনত মহান বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ চহীও আছিল। এই ফটোখন প্ৰিন্সটেন্ট ইউনিভাৰ্ছিটিত ১৪ মাৰ্চৰ ১৯৫১ চনত এলবাৰ্ট আইনষ্টাইনৰ ৭২ বছৰীয়া জন্ম দিনৰ দিনা তোলা হৈছিল। ফটোগ্ৰাফাৰ জনে এলবাৰ্ট আইনষ্টাইনক হাঁহি দিবলৈ কৈ আছিল। কিন্তু তেওঁ বহুত বাৰ ফটো মাৰোতে হাঁহিছিল। সেই কাৰণে তেওঁ নাহাঁহি জিভাখনহে বাহিৰলৈ উলিয়াই দিলে।



৩.  এলবাৰ্ট আইনষ্টাইনে শেষ উশাহ লোৱাৰ আগত কিছুমান কথা কৈছিল। যিবোৰ জাৰ্মানী ভাষাত কৈছিল। সেই সময়ত তেওঁৰ লগত থকা ব্যক্তিজনে জাৰ্মানী ভাষা নাজানিছিল। সেই কাৰণে তেওঁৰ অন্তিম কথাটো ৰহস্য হৈ থাকিল।



৪. এলবাৰ্ট আইনষ্টাইনৰ ওচৰলৈ বহুত যুৱক আহিল। তেওঁলোকে এলবাৰ্ট আইনষ্টাইনক তেওঁৰ সফলতাৰ ৰহস্য সুধিছিল। এবাৰ এজন যুৱক আহিল আৰু ক'বলৈ ধৰিলে চাৰ আজি গোটেই পৃথিৱীতে আপোনাৰ নাম আছে। মানুহে আপোনাৰ প্ৰসংশা কৰি ভাগৰি নপৰে। অনুগ্ৰহ কৰি মোক ক'ব নেকি মহান‌ হোৱাৰ মূল মন্ত্ৰ কি? তেতিয়া এলবাৰ্ট আইনষ্টাইনে কি ক'লে জানেনে সেইটো হ'ল- ধ্যান।



৫.এজন Genius হৈ ও এই মহান বৈজ্ঞানিক জনৰ স্মৃতি শক্তি বহুত কম আছিল। তেওঁ নাম ,তাৰিখ আৰু ফোন নম্বৰ পাহৰি গৈছিল।আনকি তেওঁৰ নিজৰ  নম্বৰেই মনত নাথাকিছিল। এবাৰ তেওঁৰ সহকৰ্মীয়ে তেওঁক নম্বৰটো খুজিলে।এলবাৰ্ট আইনষ্টাইনে ওচৰত থকা ডায়েৰিত নম্বৰটো বিচাৰিবলৈ ধৰিলে। তেতিয়া সহকৰ্মী জনে আচৰিত হৈ সুধিলে আপোনাৰ নিজৰ নম্বৰেই মনত নাই। তেতিয়া এলবাৰ্ট আইনষ্টাইনে ক'লে এনেকুৱা বস্তু মই কিয় মনত ৰাখিম যিটো মই কিতাপ বা বেলেগতে পাম।



৬. তেওঁৰ স্মৃতি শক্তিৰ লগত জড়িত আৰু এটা কাহিনী বহুত প্ৰচলিত আছিল। এবাৰ এলবাৰ্ট আইনষ্টাইনে প্ৰিন্সটেন্ট ইউনিভাৰ্ছিটিৰ পৰা ক'ৰবাত যাবলৈ ৰেলত যাত্ৰা কৰি আছিল।ৰেলৰ কন্ডাকটৰ জনে সকলোৰে টিকটবোৰ চাই এলবাৰ্ট আইনষ্টাইনৰ ওচৰলৈ আহিল আৰু তেওঁক টিকট দেখুৱাবলৈ ক'লে।

এলবাৰ্ট আইনষ্টাইনে টিকটতো জেপত বিচাৰিবলৈ ধৰিলে।জেপত বিচাৰি নাপায় তেওঁ চুটকেচত বিচাৰিবলৈ ধৰিলে।তাতো নাপায় চিটৰ ওচৰে পাজৰে  বিচাৰিবলৈ ধৰিলে।কন্ডাকটৰ জনে এলবাৰ্ট আইনষ্টাইনক ভালকৈ চিনি পাইছিল তেওঁ সেই কাৰণে ক'লে যদি আপোনাৰ টিকট হেৰালে তেতিয়া একো কথা নাই ।

মোৰ বিশ্বাস আছে যে আপুনি টিকট কিনিছিলে। তাৰ পিছত তেওঁ বেলেগৰ টিকট চাবলৈ ধৰিলে। কিন্তু তেওঁ দেখিলে যে এলবাৰ্ট আইনষ্টাইনে তেতিয়াও চিটৰ তলত  টিকটো বিচাৰি আছিল। সেইবোৰ দেখি তেওঁ আকৌ আহি ক'লে আপুনি চিন্তা নকৰিব আপোনাক আকৌ টিকট বিচৰা নহয়। তেতিয়া এলবাৰ্ট আইনষ্টাইনে ক'লে হ'ব। কিন্তু  মই টিকটো নহ'লে কেনেকৈ গম পাম যে মই ক'ত যাবলৈ আহিছিলো।



৭.  এলবাৰ্ট আইনষ্টাইনক নিজৰ General & Special Theory of Relativity ৰ কাৰণে গোটেই পৃথিৱীতে চিনি পায়। কিন্তু বহুত কম মানুহে জানে যে তেওঁক ১৯২১ চনত নুবেল পুৰুস্কাৰ General & Special Theory of Relativity ৰ কাৰণে নহয় ফটো ইলেকট্ৰিক ইফেক্টৰ কাৰণে দিয়া হৈছিল।



৮. এলবাৰ্ট আইনষ্টাইনৰ সিদ্ধান্ত বহুত কঠিন আছিল। সেই সময়ত বহুত কম সংখ্যক মানুহে তেওঁৰ সিদ্ধান্তক বুজি পাইছিল। এবাৰ কোনোবাই এলবাৰ্ট আইনষ্টাইনৰ পত্নীক সুধিলে - আপুনি নিজৰ স্বামীৰ Theory বুজি পায় নে? তেতিয়া তেওঁ বহুত আদৰেৰে উত্তৰ দিলে নাপাওঁ। কিন্তু মই মোৰ স্বামীক বুজি পাওঁ আৰু তেওঁৰ ওপৰত বিশ্বাস কৰিব পাৰি।



৯. এলবাৰ্ট আইনষ্টাইনে চুলি কাটি ভাল নাপাইছিল। তেওঁৰ চুলি সদায় নফনিয়াই। আজিকালি এলবাৰ্ট আইনষ্টাইনৰ চুলি নফনিওৱা চুলি ষ্টাইলক Genius চুলি ষ্টাইল হিচাপে জনা যায়।



১০. ইমান ডাঙৰ বৈজ্ঞানিক হোৱাৰ পিছতো তেওঁ গাড়ী চলাব নাজানিছিল। সমুদ্ৰ যাত্ৰা কৰি তেওঁ বহুত ভাল পাইছিল। কিন্তু সাঁতুৰিব নাজানিছিল।



১১. এলবাৰ্ট আইনষ্টাইনে মুজা পিন্ধি ভাল নাপাইছিল। এবাৰ তেওঁ সৰুকালৰ কথা কৈছিল যে তেওঁৰ ভৰিৰ আঙুলি ইমান ডাঙৰ আছিল সদায় তেওঁৰ মুজা ফাটি গৈছিল।এই কথাটোত ইমান চিন্তাত পৰি গ'ল যে তেওঁ মুজা পিন্ধাই বাদ দি দিলোঁ।এলবাৰ্ট আইনষ্টাইনে কাৰো আগত ভালকৈ কাপোৰ পিন্ধি দেখাব নিবিচাৰিল। লাগিলে সেইয়া চিনাকি মানুহ হওঁক বা অচিনাকি। তেওঁৰ একো আহে নাযায়।



১২. সৰুতে এলবাৰ্ট আইনষ্টাইনক বুদ্ধি নাইকীয়া ল'ৰা বুলি কোৱা হৈছিল।শিক্ষকে এইটোও কৈছিল যে জীৱনত এই ল'ৰাটোৱে একো কৰিব নোৱাৰে। কিন্তু সেই ল'ৰাটোৱে পাছত পৃথিৱীৰ মহান বৈজ্ঞানিক হ'ল।



১৩. আমি আগতেই কৈছিলো যে এলবাৰ্ট আইনষ্টাইনক বুদ্ধি নাইকীয়া ল'ৰা বুলি কোৱা হৈছিল। এবাৰ তেওঁক অংকৰ শিক্ষক এজনে লেজি দগ বুলিও কৈছিল। তেওঁ পঢ়া-শুনাত বেছি ভাল নাছিল। কিন্তু অংকয়েই তেওঁৰ সকলোতকৈ প্ৰিয় বিষয় আছিল। ( Assamese Fact )



১৪. যেতিয়া তেওঁ জন্ম হৈছিল তেতিয়া তেওঁৰ মূৰটো বাকী ল'ৰা ছোৱালীবোৰৰ তুলনাত বহুত বেছি ডাঙৰ আছিল। ডাক্তৰে তেওঁক মানসিক ৰূপে বিকলাংগ বুলিও কৈছিল। ৭ বছৰীয়া হোৱাৰ  আগতেই পঢ়া আৰম্ভ কৰা নাছিল। তেওঁ সদায় কাজিয়া কৰিহে স্কুললৈ গৈছিল।



১৫. ৪ বছৰৰ লৈকে তেওঁ একো ক'বয়েই পৰা নাছিল। এবাৰ মাক-দেউতাকৰ লগত খাদ্য খাই থাকোঁতে তেওঁ হঠাতে প্ৰথমবাৰৰ বাবে ক'লে- চুপ বহুত গৰম। এইটো শুনাৰ পিছত তেওঁৰ মাক-দেউতাক আচৰিত হৈ পৰিল।



১৬.এলবাৰ্ট আইনষ্টাইনৰ বিজ্ঞানত আগ্ৰহ তেতিয়া আহিল যেতিয়া তেওঁৰ ৫ বছৰ আছিল। তাৰ পিছত তেওঁক দেউতাকে এডাল কম্পাছ আনি দিলে। তেওঁ এই কথাটোত আচৰিত হৈছিল যে কোনটো শক্তিয়ে মিডোল পইন্টক একেটা ড্ৰাইৰেকচনত ৰাখে। তেতিয়াৰ পৰাই তেওঁ মনত বিজ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়ি গ'ল।



১৭.আমেৰিকাৰ বিশ্ব বিখ্যাত টাইম মেগাজিনে ১৯৯৯ চনত এলবাৰ্ট আইনষ্টাইনক পাৰচন অফ ডা চেনচুৰী , ২০ শতিকাৰ সকলোতকৈ মহান ব্যক্তি বুলি আখ্যা দিছিল।



১৮. ১৯৫২ চনত  এলবাৰ্ট আইনষ্টাইনক ইজৰাইল ৰাষ্ট্ৰপতি হ'বলৈ অফাৰ দিয়া হৈছিল। তেওঁ এইটো কৈ অফাৰটো মনা কৰিলে যে তেওঁ ৰাজনীতিৰ বাবে নহয়, বিজ্ঞানৰ বাবেহে।



১৯. আপোনালোকৰ প্ৰিয় বৈজ্ঞানিক কোন? আপোনালোকৰ বহুতৰে প্ৰিয় বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনেই হ'ব। কিন্তু আপোনালোকে জানেনে এলবাৰ্ট আইনষ্টাইনৰ প্ৰিয় বৈজ্ঞানিক কোন আছিল?Galileo Galilei তেওঁৰ প্ৰিয় বৈজ্ঞানিক আছিল।



২০. পশু - পক্ষী তেওঁ বহুত ভাল পাইছিল। সেই কাৰণে তেওঁ নিজৰ ঘৰত এজনী মেকুৰী পুঁহিছিল।যি বৰষুণৰ বতৰত সদায় মন মৰি থাকে। তেওঁ মেকুৰীজনীক কৈছিল মই জানো তোমাৰ লগত ভুল হৈছে । কিন্তু মই নাজানো এই বৰষুণক কেনেকৈ ৰাখাব পাৰোঁ বা পাৰি।



২১. এলবাৰ্ট আইনষ্টাইনে চিগাৰেট খাই বহুত ভাল পাইছিল। আপোনালোকে তেওঁৰ বহুত ফটোত তেওঁক চিগাৰেট খোৱা দেখা পাব। এবাৰ তেওঁ যাত্ৰা কৰি থাকোঁতে নদীত পৰি গ'ল আৰু উঠি আহিলত সম্পূৰ্ণ ৰূপে তিঁতি আছিল। কিন্তু তাৰ পাছতো তেওঁ বহুত কষ্টৰে নিজৰ চিগাৰেটৰ পাইপডাল বচাই ৰাখিলে।



২২. এলবাৰ্ট আইনষ্টাইনে পৰমাণু বোমাৰ আৱিষ্কাৰ কৰা নাছিল। কিন্তু সেইটো বনাওতে তেওঁৰেই সূত্ৰ প্ৰয়োগ কৰা হৈছিল। পাছত তেওঁৰ বহুত অনুতাপ হ'ল যে তেওঁ দিয়া সূত্ৰয়েই সম্পূৰ্ণ মানৱ জাতিক শেষ কৰি দিব পাৰে।



২৩.এলবাৰ্ট আইনষ্টাইনে যুদ্ধক বহুত ভয়ানক বুলি মানিছিল। এবাৰ তেওঁক প্ৰশ্ন কৰা হ'ল তৃতীয় বিশ্ব যুদ্ধ কেনেকুৱা অস্ত্ৰৰে কৰা হ'ব। তেওঁ ক'লে এইটো ক'ব পৰা নাযায়। কিন্তু চতুৰ্থ  বিশ্ব যুদ্ধ পত্ৰ দ্বাৰা কৰা হ'ব। কাৰণ তৃতীয় বিশ্ব যুদ্ধত এই উন্নত সভ্যতা নষ্ট হৈ পৰিব। মানুহ আকৌ আগৰ দিনলৈ গুচি যাব।



২৪. যেতিয়া মানুহে তেওঁক তেওঁৰ প্ৰয়োগশালাৰ   বিষয়ে সুধে তেতিয়া তেওঁ নিজৰ মূৰটো ফালে ইংগিত দি হাঁহি দিয়ে। এজন বৈজ্ঞানিকে তেওঁক তেওঁৰ সকলোতকৈ প্ৰয়োজনীয় উপকৰণৰ বিষয়ে সুধিলে। তেতিয়া তেওঁ নিজৰ ফাউনট্ৰেণ্ড পেইনটো দেখুৱালে। কাৰণ তেওঁৰ মগজু তেওঁৰ প্ৰয়োগশালা আছিল আৰু তেওঁৰ ফাউনট্ৰেণ্ড পেইনটো তেওঁৰ উপকৰণ আছিল।



২৫. সম্পূৰ্ণ ধ্যান দি কাম কৰিবলৈ তেওঁ নিজৰ আৰামত অকনো বাধা নিদিছিল। সেই কাৰণে তেওঁ  সম্পূৰ্ণ ১০ ঘন্টা শুইছিল। যাতে ভালকে নিজৰ কাম কৰিব পাৰে।



২৬.এলবাৰ্ট আইনষ্টাইনে নিজৰ অ'টগ্ৰাফৰ বাবে ৫ ডলাৰ লৈছিল আৰু স্পিকৰ বাবে ১ হাজাৰ ডলাৰ লৈছিল। পাছত এইবোৰ চেৰিটিত দি দিয়ে।



২৭.California Institute of Technology য়ে এলবাৰ্ট আইনষ্টাইনক চেৰিমনিলে মাতিছিল।এলবাৰ্ট আইনষ্টাইন তেওঁৰ পত্নীৰ লগত তালৈ গ'ল। তেওঁ তাত মাউট ৱেলচনত থকা অন্তৰীক্ষ প্ৰয়োগশালা ও চালে। তাত  সেই সময়ৰ লৈকে উলোৱা পৃথিৱীৰ সকলোতকৈ ডাঙৰ দূৰবীক্ষণ যন্ত্ৰ থোৱা আছিল। ইমান  ডাঙৰ দূৰবীক্ষণ যন্ত্ৰ দেখি এলবাৰ্ট আইনষ্টাইনৰ পত্নীয়ে বেদশালাৰ ইনচাৰ্চ জনক সুধিলে- ইমান  ডাঙৰ দূৰবীক্ষণ যন্ত্ৰয়ে দি আপুনি কি চাই।ইনচাৰ্চ জনে ভাবিলে এলবাৰ্ট আইনষ্টাইনৰ পত্নীৰ Astronomy ৰ জ্ঞান অলপ কম আছে। তেওঁ বহুত গৰ্বৰে ক'লে- ইয়াৰ দ্বাৰা আমি বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যৰ কথা জানিব চেষ্টা কৰোঁ। তেতিয়া এলবাৰ্ট আইনষ্টাইনৰ পত্নীয়ে ক'লে - বহুত আচৰিত কথা মোৰ স্বামীয়ে চোন এইবোৰ তেওঁ পোৱা চিঠিৰ দ্বাৰায়েই কৰি লয়।



২৮. যেতিয়া  এলবাৰ্ট আইনষ্টাইন প্ৰফেছাৰ আছিল। তেতিয়া এজন শিক্ষাৰ্থী তেওঁৰ ওচৰলৈ আহিল আৰু ক'লে এইবাৰ পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিছে সেইবোৰ আগৰ বছৰ পৰীক্ষাতো আহিছিলে। তেতিয়া এলবাৰ্ট আইনষ্টাইনে ক'লে -অ' কিন্তু এইবাৰ উত্তৰ সলনি হ'ল।



২৯.এলবাৰ্ট আইনষ্টাইনৰ এখন চিঠি য'ত তেওঁ ঈশ্বৰ আৰু ধৰ্মক লৈ নিজৰ বিচাৰ লিখিছিল। সেইখন ২০ কোটি ৩৮ লাখ টকাত বিক্ৰী হৈছিল।এই চিঠিখন তেওঁ মৃত্যু এবছৰৰ আগত লিখিছিল। দুটা পৃষ্ঠাৰ এই চিঠিখন ২ জানুৱাৰী ১৯৫৪ চনত জাৰ্মানীৰ এজন দাৰ্শনিক এৰিক গাটকাইনলৈ লিখা হৈছিল। যিয়ে এলবাৰ্ট আইনষ্টাইনক নিজৰ নতুন কিতাপ চুচ লাইফ ডা বিবলিকেল কলটো ৰিৱৰ্ড পঢ়িবলৈ পঠিয়াইছিল। এই কিতাপখনৰ উত্তৰত এলবাৰ্ট আইনষ্টাইনে এৰিকলে এই চিঠিখন লিখিছিল। চিঠিখনত তেওঁ কৈছে মোৰ কাৰণে ভগৱান একো নহয়। মানুহৰ দূৰ্বলতাৰ পৰা উৎপত্তি হোৱা এটা শব্দহে। বাইবেল আদৰণীয়। কিন্তু প্ৰাচীন কাহিনী সমূহৰ সংগ্ৰহে মাত্ৰ। যিকোনো বাখ্যা লাগিলে সেইয়া যিমানে ৰহস্যময় হওঁক,এই বিষয়ে তেওঁৰ বিচাৰ কেতিয়াও সলনি কৰিব নোৱাৰে।



৩০.এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু পাছত থ্ৰমচ হাৰৱেই নামৰ ডাক্তৰ জনে এলবাৰ্ট আইনষ্টাইনৰ পৰিয়ালৰ সন্মতি নোলোৱাকৈয়ে তেওঁৰ মগজুটো ৰিচাৰ্জৰ বাবে উলিয়াই ৰাখিছিল। এই কাৰ্যৰ বাবে তেওঁক চাকৰিৰ পৰা উলিয়াই দিয়া হয়। কিন্তু তেওঁ ক'লে মই অকল এইটো  ৰিচাৰ্জৰ বাবে কৰিছোঁ আৰু মই প্ৰতিশ্ৰুতি দিছোঁ যে এলবাৰ্ট আইনষ্টাইনৰ মগজুৰ ওপৰত মই ৰিচাৰ্জ কৰিম। তেওঁৰ মগজুক ২০ বছৰৰ লৈকে এটা জাৰত ৰখা হ'ল আৰু ৰিচাৰ্জ কৰা হ'ল। ৰিচাৰ্জত পোৱা গ'ল তেওঁৰ মগজুত সাধাৰণ মানুহতকৈ বেছি চেলচ আছিল। সেইটোৱে কাৰণ আছিল যে তেওঁ মগজুৱে বহুত কথা ভাবিব পাৰে।যিবোৰ সাধাৰণ কথা নহয় ভবাতো।



৩১. এলবাৰ্ট আইনষ্টাইনে বিচৰা হ'লে আৰু জীয়াই থাকিব পাৰিলে হেঁতেন।যেতিয়া  মৃত্যুৰ আগত তেওঁৰ বেমাৰ হ'ল তেতিয়া ডাক্তৰে তেওঁৰ অপাৰেশ্যন কৰিব বিচাৰিলে । কিন্তু তেওঁ কৰিবলৈ নিদিলে আৰু ক'লে-  জীৱনটো এতিয়া মেচিনৰ সহায়ত চলোৱাতো ব্যৰ্থ। মই মোৰ জীৱনটো ভালকৈ জীয়াই থাকিলো। এতিয়া আৰ্টিফিচেল ৰূপে জীয়াই থকা একো আনন্দ নাই।



৩২.চৌৰবন ইউনিভাৰ্ছিটিত ১৯৩০ চনত এলবাৰ্ট আইনষ্টাইনে কৈছিল যদি মোৰ Theory শুদ্ধ বুলি প্ৰমাণিত হয়। তেতিয়া জাৰ্মানে মোক আদৰ্শ জাৰ্মানী নাগৰিক বুলি ক'ব আৰু ফ্ৰান্সে মোক বিশ্ব নাগৰিকৰ সন্মান দিব। যদি ভুল বুলি প্ৰমাণিত হয়। তেতিয়া ফ্ৰান্সে মোক জাৰ্মানী বুলি ক'ব আৰু জাৰ্মানে মোক  বিৰোধী বুলি ক'ব।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages