এই Communication Skillsবোৰৰ বিষয়ে বহু কম সংখ্যক ব্যক্তিয়েহে জানে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 6, 2022

এই Communication Skillsবোৰৰ বিষয়ে বহু কম সংখ্যক ব্যক্তিয়েহে জানে : Assamese Fact

Assamese Fact


জীৱনত আপোনালোকে এই দুজন ব্যক্তিৰ মাজত এজন হ'ব পাৰিব।এজন যি ৰুমত সোমাই আৰু কয় হেল্ল' এভৰি ওৱান মই আহিলোঁ। এনেকুৱা মানুহক বেছি মানুহে ভাল নাপায়। ( Assamese Fact )


এওঁলোকক বহুতে মূৰ্খয়েই বনাই। দ্বিতীয়জন হ'ল - সেইজন ব্যক্তি যি ৰুমত সোমাই আৰু তাৰ পাছত সকলোৱে চিঞৰ বাখৰ কৰে অ' আহিলে বুলি। এইসকল সেইসকল ব্যক্তি যাৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে। 


আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ-  লি লাউনদছৰ  কিতাপ How to talk to Anyone ৰ কিছুমান Communication Skills ৰ বিষয়ে। যিবোৰ আমি শিকিব লাগে।


১. যিকোনো পাৰ্টিকোলাৰ ব্যক্তিৰ পৰা সন্মান পাবলৈ কেনেদৰে কথা পাতিব লাগে।


২. এনেকুৱা কি কৰিব লাগে যে কথা পাতি থাকোতেঁ আপুনি ভাবিব নালাগে আগলৈ আৰু কি পাতিম।


৩.কোনোবাই যদি আপোনাক সুধে আপুনি কি কৰে, তেতিয়া আপুনি কি ক'ব লাগে।


৪.এনেকুৱা কি কৰিব লাগে যাৰ ফলত আপোনাৰ ওচৰত কিবা নহয় কিবা সদায় মনোৰঞ্জন জনক কথা থাকে।


৫.যেতিয়া আপোনাৰ কাৰোবাৰ লগত কথা পাতিবলৈ মন নাথাকে আৰু সেই মানুহজনে মুখখন বন্ধ ৰখাতো বিচাৰে তেতিয়া আমি কি কৰিব লাগে।   


৬.আমি মানুহক কেনেদৰে বিভিন্ন বা বেলেগ প্ৰকাৰে ধন্যবাদ দিব লাগে। যাতে তেওঁ আমাক পচন্দ কৰে। 


৭.কথা পতা সেইটো কি বিশেষত্ব যি সকলোৱে পচন্দ কৰে আৰু ভাবে আমি তেওঁৰ পৰিয়ালৰ মানুহৰ দৰে।


তেতিয়া আহঁক জানো এই Communication Skills ৰ বিষয়ে যিবোৰ বহুত কম মানুহে জানে।


১. যিকোনো পাৰ্টিকোলাৰ ব্যক্তিৰ পৰা সন্মান পাবলৈ কেনেদৰে কথা পাতিব লাগে - ইয়াৰ বাবে অৰ্থৰে দুটা প্ৰক্ৰিয়া দিছে। প্ৰথমটো হ'ল- You Communication. আমি যদি আপোনালোকক সুধো আপোনালোকৰ জীৱনত সকলোতকৈ মহত্বপূৰ্ণ ব্যক্তি কোন? তেতিয়া আপোনালোকে বহুত মানুহৰ কথা ক'ব দাদা,বা , ভন্টি , পত্নী আদি। কিন্তু বহুসংখ্যক মানুহৰ জীৱনত সকলোতকৈ মহত্বপূৰ্ণ ব্যক্তি তেওঁ নিজেই। 


কাৰোবাৰ লগত কথা পাতি থাকোতেঁ যদি আপুনি শব্দটো এনেকে কয় য'ত আন মানুহৰ কথা উলাই তেতিয়া সেই ব্যক্তিজনে আপোনাক পচন্দ কৰিবয়েই। উদাহৰণ স্বৰূপে- যদি এজনী ছোৱালীয়ে আপোনাক কয় মোৰ আপোনাৰ কাপোৰযোৰ বহুত ভাল লাগিছে। তেতিয়া আপুনি এইটো ভাল পাব নে এইটো যে  আন এগৰাকীয়ে কয় আপোনাক এই কাপোৰযোৰ পিন্ধিলত বহুত ধুনীয়া লাগিছে। যি হ'লেও আমি দ্বিতীয়টো কথাহে ভাল পাম। কাৰণ ইয়াত আমাৰ কথা কোৱা হৈছে।


কোনোবাই যদি আপোনাক কয় এইটো ভাল প্ৰশ্ন আৰু আনজনে যদি কয় আপুনি এইটো বহুত ভাল প্ৰশ্ন সুধিলে । তেতিয়া ইয়াতো আমি দ্বিতীয়টো কথায়ে ভাল পাম। কাৰণ ইয়াতো আপোনাৰ বিষয়ে কোৱা হৈছে। শব্দবোৰ অলপ সলনি কৰি আপোনালোকে যিকোনো মানুহকে ইমপ্ৰেচ কৰিব পাৰে। কিছুমান মানুহে নিজৰ চিধা প্ৰসংশা ভাল নাপায়। তেওঁ ভাবে ই মোক তেল মাৰি আছে। দ্বিতীয় ব্যক্তিজন যদি আপোনালোকতকৈ ভাল পদবীত আছে তেতিয়া আপোনালোকে এওঁলোকক ইমপ্ৰেচ কৰিবলৈ এওঁলোকৰ সম্পৰ্কীয় বা বন্ধু আগত এওঁলোকৰ প্ৰসংশা কৰিব পাৰে।যেনে- শৰ্মা এজন বহুত ভাল চৰিত্ৰৰ মানুহ। তেওঁ সকলোৰে ধ্যান ৰাখে। যদি আপোনাৰ এই প্ৰসংশা তেওঁ আনৰ দ্বাৰা গম পাই তেতিয়া আপুনি তেওঁক আৰু বেচি ইনপ্ৰেচ কৰি দিব। কাৰণ বহুত মানুহে মনে মনে বেয়া কৈ কয় আৰু পাতে। নিজৰ প্ৰসংশা শুনি তেওঁ আপোনাকো ভাল ব্যক্তি বুলিয়েই ভাবিব। ( Assamese Fact )



২. এনেকুৱা কি কৰিব লাগে যে কথা পাতি থাকোতেঁ আপুনি ভাবিব নালাগে আগলৈ আৰু কি পাতিম- বহুবাৰ এনেকুৱা হয় যে আমাৰ ওচৰত কথা পাতিবলৈ একোৱেই নাথাকে। কাৰণ আমি সেই কথাটোৰ বিষয়ে একোৱেই নাজানো। সেই কাৰণে আমি হুম ,উম আদি কৰি থাকোঁ। 


এনেকুৱা পৰিস্থিতিত পৰিলে কি কৰিব লাগে অৰ্থৰে তাৰ বিষয়ে ও কৈছে। তাৰ বাবে এটা Technique দিছে। সেইটো হ'ল  Parroting Technique.এই Technique ত আমি ভাটৌৰ দৰে সেই মানুহজনৰ শেষৰ তিনিটা শব্দ এটা Expression ৰ সৈতে ৰিপিট কৰিব লাগে। ইয়াক আমি  How to talk to Anyone নামৰ কিতাপখনৰ উদাহৰণৰ পৰা বুজি লওঁ আহঁক। 


অৰ্থৰে কয় মোৰ এজন বন্ধু আছিল ফেইল। সি মোক সদায় এয়াৰপৰ্টলৈ নিজৰ গাড়ী লৈ নিবলৈ আহে। মই সদায় ইমান ভাগৰুৱা হৈ থাকোঁ যে তাৰ গাড়ীতে শুই যাওঁ। সি সদায় ড্ৰাইভাৰৰ দৰে অনুভৱ কৰে। সেই কাৰণে মই এইবাৰ এটা নতুন Technique শিকিলোঁ। সেইটো হ'ল Parroting Technique. সি যেতিয়া মোক এইবাৰ নিবলৈ আহিল মই তাৰ লগত আগত বহিলো। সি ভাবিলে মই আগৰ দৰে এইবাৰো শুই থাকিম। কিন্তু মই তাক সুধিলো সি ক'ৰ পৰা আহিলে।সি ক'লে থেটাৰৰ পৰা। তেতিয়া মইয়ো ৰিপিক কৰি দিলো অ' থেটাৰৰ পৰা। 

সি ক'লে - অ' বহুত ভাল আছিল। তাৰ পিছত মই ক'লো - বহুত ভাল আছিল। তেতিয়া সি ক'লে - অ' ষ্টিফেনৰ চ'ও আছিল,চুইংগি টড। তাৰ পিছত মই আকৌ ক'লো -চুইংগি টড। 


অৰ্থৰে কয় যে মই বাৰে বাৰে Expression ৰ সৈতে শেষৰ শব্দ কেইটা ৰিপিট কৰি আছিলোঁ। এনেকেই তেওঁলোকৰ কথা তেতিয়ালৈকে চলি থাকিল।যেতিয়ালৈকে ফেইলে অৰ্থৰক ঘৰত নি থ'লে। যাওঁতে ফেইলে ক'লে তোমাৰ লগত কথা পাতি আজি মোৰ বহুত ভাল লাগিল। কিন্তু অৰ্থৰে সেই  থেটাৰখনৰ বিষয়ে একোৱেই নাজানিছিল।



৩.কোনোবাই যদি আপোনাক সুধে আপুনি কি কৰে, তেতিয়া আপুনি কি ক'ব লাগে- এই Technique কে কয় যে অকল এইটো ক'ব নালাগে মই এজন ইঞ্জিনিয়াৰ বা ডাক্তৰ। আমি যদি বিচাৰো মানুহে আমাৰ ওপৰত interest দিয়াটো তেতিয়া সদায় নিজৰ কামৰ লগত এটা সৰু কাহিনী সন্মুখৰ জনৰ লগত মিলাকে  সংযোগ কৰি দিব লাগে। যেনে- যদি এজনী মাতৃয়ে আপোনাক সুধে আপুনি কি কৰে। যদি আপুনি এজন উকীল তেতিয়া মই এজন উকীল বুলি কোৱাতকে ক'ব পাৰে মই এজন উকীল । মই এনেকুৱা কেচ খেলিছো য'ত মাতৃসকলক মই গৰ্ভৱতী সময়ত মেটানি লিফ্ট দিয়াছোঁ। যাতে তেওঁলোকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিব পাৰে। সেইদৰে এই প্ৰশ্ন যদি আপোনাক এজন ব্যৱসায়ীয়েই সুধে। তেতিয়া আপুনি ক'ব পাৰে মই এজন উকীল। মই কেইদিনমানৰ আগত এনেকুৱা এটা কেচ খেলিছিলো য'ত এজন  কৰ্মচাৰীৰ শাস্তি হ'ল। কাৰণ সি নিজৰ interview সময়ত এজন কৰ্মচাৰীক ব্যক্তিগত কথা সুধিবলৈ আৰম্ভ কৰিছিল। এনেদৰে সৰু কাহিনী সংযোগ কৰা ফলত মানুহে আপোনাৰ ওপৰত interest দিব।




৪.এনেকুৱা কি কৰিব লাগে যাৰ ফলত আপোনাৰ ওচৰত কিবা নহয় কিবা সদায় মনোৰঞ্জন জনক কথা থাকে-  ধৰি লওঁক আপুনি এটা মহত্বপূৰ্ণ পাৰ্টীলৈ যাব। সেই কাৰণে আপুনি ভাল কাপোৰ , জোতা, চেন্দেল , টাই বা লিপষ্টিক চালে। চুলি ভাল কৰিলে। এইবোৰ কৰিব লাগিবয়েই বাৰু। কাৰণ first impression এইবোৰৰ পৰাই হয়। কিন্তু সেই পাৰ্টীত পাতিবলৈ আপোনাৰ ওচৰত যদি কথায়েই নাথাকে। তেতিয়া অৰ্থৰে কয় যে আপুনি যেনেকে নিজৰ আলমাৰিত থকা প্ৰথমযোৰ কাপোৰ লৈ নিপিন্ধে তেনেকে একো কথা নাথাকিলে পাৰ্টীলৈ কেতিয়াও নাযাব। এটা টপিক যিটো মানুহে পচন্দ কৰে সেইটো হ'ল নিউজ অৰ্থাৎ বাতৰি। পাৰ্টীলৈ যোৱা আগত ১৫ মিনিট অকল  

Important নিউজৰ বিষয়ে জানি ল'ব লাগে। যেনে- ক'ত জুই লাগিল, ষ্টক মাৰ্কেটত কি চলি আছে আদি কথাবোৰ। যদি আপুনি Important নিউজৰ বিষয়ে জানে আৰু Parroting Technique ব্যৱহাৰ কৰে তেতিয়া  ঘন্টা ধৰি ঘন্টা আপুনি মানুহৰ লগত কথা পাতিব পাৰিব।



৫.যেতিয়া আপোনাৰ কাৰোবাৰ লগত কথা পাতিবলৈ মন নাথাকে আৰু সেই মানুহজনে মুখখন বন্ধ ৰখাতো বিচাৰে তেতিয়া আমি কি কৰিব লাগে - ইয়াৰ বাবে অৰ্থৰে এটা Technique দিছে। যাক কয় The Broken Record. এই  Technique টোৱে কয় যেতিয়া কোনোবাই আমাক বাৰে বাৰে এটা প্ৰশ্নকে সুধি থাকে তেতিয়া আমিও বাৰে বাৰে একেটা সুৰতে একেটা উত্তৰে দি থাকিব লাগিব। উদাহৰণ স্বৰূপে- যদি আপুনি আৰু আপোনাৰ প্ৰেমিকা একেটা টিউচন ক্লাছলৈকে গৈছিল। কিন্তু এতিয়া আপোনাৰ তাইৰ লগত Break up হ'ল। পাৰ্টীত যদি আপুনি Ex Girlfriend ৰ  বান্ধৱীক পায় আৰু সিহঁতি সুধে যে এতিয়াও তোমালোকে একেটা টিউচন ক্লাছলৈকে যোৱা নেকি? তেতিয়া আপুনি ক'ব পাৰে অ' টিউচন ক্লাছ একেই। কিন্তু আমি এতিয়া নিজৰ পঢ়াত ধ্যান দিছোঁ। আকৌ যদি তাই আপোনাক একেটা প্ৰশ্ন সুধে যে- এতিয়াও তোমালোকে একেটা টিউচন ক্লাছলৈকে যোৱা নেকি? তেতিয়াও  আপুনি একেটা Expression তে একেটা উত্তৰে দিব লাগে। তাৰ পিছতো যদি সুধে আপুনি তেতিয়াও একেটা Expression তে একেটা উত্তৰে দিব লাগে। যেনে- এখন ভগা চিডিত বাৰে বাৰে একেটা লাইন প্লেই হৈ থাকে।  



৬.আমি মানুহক কেনেদৰে বিভিন্ন বা বেলেগ প্ৰকাৰে ধন্যবাদ দিব লাগে। যাতে তেওঁ আমাক পচন্দ কৰে - অৰ্থৰে কয় যে কেতিয়াও অকল ধন্যবাদটো অকলে ক'ব নালাগে। দ্বিতীয় জন ব্যক্তিয়ে জানিব লাগে আমি তেওঁক কি কাৰণে  ধন্যবাদ দিছোঁ। কাৰণ মানুহে বহুবাৰ বহুত মানুহক ধন্যবাদ বুলি কয় । সেই কাৰণে ধন্যবাদ বুলি শুনি মানুহে একো গুৰুত্বয়েই নিদিয়ে। ধন্যবাদ বুলি কিবা কাৰণৰ লগত ক'ব লাগে। উদাহৰণ স্বৰূপে- অহাৰ বাবে ধন্যবাদ। মোক বুজাৰ বাবে ধন্যবাদ। মোৰ কাৰণে অপেক্ষা কৰা বাবে ধন্যবাদ আদি।



৭.কথা পতা সেইটো কি বিশেষত্ব যি সকলোৱে পচন্দ কৰে আৰু ভাবে আমি তেওঁৰ পৰিয়ালৰ মানুহৰ দৰে-  আপোনাৰ লগত এনেকুৱা হৈছে নেকি, আপুনি কাৰোবাক প্ৰথম লগ পাইছে আৰু আপোনাৰ লাগিছে মই এওঁক আগৰ পৰাই চিনি পাওঁ । ইয়াক লুকেল ভাষাত বহুত কোৱা হয়- 


(ক) Instant Rapport 

(খ) Chemistry

(গ) Closeness


বিজ্ঞানত বহুত ৰিচাৰ্জ কৰা হৈছে যাৰ পৰা গম পোৱা গৈছে- বহুত  Close ইনটামেচিৰ ৰিজাল্ট Echoing হয়। অৰ্থাৎ যেতিয়া আমি আনৰ কথা বা শুৰবোৰ অনুসৰণ কৰিবলৈ ধৰো, তেতিয়া মানুহে আমাক তেওঁৰ বহুত Close বুলি ভাবে। উদাহৰণ স্বৰূপে- অৰ্থৰে কয় যে- আপুনি যদি পাৰ্টীৰ আছে আৰু আপোনাক কোনোবাই কয় যে মই এজন উকীল তেতিয়া আপুনি Profession শব্দৰ ব্যৱহাৰ কৰক। যেনে- মইয়ো Profession ত এজন ইঞ্জিনিয়াৰ। মই ইঞ্জিনিয়াৰৰ চাকৰি কৰোঁ বুলি ক'ব নালাগে। এতিয়া শুনিবলৈ এনেকুৱা লাগে এই সৰু কথাটোৰ পৰা কি হ'ব । কিন্তু এইটো এটা Deep Concept. 


যিসকলে NLP- Neuro Linguistic Programming ৰ বিষয়ে জানে সেইসকলে Echoing ৰ Concept ও বুজি পাব। এটা আৰু উদাহৰণ হ'ল- যিটো ৰুমত ইঞ্জিনিয়াৰ সকলে কাম কৰে তাক তেওঁলোকে অফিচ বুলি কয়।যি ৰুমত বিজ্ঞাপন দিয়া সকলে কাম কৰে তাক তেওঁলোকে এজেঞ্চী বুলি কয়। যি সকলে কিতাপ মানুহৰ কাৰণে ৰাখে  তেওঁলোকে নিজৰ ৰুমক publishing House বুলি কয়। ৰেডিঅ' ত কাম কৰা সকলে নিজৰ ৰুমক ষ্টেচন বুলি কয় । যদি আপোনালোকে এওঁলোকক প্ৰভাৱিত বা ইমপ্ৰেচ কৰিব বিচাৰে তেতিয়া আমি আজি নিজৰ Communication Skills বঢ়াবলৈ ৭ টা পদ্ধতিৰ বিষয়ে কৈছিলো। সেইকেইটা প্ৰয়োগ কৰক।


তাৰ প্ৰথমতো আছিল যিকোনো পাৰ্টিকোলাৰ ব্যক্তিৰ পৰা সন্মান পাবলৈ কেনেদৰে কথা পাতিব লাগে। ইয়াৰ দুটা পদ্ধতি পাইছিলো।You Communication অৰ্থাৎ প্ৰজিটিভ কথাৰে আনক প্ৰসংশা কৰা । দ্বিতীয়টো পাৰিলে তেওঁৰ বন্ধু বা সম্পৰ্কীয় মানুহ আগত তেওঁৰ প্ৰসংশা কৰা । এনেদৰে আমি ৭ টা Communication Skills ৰ বিষয়ে পালোঁ। এই কিতাপখনত আৰু বহুত interesting কথা দিয়া আছে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages