আপুনিও চুলিৰ লগত এনে ভুল কৰি আছে যদি এতিয়াই সাৱধান হওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 8, 2022

আপুনিও চুলিৰ লগত এনে ভুল কৰি আছে যদি এতিয়াই সাৱধান হওক : Assamese Health Tips

Assamese Health Tips


চুলিৰ যতন সকলোৱে লয়।তথাপিও বহুতৰে চুলি সৰি সৰি নাইকিয়া হয়। বিশেষজ্ঞৰ মতে মানুহৰ চুলি সৰিব পাৰে,কিন্তু দৈনিক ১০০ ডালৰ তলত। ( Assamese Health Tips )


যদি ১০০ ডালৰ ওপৰত চুলি পৰিছে, তেন্তে তাক প্ৰতিৰোধ কৰাৰ অত্যন্ত প্ৰয়োজনীয়। যিমান যত্ন ললেও, যিমান hair shampoo "ঘঁহিলেও বহুজনৰ চুলি সৰা সমস্যা ওৰ নপৰে। তাৰ আঁৰত থাকে ব্যক্তি বিশেষৰ বহু নিজা ভুল। 


সেই ভুল সমূহ হৈছে-


১) বহুতে ৰাতি শুৱাৰ সময়ত চুলি বান্ধি ৰাখে। যি অভ্যাস অতি অপকাৰী। চুলি বান্ধি শুলে টুপনিৰ ভাঁজত কিছু কিছু চুলিৰ গুৰিত বাৰে বাৰে চাপ পৰে। যাৰ ফলত চুলিৰ আগ চিঙা আৰম্ভ হয়। সেয়ে টোপনিৰ আগতে চুলি নাবান্ধি, খোপা নাবান্ধি, চুলিবোৰ বেলেগে বেলেগে বেনী গুঠি ৰাখিব পাৰে। 


২/কৰবাত দৌৰা দৌৰিকৈ যাবলৈ হলে, বহুতে খুব দৌৰা দৌৰিকৈ চুলি ফণীয়াই। যাৰ ফলত চুলিৰ গুৰিৰ ছালত চাপ পৰে আৰু hair follicle"সমূহ আঘাতপ্ৰাপ্ত হৈ চুলি সৰা আৰম্ভ হয় আৰু এনেকৈ ফণীয়াই যদি চুলি বান্ধিছে, তেন্তে সমস্যা আৰু দুগুণ হোৱাৰ সম্ভাৱনা বাঢ়ে। 


৩) চুলিত চেম্পু কৰাৰ পাছত ভিজা চুলি বান্ধিব নালাগে। বহুজনে দৌৰা দৌৰি আৰু ব্যস্ততাৰ বাবে ভিজাই ভিজাই চুলি বান্ধি লয়। আৰু যদি আপুনি এনে কৰিছে, তেন্তে আপোনাৰ ধুনীয়া চুলিকোছা কষ্ট দিয়াৰ বাহিৰে আন একো কৰা নাই। কিয়নো এনে কৰিলে চুলি সৰাটো নিশ্চিত। বহুত দৌৰা দৌৰি হলে, drier.. ব্যৱহাৰ কৰি চুলি শুকুৱাই লব পাৰে। তথাপিও ভিজা চুলি নাবান্ধিব।  ( Assamese Health Tips )



৪/আজিকালি বহু মহিলা আৰু ছোৱালীয়ে আনকি লৰাই চুলি চিধা কৰি লয় কৃত্রিম ভাৱে। ৰাসায়নিক দ্ৰৱ্য আৰু থাৰমেল হিট প্ৰয়োগ কৰি চুলি চিধা কৰিলে চুলিৰ অতি যত্নৰ প্ৰয়োজন। যি যত্ন সকলোৰে বাবে সম্ভৱ নহয়। যেনে সময়ত স্পা কৰা, চেৰাম প্ৰয়োগ কৰা আদি। যাৰ ফলত চুলি সৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি অনিভিজ্ঞ লোকৰ দ্বাৰা থাৰমেল হিট প্ৰয়োগ কৰাৰ ফলত চুলিৰ আভ্যন্তৰীণ কোষৰ বহু ক্ষতি হয় বা হব পাৰে। যাৰ বাবে কোষসমূহ পৰিপুষ্টৰ অভাৱত পৰি চুলি ঠুনুকা হৈ পৰে। চুলিৰ অগ্ৰভাগ ফাটি ফাটি যায় আৰু সৰিবলৈ আৰম্ভ কৰে। সেয়ে Straight কৰাৰ পৰিৱৰ্তে কেৰাটিন প্ৰয়োগ কৰায় উত্তম। এনে কৰিলে চুলিৰ গঠন ঠিক থকাৰ লগতে চুলি চিধাও হয় চাহিদা অনুযায়ী। 


৫/বহুজনে আকৌ চুলিত ভিন্ন ভিন্ন ধৰণৰ ৰং প্ৰয়োগ কৰা দেখা যায়। বিভিন্ন ধৰণৰ ৰাসায়নিক পদার্থৰে উৎপাদিত ৰং সমূহে মূৰৰ ছালত এলাৰ্জি সৃষ্টি কৰে। যাক এলাৰ্জিক ডাৰ্মাটাইটিছ বুলি কোৱা হয়। এনে হলে ছালখনে চুলি ধৰি ৰাখিব নোঁৱাৰা হৈ পৰে আৰু অকালতে চুলি সৰা আৰম্ভ হয়। ৰং কৰিলে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰক। ৰাসায়নিক ৰং নহয়। 


৬/আজিকালি বহুজনে চুলি ঘন কৰিবলৈ চুলি ৰোপণ(hair Transplant) কৰা দেখা যায়। এনে কৰিলেও কিছু ক্ষতি নোহোৱা নহয়। ইয়াৰ বলতে আচল চুলিৰ ক্ষতি হয়। ৰোপণ কৰাৰ চুলিৰ ওচৰে পাজৰে থকা আচল চুলিৰ ওপৰত চাপ পৰে। ওচৰে পাজৰে থকা আচল চুলি চিঙি চিঙি পৰাৰ আশংকা থাকে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages