তেঁতেলীৰ গুটিৰ পৰা গছৰ পাতলৈকে আছে ঔষধি গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 7, 2022

তেঁতেলীৰ গুটিৰ পৰা গছৰ পাতলৈকে আছে ঔষধি গুণ : Assamese Health Tips

Assamese Health Tips

তেঁতেলী অধিক সংখ্যক লোকৰে প্ৰিয় কিন্তু তেঁতেলীৰ ঔষধি গুণৰ বিষয়ে জানেনে ? যদি নাজানে এই লেখাৰ জৰিয়তে জানি লওক ।  ( Assamese Health Tips )


১/গৰমত শৰীৰত পুৰণি হলে বা গৰম বায়ু পৰসত অস্থিৰ অৱস্থা হলে তেতেলীৰ চৰবত মিচিৰিৰে বনাই খাব লাগে। 


২/যিবোৰ অঞ্চলত পানীত ফ্লৰাইদৰ মাত্রা বেছি থাকে, তেনে অঞ্চলৰ লোকে তেতেলীৰ চৰবত বনাই নিমখ মিহলাই নিয়মিত খায় থাকিব লাগে। ই ফ্লৰচিচ ৰোগৰ পৰা ৰক্ষা কৰে। 


৩/অতিসাৰ বা হাগনি হলে, তেতেলীৰ পাতৰ ৰস উলিয়াই গৰম কৰি কেইবাৰ মানে খালে ভাল হয়। 


৪/মোচোকা খোৱা ঠাইত তেতেলীৰ পাত পিহি অকণ গৰম কৰি লেপ দি ৰাখিলে আৰাম পোৱা যায়। 


৫) জণ্ডিছ ৰোগত তেতেলীৰ চৰবত খালে, ভাল ফল পোৱা যায়। 


৬/ফোঁহাত তেতেলীৰ গুটি পিহি লগাব লাগে। 


৭/পেটৰ বিষ হলে, তেতেলীৰ পাত মিহিকৈ বটি দুচামুচ লৈ একাপ পানীত ক'লা নিমখ দি খাব। দিনে তিনিবাৰকৈ খালে পেটৰ বিষ ভাল হয়।  


৮/মূৰৰ বিষত তেতেলীৰ চৰবত বনাই চেনি গুলি তিনিবাৰকৈ খাব লাগে। ( Assamese Health Tips )


৯/ভোক কমি গৈ থাকিলে তেতেলীৰ পাত মিহিকৈ বটি চাটনিৰ দৰে ভাতৰ লগত খাব লাগে। 


১০/ভাং, মদ আদিৰ নিচা আঁতৰাবলৈ তেতেলীৰ চৰবত বনাই খুৱাব লাগে। এবাৰত নিচা নকমিলে আকৌ খুৱাব লাগে। 


১১/তেজ ওলোৱা পাইলচ ৰোগত তেতেলীৰ গুটি পুৰি তাৰ চাই দুই গ্ৰাম দৈত মিহলাই খাব লাগে। দিনে দুবাৰকৈ ২০দিন। 


১২/শৌচ ভালকৈ নহলে পুৱা আৰু ৰাতি শোৱাৰ আগে তেতেলীৰ চৰবত খাব লাগে। 


১৩/পাইলচ ৰোগত তেতেলীৰ পাতৰ ৰস দুচামোচকৈ দিনে দুবাৰকৈ ২০ দিন খাব লাগে। 


১৪/মূৰ ঘূৰণি হলে তেতেলীৰ চৰবত চেনিৰে খাব লাগে। 


১৫/উচ্চ ৰক্তচাপ ৰোগীয়ে নিয়মিত তেতেলীৰ চৰবত খায় থাকিলে ৰক্তচাপ নিয়ন্ত্রণত থাকে। ভাতৰ লগতো তেতেলী খাব পাৰে। 


১৬/চাধা, গুটখা, পানমচালা, আইৰনযুক্ত পানী খায় দাঁতত দাগ লাগিলে, তেতেলীৰ গুটিৰ শুকান গুড়িৰে দাঁত দিনে ২বাৰকৈ মাজিলে দাঁতৰ দাগ নোহোৱা হৈ দাঁত পৰিষ্কাৰ হয়। 


১৭/জুয়ে পুৰা ঘাঁ বহুদিনলৈ ঠিক নহলে তেতেলী গছৰ ছালৰ শুকান গুড়ি আৰু ঘিঁ মিলাই লৈ মলমৰ দৰে বনাই লগালে ভাল হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages