বহুতো ৰোগৰ পৰা সকাহ পাবলৈ বুট এনেদৰে ব্যৱহাৰ কৰক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 8, 2022

বহুতো ৰোগৰ পৰা সকাহ পাবলৈ বুট এনেদৰে ব্যৱহাৰ কৰক : Assamese Health Tips

Assamese Health Tips

বুটৰ বহুতো উপকাৰিতা আছে । বুটৰ পানীও বহুতো মানুহে খায় । ইয়াৰ বহুত লাভালাভ আছে । এই লাভালাভ সমূহ জানি লওঁক । ( Assamese Health Tips )


১/ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু লৰা ছোৱালীৰ শৰীৰৰ উচ্চতা বাঢ়ে। 


২/জুইয়ে পুৰিলে বুট পিহি দৈৰ লগত মিহলাই মলমৰ দৰে লগাব লাগে। 


৩/তেজৰ দোষ, খৰ খজুৱতি আদি হৈ থাকিলে, ২মাহ মান সদায় বুটৰ আটাৰ ৰুটি নিমখ নোহোৱাকৈ খাব লাগে। 


৪) মূৰৰ বিষ হলে কেচাঁ বুটৰ ৰস খাব লাগে। 


৫/জণ্ডিচ ৰোগত এমুঠি বুট দুগিলাচ পানীত তিয়াই ৰাখি পাছত উলিয়াই সমান পৰিমাণে গুড় মিহলাই খাব লাগে। এনেদৰে তিনিদিন খাব লাগে। 


৬) পেটত পানী জমা হলে, বুট এমুঠি এগিলাচ পানীত গৰম কৰিব। পানী শুহি শুহি আধা ৰলে নমাব। আৰু ঠাণ্ডা হলে খাব লাগে। এনেদৰে কিছুদিন খাব লাগে। ( Assamese Health Tips )


৭/চৰ্দিত গৰম বুট ৰুমালত বান্ধি শুঙিলে আৰাম পোৱা যায়। 


৮/বহুত আৰু সঘনে ভোক লাগি থকা ৰোগত বুট পানী এৰাতি তিয়াই পুৱা পানীখিনি খাব লাগে। 


৯/বগা দাগত-এমুঠি কলা বুট, ত্ৰিফলা চূৰ্ণ দহ গ্ৰাম এগিলাচ পানীত আধাঘন্টা তিয়াই ৰাখিব। পাছত বুটখিনি ডাঠ কাপোৰেৰে টোপোলাৰ দৰে বান্ধিব আৰু বুট তিয়াই ৰখা পানীখিনি টোপোলাতে ধালি দিব। ২৪ঘন্টা পাছত টুপুলাটো খুলি বুটখিনি খাব। এনেদৰে ছযয়সপ্তাহ খালে বগা দাগ আঁতৰ হয়। 


১০/বুট তিয়োৱা পানী খালে বমি বন্ধ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages