ৰঙালাও গুটিৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 7, 2022

ৰঙালাও গুটিৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


পাচলি হিচাবে বহুল ভাৱে ব্যৱহৃত ৰঙালাও বহুতৰে প্ৰিয় ব্যঞ্জন । ৰান্ধিবৰ বাবে কাটি লোৱাৰ পিছত ৰঙালাওৰ বীজ বা গুটি খিনি সচৰাচৰ পেলাই দিয়া হয়। ( Assamese Health Tips )


কিছু সম্প্ৰদায়ৰ লোকে অৱশ্যে গুটিৰ বাকলি গুচাই পিহি সৰু মাছ আদিৰ লগত গ্ৰেভী  হিচাবে আৰু বৰ সুস্বাদু কৈ ইয়াক ব্যৱহাৰ কৰা দেখিছো । জানো আহক ৰঙালাওৰ বীজ বা গুটি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু প্ৰয়োজনীয় ।


ৰঙালাওৰ গুটিয়েই একমাত্ৰ ক্ষাৰকীয় গুণ সম্পন্ন বীজ যি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। সহজে হজম হোৱাকৈ খাবলৈ হলে ইয়াক ৬ ঘণ্টা পানীত তিয়াই গজালি মেলাই চালাদৰ লগত খাব পাৰি। বাদাম বা মুঙ্গফলিৰ দৰে ইয়াক ভাজি বা কেঁচাই অথবা পিহি আঞ্জাৰ গ্ৰেভী হিচাবেও খাব পাৰি।


☞ৰঙালাও বীজত L-tryptophan থাকে যিয়ে ভাল টোপনি অহাত সহায় কৰে আৰু ডিপ্ৰেছন বা মানসিক অৱসাদ নিৰাময় কৰে। Tryptophan, Serotonin আৰু Niacin লৈ পৰিবৰ্তিত হৈ টোপনি অহাত সহায় কৰে।


☞ৰঙালাও বীজত Phytosterols যৌগ থাকে যিয়ে LDL বা বেয়া কলেস্টৰেল কম কৰে।


☞ৰঙালাও বীজ মিনাৰেল্চ সমৃদ্ধ । ইয়াত শৰীৰে সহজে গ্ৰহণ কৰিব পৰা আৰু অতি আৱশ্যকীয়  ফচফৰাচ, মেঙ্গানীজ, মেগনেচিয়াম, আইৰণ আৰু কপাৰ পোৱা যায়। 

( Assamese Health Tips )


☞ভিটামিন K ৰ ভাল উৎস ।


☞ৰঙালাও বীজত প্ৰচুৰ জিংক থাকে যি অস্টেয়পৰচিছ ৰোগ প্ৰতিৰোধ কৰে। 


☞ৰঙালাও বীজ ভিটামিন E ৰ উৎস । ১০০ গ্ৰাম বীজত প্ৰায় ৩৫.১০ মি.গ্ৰা. Tocopherol পোৱা যায়। 


☞ৰঙালাও বীজ ভিটামিন B পৰিয়ালৰ (Thiamin, Rivoflabin, Cianin, Pantothenic acid, Vitamin B-6 আৰু Folates) চমকপ্ৰদ উৎস।


☞১০০ গ্ৰাম ৰঙালাও বীজত প্ৰায় ৩০ গ্ৰাম প্ৰটিন পোৱা যায়।


☞ৰঙালাও বীজ সেৱনে কেলচিয়াম অক্জেলেট কিডনী ষ্টোন গঠন প্ৰতিৰোধ কৰে।


☞ফিটাপেলু আৰু আন পৰজীৱি নিৰাময় কৰে।


☞ৰঙালাও বীজত থকা তেলে বৰ্ধিত প্ৰস্টেটৰ বাবে হোৱা মূত্ৰকৃচ্ছতা দূৰ কৰে। 


☞ৰঙালাও বীজে ডাইবেটিছ ৰোগীৰ ইনচুলিন ক্ষৰণ উন্নত কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 ( Assamese Health Tips )


বিঃদ্ৰঃ উক্ত লেখা Jogesh Dasৰ দ্বাৰা আগবঢ়োৱা । SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।


No comments:

Post a Comment

Advertisement

Pages