গাঁঠি বিষৰ বিশেষ ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 14, 2022

গাঁঠি বিষৰ বিশেষ ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips

Assamese Health Tips


 বয়স বাঢ়ি আহে লগে লগে আমাৰ শৰীৰত বিষবোৰো বাঢ়ি আহে। গাঁঠি বিষবোৰো বহুত হয়।  ( Assamese Health Tips )


যদি আপোনালোকৰো গাঁঠি বিষ হয় তেতিয়া আজি আমি আপোনালোকক এইবিষয়ে কিছুমান কথা কবলৈ উলাইছোঁ।


গাঁঠি বিষ পৰা উপশম পাবলৈ আজি আমি আপোনালোকক হাকিম চুলেমান খানৰ এটা ঘৰুৱা উপায়ৰ বিষয়ে কম। তাৰ আগতে জানি লওঁ আহঁক গাঁঠি বিষ কি? ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষণসমূহ কি?


বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সালসলনি হয়। গাঁঠি বিষ বা অন্যান্য বেমাৰ হয়। কিন্তু আপোনালোকে জানেনে গাঁঠি কি হয়। গাঁঠি হ'ল আমাৰ শৰীৰত দুই বা ততোধিক হাড়ক জড়িত কৰা এটা অংগ। 


ইয়াৰ ফলতেই আমাৰ শৰীৰটোৱে যিটি কৰিব পাৰে। গাঁঠি বিষ শৰীৰৰ যেনে- আঁঠু, কিলাকুটি, কান্ধত, কঁকাল আদিত হোৱা বিষ। আপোনালোকৰ গাঁঠিবোৰ দূৰ্বল হ'লে ধ্যান দিব লাগে। এই কথাটো কেনেকৈ গম পাব। এতিয়া ইয়াৰ বিষয়ে ও জানো আহঁক। গাঁঠিত বিষ হোৱাৰ লক্ষণ-


গাঁঠিবোৰ টানি টানি ধৰা। দূৰ্বল,গৰম বা শুকাই যোৱাৰ দৰে গাঁঠিবোৰ। হাত, কান্ধত, কঁকাল, কিলাকুটি,আঁঠু আদি যিকোনো গাঁঠি থকা অংশত বেছি বিষ হোৱা। যদি আপোনালোকে এইবোৰ লক্ষণ দেখে তেতিয়া বুজি ল'ব যে আপোনালোকৰ  গাঁঠিবোৰ দূৰ্বল হৈছে।


 কিন্তু আপোনালোকে কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে গাঁঠিবোৰত বিষ আচলতে কিয় হয়। আমি যদি বেমাৰৰ কাৰণটো জানো তেতিয়া চিকিৎসা কৰিবলৈ সহজ হয়। আমি সেই বেমাৰটোৰ পৰা নিজকে বচাব পাৰোঁ।  ( Assamese Health Tips )


এতিয়া জানো আহঁক গাঁঠি বিষৰ কাৰণসমূহ কি। গাঁঠিবোৰত বিষ হোৱা প্ৰমুখ্যে কাৰণ হ'ল দুখ পোৱা। দেখাকৈ বা নেদেখাকৈ দুখ পোৱাৰ ফলতেই এনেকুৱা হয়।যদি আপোনালোকে অৰ্থৰাইটিচ অৰ্থাৎ গাঠিয়া বেমাৰ দ্বাৰা পীড়িত তেতিয়া আপোনালোকৰ গাঁঠি বিষৰ সমস্যা হবয়েই।


অৰ্থৰাইটিচ গাঁঠিৰ লগত সমন্ধিত বেমাৰ। য'ত বয়সৰ লগত গাঁঠিবোৰ টানি টানি ধৰে। গাঁঠিবোৰ ফুলি উঠাৰ দৰে হয়। এইবোৰেই হ'ল জইন্ট পেইনৰ ।গাঁঠিবোৰৰ বিষৰ কাৰণ সংক্ৰমণো হ'ব পাৰে। ইয়াক এন্টিবাইটিক দৰব সেৱন কৰি ঠিক কৰিব পৰা যায়। 


যদি এই সমস্যাটো বহুত দিন থাকে তেতিয়া ই গাঁঠি বিষৰ কাৰণ হৈ পৰে। গাঁঠিবোৰৰ মাজত থকা তৰল পদাৰ্থ শেষ হৈ যোৱাৰ ফলত ই গাঁঠি বিষৰ কাৰণ হৈ পৰে। ঠাণ্ডাত এই বিষবোৰ বাঢ়ি যায় । কাৰণ আমি  ঠাণ্ডাত গতিবিধি কৰা কম কৰি দিওঁ।


দুখ পোৱা বা আঘাত পোৱা  ঠাইত ঠাণ্ডা দিনত বেছি বিষ হ'বলৈ ধৰে। এই গাঁঠি বিষবোৰে মানুহক বহুত কষ্ট দিয়ে। দামী দামী চিকিৎসা কৰিও মানুহে এই গাঁঠি বিষবোৰৰ পৰা আৰাম পোৱা নাই।


মাৰ্কেতত এটা দৰব পোৱা যায় যাৰ নাম- চূৰণজান। নহৰু দৰে হয় শুকাই থাকে। খাবলৈ মিঠাও। সকলো দৰব দুই প্ৰকাৰে পোৱা যায়। মিঠা চূৰণজান আৰু অশ্বগন্ধা,সৰন এইবোৰ বিখ্যাত বস্তু । 


এইসমূহৰ ৫০-৫০ গ্ৰামকৈ কিনি এইসমূহ ঘৰত গুৰি কৰি লওঁক। তাৰ পিছত সৰু সৰু মটৰটো সমান গোল কৰি গুটি নিচিনা বনাই ল'ব এইসমূহত যদি মৌ মিলাই লয় তেতিয়া ই আৰু কাৰ্যকৰী হৈ উঠে।


 তাৰ পিছত আধা বা এচামুচ দুবাৰ বা তিনিবাৰ যদি  দিনটোত আপোনালোকে খাই তেতিয়া ৪০ বছৰৰ পাছত হোৱা বিষ ভাল হোৱা সম্ভাৱনা থাকে। এই ঘৰুৱা পদ্ধতিটোৱে আপোনালোকক গাঁঠি বিষ পৰা উপশম দিব।


 এই পদ্ধতিটোৱে বহুসংখ্যক মানুহকে গাঁঠি বিষ পৰা উপশম দিছে। এইবোৰ আমি নহয় যিসকলে ব্যৱহাৰ কৰিছে সেইসকলে কৈছে। আপোনালোকেও এইবোৰ আনি ঘৰতেই দৰব বনাব পাৰে বা SKR বুলি এটা দৰব আছে সেইটোও খাব পাৰে। 


যদি আপোনালোকো গাঁঠি বিষ কাৰণে অশান্তিত আছে তেতিয়া এইটো উপায় কৰি চাওঁক। ঠাণ্ডা ইনেও বেমাৰ বেছি হয় সেই কাৰণে দেৰি নকৰি এতিয়া এইটো উপায় এবাৰ কৰি চাওঁক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


 ( Assamese Health Tips )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।


No comments:

Post a Comment

Advertisement

Pages