সাৱধান হওক আপোনাৰ এই ভুলে দৰিদ্ৰতাৰ আগমন ঘটাব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 9, 2022

সাৱধান হওক আপোনাৰ এই ভুলে দৰিদ্ৰতাৰ আগমন ঘটাব পাৰে : Assamese Fact

Assamese Fact


শুৱাৰ সময়ত ভুলটো নথ'ব এইসমূহ বস্তু  অন্যথা দৰিদ্ৰতা আহে। ইয়াৰ লগতে এইটোও কম যে ৰাতি কি কাম কৰিব নালাগে। ( Assamese Fact )


বিশেষকৈ মহিলাসকলে ৰাতি এইটো কাম কৰা বন্ধ কৰি দিয়ক নহ'লেবা জীৱন ভৰ স্বামী কঙ্গাল হৈ পৰিব।বাস্তু শাস্ত্ৰয়ে আমাৰ জীৱনৰ লগত জড়িত দিশ ,উপয়োগ, লাভ কেনেকুৱা কি হ'ব লাগে এইবোৰৰ বিষয়ে অৱগত কৰাই।


 আমাৰ জীৱনত উপয়োগ হোৱা বস্তুৱে আমাক কেনেদৰে লোকচানত পেলাব পাৰে এইটো কোনেও নাজানে। হ'ব পাৰে আমি এনেকুৱা ভুল কৰি আছোঁ যাৰ ফলত আমি সফলতা অৰ্জন কৰা নাই। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ  শুৱাৰ সময়ত  ভুলটো কি বস্তু থ'ব নালাগে। 


কাৰণ শুৱাৰ সময়ত আমাৰ শৰীৰটো কাৰ্যক্ষম হৈ থাকে। সেই অৱস্থাতটো আমাৰ পঞ্চতন্ত্ৰয়ে কাম কৰি থাকে। সেই সময়ত যদি আপোনালোকৰ মূৰৰ গুৰিত বা ওচৰত কিবা এনেকুৱা বস্তু থাকে,যাৰ পৰা নকাৰাত্মক শক্তিৰ সঞ্চালন হৈ থাকে তেতিয়া এনেকুৱা শক্তিয়ে আপোনালোকৰ জীৱন আৰু শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে। 


লগতে আজি আমি আপোনালোকক এইটোও কম যে সেইটো কি বস্তু যিটো আপোনালোকে ওচৰত ৰাখিলে সকাৰাত্মক শক্তি সঞ্চালন হয় আৰু আপোনালোকৰ টোপনি ও ভালকৈ আহে। 


প্ৰথমতে জানো আহঁক কি বস্তু নিজৰ মূৰৰ গুৰিত বা ওচৰত থ'ব লাগে।যাৰ ফলত টোপনি ভালকৈ আহে। 



১. কফু গুটিৰ কেইটামান টুকুৰা এখন ৰুমালত বান্ধি  নিজৰ ওচৰত থৈ দিয়ক আৰু পাৰিলে সেইবোৰ গোন্ধি থাকক।কফু গুটি সকাৰাত্মক শক্তিৰ সকলোতকৈ ভাল সূত্ৰ। ইয়াৰ ফলত মগজু শান্ত হৈ পৰে।শুৱাৰ সময়ত বেয়া কথা যদি বেছি মনলৈ আহে তেতিয়া হ'ব পাৰে আপোনালোকৰ ওপৰত আনৰ চকু  পৰিছে বা নকাৰাত্মক শক্তি প্ৰভাৱ পৰিছে। ইয়াৰ পৰা বাচিবলৈ চাবুট চাউল এখন ৰঙা ৰুমালত বান্ধি নিজৰ গাৰুৰ তলত থৈ দিয়ক। চাবুট চাউল শুদ্ধতাৰ প্ৰতিক। ইয়াৰ ফলত নকাৰাত্মক শক্তি আপোনালোকৰ ওচৰলৈ নাহে। ৰুমত শুদ্ধতাই বাস কৰি থাকিব লাগে ।সেই কাৰণে ৰুমত ক'ৰবাত হ'লেও ময়ূৰ পাক্ষী লগাব বা থব লাগে। ইয়াৰ পৰা সকাৰাত্মক বিচাৰৰ আগমন ঘটে। যাৰ ফলত বেয়া আৰু নকাৰাত্মক শক্তি আপোনালোকৰ ওচৰলৈ আহিব নোৱাৰে।  



এতিয়া জানো আহঁক কি বস্তু নিজৰ মূৰৰ গুৰিত বা ওচৰত থ'ব নালাগে। ( Assamese Fact )


১. লেটেৰা কাপোৰ। বহুত মানুহে নিজৰ লেটেৰা কাপোৰ বা আগদিনাৰ কাপোৰ বিছনাৰ ওচৰতে থৈ দিয়ে।লেটেৰা কাপোৰৰ পৰা নকাৰাত্মক শক্তি সঞ্চালন ঘটে। সেই কাৰণেটো পূজা বা শুভ কাৰ্যত লেটেৰা বা পুৰণা কাপোৰ পিন্ধিব নালাগে।



২.জোতা,চেন্দেল,মুজা আৰু ৰুমাল আদি সকলোৱে ব্যৱহাৰ কৰে।এইবোৰৰ ব্যৱহাৰ কাৰ্য কৰি থকাৰ সময়ত কৰক। কিন্তু ৰাতি শুৱাৰ সময়ত এইবোৰ বিছনা বা নিজৰ পৰা দূৰত ৰাখক। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ও এইবোৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। শাস্ত্ৰৰ অনুসৰি যদি এইসমূহ আপোনালোকে ওচৰত থৈ শুৱে তেতিয়া আপোনালোকৰ বাস্তু দোষ হয়।


জোতা,চেন্দেলে বিভিন্ন ঠাইৰ পৰা বিভিন্ন শক্তি কঢ়িয়াই আনে। সেই কাৰণে এইবোৰ ঘৰৰ বাহিৰতেই থ'ব লাগে। কিন্তু যদি ভিতৰত ৰাখে তেতিয়া কেতিয়াও বিছনাৰ ওচৰত বা নিজৰ ওচৰত নাৰাখিব। নিমখ, হালধি, সেন্দুৰ,তেল আৰু শুকান তুলসীৰ পাত এইসমূহ এনেকুৱা বস্তু যিবোৰ আপোনালোকে যদি নিজৰ মূৰৰ গুৰিত বা ওচৰত ৰাখে তেতিয়া আপোনালোকৰ জীৱনত বহুত গভীৰভাৱে ইয়াৰ প্ৰভাৱ পৰে। 


এইসমূহ মুখ লগা ভঙা বা পূজা অৰ্চনা কৰোঁতে ব্যৱহাৰ কৰা বস্তু। কিন্তু ৰাতি শুৱাৰ সময়ত এইসমূহ বস্তু বৰ্জিত বুলি কোৱা হৈছে। ধ্যান ৰাখিব যাতে এনেকুৱা বস্তু ৰাতি শুৱাৰ সময়ত আপোনালোকৰ ওচৰত নাথাকে। তুলসীৰ পাত সন্ধিয়াৰ পিছত কেতিয়াও চিঙিব নালাগে। ৰাতিপুৱা চিঙি এটা টেমাত থৈ দিয়ক। বিছনা বা ৰুমত এইসমূহৰ ব্যৱহাৰ নকৰিব। এনেকুৱা কৰিলে তুলসী মাক অপমান কৰা হয়। 


বহুত মানুহে ৰাতি কিতাপ পঢ়ি শুৱে বা শুৱাৰ অভ্যাস থাকে। পঢ়ি পঢ়িয়েই তেওঁলোকে কিতাপ বিছনাতে থৈ টোপনি যায়। বহুত শিক্ষাৰ্থীয়েও এনেকুৱা কৰে। কিন্তু কেতিয়াও বিছনাত কিতাপ থ'ব নালাগে।বিদ্যা মা সৰস্বতীৰ আশীৰ্বাদ। এইসমূহত সৰস্বতীয়ে বাস কৰে। বিছনাত থ'লে শুৱাৰ সময়ত আমাৰ ভৰি লাগিব পাৰে।যিটো মা সৰস্বতীক অপমান কৰা হয়।


এইসমূহ আছিল সেইসমূহ বস্তু যিবোৰ আপোনালোকে বা আমি কেতিয়াও শুৱাৰ সময়ত বিছনাত বা ওচৰত থ'ব নালাগে। ঠিক সেইদৰে আপোনালোকে ৰাতি শুৱাৰ সময়ত কিছুমান কথাৰো ধ্যান ৰাখিব লাগে।


ৰাতি যদি মহিলাসকলে চুলি মেলি শুৱে তেতিয়া নকাৰাত্মক শক্তি সঞ্চালন ঘটে বা আকৰ্ষিত হৈ পৰে। জ্যোতিষ শাস্ত্ৰৰ মতে ৰাতি যদি মহিলাসকলে চুলি মেলি শুৱে তেতিয়া ঘৰৰ সুখত প্ৰভাৱ পৰে। লগতে স্বামীৰো আয়ু কমি যায়। মানুহে যেতিয়া পাৰ্টি বা বিয়ালৈ যায় তেতিয়া পাৰফিউম বা বদিস্পেই লগাই যায়। যদি ৰাতি থাকে তেতিয়া পাৰফিউম বা বদিস্পেই লগাই যাব নালাগে। এনেকুৱা কৰা ফলত ভাল আৰু বেয়া দুয়োটা শক্তিয়েই আমাৰ ফালে আকৰ্ষিত হয়। ৰাতি নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰা ভয় থাকে। কিন্তু বাস্তু শাস্ত্ৰৰ অনুসৰি ৰাতি গোন্ধ থকা বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত ঘৰলৈ নকাৰাত্মক শক্তিৰ আগমন ঘটে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages