মনা লিছাৰ ২৩ টা ৰহস্যময় কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 5, 2022

মনা লিছাৰ ২৩ টা ৰহস্যময় কথা : Assamese Fact

Assamese Fact


৫০০ বছৰৰ আগতে ইটালীৰ Leonardo da Vinci য়ে এখন এনেকুৱা ছবি আঁকিছিল ,যি আজিও এক ৰহস্য হৈ আছে। ( Assamese Fact )


মনা লিছাৰ এই ছবিখনত আচলতে কি ৰহস্য আছে। যিয়ে পৃথিৱীৰ সকলোতকৈ ৰহস্যময় আৰু বিখ্যাত ছবি হিচাপে পৰিগণিত কৰে এইখনক। আপোনালোকক আজি আমি মনা লিছাৰ বিষয়ে ২৩ টা এনেকুৱা কথা কম যিবোৰ শুনি আপোনালোক আচৰিত হয় পৰিব। 



১.  ২৩ জুন  ১৮৫২ চনত Luc Maspero নামৰ এজন ফেন্সৰ চিত্ৰকাৰ যুৱকে পেৰিছৰ এখন হোটেলৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল। তেওঁ  মনা লিছাৰ ৰহস্যময় হাঁহিটোৰ কাৰণে পাগল আছিল। তেওঁৰ সুন্দৰতা দেখি মোহিত হৈ আছিল। সি এখন চিঠিও এৰি থৈ গৈছিল। য'ত  মনা লিছাৰ প্ৰতি থকা প্ৰেম আৰু বহুবছৰৰ অপেক্ষাৰ কথা উল্লেখ আছিল।



২. মনা লিছাৰ বিষয়ে সকলোতকৈ যি ৰহস্যময় কথা আছে আৰু যিবোৰ কথায়ে ইতিহাস আৰু চিত্ৰকাৰ  সকলক ভাবিবলৈ বাধ্য কৰে, সেইটো হ'ল মনা লিছাৰ ৰহস্যময় হাঁহি । যি বেলেগ বেলেগ কোণৰ পৰা চালে বেলেগ বেলেগ দেখি বা লাগে। মানে  হাঁহিটো সলনি হৈ থাকে।প্ৰথমতে এই ছবিখনে হাঁহি থকা দেখিবলৈ পোৱা যায় । তাৰ পাছত সেই হাঁহিটো কম হৈ পৰে আৰু তাৰ পাছত নাইকীয়া হৈ পৰে। এটা ৰিচাৰ্জৰ পৰা এইটো জানিব পৰা গৈছে যে যিগৰাকী মহিলাক  Leonardo da Vinci য়ে এই ছবিখনত আঁকিছিল তেওঁ নিজৰ মাজত কিবা ৰহস্য সোমোৱাই ৰাখিছিল। সেই কাৰণে মনা লিছাৰ হাঁহি ৰহস্যময়।



৩. কিছু বছৰৰ আগত এজন ডাক্তৰে সকলোকে এইটো কৈ আচৰিত কৰি দিলে যে  মনা লিছাৰ হাঁহিৰ ৰহস্য হ'ল তেওঁৰ ওপৰৰ দুটা দাতঁ ভগা। সেই কাৰণে তেওঁৰ ওপৰৰ ওঁঠটো অলপ হেঁচা খাই থকাৰ দৰে। ২০০০ চনত হাৰ্ৱৰৰ এজন নিউৰো'চাইনটিচ ডাক্তৰ মাৰ্গেটে কলে - মনা লিছাৰ হাঁহিটো সলনি হৈ নাথাকে। মানুহৰ চোৱা ধাৰণা আৰু mindset হে সলনি হয়। অৰ্থাৎ এইয়া আপোনালোকৰ মগজুৰ খেল।যেনেকৈ আপোনালোকে  মনা লিছাক চাব বিচাৰে তেনেকুৱাই আপোনালোকে তেওঁক দেখিব। এইটো তাৰ ওপৰত নিৰ্ভৰশীল যে আপুনি কি মনোযোগ দি আছে।



৪. Leonardo da Vinci য়ে মনা লিছাক ১৫০৩ চনৰ পৰা বনাবলৈ আৰম্ভ কৰিছিল আৰু ১৫১৭ চনলৈকে এই ছবিখন বনাইছিল। তেওঁক বেছি সময় মনা লিছাৰ ওঁঠটো বনাবলৈ লাগিছিল। মনা লিছাৰ ওঁঠটো বনাবলৈ Leonardo da Vinci ক ১২ বছৰ লগাইছিল।



৫.এই কথাটো সঁচা যে মনা লিছাৰ ছবিখন এখন বহুত ধুনীয়া ছবি। এইখন আৰম্ভণিৰেই পৰাই বহুত ধুনীয়া বা বিখ্যাত আছিল। কিন্তু ইমানো নাছিল যিমান এইখন পেৰিছৰ লো মিউজিয়ামৰ পৰা চুৰ কৰা পাছত হ'ল।



৬. পৃথিৱীৰ সকলোতকৈ বিখ্যাত ছবিখনক পৃথিৱীৰ সকলোতকৈ বিখ্যাত মিউজিয়ামৰ পৰা চুৰ কৰাতো এটা বহুত আশ্চৰ্যজনক কথা আছিল। এই ছবিখনক চুৰ কৰা বুলি যাক ধৰা হৈছিল সেইজনো এজন মহান চিত্ৰকাৰ আছিল আৰু সেইজন হ'ল- Pablo Picasso. কিন্তু পিছত বহুত পৰীক্ষা নিৰীক্ষা কৰা ফলত তেওঁৰ পৰা এই বদনাম আঁতৰাই দিয়া হ'ল।



৭. সেইজন কোন আছিল যিয়ে মনা লিছাৰ ছবিখন চুৰ কৰিছিল।১৯১১ চনৰ ২১ আগষ্টত এইখন চুৰ কৰা হৈছিল। কিন্তু সেইদিনা এই চুৰ কৰা কাৰ্যৰ ওপৰত কোনেও চকু দিয়া নাছিল। পিছদিনাহে ইয়াক চোৱা হ'ল। লো মিউজিয়ামক তথ্য সংগ্ৰহ কৰিবলৈ এসপ্তাহৰ কাৰণে বন্ধ কৰি দিয়া হ'ল। কাৰণ ভাবিছিল যে কিজানি ছবিখন লো মিউজিয়ামতে ক'ৰবাত লুকোৱাই ৰখা হৈছিল।পিছত গম পোৱা গ'ল - লো মিউজিয়ামৰে এজন কৰ্মৰত ব্যক্তিয়ে Vincenzo Peruggia চুৰ কৰিছিল। তেওঁ  মিউজিয়ামৰে এটা সৰু ৰুমত সোমাই আছিল।মিউজিয়াম বন্ধ হোৱাৰ পাছত তেওঁ কোটোৰ ভিতৰত ছবিখন ভৰাই তাৰ পৰা পলাল। 



৮.Vincenzo Peruggia এজন ইটালীৰ দেশভক্ত নাগৰিক আছিল। তেওঁৰ এইটো বিশ্বাস আছিল যে Leonardo da Vinci ৰ এই ছবিখন তেওঁলোকৰ দেশলৈ উভতি আহিব লাগে আৰু এই ছবিখন ইটালীৰ মিউজিয়ামত থ'ব লাগে । ২ বছৰৰ পাছত Vincenzo Peruggia ক তেতিয়া ধৰা হয় যেতিয়া তেওঁ মনা লিছাৰ ছবিখন লৈ ইটালীৰ ফ্লৰেন চহৰৰ আৰ্ট  মিউজিয়ামৰ ডাইৰেক্টৰক বিক্ৰী কৰিবলৈ গৈছিল। দুসপ্তাহ Mona Lisa ৰ ছবিখন ইটালীৰ আৰ্ট  মিউজিয়ামত ৰখাৰ পাছত ৪ জানুৱাৰী ১৯১৪ চনত আকৌ পেৰিছৰ মিউজিয়ামলৈ নিয়া হ'ল।Vincenzo Peruggia ৰ তেওঁৰ চুৰি কাৰ্যৰ বাবে ৬ মাহ জেল হ'ল। কিন্তু ইটালীয়ে তেওঁৰ দেশভক্তিৰ কাৰণে তেওঁক স্বাগতম জনালে।



৯.মনা লিছাৰ এখন যজা ছবিও আছে। যিখন Leonardo da Vinci ৰ Mona Lisa ৰ ছবিখনৰ দৰেই আছিল। কোৱা হয় দ্বিতীয়খন ছবিখন Leonardo da Vinci ৰ এজন ছাত্ৰ Francesco Melzi য়ে আঁকিছিল।এই দ্বিতীয়খন ছবিখন স্পেইনৰ ৰাজধানী মেডৰিটগে পাৰাডৌ মিউজিয়ামত ৰখা হৈছে।



১০.আজিলৈকে এই কথাটো ৰহস্যময় হৈ আছে যে মনা লিছা  কোন আছিল। Leonardo da Vinci য়ে এইখন কাৰ ছবি আঁকিছিল। বহুসংখ্যক পণ্ডিতৰ মতে এই ছবিখন Lisa Gherardini ৰ আছিল বা হয়।যি ফ্লৰেনৰ এজনী ইটালীয়ান মহিলা আছিল। কিন্তু এটা তথ্যয়ে এইটোও কয় যে মনা লিছা ছবিখন Leonardo da Vinci ৰ নিজৰ ছবি আছিল।মানে তেওঁ এই ছবিখনত নিজকে মহিলা ৰূপত বনাইছিল।



১১.এই ধুনীয়া ছবিখনক বেয়া কৰিবলৈ বহুত চেষ্টা কৰা হৈছিল।১৯৫৬ চনত এজন Bolivian Tourist য়ে  মনা লিছাৰ  ছবিখনলৈ এটা পাথৰ মাৰি পঠিয়াছিল। যাৰ ফলত  Mona Lisa ৰ  ছবিখনৰ বাওঁ হাতৰ গুৰিট এটা চিন পৰি গৈছিল । পাছত ইয়াক ভাল কৰা হ'ল। কিন্তু চিনটো এতিয়াও অলপ দেখা যায়। ইয়াৰ আগতেও এজন ব্যক্তিয়ে এই ছবিখনত এচিড দি দিছিল। সেই কাৰণে এইখন ব্লোলেট প্ৰ'ভ গ্লাছৰ  ভিতৰত ৰখা হ'ল। ইয়াৰ পাছতো এগৰাকী মহিলাই  Mona Lisa ৰ ওপৰত ৰঙা ৰঙেৰে আক বাক কৰিবলৈ চেষ্টা কৰিলে।২০০৯ চনত এগৰাকী ৰাছিয়ান মহিলাই Mona Lisa ৰ ওপৰত চিৰামিক ডি কাপ দি দিছিল। কিন্তু ছবিখনৰ একো নহ'ল।

( Assamese Fact )


১২.  Leonardo da Vinci এজন লেখকো আছিল। কিন্তু আশ্চৰ্যজনক কথা এইটো যে তেওঁ নিজৰ ইমান বিখ্যাত ছবিখনৰ অৰ্থাৎ Mona Lisa ৰ বিষয়ে ক'তো একো লিখা নাছিল।



১৩. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত Mona Lisa ক  ৬ বাৰ নিজৰ ঠাইৰ পৰা সালসলনি কৰা হয়। যাতে এই দামী আৰু মূল্যবান ছবিখন জাৰ্মানীসকলে লৈ নাযায়।



১৪. Leonardo da Vinci ৰ এজন ছাত্ৰয়ে ১৫১৪ চনৰ পৰা ১৫১৬ চনৰ ভিতৰত Mona Lisa ৰ এখন নতুন ছবিও আঁকিছিল। যাক Mona Vanna বুলি কোৱা হয়। যাৰ হাত আৰু শৰীৰৰ স্থিতি একেবাৰে Leonardo da Vinci ৰ Mona Lisa ৰ দৰেই আছিল। কোৱা হয় যে হয়তো এইখনো Leonardo da Vinci য়েই আঁকিছিল।এই ছবিখন পেৰিছৰ কন্দে মিউজিয়ামত ৰখা হৈছে।



১৫. Leonardo da Vinci য়ে Mona Lisa ক আঁকোতে ৩০ টা স্তৰতকৈ বেছি স্তৰ ব্যৱহাৰ কৰিছিল।তাৰ কিছুমান স্তৰ এজন মানুহৰ চুলিতকৈও সৰু আছিল।



১৬. Mona Lisa পৃথিৱীৰ বহুত মূল্যবান ছবি। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুসৰি Mona Lisa পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ মূল্যবান ছবি।১৯৬২ চনত ইয়াৰ মূল্য ১০০ মিলিয়ন ডলাৰতকৈও আগলৈ গৈছিল। ২০১৯ চনত ইয়াৰ মূল্য ৭০০ মিলিয়ন ডলাৰৰ আশে-পাশে হ'ব। কিন্তু ফ্ৰেন্স হেৰিটেচ লাৰ অনুসৰি ইয়াক বিক্ৰী আৰু ক্ৰয় কৰিব পৰা নাযায়। কাৰণ এইখন মানুহৰ কাৰণে।



১৭.  ১৫১৯ চনত Leonardo da Vinci ৰ মৃত্যুৰ পিছত Mona Lisa ফ্ৰেন্সৰ ৰজাসকলৰ নিজস্ব সম্পত্তি হৈ পৰিল। ইয়াৰ পিছত Mona Lisa ক পেৰিছৰ লো মিউজিয়ামত ৰখা হ'ল।এই ছবিখন নেপোলিয়নে ইমান পচন্দ কৰিছিল যে এইখন তেওঁ নিজৰ শুৱনি কোঠাত ৰাখিছিল।



১৮. যিমান আপোনালোকে ভাবে তাতকৈ বহুত গুণে সৰু এই ছবিখন। এইখনৰ দৈৰ্ঘ্য ৩০ আৰু ১২ চেন্টিমিটাৰ  হয়। এইখনৰ ওজন ৮ কেজি। Leonardo da Vinci য়ে এই ছবিখন কাজত আকাঁ নাছিল। কাঠত অইলপেন্ট ৰঙেৰে আঁকিছিল। ইমান ধুনীয়াকৈ বনাইছিল যে ইয়াত বাছৰ চিনেই পোৱা নাযায়।  Leonardo da Vinci ৰ সময়তো কেনভাৰ্চ আৰু কাগজ আছিল। কিন্তু তেতিয়াৰ চিত্ৰকাৰসকলে ভাবিছিল যে ইমান সৰু ছবিৰ কাৰণে কাগজৰ দৰকাৰ নাই সেই কাৰণে খৰি বা কাঠতে আঁকিছিল।



১৯. যেতিয়া আপোনালোকে এই ছবিখন চাব তেতিয়া দেখিব যে Mona Lisa ৰ চকু পটা আৰু চেলাউৰি দেখা নাযায়। এতিয়া প্ৰশ্ন উঠে Leonardo da Vinci য়ে কিয় Mona Lisa ৰ চকু পটা আৰু চেলাউৰি নবনালে।২০১৭ চনত এজন ফ্ৰেন্স ইনভেষ্টৰ বাচক'ল কৰ্টে হাই ৰিজলৌচন স্কেমৰ দ্বাৰা এইটো উলিয়ালে যে Leonardo da Vinci য়ে  Mona Lisa ৰ চকু পটা আৰু চেলাউৰি বনাইছিল। কিন্তু সময় পাৰ হৈ যোৱা লগে লগে এইসমূহ মুচ খাই গ'ল।হয়তো বেছিকৈ চফা কৰা ফলত।



২০. Peranormal Curcible নামৰ ৱেবছাইট এটায়েই দাবী কৰিছিল যে  Mona Lisa ৰ ছবিখনত এলিয়েন লুকাই আছে। কোৱা হয় এই ছবিখন যদি বাওঁফালে আইনাৰ লগত মিলাই চোৱা হয় তেতিয়া এলিয়েনৰ দৰে আকৃতি গঢ়ি উঠে।এই কথাটো তেতিয়া ভাবিবলে বাধ্য হয় যেতিয়া আৰু এটা কথা আগলৈ আহে । কোৱা হয় Leonardo da Vinci য়ে এই ছবিখনৰ বাওঁফালে বহুত গোপনীয় ভাবে এটা সংবাদ লুকাই ৰাখিছে। তথ্যটোৱে কয় যে ছবিখনত ইটালীয়ান ভাষাত লিখা আছে- (La Risposta Si Trova Qui) ইয়াৰ অৰ্থ হ'ল - The Answer is Here. মানে উত্তৰ ইয়াত আছে।এই তথ্যটো কিমান সচাঁ সেইটোৰ পুষ্টি এতিয়াও কৰা হোৱা নাই।



২১. Mona Lisa ৰ বন্ধু গোটেই বিশ্বজুৰি আছে।এই ছবিখনক লৈ বহুত কবিতাও লিখা হৈছে।গানো বনোৱা হ'ল।যেতিয়াৰ পৰা ইয়াক পেৰিছৰ লো মিউজিয়ামত ৰখা হৈছে তেতিয়াৰ পৰাই এইখনক প্ৰেম পত্ৰ দিয়া হয়। ফুল দিয়ে।



২২. মনালিছাক ইংৰাজীত Mona Lisa বুলি লিখা হয়। কিন্তু ইয়াৰ শুদ্ধ শব্দটো হ'ল- Monna Lisa.কোনোবাই মনালিছা আৰু কোনোবাই মনালিজা বুলি কয়। কিন্তু ইটালীত ইয়াক মৌনালিজা। যাৰ অৰ্থ হ'ল-  My Lady.



২৩. যদি আপোনালোকে পেৰিছৰ লো মিউজিয়ামলৈ যায়।তাত য'ত Mona Lisa ক থোৱা হৈছে তাৰ বিপৰীত ফালে এখন বহুত ডাঙৰ ছবি দেখিবলৈ পোৱা যায়। এইখনৰ নাম হ'ল- The Wedding Feast At Cana. এইখন ইটালীৰে এজন চিত্ৰকাৰ Paolo Veranese য়ে ১৫৮৩ চনত আঁকিছিল।এই ছবিখন বহুত ধুনীয়া এইখনৰ প্ৰসংশা কৰিবলৈ শব্দ কম হৈ পৰিব। কিন্তু এইখন ইমান বিখ্যাত নহয় । সেই কাৰণে মানুহে এইখন ইমান মনোযোগ দি নাচায়। সেইটোৱে কথা যে আপোনালোকে  Mona Lisa ৰ ওচৰত ইমান মানুহ দেখিবলৈ পায় আৰু সেইখনৰ গুৰিত কম।


আমি যদি সঁচাকৈ এজন ছবিৰ প্ৰেমী তেতিয়া আমাৰ সেই গুণটো থাকিব লাগে যে আমি চিত্ৰৰ কলাক চাব পাৰোঁ। এটা বস্তুক বিখ্যাত কাৰণে মূল্য দিয়াটো বা বহুত ডাঙৰ মানুহে বনাইছিল আৰু আনৰ কামটো অকল এই কাৰণে পাঁহৰি যোৱা কাৰণ সেইটো বিখ্যাত নহয় বা তাক বনোৱা জন মহান ব্যক্তি নাছিল। এইবোৰ কথা শুদ্ধ নহয় ন? আমি এইটো নকওঁ যে Mona Lisa এখন ভাল ছবি নহয়। হয় কিন্তু আৰু বহুত ভাল ভাল ছবি তাত আছে। 


Mona Lisa ৰ ছবিখন পৃথিৱীৰ সকলোতকৈ বিখ্যাত ছবি। কিন্তু আমি আনৰ কামকো সুৱৰিব লাগে ন। হ'ব পাৰে আনবোৰ ছবিও সিমানেই ভাল। সেই চিত্ৰকাৰ জনেও সিমানেই চেষ্টা কৰিছে। কিন্তু আমি সেইবোৰৰ ফালে একেবাৰে ধ্যান নিদিওঁ। 


পেৰিছৰ এই লো মিউজিয়াম পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰ্ট মিউজিয়াম। ইয়াত ৩৫ হাজাৰ history object আছে। কিন্তু বহুসংখ্যক মানুহে  Mona Lisa ক  চাবলৈ আহে আৰু লগত ফটো তুলি গুচি যায়।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages