কুকুৰে সচাঁকৈয়ে ৰাতি ভূত-প্ৰেত‌ দেখি কান্দে নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 10, 2022

কুকুৰে সচাঁকৈয়ে ৰাতি ভূত-প্ৰেত‌ দেখি কান্দে নেকি : Assamese Fact

Assamese Fact


হিন্দু ধৰ্মত কুকুৰক এটা বুদ্ধিয়ক জন্তু মনা হয় আনকি শাস্ত্ৰত কুকুৰক ভৈৰৱৰ বাহন বুলিও কোৱা হৈছে । ( Assamese Fact )


আকৌ যেতিয়া কুকুৰে ৰাতি কাৰোবাৰ ঘৰৰ সন্মুখত কান্দে তেতিয়া ঘৰৰ ডাঙৰ মানুহে কুকুৰটোক খেদি দিয়ে । আপুনি নিশ্চয় মন কৰিছে কুকুৰৰ এই ৰাতি কন্দা শব্দটোৱে ৰাতি এক ভয়ানক বাতাবৰণৰ সৃষ্টি কৰে । কিন্তু আপোনালোকে জানেনে যে কুকুৰে ইনেই নাকান্দে সিঁহতি ৰাতি কন্দাৰ পিছত কিছুমান ৰহস্য লুকাই থাকে । 


আমাৰ সমাজত প্ৰাচীন কালৰ পৰাই কিছুমান মান্যতা চলি আহিছে । কুকুৰে ৰাতি কন্দাটো সেই মান্যতাবোৰৰে এটা অংশ । এইবোৰ আমাৰ পূৰ্বৰ পৰাই ইটো পৰা সিটো প্ৰজন্মলৈ চলি আহিছে । কুকুৰে ৰাতি কন্দাটো অশুভ বুলি মনা হয় আৰু যেতিয়া কুকুৰে ৰাতি কান্দে তেতিয়া কিবা নহয় কিবা অশুভ নিশ্চয় হয় । এইটো বহুতে সঁচা বুলি ভাবি ললে আৰু অন্ধবিশ্বাস গঢ়ি উঠিল আৰু বহুতে অনুভৱো কৰিলে যে যেতিয়া কাৰোবাৰ ওচৰত ৰাতি কুকুৰে কান্দিলে তেতিয়া পিছদিনা কিবা নহয় কিবা বেয়া ঘটনা ঘটে । সেইবাবে এই ঘটনাক বহুতে সঁচা বুলি ভাবি মনত ভয় পুহি ললে আৰু একো নুবোজা নেমেলাকৈ যেতিয়া কুকুৰে ৰাতি কান্দে তেতিয়া খেদি দিয়ে আৰু নাভাবে যে কুকুৰক কন্দাত বাধা দিলেও একো লাভ নাই যি হবলগীয়া আছে সেইটো হবয়েই কুকুৰে মাথোঁ কান্দি আমাক কিবা এটা অঘটন ঘটাৰ সংকেত দিয়ে । 


আপোনালোকক জনাও যে কোনো ধাৰ্মিক গ্ৰন্থত কুকুৰৰ কন্দাৰ বিষয়ে অশুভ বুলি কোৱা হোৱা নাই কিন্তু কিছুমান জ্যোতিষীয়ে নিজৰ মতামত নিশ্চয় দিছে । জ্যোতিষীয়ে কয় যে কুকুৰে এনেকুৱা এটা প্ৰাণী যি নিজৰ ওচৰে পাঁজৰে থকা নাকাৰত্মক শক্তিক অনুভৱ কৰিব পাৰে । আপুনিও শুনিছে চাগে কুকুৰে ভূত-প্ৰেত আদিক দেখে আৰু কুকুৰে ৰাতি যেতিয়া হঠাতে জোৰ জোৰকৈ কান্দে তেতিয়া নিশ্চয় নিজৰ ওচৰত কোনোধৰণৰ আত্মাক দেখিলে অথবা কোনো ধৰণৰ নাকাৰাত্মক শক্তিৰ অনুভৱ হৈছে । সেইবাবে কুকুৰক খেদিব নালাগে আৰু সিঁহতি কান্দিলে ভয় খাব নালাগে  আৰু আহিবলগীয়া সমস্যাৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগে । ( Assamese Fact )


জীৱবিজ্ঞানীয়ে এইবোৰ অৰ্থহীন বুলি কৈছে আৰু কুকুৰে ভোকাৰ বহুতো কাৰণৰ বিষয়ে কৈছে যিবোৰ আপোনালোকে জনাটো প্ৰয়োজনীয় । 


১) নিজৰ লগৰবোৰক বাৰ্তা পঠিয়াবলৈ :  যেতিয়া কোনো কুকুৰে নিজৰ লগৰবোৰক সি কত আছে কব বিচাৰে অথবা লগৰবোৰক বিচাৰি ফুৰে ব তেতিয়া হাও কৰি বাৰ্তা পঠিয়াই ‌ আৰু লগৰবোৰে হাও কৰি কয় কত আছে কয় আৰু যেতিয়া কুকুৰৰ পোৱালীবোৰ কৰবাত গুছি যায় তেতিয়া পোৱালীবোৰক বিচাৰিবলৈও মাকে এনেকৈয়ে কৰে । 


২) নিজৰ এলেকাৰ ঘোষণা কৰিবলৈ : সকলো কুকুৰৰে নিজৰ এলেকা থাকে অন্য কুকুৰক নিজৰ এলেকাত আহিবলৈ নিদিয়ে । যেতিয়া অন্য কুকুৰে সিহঁতৰ এলেকাত সোমাবলৈ চেষ্টা কৰে তেতিয়া সেই এলেকাটোৰ কুকুৰবোৰে হাও কৈ চিঞৰে আৰু ভোকে । এইটো এটা সতৰ্কবাণী হয় যি বেলেগ কুকুৰক সেই এলেকাটোৰ পৰা দূৰত ৰাখিবলৈ দিয়া হয় । 


৩) খং কৰা বা বেয়া পোৱা : কুকুৰে অকলশৰীয়াকে থাকিবলৈ আৰু উপেক্ষা কৰাটো অলপো ভাল নাপায় । আপুনি মন কৰিছে চাগে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰক ভিতৰত সোমোৱাই বন্ধ কৰি থৈ যায় বা উপেক্ষা কৰে তেতিয়া কুকুৰে কন্দা নিচিনা মাত উলিয়াই কিন্তু ইয়াৰ মানে এইটো নহয় যে কিবা অমংগলীয়া হব । এইটো মাত্ৰ কুকুৰৰ নিজৰ বেয়া পোৱাবোৰ প্ৰকাশ কৰাৰ মাধ্যমহে । 


৪) বিষ বা দুখ পোৱা আদি প্ৰকা‌শ কৰিবলৈ : যেতিয়া কুকুৰে দুখ পায় তেতিয়া বিষ প্ৰকাশ কৰিবলৈ এনেধৰণৰ মাত দিয়ে আৰু হাও কৰে । বিশেষকৈ তেতিয়া যেতিয়া আপোনাক কিবা বুজাবলৈ চেষ্টা কৰে আৰু আপুনি বুজি নাপায় ।


৫) ক্ৰোধ অথবা অশান্তি : ক্ৰোধ অথবা অশান্তি  ইয়াৰ মানে এইটো নহয় যে কুকুৰবোৰে কাৰোবাক কামুৰিব বিচাৰিছে । কুকুৰবোৰে কিছুমান বস্তু একেবাৰে পছন্দ নকৰে যেনে- ডাঙৰৰৈ লগোৱা গান , বাচন বৰ্তন আদি জোৰকৈ ঠেকেচ মাৰি দিয়া  । এনেকুৱাটো এনেধৰণৰ মাত উলিয়াব পাৰে । আৰু আপোনালোকে ভাবিব যে কুকুৰবোৰে কান্দি আছে কিবা অঘটন ঘটিব পাৰে কিন্তু চিন্তা নকৰিব তেনেকুৱা একোৱেই নহয় ।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages