আপোনাৰ জীৱনৰ প্ৰতিটো খোজতে প্ৰয়োজনীয় হোৱা কিছুমান গুৰুত্বপূৰ্ণ কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 23, 2022

আপোনাৰ জীৱনৰ প্ৰতিটো খোজতে প্ৰয়োজনীয় হোৱা কিছুমান গুৰুত্বপূৰ্ণ কথা : Assamese Fact

Assamese Fact

 

জীৱনৰ ৬৫ টা কথা বা পাঠ যিয়ে জীৱনতো সফল আৰু সুখৰ কৰি তোলে । ( Assamese Fact )


 ১. সকলো দুখীয়া পৰিয়ালতে এনেকুৱা এজন সদস্য থাকে,যিয়ে সেই পৰিয়ালটোক দৰিদ্ৰতা পৰা উলিয়াই high class family লৈ ৰূপান্তৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰো আপুনি সেই মানুহজন হ'ব পাৰে।


২. হিংসা কৰা সেই মূৰ্খ সকলৰ কাম যিয়ে ভাৱে মই সদায় কাৰণে জীয়াই থাকিম।


৩. আপুনি কিমান দুখত আছে কিমান মন মাৰি আছে। কিমান ভাগি পৰিছে সেইটো কাৰো দৰকাৰ নাই। সেই কাৰণে আপোনাৰ কাম অকল এটায়েই হ'ব লাগে যে যিকোনো পৰিস্থিতিত হ'লেও আপুনি নিজৰ কাম এৰিব নালাগে।


৪. জীৱনটো দুটা চকাৰ চাইকেলৰ দৰে, বেলেঞ্চ তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে আপুনি চলি থাকিব বা কাম কৰি থাকিব।


৫. যিমানেই কম কথা ক'ব, সিমানেই আপোনাৰ শব্দ প্ৰভাৱশালী হৈ পৰিব।


৬. কাৰোবাৰ সহায় আৰু দয়াৰ আশ্ৰয় লৈ আপুনি জীৱনটো বেছি দিন জীয়াই থাকিব নোৱাৰে। সেই কাৰণে এইবোৰ আশা নকৰি নিজৰ জীৱনটো জীয়াই থাকিবলৈ শিকক।


৭.সকলো বাৰতেই  তৰ্ক কৰাতোঁ সমাধান নহয়। আপুনি এইটোও ক'ব পাৰে যে মই এই কথাটোত সন্মত নহয়।


৮. আশা আৰু বিশ্বাসত সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে আশা ভাগিলে আপুনি মানি ল'ব পাৰে দুখ হ'লেও উলাই আহিব পাৰে। কিন্তু বিশ্বাস ভাগিলে নোৱাৰি।


৯.যেতিয়া আপুনি ভাৱে মই যিমান কষ্ট কৰিছোঁ সিমান ফল বা পৰিণাম পোৱা নাই, তেতিয়া এটা কথা মনত পেলাব যে হয়তো এতিয়াও বহুত দূৰ্বলতা মোৰ চেষ্টাত আছে।


১০. যদি আপোনাৰ সৰুকালতো মনত ৰাখিব লগা নহয়, তেতিয়া নিজতকৈ সৰু বোৰৰ সৰুকালতো  মনত ৰাখিব লগা বনাওঁক বা কৰক। কাৰণ যেনেকে আপোনাৰ ওচৰত এটায়েই সৰুকাল আছিল ,তেনেকে  সিহঁতৰ ওচৰতো এটায়েই সৰুকাল আছে।


১১.বৃদ্ধ অৱস্থাত এটা কথাৰ শান্তি হয় যে মই যৌৱন কালত নমৰিলো।


১২. কেতিয়াবা, কেতিয়াবা সকলোবোৰ নিজৰ কৰিবলৈ, সকলোবোৰ নিজৰ পৰা আতঁৰাই ও দিব লাগে।


১৩. যিমান আপুনি নিজৰ চিন্তাক seriously লয়। সিমান seriously আপোনাৰ চিন্তা আনে নলয়। সেই কাৰণে আপুনি ও নিজৰ চিন্তাক seriously ল'ব নালাগে। কাৰণ চিন্তা কৰাৰ নকাৰাত্মক প্ৰভাৱ আপোনাৰ ওপৰতে পৰিব।


১৪. যদি আপুনি কিবা সমস্যাৰ লগত যুঁজি আছে, তেতিয়া আপোনাৰ চিন্তা সমস্যাটোত নহয় সমাধানতহে কেন্দ্ৰীভূত হৈ থাকিব লাগে।


১৫. ঘৃণা কৰা সকলৰ বাবে জীৱনটো বহুত সৰু।সেই কাৰণে ঘৃণা কৰাৰ সলনি নিজৰ কামত ধ্যান দিয়তো বহুত জৰুৰী।


১৬. যদি আপুনি প্ৰথমবাৰত সফল হোৱা নাই। তেতিয়া আপোনাৰ আৰু মহান‌ ব্যক্তিসকলৰ মাজত এটা একে কথা আছে। তেওঁলোকো প্ৰথমবাৰতেই সফল হোৱা নাছিল।


১৭.লাগিলে আজি আপুনি যিমানেই পইচা ইনকম নকৰক। কিন্তু নিজৰ বৃদ্ধ বয়সৰ বাবে পইচা সঞ্চয় কৰি ৰাখক।


১৮.কিমান আচৰিত কথা ন যে আজি আমি সম্পূৰ্ণ ব্ৰহ্মাণ্ডত সেই ঠাইত সেই ক্ষণত জীয়াই আছো।যিটো ক্ষণত আমি কিবা কৰিব বিচাৰি আছোঁ।


১৯. মানুহে আপোনাৰ কথা কি ভাৱে, এইটো ভবাতো আপোনাৰ কাম নহয়। কাৰণ যদি আপুনি তেওঁলোকৰ কাম কৰে তেতিয়া আপোনাৰ কাম কোনে কৰিব।


২০. যদি আপুনি বৃদ্ধ নোহোৱাকৈ ভৱিষ্যতত জীয়াই থাকিব বিচাৰে। তেতিয়া নিজতকৈ ডাঙৰ মানুহৰ লগত সময় কটাওঁক । কাৰণ অনুভৱ বয়সৰ লগত হৈ যায়।


২১.আপোনাৰ সুখৰ মালিক বা গৰাকী কেৱল আপুনিয়েই।


২২. ক্ষমা কৰিবলৈ শিকক। কাৰণ সেইসকলেহে ক্ষমা কৰিব পাৰে ,যি শুদ্ধ। নিজৰ এই শুদ্ধতাক ক্ষমা নকৰি ভুল বুলি পৰিগণিত নকৰিব।


২৩. মানুহে নিজেই ভুল কৰিলে নিজৰ ভুলৰ উকীল হৈ পৰে। কিন্তু আনৰ ভুলত জৰ্জ হৈ পৰে।


২৪. কেতিয়াও কোনো মূৰ্খ ব্যক্তিৰ ভুল  বা দুৰ্বলতা দেখুৱাই নিদিব । কাৰণ এনেকুৱা কৰিলে সি আপোনাক ঘৃণা কৰিবলৈ ধৰিব। কিন্তু বুজি পোৱা ব্যক্তিৰ ভুল  বা দুৰ্বলতা আপুনি উলিয়াই দিলে বা দেখাই দিলে সি আপোনাক ঘৃণাৰ সলনি ধন্যবাদ দিব। ( Assamese Fact )


২৫.বহুবাৰ এনেকুৱা লাগে যে আমি অসফল হৈ গৈছো। কিন্তু বাস্তৱত আপুনি তেতিয়া এইটো গম নাপায় যে আপুনি সফলতাৰ কিমান ওচৰত আছে।


২৬. এই পৃথিৱীৰ সকলোতকৈ ভাল বা ধুনীয়া বস্তুবোৰ চাব বা চুব নোৱাৰি। সেইসমূহ অকল অনুভৱহে কৰিব পাৰি।


২৭. কোনোবা ব্যক্তিৰ বাস্তৱিক ৰূপটো যদি জানিব বিচাৰে, তেতিয়া কেৱল এইটো কৈ দিব যে মই সমস্যাত আছোঁ।


২৮.কোনোবা যদি অকলে থাকে।আকৌ কোনোবা অকলশৰীয়া হৈ থাকি যায়।


২৯. এই পৃথিৱীত চাৰিজন ব্যক্তি আপোনাৰ লগত তেতিয়াহে শেষ পৰ্যায়ৰ লৈকে থাকিব,যেতিয়া আপুনি মৰি যাব। সম্পূৰ্ণ জীৱনটো এইটো ভাবি পাৰ কৰি দিওঁ যে এইটো কাম কৰিলে মানুহে কি ক'ব। এইটো কাম নকৰিলে মানুহে কি ক'ব। যেতিয়া মৃত্যু হয় তেতিয়া বুজি পায় যে মানুহে বা চাৰিজন মানুহে অকল ৰাম নাম সত্য হয় বুলি ক'ব পাৰিব।


৩০.  যদি আপুনি তল পৰি দিলে কিবা সম্পৰ্ক বাচি যায়, তেতিয়া তল পৰি দিয়ক। কিন্তু যদি প্ৰত্যেক বাৰেই আপুনি ভুল নকৰাকৈয়ে তল পৰিব লাগে তেতিয়া ৰৈ দিয়ক।


৩১. কঠিন পৰিস্থিতি আহিলেও পিছলি পৰিব নালাগে আৰু ভাল পৰিস্থিতি আহিলেও জপিয়াব নালাগে।


৩২. আচৰিত পৃথিৱী এইখন পাথৰৰ ষাড় গৰুক এটাক পূজা কৰা হয় আৰু জীয়াই থকা ষাড় গৰুক লাঠিৰে মৰা হয়।


৩৩. এটা সময়ত আছিল যেতিয়া সৰুতে দেওবাৰৰ দিনা বহুত শান্তিৰ অনুভৱ হৈছিল। কিন্তু এতিয়া সেইয়াও মিশ্ৰিত হৈ পৰিল।


৩৪. সেই সকলৰ ওচৰত যদি অলপ সময় থাকিল হয়, যাৰ ওচৰত সম্পৰ্কটো আছে কিন্তু  সম্পৰ্কবোৰৰ কাৰণে সময় নাথাকে।


৩৫. জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় শিক্ষা কিতাপত পোৱা নাযায় বা কিতাপৰ দ্বাৰা পোৱা নাযায়।


৩৬. সমস্যাত বা চিন্তাত মানুহক আনৰ উপদেশৰ নহয়, লগৰহে প্ৰয়োজন। যদি আপুনি তেওঁৰ লগ দিব নোৱাৰে , তেতিয়া নিবিচৰাকে উপদেশো নিদিব।


৩৭. যদি আপুনি নিজৰ জীৱনৰ একো লক্ষ্য নেদেখা বা বিচাৰি নাপায়। তেতিয়া আপুনি অকল সুখত থাকিবলৈ শিকক।


৩৮. আপোনাক সৰুতে সকলোৱে মৰম কৰিব। আপুনি মৰা পিছতো আপোনাক সকলোৱে মৰম কৰিব। খালি মাজৰ সময়খিনিত আপুনি অকল নিজেই সুখত থাকিবলৈ শিকিব লাগিব।


৩৯. দামতকৈ বেছি মূল্য লগাবলৈ শিক্ষক।


৪০. এই পৃথিৱীত আইনাখনেই এনেকুৱা বন্ধু ,যিয়ে আপুনি কান্দিলে কেতিয়াও নাহাঁহে।


৪১. জীৱনটো সহজ কৰি তুলিবলৈ একো কৰিব নালাগে। নিজকে মজবুত কৰি তুলিবলৈ কাম কৰক।


৪২.তলত পৰি যোৱাতো একো লাজৰ কথা নহয়।লাজৰ কথা তেতিয়াহে যেতিয়া আপুনি পৰি নুঠে।


৪৩. যুদ্ধা কেৱল বিজয়ী সকলকেই নকয়। যুদ্ধা সেই সকলকো কয় যি যুঁজে।


৪৪. যদি আপোনাক বাৰে বাৰে মানুহে দুখ দিয়ে। তেতিয়া আপুনি ক্ষমা কৰিবলৈ শিকক।


৪৫. সমস্যা এখন পাহাৰৰ দৰে।যেতিয়া আপুনি সকলো সমস্যা সমাধান কৰি তাত গৈ পাব, তেতিয়াহে চাৰিওফালৰ পৰিৱেশৰ আনন্দ ল'ব পাৰিব।


৪৬. সদায়েই নিজেই এটা কথা মনত পেলাওঁক যে এইটো একো দৰকাৰ নাই মোৰ জীৱনটো কিমান কঠিন। এইটোহে দৰকাৰ মই কঠিন হয় নে নহয়।


৪৭. কোনোবাই যদি আপোনাক ঠাট্টা কৰে তেতিয়া আপুনি বহুত ভাগ্যশালী। কাৰণ একো নকৰাকৈয়ে আপুনি আৰু ভাল হ'বলৈ চান্স পাইছে।


৪৮. আমাৰ বাস্তৱিক ৰূপটো আমি ক'তো নাপাওঁ। তাক গঢ়িব বা বনাব লাগে।


৪৯.আপুনি এইটো জানে যে আপোনাৰ দৰ্জা বন্ধ হৈ আছে। কিন্তু আপুনি এইটো নাজানে যে সেই সময়ত আৰু কিমান দৰ্জা খোল খাই পৰে।


৫০.সদায় সেই কামটো কৰক যিটো শুদ্ধ। সেইটো নকৰিব যিটো সহজ।


৫১. যদি  আপোনাৰ সময় নাই সেইবোৰ কাম কৰাৰ যিবোৰ শুদ্ধ, তেতিয়া সেইবোৰো নকৰিব যিবোৰ অশুদ্ধ বা ভুল।


৫২.আনতকৈ বেলেগ হোৱা মানে ভুল হোৱা বা কৰা নহয়।


৫৩. ভাৱনাৰ সৈতে মৰিব লাগে অভিপ্ৰায়ৰ সৈতে নহয়।


৫৪. পুৰণি চাবিৰে নতুন তলা কেতিয়াও খোল নাখাই।


৫৫. সম্পৰ্কক ভুলে নহয় ,ভুল ধাৰণা বা সন্দেহে শেষ কৰি দিয়ে।


৫৬. আৰাম কৰা বা ব্ৰেক লোৱা এক সময়ৰ কাৰণে বিকল্প হ'ব পাৰে। কিন্তু হাৰ মানি লোৱা তল পৰি যোৱা একো  বিকল্প হ'ব নালাগে।


৫৭. জীৱনত এই দুটা শব্দ যদি আপুনি সঠিক সময়ত ক'বলৈ শিকি যায়। তেতিয়া কেতিয়াও অনুতাপ কৰিব নালাগে। (ক) Yes (খ) No.


৫৮. আপোনাৰ বিচাৰেই আপোনাৰ সীমা।


৫৯. আপুনি বিচাৰিলে দয়ালু হ'ব পাৰে। কাৰণ দয়ালু হোৱা অনুতাপ আপোনাৰ কেতিয়াও নহয়।


৬০. সপোন সম্পূৰ্ণ কৰাৰ সকলোতকৈ প্ৰথম খোজ হ'ল সপোন দেখা।


৬১. জীৱনটো বহুত সহজ হৈ পৰিব। যদি আপুনি ক্ষমা কৰা আৰু ক্ষমা খোজা শিকি লয়।


৬২. কঠিন দিনৰ পৰিভাষা কি? সেই দিনকেইটা যিয়ে আপোনাক মজবুত কৰি তুলিলে।


৬৩. যদি মানুহে আপোনাৰ লক্ষ্যৰ ওপৰত হঁহা নাই। তেতিয়া তাৰ অৰ্থ হ'ল আপোনাৰ লক্ষ্য বহুত সৰু।


৬৪.জীৱনৰ অৰ্থ নিজকে বিচৰা নহয়।জীৱনৰ বাস্তৱিক অৰ্থ হ'ল নিজকে বনোৱা।


৬৫. দুখ সেইসকলৰ পৰা নহয়, যিয়ে লগ নিদিয়ে। দুখ সেইসকলৰ পৰা হয় যিয়ে লগত থকা নাটক কৰে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages