কৈলাস পৰ্বতৰ এই ৰহস্য জানিলে আপোনাৰো নোম শিয়ঁৰি উঠিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 6, 2022

কৈলাস পৰ্বতৰ এই ৰহস্য জানিলে আপোনাৰো নোম শিয়ঁৰি উঠিব : Assamese Fact

Assamese Fact


আজিলৈকে এইটো ৰহস্য হৈ আছে যে কিয় কৈলাস পৰ্বতত উঠা বা বগাবলৈ যোৱা ব্যক্তি আজিলৈকে জীয়াই থকা নাই। ( Assamese Fact )


কিন্তু আজি এই ৰহস্যটোৰ বিষয়ে কম। ৰাছিয়াত থকা এজন পৰ্বত আৰোহীয়ে কৈলাস পৰ্বতত উঠা বা বগাবলৈ যোৱা কথা ভাবিলে। তেওঁ ভাবিলে যেতিয়া তেওঁ ৮ হাজাৰ মিটাৰ ওখ মাউন্ট এভাৰেষ্টত বগাবলৈ সক্ষম হ'ল তেতিয়া ৬ হাজাৰ ৬৩৮ মিটাৰ  কৈলাস পৰ্বত কিনো। 


বহুত মানুহে তেওঁক এনেকুৱা কৰিবলৈ মনা কৰিছিল। কিন্তু তাৰ পাছতো সেই পৰ্বত আৰোহী জনে সকলো লাগতীয়াল বস্তু গোটাই পৰ্বতত বগাবলৈ আৰম্ভ কৰিলে । আধা ৰাস্তাও শেষ হোৱা নাছিল আৰু সেই পৰ্বত আৰোহী জনৰ উশাহ-নিশাহ লোৱাত কষ্ট হ'বলৈ ধৰিলে। কিন্তু তাত ভৰপূৰ মাত্ৰাত অক্সিজেন আছিল। 


তাৰ পিছতো পৰ্বত আৰোহী জনে হাৰ মানি নল'লে আৰু আগবাঢ়ি গৈ থাকিল। অলপ সময় বগোৱাৰ পাছত সেই  পৰ্বত আৰোহী জনৰ হৃদয়ৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। আচৰিত কথা যে তেওঁৰ হাতৰ নখ আৰু চুলি নিজেই নিজেই বাঢ়িবলৈ ধৰিলে। সেই পৰ্বত আৰোহী জনৰ এনেকুৱা লাগিল যেন তেওঁৰ বয়স বহুত তীব্ৰ গতিত বাঢ়িবলৈ ধৰিছে।


 যিজন পৰ্বত আৰোহীয়ে মাউন্ট এভাৰেষ্টতৰ  ওপৰত বগাইছিল সেইজনৰ এতিয়া কৈলাস পৰ্বতলৈ ভয় লাগিবলে ধৰিলে। তেওঁৰ এনেকুৱা লাগিল যেন কোনোবা আছে যিয়ে তেওঁক কৈলাস পৰ্বতত বগাবলৈ দিব বিচৰা নাছিল আৰু বাধা প্ৰদান কৰিছিল। যিয়ে বিচৰা নাছিল যে তাত কোনো মানুহৰ দখল হওঁক। 


এনেকুৱা অদ্ভূত কিছুমান ঘটনা আৰু কথা অনুভৱ কৰা পিছত সেই পৰ্বত আৰোহী জনে নিজৰ সিদ্ধান্ত সলনি কৰিলে আৰু বগাবলৈ এৰি দিলে। যিমানে সেই পৰ্বত আৰোহী জনে তললৈ আহিলে সিমানেই তেওঁৰ হৃদয়ৰ ধপধপনি সামান্য হ'বলৈ ধৰিলে আৰু উশাহ-নিশাহ লোৱাতো কষ্ট নোহোৱা হ'ল। তাৰ পিছত তেওঁ গম পালে যে এইয়া সেইয়ায়েই কৈলাস পৰ্বত য'ত আজিলৈকে কোনো বগাব পৰা নাই। যিসকলে বগাবলৈ সাহস কৰিছে তেওঁলোকৰ আজিলৈকে কোনো এজন বাচি থকা নাই। 


আচলতে কৈলাস পৰ্বতত এনেকুৱা কি ৰহস্যময় শক্তি আছে যাৰ ফলত আজিলৈকে কোনো  কৈলাস পৰ্বতৰ ওপৰলৈ অৰ্থাৎ অন্তিম অংশলৈ যাব পৰা নাই। সঁচাকৈয়ে কৈলাস পৰ্বতৰ ওপৰত দেৱতাসকলৰো দেৱতা মহাদেৱে বাস কৰে নেকি? নহ'লেবা যি কৈলাস পৰ্বতক আমি মহাদেৱৰ ঘৰ বুলি ভাবো তাত মহাদেৱ নিজেই বিৰাজমান নেকি? এনেকুৱা কি কাৰণ আছে যে মানুহে কৈলাস পৰ্বতক পিৰামিডৰ লগতো জড়িত কৰি চাই। 


আজি আমি এইসমূহৰ বিষয়ে আপোনালোকক বিস্তাৰিত ভাবে কম।কৈলাস পৰ্বত আমাৰ ওচৰ চুবুৰীয়া দেশ তীব্বত অৱস্থিত এখন পৰ্বত শৃংখলা।যাৰ অংশ ভাৰত আৰু চীনলৈকে গুচি যায়। পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত মাউন্ট এভাৰেষ্টতৰ উচ্চতা ৮ হাজাৰ ৮৪৮ মিটাৰ । আনহাতে  কৈলাস পৰ্বতৰ উচ্চতা মাউন্ট এভাৰেষ্টতকৈ ২ হাজাৰ মিটাৰ কম। ৬ হাজাৰ ৬৩৮ মিটাৰ। 


এফালে  পৰ্বত আৰোহীসকলৰ মাউন্ট এভাৰেষ্টতৰ অন্তিম অংশলৈ গৈ পোৱালৈকে অক্সিজেনৰ মাত্ৰা কম হৈ যায়। তেওঁলোকে নিজৰ লগত অক্সিজেনৰ চিলিণ্ডাৰ লৈ যাব লাগে। কিন্তু কৈলাস পৰ্বতত এনেকুৱা একো সমস্যা ও নাই। তাত সকলোৱে ভালকৈ অক্সিজেন ল'ব পাৰে। আচৰিত কথা এইটো যে ইমান কঠিন হোৱাৰ পিছতো মাউন্ট এভাৰেষ্টতত ৭ হাজাৰ পৰ্বত আৰোহী বগাইছে। কিন্তু যিখন পৰ্বতৰ উচ্চতা ২ হাজাৰ মিটাৰ কম। সেই পৰ্বতত আজিলৈকে কোনেও বগাব পৰা নাই।


সফলতা পোৱা দূৰৰ কথা কোনেও  কৈলাস পৰ্বতৰ আধা ৰাস্তায়েই ভালকৈ বগাব পৰা নাই। যিসকলে বগাবলৈ চেষ্টা কৰিছিল সেইসকলৰ কোনো আজিলৈকে বাচি নাথাকিল। সকলোৱে মৃত্যু মুখত পৰিল। হিন্দু ধৰ্ম গ্ৰন্থত এইটো উল্লেখ আছে যে কৈলাস পৰ্বতত আজিও ভগৱান শিৱয়েই বাস কৰে।


 বাস্তৱত হিন্দু দেৱী দেৱতা অকল পুৰাণিক কথাৰ পাত্ৰ নাছিল। তেওঁলোক এনেকুৱা শক্তি আছিল যি আজিও পৃথিৱীত বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ৰূপত বাস কৰি আছে। কিন্তু আমি সাধাৰণ মানুহে তেওঁলোকক নেদেখোঁ বা দেখাটো সম্ভৱ নহয়। তাৰ ভিতৰতে এটা শক্তি হ'ল কৈলাস পৰ্বত। য'ত ভগৱান শিৱ থকা বা বাস কৰা অনুভৱ আজিও হৈ থাকে।


এই জন্মত ভগৱান শিৱৰ দৰ্শন হওঁক বা নহওঁক। কিন্তু তেওঁ বাস কৰা ঠাইৰ দৰ্শন কৰাতোঁ মানুহৰ ভাগ্যত আছে। কোৱা হয় পৃথিৱীৰ সকলো আলৌকিক শক্তিৰ জন্ম এই কৈলাস পৰ্বতৰ পৰাই হয়। হিমালয়ত অৱস্থিত এই পৰ্বত পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত নহ'লেও, ইয়াৰ গুৰুত্ব উচ্চতাতকৈ  বেছি আকাৰতহে। যি এটা দেখিবলৈ জীৱন্ত শিৱ লিঙ্গৰ দৰে। ( Assamese Fact )


অলপ দিনৰ আগতেই বহুত বৈজ্ঞানিকৰ দ্বাৰা কৰা ৰিচাৰ্জৰ পৰা এইটো গম পোৱা গৈছে যে পৃথিৱীৰ যি অদ্ভূত ঠাইত কৈলাস পৰ্বত অৱস্থিত ,সেই ঠাইখিনি পৃথিৱীৰ কেন্দ্ৰ বিন্দু।যেনেকে  মানুহৰ শৰীৰৰ  কেন্দ্ৰ বিন্দু নাড়ীটোক কোৱা হয় তেনেকে পৃথিৱীৰো নাড়ী কৈলাস পৰ্বত। সেইটোৱেই কথা যেতিয়া এজন পৰ্বত আৰোহী  কৈলাস পৰ্বতৰ ওচৰলৈ যায়, তেতিয়া তেওঁৰ দিশসূচক যন্ত্ৰয়ে কাম নকৰা হয়। 


বৈজ্ঞানিক সকলৰ মতে কৈলাস পৰ্বততে চাৰিও দিশৰ মিলন হয়।এই পৰ্বতে পৃথিৱীৰ সকলো জীৱ-জন্তুক জীয়াই ৰাখিবলৈ বাতাবৰণ বনাই ৰাখে। সেই কাৰণে এই ঠাইখিনিক প্ৰাকৃতিক শক্তিৰ ভাণ্ডাৰ বুলি কোৱা হয়। যেতিয়া কোনোবাই  কৈলাস পৰ্বতত বগাবলৈ চেষ্টা কৰে, তেতিয়া এটা সীমা পাৰ কৰা পিছত সেই ব্যক্তিজনৰ লগত বহুত অদ্ভূত আৰু আচৰিত ঘটনা ঘটিবলৈ আৰম্ভ কৰে। তাত বগাবলৈ যোৱা মানুহে ভয় খাই গুচি আহি কয় যে তাত কিবা এনেকুৱা আছে যিয়ে বাৰে বাৰে সংকেত দিয়ে।ইয়ালৈ নাহিবা, ইয়াৰ পৰা দূৰলৈ গুচি যোৱা।


 তাৰ বতৰো হঠাতে সালসলনি হৈ পৰে। ঠাণ্ডা হঠাতে বাঢ়ি যায়। মানুহৰ হৃদয়ৰ ধপধপনি বাঢ়িবলৈ ধৰে। অক্সিজেন থকাৰ পিছতো উশাহ-নিশাহ লোৱাত কষ্ট হয়। ইমানেই নহয় বহুসংখ্যক মানুহে এইটোও কয় যে যেতিয়া আপুনি  কৈলাস পৰ্বতৰ ওচৰলৈ যায় তেতিয়া আপোনাৰ এনেকুৱা লাগিব আপোনাৰ চুলি আৰু নখ বহুত তীব্ৰ গতিত বাঢ়িবলৈ ধৰিছে। আপোনাৰ চেহেৰা সলনি হ'বলৈ ধৰিছে আৰু তাত বৃদ্ধ বয়সত চাপ পৰিছে। এইটো তেনেকুৱা হয় যেতিয়া আপোনাৰ বয়স বাঢ়ি গৈ থাকে। 


যিসকলে  কৈলাস পৰ্বতৰ এই সংকেতবোৰ নামানি আগবাঢ়ি যায়, তেওঁলোকে কেতিয়াও আজিলৈকে ঘূৰি অহা নাই। হিন্দু ধৰ্মৰ মান্যতা অনুসৰি কৈলাস পৰ্বতক ভগৱান শিৱৰ ঘৰ বুলি ধৰা হয়। তেওঁ অনুমতি অবিহনে তালৈ তেওঁ কাকো যাবলৈ নিদিয়ে। অৰ্থাৎ কৈলাস পৰ্বতত বগোৱাতো সম্ভৱ নহয়। 


পৃথিৱীত কৈলাস পৰ্বতক লৈ বহুত কথা প্ৰচলিত হ'বলৈ ধৰিলে। সকলোৱে নিজৰ বেলেগ বেলেগ কাহিনী কয়।এই‌ কথাটো জানিব কাৰণে ১৯৯৯ চনত ৰাছিয়াৰ এজন বিশেষজ্ঞই কৈলাস পৰ্বতৰ ৰহস্য জানিবলৈ এটা বিশেষ গ্ৰুপ বনালে।এক দীঘলীয়া সময় অধ্যয়ন কৰা পাছত সেই ব্যক্তিজনে নিজৰ কিতাপত দাবী কৰিলে যে কৈলাস পৰ্বত প্ৰাকৃতিক পাহাৰ নহয়।


 পৰ্বতৰ ওখ অংশটো মানুহে বনোৱা পিৰামিডৰ দৰে লাগে। অৰ্থাৎ তেওঁৰ কথাটোৰ অৰ্থ হ'ল কৈলাস পৰ্বত প্ৰাকৃতিক পাহাৰ নহয়। তাক মানুহ নহ'বা অন্য শক্তিৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। এই ঠাইত অন্য ধৰণৰ এক ৰেডিয়েচন হোৱাৰ ফলত কৈলাস পৰ্বতক আলৌকিক শক্তি  বা গতিবিধিৰ কেন্দ্ৰ বুলি কোৱা হৈছে। 


বাস্তৱত যদি আপোনালোকে কৈলাস পৰ্বতক বিশেষ শক্তিৰ দ্বাৰা নিৰ্মিত বুলি ভাবে , তেতিয়া কৈলাস পৰ্বতৰ নিৰ্মাতা আৰু কোনো নহয় ভগৱান শিৱ নিজেই। বিভিন্ন ধৰণৰ দাবী আৰু মানুহৰ আস্থা দেখি কৈলাস পৰ্বত বগোৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হ'ল। 


কিন্তু ২০০১ চনত শেষবাৰৰ বাবে কোনোবাই বগাবলৈ চেষ্টা কৰিছিল। স্পেইনৰ সেই পৰ্বত আৰোহীসকলে  বগাবলৈ  বহুত ধুনীয়া চেষ্টা কৰিছিল। কিন্তু কেইদিনমানৰ পাছতেই তেওঁলোক ঘূৰি আহিব লগা হ'ল। তেতিয়া পৰা কোনো এই পৰ্বতৰ ফালে যোৱা নাই। কাৰণ ভাৰতৰ লগতে তীব্বতেও মানে যে এই পৰ্বত এখন পবিত্ৰ স্থান। সেই কাৰণে এই পৰ্বতত কাকো বগাবলৈ দিব নালাগে। সনাতন ধৰ্মত এই পৰ্বতৰ বহুত বেছি মহত্বতা আছে। 


আজিও যেতিয়া মানুহ অমৰনাথ যাত্ৰালৈ উলাই তেতিয়া  কৈলাস পৰ্বতক দূৰৰ পৰাই চাই মূৰ দুৱাই। আপুনি যেতিয়া কৈলাস পৰ্বত আৰু মানসৰুবৰ হ্ৰদলৈ যাব তেতিয়া আপুনি নিৰন্তৰ এটা শব্দ শুনিবলৈ পাব । আপোনাৰ এনে লাগিব ওচৰে পাজৰে এৰোপ্লেন উৰি আছে। কিন্তু ধ্যান দি শুনিলে এই শব্দটো ওমঃ বা ধমবৰু শব্দহে। 


বিজ্ঞানী সকলে কয় যে হ'ব পাৰে এই শব্দটো বৰফ গলি যোৱাৰ ফলত শুনা যায়। কিন্তু ইয়াৰ ৰহস্য কি কোনোও সঠিক ভাবে নাজানে। কিন্তু তাত শুনিবলৈ পোৱা ধ্বনি বহুত ৰহস্যময় আৰু বিশেষ ধৰণৰ। লাহে লাহে পৃথিৱীৰ বহু মানুহে এইটো মানি লৈছে যে  কৈলাস পৰ্বতত ভগৱান শিৱয়েই বাস কৰে। সেই কাৰণে কোনো জীৱিত মানুহ তাৰ ওপৰলৈ যাব নোৱাৰে। 


মৃত্যুৰ পিছত, এনেকুৱা ব্যক্তি যিয়ে একো পাপ কৰা নাই। কেৱল সেইজনেহে  কৈলাস পৰ্বতলৈ যাব পাৰে। কৈলাস পৰ্বতৰ ওচৰতে ব্ৰহ্মতাল আছে যাৰ আকাৰ সম্পূৰ্ণ সূৰ্যৰ নিচিনা দেখিবলৈ। যাৰ দৰ্শন কৰিবলৈ পৃথিৱীৰ বহুত শ্ৰদ্ধাবান ব্যক্তি যায়। 


তাৰ পৰা ১ কিলোমিটাৰ দূৰত ৰাক্ষসতাল  আছে। তালৈ কোনো নাযায় আৰু তাৰ আকাৰ সম্পূৰ্ণ চন্দ্ৰৰ নিচিনা বুলি কোৱা হয়। 


এফালে ব্ৰহ্মতালৰ পানী বহুত মিঠা আৰু আনফালে ৰাক্ষসকতালৰ পানী বহুত খাৰুৱা দৰে। এইটোৱে কাৰণ যে ব্ৰহ্মতাল সাকাৰাত্মক শক্তিৰ কেন্দ্ৰ আৰু ৰাক্ষসতাল নাকাৰাত্মক শক্তিৰ কেন্দ্ৰ। এই দুয়োটা শক্তিৰ মাজত অৱস্থিত হৈ আছে কৈলাস পৰ্বত।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages