দিন-ৰাতি সমান কৰি পঢ়াৰ পাছতো ভাল ৰিজাল্ট পোৱা নাই যদি পঢ়াৰ সঠিক পদ্ধতিৰ বিষয়ে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 1, 2022

দিন-ৰাতি সমান কৰি পঢ়াৰ পাছতো ভাল ৰিজাল্ট পোৱা নাই যদি পঢ়াৰ সঠিক পদ্ধতিৰ বিষয়ে জানি লওঁক : Assamese Fact

Assamese Fact

সকলোৱে নিজৰ যৌৱন কালত শৈক্ষিক দিশত যথেষ্ট গুৰুত্ব দিয়ে। ক্লাছত ইটোতকৈ সিটোৱে আগবাঢ়িবলৈ বহুত চেষ্টা কৰে বা প্ৰতিযোগিতা কৰে।  ( Assamese Fact )


কেতিয়াবাটো মানুহে দিন ৰাত এক কৰি পঢ়া-শুনা কৰে। কিন্তু তথাপিও ভাল ৰিজাল্ট নহয় বা সফলতা অৰ্জন নকৰে।


 কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যিয়ে পৰীক্ষাৰ আগত কয় মই ভালকৈ পঢ়িবলৈয়ে নোৱাৰিলোঁ। কিন্তু তেওঁলোকৰে বেছি নম্বৰ আহে। এনেকুৱা কি‌য় হয় , কেল নিউপৰ্টে তেওঁৰ কিতাপ (How to become a straight A student )নামৰ কিতাপখনত উল্লেখ কৰি কৈছে যে আমি পঢ়া-শুনা টানকৈ নহয় স্মাৰ্টকৈ কৰিব লাগে।


 কিছুমান ল'ৰা ছোৱালীয়ে আনতকৈ বেছি কষ্ট নকৰে। তেওঁলোকে ও আনৰ সমান নম্বৰ পাবলৈয়ে পঢ়ে। বহুবাৰ তেওঁলোকে কমকৈ পঢ়ে ।কিন্তু তেওঁলোকৰ গোপন কথা হ'ল  তেওঁলোকে সেই সময়ত বহুত ইফেক্টটিভলি পঢ়ে। তেওঁলোকে কিছুমান এনেকুৱা Strategies আৰুTechniques ব্যৱহাৰ কৰে যে যাৰ জৰিয়তে সিহঁতি বহুত জ্ঞান আহৰণ কৰিব পাৰে।

অৰ্থৰ কেল নিউপৰ্টে ইয়াৰ পিছত থকা কথা, গোপনীয়তা এনেকুৱাই কিছুমান Strategies এই বিকল্প সমূহত উল্লেখ কৰিছে।


১.কুইজ আৰু ৰি'কল (Quiz and Recall)- বহু সংখ্যক ল'ৰা ছোৱালীয়ে এইটো ভুল কৰে। তেওঁলোকৰ কিবা পঢ়িব লগা থাকিলে বা মনত ৰাখিব লগা হ'লে তেওঁলোকে কিতাপ পঢ়ি বা স্কাছত থাকি সেই লেচনটোৰ নোট বনাই। সেইবোৰ মনত ৰাখিবলৈ বাৰে বাৰে সেই নোটবোৰকে পঢ়ি থাকে। সেইবোৰক আকৌ পঢ়ে। তেওঁলোকে ভাবে সেইটো তেওঁলোকে বহুত ভাল কৰে। 

এটা লাইন পঢ়ি চকু বন্ধ কৰি মনত পেলাই আৰু তেওঁলোকে ভাবে তেওঁলোকৰ সকলো কথা মনত ৰৈ গ'ল। কিন্তু সেইবোৰ তেওঁলোকৰ Short term Memory ত সোমাই থাকে।যিবোৰ দীঘলীয়া সময়ৰ লৈকে তেওঁলোকৰ মনত নাথাকে বা নৰয়। 


বহু বৈজ্ঞানিকে কয় যে এনেকুৱা কৰা ফলত ল'ৰা ছোৱালীৰ মাজত এটা ইলোজেন আহি পৰে। সিহঁতি বাৰে বাৰে একেটাকে পঢ়ি ভাবে যে সকলো মনত ৰৈ গ'ল। কিন্তু পৰীক্ষাৰ সময়ত যদি সেই প্ৰশ্নটোৱেই আহে, তেওঁলোকৰ মনত পৰে। কাৰণ তেওঁলোকে পঢ়ি মনত ৰাখিছিল আৰু পৰীক্ষাতটো তেওঁলোকে পঢ়ি লিখিব নোৱাৰে।  ( Assamese Fact )



এলবাৰ্ট আইনষ্টাইনে কৈছিল যে " If you can't explain it simply. You don't understand it well enough". সেই কাৰণে অৰ্থৰে কয়- যেতিয়া আপুনি বা আপোনালোকে কুইজ আৰু ৰি'কলৰ পদ্ধতি ব্যৱহাৰ কৰে। অৰ্থাৎ পঢ়াটোকে বাৰে বাৰে পঢ়ি মনত ৰখাতকে যদি সেইসমূহ নিজেই বুজি লয় আৰু নিজকে বুজাই লয়। য'ত আপুনিয়েই ছাত্ৰ আৰু আপুনিয়েই শিক্ষক হয়।

লিখি লিখি যদি আপোনালোকে বুজে আৰু বাৰে বাৰে লিখি নিজকে বুজাই তেতিয়া সেই প্ৰশ্নটো যদি পৰীক্ষাত আহে আপোনালোকে পাৰিবয়েই। কাৰণ আপুনি লিখি প্ৰেকটিচ কৰিছিলে। আপুনি অকল পঢ়াই নাছিলে ,বুজিছিলেও ।



২.  চিউড' উৱৰ্ক /দিপ উৱৰ্ক( Pseudo work vs Deep work)- Pseudo work ৰ বিষয়ে অৰ্থৰে  বিশ্লেষণ কৰি কৈছে যে- এইটো সেইটো কাম য'ত আপুনি কিতাপৰ লগত চকী , টেবুলত বহে আৰু আপোনাৰ লগত মোবাইলটোও থাকে। তাত যিটি নটিফিকেচন আহি থাকে বা লগতে টিভি চলি থাকে। নহ'লেবা ওচৰৰ ঘৰত কোনোবাই গান লগাই স্ফুৰ্তি কৰি থাকে আৰু সেইবোৰ আপুনি শুনি থাকে। 


অৰ্থাৎ আপোনাৰ কাণৰ ওচৰত যদি এনেকুৱা কিছুমান বস্তু থাকে,যিবোৰে আপোনাক অন্যমনস্ক কৰে লগতে আপোনাক ধ্যান বা মনোযোগ দিবলৈ নিদিয়ে। আনহাতে Deep work ত আপোনাৰ মনোযোগ অকল এটা কামতে থাকে। তাৰ বাহিৰে আন উপায় নাথাকে। অৰ্থৰে এইটোৰ ওপৰত কৈছে যে-( Work Accomplished , Time spend x Intensity). য'ত Pseudo work ত আমাৰ Intensity কম হয় আৰু সেই কামটো কৰিবলৈ আমাৰ বহুত সময় লাগে।

যিয়ে বহুত মগজু খটাব লগা কৰে আৰু কামটোৰ মূল্য কমাই দিয়ে। আনহাতে Deep work ত আমি আমাৰ Intensity ক বেছি কৰি দিওঁ।যাৰ ফলত আমাৰ সময় কম লাগে আৰু আমি সেইকামটো মন দি কৰিব পাৰোঁ।



৩.হোৱেৰ হোৱেন,হাউ লংগ- (Where when,How Long)-  অৰ্থৰে কয় আমি নিজকে এই তিনিটা প্ৰশ্ন কৰিব লাগে। Where? when? How Long? 

Where ৰত আপোনালোকে আইচ'লেচন প্লেচ চাব লাগে। য'ত আপোনাক অন্যমনস্ক কৰিবলৈ কোনো নাথাকে। আপোনাৰ বাহিৰে আশে-পাশে যাতে কোনো নাথাকে। 

ফোনটো চাইলেন্ট হৈ থাকিব লাগে। নিজৰ টেবুনত অকল লাগতীয়াল বস্তু ৰাখক।  


when মানে আপুনি যিমান পাৰে সিমান সোনকালে পঢ়িব লাগে। কাৰণ অৰ্থৰৰ মতে দিন বাগৰি গৈ থাকিলে আমাৰ মগজুৰ ক্ষমতাও কমি যায়। সেই কাৰণে আপোনালোকে ৰাতিপুৱা সোনকালেই উঠি নিজৰ জৰুৰী কামবোৰ কৰিব লাগে। যিটো আপোনালোকৰ বাবে ম'চ প্ৰ'ডাকটিভ টাইম হয়।


 How Long ৰ কাৰণে অৰ্থৰে কয় যে আপোনালোকে  নিজৰ সময়ক ৫০ মিনিটৰ মালটিপোল চেকচনত ডিভাইট কৰি দিব লাগে। য'ত  ৫০ মিনিটৰ পাছত আপোনালোকে ১০ মিনিটত আৰাম কৰিব লাগে। কিন্তু প্ৰথমতে আপোনালোকে ৩০ মিনিটো ল'ব পাৰে। য'ত ৩০ মিনিটৰ পাছত আপোনালোকে ৫ মিনিট আৰাম কৰিব লাগে। লাহে লাহে এই সময়টোক বঢ়াই নি থাকিব লাগে।



৪.অ'টপ্লাইলট চিডিওল (Autopilot Schedule)- যদি আপুনি পঢ়ে তেতিয়া আপোনালোকে জানে যে আপোনালোকৰ চিলেবাচ কি  আৰু  আপোনালোকৰ স্কাছো Fixed হৈ থাকে। আপোনালোকৰ সকলো পৰীক্ষাও Fixed হৈ থাকে। অৰ্থৰে কয় যে আমাৰ পঢ়াৰ সময় আগৰে পৰা নিৰ্ধাৰিত হৈ থাকে। 

আমাৰ ওচৰত সকলো এচাইন্টমেন্ট আৰু প্ৰজেক্টৰ সময় সীমা থাকে। যিবোৰ সাধাৰণতে আপোনালোকৰ স্কুল,কলেজ, শিক্ষকসকলে নিৰ্ধাৰণ কৰে। য'ত এইসকলোবোৰ আনে Fixed কৰে । সেই কাৰণে ইয়াত আপোনালোকৰ একো কনট্ৰল নাথাকে। 


কিন্তু আপোনালোকে এটা বস্তু বহুত ভালকৈ কনট্ৰল কৰিব লাগে। সেইটো হ'ল নিজৰ Study Schedule.অৰ্থাৎ আপোনালোকে সদায় কিমান দেৰি পঢ়িব , কেনেকৈ পঢ়িব এইটো প্লেন কৰিব লাগে। যাৰ ফলত আমি আমাৰ  Schedule ক Autopilot ত কৰিব পাৰিম। 

উদাহৰণ স্বৰূপে- ধৰি লওঁক আপুনি যদি জানে অহা শুক্ৰবাৰে আপোনাৰ পৰীক্ষা আছে। তেতিয়া কিছুমান  ছাত্ৰ-ছাত্ৰীয়ে আগত নপঢ়ে , কিন্তু শেষৰ কেইদিন বহুত পঢ়ে। আনহাতে কিছুমানেটো এদিন আগত বা আগদিনা ৰাতি পঢ়ে। যাৰ ফলত আপোনালোকৰ   Schedule বেয়া হৈ পৰে। লগতে ইমান কম সময়ত পঢ়ি আপোনালোকে ভাল ৰিজাল্টো কৰিব নোৱাৰে। সেই কাৰণে আপোনালোকে আগৰেই পৰা এটা সময় Fixed কৰি পঢ়িব লাগে।সেই পৰীক্ষাটোৰ কাৰণে লাগিলে সদায় এঘন্টায়েই হওঁক।



৫. টেক কেয়াৰ অফ ইওৰ ফিজিকেল হেল্ঠ (Take care of your physical health)-  বহুত ছাত্ৰ- ছাত্ৰীয়ে অৰ্থৰক এইটো কথা কয় যে আমি মনোযোগ দিব নোৱাৰোঁ। আমাৰ বহুত টোপনি আহে। আমাৰ শক্তি নাই। আমি মটিভেটেত হৈ থাকিব নোৱাৰোঁ। বহুত সোনকালেই বেমাৰত পৰোঁ। 

এইসমূহ সমস্যা থকাৰ পিছত কোনোবায়ে A+ পাব জানো আপুনিয়েই ভাবক। নাপায়। কাৰণ আপোনাৰ physical health হে আপোনালোকৰ পঢ়া-শুনাৰ চাবিকাঠি হয়। 


এজন A+ পোৱা ছাত্ৰ-ছাত্ৰী হ'বলৈ হ'লে আপুনি আপোনাৰ physical health মজবুত কৰি ৰাখিব লাগিব। উদাহৰণ স্বৰূপে-  ক'ৰবাত গৈ থাকোঁতে যদি আপোনাৰ দূৰ্ঘটনা হয় আৰু আপুনি যদি ভৰিত বহুত দুখ পায় । তেতিয়া সেই দিনা ৰাতি পঢ়িবলৈ বহোতে আপোনাৰ ধ্যান পঢ়াতকৈ বেছি সেই ভৰিটোত বা বিষটোত থাকিব আৰু আপুনি ভালকৈ পঢ়িব নোৱাৰিব। সেই কাৰণে যদি আপোনালোকৰ  physical health বেয়া হয় তেতিয়া ই আপোনাৰ বাবে অমনোযোগৰ কাৰণ হৈ পৰিব। আপোনাৰ অকল শৰীৰতহে মনোযোগ থাকিব পঢ়াত নাথাকে। সেই কাৰণে আপোনালোকে মগজুৰ লগতে নিজৰ শৰীৰৰো ধ্যান ৰাখিব লাগে।



৬.ক্লেৰিফাই ইওৰ দাউটচ ইমিডিয়েটলি (Clarify your doubts Immediately)- বহুত ছাত্ৰ-ছাত্ৰীয়ে পঢ়োতে হোৱা doubts বোৰ ৰাখি যায়। যিবোৰ তেওঁলোকে পৰীক্ষাৰ এসপ্তাহৰ আগত Clar  কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত তেওঁলোকৰ পৰীক্ষাক লৈ চিন্তা বাঢ়ে আৰু ভয় সোমাই পৰে। 


যাৰ এটায়েই সমাধান আছে বুলি অৰ্থৰে কয়-" Ask questions, a lot of them". যিবোৰ চোকা ছাত্ৰ-ছাত্ৰী থাকে, তেওঁলোকৰ এটা অভ্যাস একেই থাকে। সেইটো হ'ল তেওঁলোকৰ বস্তুবোৰৰ গম্ভীৰ জ্ঞান থাকে। এনেকুৱা নহয় যে তেওঁলোকে কিবা বেলেগ পঢ়ে আৰু বুজি নাপালে এৰি দিয়ে। তেওঁলোকে লগা লগ doubts বোৰ Clar কৰি যায়। কাৰণ এওঁলোকে কেতিয়াও আধাকে জ্ঞান অৰ্জন নকৰে। 


সেই কাৰণে নিজৰ নম্বৰ বহাবলৈ এই অভ্যাসটো গ্ৰহণ কৰিব লাগে। যাৰ কাৰণে আপোনালোকে সদায় স্কাছলৈ আৰু স্কুললৈ যাব লাগে। বহুত ছাত্ৰ-ছাত্ৰীয়ে ভাবে মই শিক্ষকৰ অবিহনেই পঢ়িব পাৰিম। নিজেই পঢ়িয়েই ভাল নম্বৰ পাওঁ। কিন্তু এইটো একেবাৰে সচাঁ নহয়। শিক্ষক জন যিমান আমনিদায়ক হ'লেও তেওঁৰ স্কাছ কৰি , তেওঁক প্ৰশ্ন কৰি আপুনি নিজৰ doubts বোৰ Clar কৰিব পাৰে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages