ভাৰতবৰ্ষৰ এই নদীখনত মাছ ধৰিবলৈ জাল মাৰিলে মাছৰ সলনি সোণ পোৱা যায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 9, 2022

ভাৰতবৰ্ষৰ এই নদীখনত মাছ ধৰিবলৈ জাল মাৰিলে মাছৰ সলনি সোণ পোৱা যায় : Assamese Fact

Assamese Fact


ভাৰতবৰ্ষত এনেকুৱা এখন নদী আছে য'ত মাছ ধৰিবলৈ জাল মাৰিলে মাছ নহয় সোণৰ কিছুমান টুকুৰা বা অংশ পোৱা যায়। ( Assamese Fact )


ইমানেই নহয় ভাৰতত এনেকুৱা এখন পাহাৰো আছে য'ত সোণৰ ভাণ্ডাৰ লোকাই আছে। বিশ্বাস কৰা টান কিন্তু সচাঁ এইটোৱেই। ভাৰতত এতিয়াও এনেকুৱা নৈ আৰু পাহাৰ আছে য'ত বহুত টন সোণৰ ভাণ্ডাৰ আছে। 


সেই কাৰণে চাগে এসময়ত ভাৰতক সোণৰ চৰাই বুলি কোৱা হৈছিল। কিন্তু এতিয়াও ভাৰতৰ এই ধৰিত্ৰীয়ে সোণ উৎপাদন কৰা কাম কৰি আছে। আপোনালোকে ও যদি ভাৰতৰ এই বিশাল সোণৰ ভাণ্ডাৰৰ বিষয়ে জানিব বিচাৰে তেতিয়া আমি আজি আপোনালোকক এই বিষয়ে ক'বলৈ উলাইছোঁ। 


সোণ এনেকুৱা এটা মেটেল যাৰ প্ৰয়োজন কেতিয়াও নাইকীয়া নহয় বা হোৱা নাই।  এসময়ত ভাৰতক সোণৰ চৰাই বুলি কোৱা হৈছিল। লাখ লাখ টন সোণ ভাৰতৰ মন্দিৰতে ইনেই পৰি থাকে। কিন্তু যেতিয়া বৃটিছ সকল ভাৰতলৈ আহিলে , তেওঁলোকে বহুত লোট-পাত কৰিলে। যেতিয়া ভাৰত এৰি গ'ল তেতিয়া নিজৰ লগত সোণৰ চৰাইয়ো লৈ গ'ল। 


ইতিহাসত চাগে এনেকুৱা দেশ কম হ'ব যাক ইমান  বৃটিছ সকলৰ দ্বাৰা লুটা হৈছিল। কিন্তু বৃটিছ সকলে পাহৰি গ'ল এইখন ভাৰত।যাৰ ধৰিত্ৰীয়ে সোণ উৎপাদন কৰে। সেই কাৰণে চাগে আজিও ভাৰতৰ বহুত নৈ আৰু পাহাৰত বিশাল সোণৰ ভাণ্ডাৰ পোৱা যায়। 


তাৰ ভিতৰত এখন হ'ল স্বাৰ্ণ ৰেখা নদী। এইখনৰ নাম ইনেই স্বাৰ্ণ ৰেখা নদী ৰখা হোৱা নাই। এইখন সেইখন নদী যি ঝাৰখণ্ড , পশ্চিম বঙ্গাল আৰু উৰিষ্যাৰ কিছু অংশয়ে দি পাৰ হৈ গৈছে। ৰ'দৰ পোহৰ এই নদীত পৰিলে তাত থকা সোণৰ পৰা এক বেলেগ ধৰণৰ পোহৰ উলাই আহে।স্বাৰ্ণ ৰেখা নদীত সোণৰ সৰু সৰু কণ বহুত সহজতেই পোৱা যায়। ইয়াৰ আকাৰ চাউল এটাৰ দৰে হয় । কিন্তু এই নদীত সোণৰ সৰু সৰু কণবোৰ ক'ৰ পৰা আহে বৈজ্ঞানিক সকলেও জানিব পৰা নাই। 


কিছুমান বিজ্ঞানীৰ মতে সোণৰ সৰু সৰু কণবোৰ এই নদীৰ ডাঙৰ পাথৰবোৰৰ কাৰণে আহে।যেতিয়া নদীৰ পানী পাথৰবোৰৰ মাজে বাগৰি যায় তেতিয়া তাৰ ঘৰ্ষণৰ ফলত সোণো বৈ যায় । কোৱা হয় তাত থকা বিশাল  পাথৰবোৰৰ মাজত সোণৰ ভাণ্ডাৰ আছে। 


এনেকুৱাত যদি আপোনালোকে এই নদীত সোণৰ বিচাৰিবলৈ যাব বিচাৰে তেতিয়া আপোনালোকে ৰাছীলৈ যাব লাগিব। কাৰণ এই নদীখন ৰাছীৰ পৰা ১৬ কিলোমিটাৰ দূৰত অৱস্থিত দক্ষিণ-পশ্চিম স্থিত নগৰী গাঁৱত ৰাণীচোৱা নামৰ ঠাইৰ পৰা উলাই। ইয়াৰ পাছত ই আৰু কতো নাযায়।পশ্চিম বঙ্গাল গৈ বালেঞ্চৰ  নামৰ ঠাইত বঙ্গালত পৰি যায়। এই নদীখনৰ দৈৰ্ঘ্য প্ৰায় ৪৭৪ কিলোমিটাৰ আপোনালোকে ভাবিছে চাগে এই নদীখনত ইমান সোণ উলাই যদি এইবোৰ কোনে উলিয়াই বা তোলে।

( Assamese Fact )


এই কাম তাৰ স্থানীয় আদিবাসী সকলে কৰে। তেওঁলোকে নদীৰ বালিৰ পৰা কাপোৰ বা চালনিৰে চালি সোণবোৰ উলিয়াই। তাত থকা স্থানীয় আদিবাসী সকলে এইবোৰ কাম বহুত বছৰৰ পৰায়েই কৰি আছে। বৰষুণৰ বতৰত বাদ দি আদিবাসী সকলে মাহত ৭০-৮০ টা সোণৰ কণ এই নদীৰ পৰা উলিয়াই। গোটেই বছৰটোৱেই তাত থকা আদিবাসী সকলে এই সোণ তোলা কাম কৰে।


শুনি আপোনালোকৰ এনেকুৱা লাগিছে চাগে যে তাৰ আদিবাসী সকল বহুত ধনী। কিন্তু আচল কথা বেলেগহে। ইয়াৰ আদিবাসী সকলে বহুত চেষ্টা আৰু কষ্ট কৰি নদীৰ পৰা সোণ বাহিৰলৈ উলিয়াই। সোণৰ বেপাৰী সকলে ৫০-৬০ টকাত এটা সোণৰ কণ তেওঁলোকৰ পৰা কিনি লয়। আদিবাসী সকলে বেপাৰৰ কথা নাজানে সেই কাৰণে সোণৰ বেপাৰী সকলৰ চালাকিও বুজি নাপায় আৰু যাৰ ফলত তেওঁলোকে ঠগন খাই। বেছি একো তেওঁলোকে নাপায়।


 সেই বেপাৰী বোৰে চহৰত ৫০০-৬০০ টকাত এটা এটা কণ বিক্ৰী কৰি দিয়ে।এই অজ্ঞানতাৰ ফলত আদিবাসী সকল দুখীয়াই হৈ থাকিল। ঝাৰখণ্ডৰ এলেকাটো সোণেৰে ভৰি আছে। নদীয়ে নহয় পাহাৰৰো সোণেৰে ভৰি আছে। সৌনভদ্ৰ ৰ হাৰ্ডিক ক্ষেত্ৰত ৬৫০ টন সোণৰ ভাণ্ডাৰ আছে। সৌন পাহাৰত ৩ হাজাৰ ৫০০ টন সোণৰ ভাণ্ডাৰ আছে বুলি জনা গৈছে। 


উত্তৰ প্ৰদেশৰ সেইবোৰ পাহাৰ য'ত অনুমান কৰা হৈছে যে তাত  ৩ হাজাৰ ৫০০ টন সোণৰ ভাণ্ডাৰ আছে। সোণৰ ভাণ্ডাৰৰ ক'ত আছে উলিয়াবলৈ চৰকাৰক ৪০ বছৰ লাগি গৈছিল। বৃটিছসকলৰ শাসন কালতো এই পাহাৰবোৰত সোণৰ ভাণ্ডাৰ ক'ত আছে বিচাৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু তেওঁলোকে সফল নহ'ল। 


এতিয়া সৌনভদ্ৰ হাৰ্ডিক ক্ষেত্ৰ আৰু সৌন পাহাৰত সোণৰ ভাণ্ডাৰ পোৱা যায় আৰু আছে।২০০৫ চনত জুৰালজিকেল চাৰ্ভে অফ ইণ্ডিয়াই অধ্যয়ন কৰি সৌনভদ্ৰত সোণ আছে বুলি বিচাৰি উলিয়ালে।এই কথাটো পুষ্টি ২০১২ চনতেই হৈ গৈছিল। কিন্তু ইয়াক উলিওৱাৰ বা খন্দাৰ কাম এতিয়া ও হোৱা নাই। কিন্তু তাৰ চৰকাৰে এতিয়া ইটাৰ টেণ্ডাৰিঙৰ জৰিয়তে ব্ল'কৰ নিলামী কামো কৰি দিলে। এতিয়া বহুত সোনকালেই এই পাহাৰৰ পৰা সোণ উলিয়াব পৰা যাব। 


ভাৰতৰ এই এলেকাতেই সোণৰ ভাণ্ডাৰ পোৱা নাযায়। ভাৰতৰ বেলেগ ঠাইতো এতিয়া সোণৰ খনন কৰা হৈছে। বিশ্বাস কৰক তাত সোণ টন হিচাপে পোৱা যায়।তাৰ ভিতৰত হ'ল কৰ্ণাটক।ইয়াত ৮১- ৮৮% সোণৰ উৎপাদন হয়। কলাৰ,ধাৰবাৰ,হচন আৰু ৰায়চুৰত বহুত গ্লড মাইন্ড পোৱা যায় ।তাৰ ভিতৰত সকলোতকৈ পুৰণি গ্লড মাইন্ড হ'ল গলাৰ গ্লড মাইনন্ড।


এই গ্লড মাইন্ড বেলেগ গ্লড মাইন্ডটকৈ বহুত বেলেগ। আজি সময়ত এই গ্লড মাইন্ডৰ গভীৰতা প্ৰায় ৩ হাজাৰ মিটাৰ। কিন্তু এতিয়া এই গ্লড মাইন্ডক বন্ধ কৰি থোৱা হৈছে।কৰ্ণাটকত এনেকুৱা এটা গ্লড মাইন্ড আছে যাক নিজৰ গ্লড মাইন্ড বুলি কোৱা হয়। যি সম্পূৰ্ণ ৰূপে এক্টিভ। আজিও এই গ্লড মাইন্ডৰ পৰা সোণ উলিওৱা কাম কৰি থকা হৈছে।


কৰ্ণাটকৰ এইটো এনেকুৱা গ্লড মাইন্ডৰ য'ৰ  পৰা প্ৰতি দিনে ৭-৮ কেজি সোণ উলাই। ইয়াৰ প্ৰডাকচন বহুত তীব্ৰ গতিত বঢ়োৱা হৈছে। কোৱা হৈছে আহিব লগীয়া বছৰত ইয়াৰ প্ৰডাকচন ডাবোল কৰি দিয়া হ'ব। তাৰ পিছত ইয়াৰ পৰা ৩ হাজাৰ ৫০০ কিলোগ্ৰাম সোণ উলিওৱা হ'ব। কৰ্ণাটক ভাৰতৰ এনেকুৱা এখন ৰাজ্য য'ত  ১৭ লাখ টন সোণৰ ভাণ্ডাৰ আছে। ইয়াৰ উপৰিও সেই ৰাজ্যত এনেকুৱা ১৪ খন ঠাই আছে য'ত সোণৰ ভাণ্ডাৰ আছে বুলি জনা গৈছে।



কৰ্ণাটকৰ পিছত অন্ধ্ৰ প্ৰদেশ এনেকুৱা এখন ৰাজ্য যি সোণৰ বহুত প্ৰডাকচন কৰে। বছৰত তাৰ পৰা প্ৰায় ১৭ লাখ ৫০০ সোণৰ প্ৰডাকচন কৰা হয়।অন্ধ্ৰ প্ৰদেশৰ অন্ততপুৰৰ ৰামাগিৰী এনেকুৱা এটা এলেকা য'ৰ পৰা আজিৰ দিনত বহুত সোণ উৎপাদন বা উলিওৱা হয়। আজিও অন্ততপুৰৰ ৰামাগিৰী বহুত সোণৰ ভাণ্ডাৰ আছে ।য'ৰ পৰা সদায় সোণ উলিওৱাৰ কাম কৰা হয়।


অন্ততপুৰৰ ওপৰিও অন্ধ্ৰ প্ৰদেশৰ চিটুৰ আৰু পালাচুৰতো অলপ মাত্ৰাত  সোণৰ ভাণ্ডাৰ আছে। চাবলে গ'লে সোণৰ ভাণ্ডাৰ অকল ভাৰততে নহয় বিদেশতো বহুত পোৱা যায়।  


ৰিপাব্লিক অফ ডা টাংগত সোণৰ পাহাৰ আছে। তাৰ স্থানীয় মানুহে যেতিয়া গম পালে পাহাৰত সোণৰ উলাইছে তেতিয়া তাৰ সকলো মানুহে নিজেই নিজেই পাহাৰ খান্দিবলৈ আৰম্ভ কৰিলে। কিন্তু এই খবৰতো তাৰ চৰকাৰৰ পৰা কিমান দিন লোকাই থাকিব । চৰকাৰে গম পোৱা পাছত তাত খন্দা বন্ধ কৰি দিলে। 


কিন্তু তেতিয়ালৈকে গাঁৱৰ মানুহে সেই পাহাৰ খনৰ পৰা বহুত সোণ উলিয়াই লৈছিল। কোৱা হয় টাংগৰ এই পাহাৰখনৰ মাটিত ৭০-৯০% সোণ পোৱা যায়। যদি আপোনালোকেও সোণ ভাল পায় তেতিয়া এই পাহাৰ,নদীত সোণৰ বিচাৰিবলৈ যাব পাৰে ।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages