বাস্তু শাস্ত্ৰৰ মতে কেলেণ্ডাৰৰ কেইটিমান গুৰুত্বপূৰ্ণ কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 7, 2022

বাস্তু শাস্ত্ৰৰ মতে কেলেণ্ডাৰৰ কেইটিমান গুৰুত্বপূৰ্ণ কথা : Assamese Fact

Assamese Fact


ঘৰৰ পৰা ব্যৱসায় লৈকে সকলোতে বাস্তৰ হাত আছে। কেৱল সেয়াই নহয়, ঘড়ীটো, ঘৰ, চিৰি, আলমাৰি, ঘৰৰ ৰং, পূজা ঘৰ মূৰ্তি আদি সকলোতে বাস্তু বহে। ( Assamese Fact )


বাস্তু শাস্ত্ৰ অনুসৰি গুৰুত্ব সকলোৰে বেলেগ বেলেগ আৰু সকলোৰে বেলেগ এক নিদিষ্ট দিশ আছে। বাস্তুৰ মতে প্ৰতিটো দিশ সঠিকভাৱে অনুসৰণ কৰিলে ই লাভজনক। 


 তেনে এটা কথা হল, কেলেণ্ডাৰ। যিটো বাস্তু শাস্ত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বাস্তুৰ মতে এটা দিশ আছে। আৰু ইয়াক যদি ভুল দিশত ৰোপন কৰা হয়, ই ক্ষতিগ্ৰস্ত হব পাৰে। যদি কেলেণ্ডাৰ এটি সঠিক দিশত ৰখা হয়, তেতিয়া ঘৰখনত শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে। 


বাস্তু শাস্ত্ৰত কেলেণ্ডাৰ দিশ কি! 


বাস্তু শাস্ত্ৰৰ মতে কেলেণ্ডাৰ এখন কোন দিশত ৰখাটো শুদ্ধ! 


বাস্তু শাস্ত্ৰৰ মতে কেলেণ্ডাৰ উত্তৰ পূৱ বা পশ্চিমা দেৱালত ৰখাটো সদায়ে সঠিক। যদি আপুনি সামাজিক কামত জড়িত হব বিচাৰে, তেতিয়া কেলেণ্ডাৰ পূৱ দিশত ৰাখক। নতুন সুযোগ প্ৰাপ্ত কৰিবলৈ আৰু ব্যৱসায়ী পদোন্নতি পাবলৈ কেলেণ্ডাৰ উত্তৰ দিশত ৰাখিব লাগে। ঘৰত চকা বঢ়াবলৈ আৰু ৰাহি কৰিবলৈ কেলেণ্ডাৰ সদায় পশ্চিম দিশত ৰাখিব লাগে। 


বাস্তু শাস্ত্ৰৰ মতে এই দিশত কেলেণ্ডাৰ ভুলতো নাৰাখিব- কেলেণ্ডাৰ কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। যদি আপুনি দুৰ্ঘটনাক্ৰমে কেলেণ্ডাৰ দক্ষিণ দেৱালত ৰাখিছে, তেনে হলে সেয়া লগা লগে আঁতৰাই দিয়ক। যদি আপুনি আঁতৰাই নিদিয়ে, তেতিয়া হলে আপোনাৰ বেয়া সময় আৰম্ভ হব পাৰে। বাস্তু শাস্ত্ৰৰ মতে কেলেণ্ডাৰ আৰু ঘড়ী কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। ( Assamese Fact )


#বাস্তু শাস্ত্ৰৰ মতে কেলেণ্ডাৰৰ কেইটিমান গুৰুত্বপূৰ্ণ কথা-


১/কেলেণ্ডাৰ কেতিয়াও দুৱাৰৰ সন্মুখত বা পিছফালে টাঙি ৰাখিব নালাগে। এনে কৰিলে ঘৰলৈ নেতিবাচক শক্তি আহে আৰু যাৰ ফলত ঘৰখনত উত্তেজনাৰ সৃষ্টি হয়। 


২/কেলেণ্ডাৰৰ দিন বা তাৰিখ চাওঁতে আপোনাৰ মুখ সদায় উত্তৰ, পূৱ আৰু পশ্চিম দিশত কৰি ৰাখিব লাগে। মনত ৰাখিব যে, বাস্তুৰ মতে দক্ষিণ দিশে মুখ কৰাটো অশুভ বুলি গণ্য কৰা হয়। 


৩/কেলেণ্ডাৰত কেতিয়াও কান্দি থকা মানুহ, আৰু হতাশাগ্রস্ত লোকৰ ছৱি থাকিব নালাগে। এনে কেলেণ্ডাৰে ঘৰখনত স্থাপত্যৰ ক্ৰটি সৃষ্টি কৰে, যিয়ে ঘৰখনত নেতিবাচকতা বিয়পাই দিয়ে আৰু ঘৰখনত উত্তেজনাৰ পৰিৱেশ হৈ থাকে। 


৪/কেলেণ্ডাৰ এখন ক্ৰয় কৰোঁতে, নিশ্চিত কৰিব যাতে, ইয়াত বনৰীয়া জন্তু আৰু কোনো হিংসাত্মক ছৱি নাথাকে। 


৫/কেলেণ্ডাৰত সদায়ে ওপৰত উল্লেখ কৰা দিশতহে ৰাখিব লাগে। ই আপোনাৰ জীৱনত সুখ আৰু শান্তি আনে, আৰু ইতিবাচক শক্তি প্ৰদান কৰে। 


৬/ফটা কেলেণ্ডাৰ কেতিয়াও ঘৰত ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰখনত স্থাপত্যৰ ক্ৰটি সৃষ্টি হয়। 


৭/কেলেণ্ডাৰ ভুল দিশত ৰাখিলে বিত্তীয় লোকচান হব পাৰে। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages