পাকঘৰৰ বাস্তু দোষ কেনেদৰে আঁতৰ কৰিব জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 17, 2022

পাকঘৰৰ বাস্তু দোষ কেনেদৰে আঁতৰ কৰিব জানি লওঁক : Assamese Fact

Assamese Fact

 

পাকঘৰত বহি খাদ্য খোৱা সকলে এইসমূহ কথা জানি লওঁক লগতে আজি আমি জানিম পাকঘৰ লগত জড়িত বাস্তু নিয়ম। ( Assamese Fact )


 ইয়াৰ উপৰিও একো নভগাকেই আপোনালোকে নিজৰ পাকঘৰৰ বাস্তু দোষ কেনেকৈ আঁতৰাব পাৰিব তাৰ বিষয়েও কম।


 ঘৰৰ মানুহৰ মাজত কাজিয়া হৈ থাকে। আপোনালোকৰ শত্ৰুৰ কু-দৃষ্টিৰ ফলত ঘৰখনত বেমাৰ আজাৰ হৈ থাকে। ঘৰৰ উন্নতি হোৱা নাই।ঘৰলৈ যিমান পইচা আহিলেও নাথাকে। ধন ঘৰলৈ আহে কিন্তু তাক শেষ হ'বলৈ সময় নালাগে। বহু চেষ্টা কৰা পাছতো ভৱিষ্যতৰ বাবে ধন গোটাব নোৱাৰা ফলত মানসিক চাপ পৰিবলৈ ধৰে। 


কিন্তু বাস্তু শাস্ত্ৰত এনেকুৱা কিছুমান নিয়মৰ বিষয়ে কোৱা হৈছে যিবোৰ কৰিলে আপোনালোকে বহুত সমস্যা সমাধান কৰিব পাৰিব।লাখ চেষ্টা কৰাৰ পাছতো সফল হ'ব পৰা নাই যদি পইচা সাঁচিব পৰা নাই যদি  পাকঘৰ লগত জড়িত কিছুমান নিয়ম অনুসৰণ কৰি সমস্যা সমাধান কৰিব পাৰিব।


 কোৱা হয় যেনেকুৱা খাদ্য খোৱা হয় তেনেকুৱাই মনতো হয়। এই কথাটোৱে অন্নৰ মহত্ব কিমান তাক বুজাইছে আৰু পাকঘৰৰ দিশো নিৰ্ণয় কৰিছে। আমাৰ সকলোৰে ঘৰত পাকঘৰক সকলোতকৈ মহত্বপূৰ্ণ স্থান বুলি কোৱা হয়। এই ঠাইৰ পৰাই আমাৰ সকলোৰে ভাগ্য নিৰ্ণয় হয়।


 ঘৰত সুখ-সমৃদ্ধিয়ে বাস কৰে। পাকঘৰত বাস্তু শাস্ত্ৰৰ নিয়মসমূহ পালন কৰিব লাগে। এতিয়া জানো আহঁক পাকঘৰৰ লগত জড়িত বাস্তু নিয়ম।


১.ঘৰত পাকঘৰ নিৰ্মাণ কৰা সৰ্বশ্ৰেষ্ঠ ঠাই হৈছে দক্ষিণ- পূব অৰ্থাৎ আগ্নেয় দিশ।কাৰণ এই দিশটোক জুইৰ স্থান বুলি গণ্য কৰা হয়। পাকঘৰৰ সম্পৰ্ক অগ্নি তত্ত্বৰ লগত আছে । সেই কাৰণে ইয়াৰ সঠিক দিশ আগ্নেয় কোণ। আগ্নেয় কোণত পাকঘৰ নিৰ্মাণ কৰিলে কেতিয়াও খাদ্যৰ অভাৱ নহয় আৰু খাদ্য ও সুস্বাদু হয়।যদি আপোনাৰ পাকঘৰ ভুল দিশত আছে বা পাকঘৰৰ সৈতে সংযুক্ত যিকোনো বাস্তু দোষ আছে তেতিয়া  তাৰ বাবেও এটা উপায় দিয়া হৈছে। যাতে আপোনালোকে দোষবোৰ দূৰ কৰিব পাৰে। ইয়াৰ বিষয়ে কোৱা আগতে পাকঘৰৰ লগত জড়িত অন্য নিয়মসমূহ জানি লওঁ আহঁক। ( Assamese Fact )



২.ঘৰৰ আগ্নেয় কোণত পাকঘৰ বনোৱাৰ পাছতো কেতিয়াবা এটা ভুল থাকি যায় ।যিটো আপোনালোকৰ পাকঘৰৰ বাস্তু দোষৰ কাৰণ হৈ পৰে। সেই ভুলটো হ'ল আগ্নেয় কোণৰ পাকঘৰৰ দৰ্জা পূৰ্ব দিশত খোল খোৱা। কিন্তু এনেকুৱা হ'ব নালাগে। পূৰ্ব দিশৰ সলনি বেলেগ দিশৰ ফালে পাকঘৰৰ দৰ্জা খুলিব লাগে। পূৰ্ব দিশত পাকঘৰৰ দৰ্জা খোল খালে ঘৰৰ মানুহবোৰৰ মানসিক চাপ বাঢ়ে বা চিন্তিত হৈ থাকে। লাহে লাহে সকলো কাৰ্যতে অসফলতা আহিবলৈ ধৰে।



৩.ৰন্ধাৰ সময়ত, আপুনি পূৰ্ব দিশৰ ফালে মুখ কৰি ৰান্ধিব লাগে।আগ্নেয় কোণত অৱস্থিত পাকঘৰত পূৰ্ব দিশৰ ফালে মুখ কৰি খাদ্য ৰান্ধিলে ঘৰত বেমাৰ আজাৰ নহয়।ঘৰৰ সকলোৰে স্বাস্থ্য ভালেই থাকে আৰু তেওঁলোক দীৰ্ঘ আয়ুৰ গৰাকী হয়।



৪. পশ্চিম আৰু দক্ষিণ দিশৰ ফালে মুখ কৰি খাদ্য ৰন্ধা ৰান্ধনীৰ সদায় স্বাস্থ্য বেয়া হৈ থাকে। শাৰীৰিক দূৰ্বলতা আহে। স্ফুৰ্তি আৰু আনন্দ নাইকীয়া হয়। মনটো ও অশান্ত হৈ থাকে। লগতে এনেকৈ বনোৱা খাদ্য খোৱা সকলৰ আত্মবিশ্বাস কমি যায়। পৰিয়াললৈ দৰিদ্ৰতাৰ আগমন ঘটে।



৫.পাকঘৰ যদি পশ্চিম দিশত থাকে আৰু খাদ্য পশ্চিম দিশতৰ ফালে মুখ কৰি ৰান্ধিব লাগে তেতিয়া খাদ্য সদায় বনাইয়েই থাকিব লাগে।অৰ্থাৎ এনেকুৱা ঘৰত পাকঘৰৰ ব্যৱহাৰ হৈ থাকে আৰু আলহী আগমন ঘটি থাকে।



৬. পাকঘৰ উত্তৰ -পূৰ্ব দিশত হ'লে মানসিক অশান্তি আৰু বহুত খৰছ হয়। ঘৰত কাজিয়া আৰু ধন হানি হয়। খাদ্য পদাৰ্থ নষ্ট হয়। লগতে স্বাস্থ্যজনীত সমস্যাৰ সন্মুখীন হ'ব লগা হয়।



৭. দক্ষিণ-পশ্চিম দিশত পাকঘৰ হ'লে সদায় কাজিয়া হৈ থাকে। যাৰ পৰিণাম স্বৰূপে জীৱনটো দুখেৰে ভৰি পৰে। উত্তৰ দিশত পাকঘৰ হ'লে বহুত শুভ বুলি গণ্য কৰা হয়।এই স্থান কুবেৰৰ স্থান বুলি কোৱা হয়। এই ঠাইখিনি চফা কৰি ৰাখিব লাগে। কাৰণ এই    ঠাইখিনি লেটেৰা হৈ থাকিলে  অধিক ধন খৰচ হয়।



৮. পাকঘৰ বাথৰুম বা শুৱা ৰুমৰ লগত হ'ব নালাগে আৰু ওপৰ ,তলটো হ'ব নালাগে।  শুৱা ৰুমৰ লগত পাকঘৰ কেতিয়াও নিৰ্মাণ নকৰিব। পাকঘৰত কেতিয়াও শুব নালাগে। কাৰণ পাকঘৰত মঙ্গল গ্ৰহে শাসন কৰে আৰু শুৱা ৰুমত  শুক্ৰ গ্ৰহে। এই দুটা গ্ৰহ একেলগে থাকিলে অশুভ ফল প্ৰদান কৰে। সেই কাৰণে এনেকুৱা ভুল কেতিয়াও নকৰিব।



৯. পাকঘৰৰ লগত মন্দিৰ বা গোসাঁই ঘৰ কেতিয়াও থাকিব নালাগে। পাকঘৰত ব্যৱহাৰ কৰা প্ৰত্যেক বস্তু মঙ্গলৰ প্ৰতীক। যেনে- জলকীয়া,মচলা, তেল,কেৰাচিন আদি। মঙ্গল উগ্ৰ গ্ৰহ ।ই প্ৰভাৱ বৃদ্ধি কৰে সেই কাৰণে পূজা কৰোঁতে আমাৰ মনটো স্থিৰ হৈ থাকিব নোৱাৰে। আমি মানসিক ভাৱে শান্তিও অনুভৱ নকৰোঁ।



১০. খাদ্য ৰন্ধা সময়ত ৰান্ধনীৰ পিছফালে দৰ্জা থাকিব নালাগে। অন্যস্থা কঁকাল,পিঠি,ডিঙি আদিৰ বিষ হয়। বহুত চেষ্টা কৰিলে কেতিয়াবা আগ্নেয় কোণত পাকঘৰ বনাব নোৱাৰে। পাকঘৰ আগ্নেয় কোণত বনাব নোৱাৰিলে ও গেছটো আগ্নেয় কোণত থ'ব লাগে। ইয়াৰ দ্বাৰা বাস্তু দোষ কমাব পাৰি। 


কিন্তু যদি কিবা বাস্তু দোষ পাকঘৰত আছে আৰু আপোনালোকে তাক থিক কৰিব পৰা নাই তেতিয়া  বাস্তু অনুসৰি বাস্তু দোষ দূৰ কৰিবলৈ পাকঘৰ উত্তৰ-পূব অৰ্থাৎ ঈশান দিশত সেন্দুৰৰ গণেশৰ ফটো লগাব লাগে। ইয়াৰ উপৰিও ঘৰত মা অন্নপূৰ্ণা বা অন্নৰে পৰিপূৰ্ণ গণেশৰ মূৰ্তি ও থ'ব পাৰে। ইয়াৰ দ্বাৰা ঘৰখনৰ উন্নতি হয়। 


পাকঘৰত আলমাৰি ,ৰেগ আদি দক্ষিণ আৰু পশ্চিম দিশৰ বেৰত বনাব লাগে বা থ'ব লাগে। যিটো টেমাত আটা ৰাখে তাত পাচঁখিলা তুলসী আৰু দুটা কেশৰ  থ'ব লাগে। শনিবাৰৰ দিনাহে আটা পিছিব লাগে আৰু তাত এমুঠি বুট মিলাই দিব লাগে। এনেকুৱা কৰিলে আপোনালোকৰ আৰ্থিক সমস্যা দূৰ হ'ব আৰু লগতে পইচা ৰ'বলৈ ধৰিব। 


এতিয়া জানো আহঁক পাকঘৰৰ বহি খাদ্য খোৱাতো ভাল নে বেয়া। কোনোবোৰ ভুল পাকঘৰত কৰিব নালাগে। পাকঘৰত বহি খাদ্য খালে স্বাস্থ্য ভাল হৈ থাকে। কিন্তু খাদ্য খাই থাকোঁতে অগ্নিৰ দৰ্শন হৈ থাকিব লাগে। অৰ্থাৎ আপোনালোকে গেছৰ ফালে পিঠি দি বহিব নালাগে। 


খাদ্য বনাই হ'লে প্ৰথমতে খাদ্য অগ্নি দেৱতাক অৰ্পণ কৰিব লাগে। লগতে ৰাতি শুৱাৰ আগত পাকঘৰ চফা কৰি আৰু বাচন ধুই শুব লাগে। ইয়াৰ দ্বাৰা ঘৰখন  সুখ-সমৃদ্ধিৰে ভৰি থাকে। পাকঘৰত ফ্ৰীজ থোৱা সঠিক ঠাই পশ্চিম দিশ বা বায়ুবীয় কোণ। ফ্ৰীজক ভুলটেও নেতৃত্ব বা ঈশান দিশত থ'ব নালাগে। এইসমূহ দিশত ফ্ৰীজ থ'লে ফ্ৰীজ বেয়া হৈয়ে থাকে। এইসমূহ দিশত ফ্ৰীজ থ'লেও ফ্ৰীজটো  বেৰৰ পৰা  ৫ ফুট দূৰত থ'ব লাগে। ইয়াৰ দ্বাৰা বাস্তু দোষ কম হয়। 


খোৱা পানী বা কলহ আদি পাকঘৰৰ ঈশান দিশত থ'ব লাগে। পাকঘৰৰ পূৰ্ব দিশত  মা অন্নপূৰ্ণা ফটো থাকিব লাগে। কিন্তু ঘৰত মাছ-মাংস বনালে বা খালে মা অন্নপূৰ্ণা ফটো  কেতিয়াও লগাব নালাগে। এইসমূহ আছিল বাস্তুৰ সেইসমূহ নিয়ম যিবোৰ পাকঘৰৰ ক্ষেত্ৰত মানি চলিব লাগে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো , ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages